Niketan Class 4 Assamese Chapter 12 কোনাকৰ সূৰ্য মন্দিৰৰ কাহিনী

Niketan Class 4 Assamese Chapter 12 কোনাকৰ সূৰ্য মন্দিৰৰ কাহিনী, Sankardev Sishu Niketan Chapter 12 কোনাকৰ সূৰ্য মন্দিৰৰ কাহিনী Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

কোনাকৰ সূৰ্য মন্দিৰৰ কাহিনী

Chapter – 12

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ লিখা :

(ক) কোনার্কৰ সূৰ্য মন্দিৰটো কোন শতিকাত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ : তেৰ শতিকাত।

(খ) উৰিষ্যাৰ পুৰণি নাম কি ?

উত্তৰ : উৎকল।

(গ) সূর্য মন্দিৰ নিৰ্মাণৰ মূল কলাকাৰ্জন কোন আছিল ?

উত্তৰ : বিশু।

(ঘ) ধর্মপদ কোন আছিল ?

উত্তৰ : ধৰ্মপদ বিশুৰ পুত্ৰ তথা পিতৃৰ দৰেই এগৰাকী স্থাপত্য শিল্পী আছিল।

(ঙ) ধৰ্মপদে কাৰ আগত নিজৰ পৰিচয় দিছিল ? 

উত্তৰ : বিশুৰ শিষ্য ৰাজীৱৰ আগত।

(চ) কোনটো কাহিনীৰ আধাৰত মন্দিৰটো নিৰ্মাণ হৈছিল ?

উত্তৰ : “ভগৱান সূৰ্যৰ ৰথত সাতটা ঘোঁৰা যুতি থোৱা আছে, যি সদায় আগলৈ ধাৱমান হৈ থাকে।”— এই কাহিনীৰ আধাৰত মন্দিৰটো নিৰ্মাণ কৰা হৈছিল।

(ছ) কোন ৰজাৰ দিনত সূৰ্য মন্দিৰ নিৰ্মাণ হৈছিল ? 

উত্তৰ : নৰসিংহৰ দিনত।

(জ) সূর্য মন্দিৰটো কিমানজন শিল্পীয়ে কিমান দিনত নিৰ্মাণ কৰিছিল ? 

উত্তৰ : বাৰশ শিল্পীয়ে বাৰ বছৰত নিৰ্মাণ কৰিছিল।

প্রশ্ন ২ : ৰজা নৰসিংহই কিহৰ বাবে সূর্য মন্দিৰ নিৰ্মাণ কৰাৰ সংকল্প লৈছিল ? 

উত্তৰ: মাতৃৰ অন্তিম ইচ্ছা পূরণ কৰাৰ বাবে। 

প্রশ্ন ৩ : ৰজা নৰসিংহৰ মাতৃয়ে কি কাৰণত সূর্য মন্দিৰটো নিৰ্মাণ কৰাব বুলি মনতে স্থিৰ কৰিছিল। 

উত্তৰ : ৰজা নৰসিংহৰ মাতৃৰ বহুদিনলৈ কোনো সন্তান-সন্ততি নাছিল। এদিন এজন সন্ন্যাসীয়ে সন্তান লাভৰ বাবে সূৰ্যক আৰাধনা কৰিবলৈ তেওঁক উপদেশ দিয়াত সেই উপদেশ মর্মে সূর্যক আৰাধনা কৰাৰ পাছত তেওঁ এটি পুত্র সন্তান লাভ কৰে।সন্তানটিৰ নাম ৰখা হৈছিল নৰসিংহ। সূৰ্যক আৰাধনা কৰাৰ ফলত পুত্ৰ লাভ কৰা বাবে নৰসিংহৰ মাতৃয়ে সূর্য মন্দিৰ এটা নিৰ্মাণ কৰাব বুলি মনতে স্থিৰ কৰিছিল।

প্রশ্ন ৪ : তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা :

স্থাপত্য ভাস্কর্য, গৌৰৱ, ভাৰ, আৰাধনা, সাৰোগত, ভূয়সী।

উত্তৰ :

স্থাপত্যগৃহনির্মাণ কাৰ্য, স্থপতি শিক্ষা।
ভাস্কর্যশিল, ধাতু আদি খোদাই কৰি বা কাটি মূৰ্তি সজা কার্য।
গৌৰৱগৰিমা, মর্যাদা।
ভাৰকোনো কাম কৰিবলৈ দিয়া দায়িত্ব।
আৰাধনাউপাসনা, পূজা-সেৱা।
সাৰোগতঅতি প্রয়োজনীয় বুলি মানি লোৱা।
ভূয়সীবহুল, প্ৰচুৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top