Niketan Class 4 Assamese Chapter 13 এমুঠি সৰিয়হ

Niketan Class 4 Assamese Chapter 13 এমুঠি সৰিয়হ, Sankardev Sishu Niketan Chapter 13 এমুঠি সৰিয়হ Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

এমুঠি সৰিয়হ

Chapter – 13

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ দিয়া :

(ক) বুদ্ধদেৱ সদায় নগৰৰ ফালে কিয় ওলাই যায় ? 

উত্তৰ : ভিক্ষা কৰিবলৈ।

(খ) তিৰোতাজনী বুদ্ধদেৱৰ ওচৰলৈ কিয় আহিছিল ?

উত্তৰ : মৃত সন্তানটিক জীয়াই তুলিবৰ বাবে। 

(গ) বুদ্ধদেৱে তেওঁক কি ক’লে ?

উত্তৰ : যি ঘৰত কোনো দিনে কোনো মানুহৰ মৃত্যু হোৱা নাই তেনে এঘৰ মানুহৰ পৰা এমুঠি সৰিয়হ অনাৰ বাবে বুদ্ধদেৱে তিৰোতাজনীক ক’লে।

(ঘ) বুদ্ধদেৱে আনিবলৈ দিয়া সৰিয়হ মুঠি তিৰোতাজনীয়ে পালেনে ?

উত্তৰ : তিৰোতাজনীয়ে মানুহ নমৰী ঘৰ কতো বিচাৰি নাপালে। গতিকে তেওঁ বুদ্ধদেৱে আনিবলৈ দিয়া সৰিয়হ মুঠি নাপালে।

(ঙ) তিৰোজনীক বুদ্ধদেৱে কি বুলি বুজনি দিলে ? 

উত্তৰ : বুদ্ধদেৱে তিৰোতাজনীক বুজনি দিলে যে এই বিশাল পৃথিৱীত সকলোৱেই তেওঁৰ দৰে দুখ-বেদনাত কষ্ট পাব ধৰিছে।পৃথিৱীখন মঞ্চৰ দৰে, আমি সকলোৱেই তাৰ ভাৱৰীয়া। কেইদিনমানৰ বাবে আমি এই পৃথিৱীলৈ আহিছোঁ, নাটক শেষ হলেই প্ৰকৃত ঘৰলৈ গুচি যাব লাগিব। জন্ম হ’লে মৃত্যু অনিবার্য। বুদ্ধদেৱে নিজেও মৃত্যুৰ গোপন বহস্য বিচাৰি ফুৰিছে। গতিকে শোক নকৰি মৃত ল’ৰাটিৰ সৎকাৰ কৰিবলৈ বুদ্ধদেৱে তিৰোতাজনীক উপদেশ দিলে।

প্রশ্ন ২ : তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা : 

হাবাথুৰি, তপোবন, ঠেৰেঙা, পুণ্যৱান

উত্তৰ : হাবাথুৰি : হেৰোৱা গৰুজনী বিচাৰি দেউতাই কালিৰে পৰা হাবাথুৰি খাই ফুৰিছে। 

তপোবন : আমাৰ বিদ্যালয়ৰ পৰিৱেশ তপোৱনৰ দৰে শাস্ত।

ঠেৰেঙা : যোৱা ৰাতি জাৰত মোৰ হাত-ভৰি ঠেৰেঙা লাগিছিল।

পুণ্যবান : পুণ্যবান লোকে ভগৱানৰ আশীৰ্বাদ লাভ কৰে। 

প্রশ্ন ৩ : তলৰ শব্দবোৰৰ অৰ্থ লিখা :

আউলী-বাউলী, উধাতু, ততাতৈয়াকৈ, নির্বাক, সৎকাৰ, তপোবন, প্রাতঃস্নান, তপস্বী।

উত্তৰ :

শব্দঅর্থ
আউলী-বাউলীশোকত বিহুলা
উধাতুতৎ নাইকিয়া, ধাতু উৰি যোৱাৰ দৰে হোৱা।
ততাতৈয়াকৈখৰধৰকৈ, লৰা-লৰিকৈ।
নির্বাকমাতবোল নোহোৱা, মৌন।
সৎকাৰমৰা শ দাহ কৰা।
তপোবনঋষিমুনিৰ আশ্ৰম।
প্রাতঃস্নানৰাতিপুৱা গা ধোৱা৷
তপস্বীতপ বা ধ্যান যোগ কৰা লোক।

প্রশ্ন ৪ : ‘এমুঠি সৰিয়হ’ কাহিনীটো নিজৰ ভাষাত লিখা।

উত্তৰ : এদিনাখন বুদ্ধদেৱে ভিক্ষা কৰি উভতি আহোঁতে এজনী তিৰোতাই মৃত সন্তান এটি কোলাত লৈ কান্দি-কাতি আউলী-বাউলী হৈ চৰণত পৰিলহি। তিৰোতাজনীয়ে তেওঁৰ মৃত সন্তানটি জীয়াই দিবৰ বাবে বুদ্ধদেৱৰ ওচৰত কাতৰ প্রার্থনা জনালে । বুদ্ধদেৱে সন্তানটি জীয়াই তুলিবৰ বাবে তিৰোতাজনীক কোনো দিন কোনো মানুহ নমৰা এঘৰ মানুহৰ পৰা এমুঠি সৰিয়হ আনি দিবলৈ কোৱাত তিৰোতাজনীয়ে সৰিয়হ বিচাৰি আনিবলৈ লৰালৰিকৈ গুচি গ’ল ।

পিচদিনা তিৰোতাজনীয়ে পুনৰ বুদ্ধদেৱৰ ওচৰলৈ আহি তেওঁক মৌনভাৱে জনালে। বুদ্ধদেৱে তেওঁক সৰিয়হৰ কথা সোধাত তিৰোতাজনীয়ে ক’লে যে সৰিয়হ বিচাৰি তেওঁ ঘৰে ঘৰে ঘুৰি ফুৰিলে যদিও মানুহ নমৰা ঘৰ ক’তো নাপালে । তেতিয়া বুদ্ধদেৱে বৰ মৰমসনা মাতেৰে তিৰোতাজনীক ক’লে যে তিৰোতাজনীৰে দৰে এই বিশাল পৃথিৱীত সকলো মানুহ দুখ-বেদনাত কষ্ট পাব ধৰিছে। আমি সকলোৱে পৃথিবীলৈ কেইদিমানৰ বাবেহে আহিছোঁ।জন্ম হ’লে মৃত্যু অনিবার্য। বুদ্ধদেৱে নিজেও মৃত্যুৰ গোপন ৰহস্য বিচাৰি ফুৰিছে। সেয়েহে বুদ্ধদেৱে শোক নকৰি সন্তানটিৰ সৎকাৰ কৰিবলৈ তিৰোতাজনীক উপদেশ দিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top