J.K Rowling Biography | জে. কে. ৰাউলিংৰ জীৱনী

জে. কে. ৰাউলিং (J.K Rowling) এগৰাকী প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক। ১৯৬৫ চনৰ ৩১ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা ৰাউলিঙৰ আসল নাম জোৱান ৰাউলিং (ইংৰাজী: Joanne Rowling)। তেওঁ বিশেষকৈ বিশ্ববিখ্যাত হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে পৰিচিত। এই গ্ৰন্থসমূহে বহুতো সন্মান আৰু বঁটা লাভ কৰাৰ উপৰিও ৪০০ মিলিয়নতকৈও অধিক প্ৰতিলিপি বিক্ৰী হৈ বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা গ্ৰন্থ শৃংখলাৰ স্বীকৃতি লাভ কৰিছে। এই কাহিনীৰ আধাৰত নিৰ্মিত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাও অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰে, য’ত শেষৰ ফালে ৰাউলিঙে প্ৰযোজকৰ ভূমিকাও গ্ৰহণ কৰে।

J.K Rowling Biography | জে. কে. ৰাউলিংৰ জীৱনী
Join Telegram channel

এই গ্ৰন্থমালাই লেখিকাগৰাকীক বিশ্বজুৰি খ্যাতিৰ শীৰ্ষত লৈ গৈ কেৱল পাঁচ বছৰৰ ভিতৰতে কোটিপতিৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ২০১১ চনৰ ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১ নিযুত আমেৰিকান ডলাৰ। ২০০৮ চনৰ ছানডে টাইম্‌স ৰিচ্চ লিষ্টত তেওঁ ইংলেণ্ডৰ সবাতোকৈ ধনী ব্যক্তিসকলৰ ভিতৰত দ্বাদশ স্থান অধিকাৰ কৰে, যাৰ সম্পত্তিৰ মূল্য ৭৯৮ মিলিয়ন ডলাৰ। ২০০৭ চনত ফৰ্বছ আলোচনীয়ে তেওঁক বিশ্বৰ ৪৮তম প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে স্বীকৃতি দিয়ে।

উক্ত বছৰৰ ভিতৰতে ৰাউলিঙ (J.K. Rowling) ৰ সাহিত্যকীৰ্তি, সমাজসেৱা আৰু ৰাজনৈতিক চেতনা অনুৰাগীসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰে। ফলত, টাইম আলোচনীত তেওঁ “বছৰটোৰ ব্যক্তি”ৰ ৰাণাৰ-আপ স্বীকৃতি লাভ কৰে। ২০১০ চনৰ অক্টোবৰ মাহত ব্ৰিটেইনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা হিচাপে বিবেচিত কৰা হয়।

সাহিত্যিক জীৱনৰ বাহিৰেও ৰাউলিং কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ লগত জড়িত, যেনে কমিক ৰিলিফ, ৱান পেৰেণ্ট ফেমিলিজ, মাল্টিপল শ্লিৰ’চিচ ছ’চাইটি অফ গ্ৰেট ব্ৰিটেইন, লুম’ছ আদি। ২০১২ চনৰ ১২ এপ্ৰিলত তেওঁ প্ৰাপ্তবয়স্কসকলৰ বাবে লিখা তেওঁৰ প্ৰথম উপন্যাস “দ্য কেজুৱেল ভেকেন্সি” প্ৰকাশৰ ঘোষণা কৰে, যি ২৭ ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰে।

নামজে. কে. ৰাউলিং (J.K. Rowling)
জন্ম           ৩১ জুলাই, ১৯৬৫ 
পেচা        উপন্যাসিকা

জে. কে. ৰাউলিং ( (J.K Rowling) ৰ নামৰ ইতিহাস

লেখিকাগৰাকীয়ে জে. কে. ৰাউলিং নামেৰে লিখা-মেলা কৰে যদিও, হেৰী পটাৰ শৃংখলাৰ প্ৰথম গ্ৰন্থ প্ৰকাশৰ আগলৈ তেওঁ জোৱান ৰাউলিং নামেৰে পৰিচিত আছিল। প্ৰকাশকসকলে আশংকা কৰিছিল যে কিশোৰসকলে এগৰাকী মহিলা লেখিকাৰ গ্ৰন্থ পঢ়িবলৈ বিশেষ আগ্ৰহ নেদেখাব। সেইবাবে তেওঁলোকে তেওঁৰ সম্পূৰ্ণ নামৰ সলনি নামের প্ৰথম আখৰ দুটা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। যিহেতু তেওঁৰ মধ্যম নাম নাছিল, সেইবাবে তেওঁ পিতৃৰ আইতাক কেথলিন এদা বুলগেন ৰাউলিঙৰ (Kathleen Ada Bulgen Rowling) নামৰ পৰা ‘কে’ আখৰটো গ্ৰহণ কৰে, আৰু “J.K. Rowling” নাম গ্ৰহণ কৰে।

জে. কে. ৰাউলিং (J.K Rowling) ৰ জীৱনপঞ্জী

জন্ম আৰু পৰিয়াল

ৰাউলিঙৰ পিতৃ পিটাৰ জেমছ ৰাউলিং আৰু মাতৃ এন ৰাউলিঙ। তেওঁৰ জন্ম ইংলেণ্ডৰ গ্ল’চেষ্টাৰশ্বায়াৰৰ য়েটত হৈছিল, যি ব্ৰিষ্টলৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত অৱস্থিত। তেওঁৰ মাতৃ এন ৰাউলিঙৰ পিতৃগৃহ জাৰ্মানী আৰু স্কটলেণ্ডৰ সৈতে জড়িত। বিশেষভাৱে, এন ৰাউলিঙৰ মাতৃৰ ককাদেউতাক লুইচ ভ’লাণ্টে প্ৰথম বিশ্বযুদ্ধত সাহসিকতাৰ বাবে সন্মান লাভ কৰিছিল।

শৈশৱ

ৰাউলিঙৰ ভগ্নী ডিয়েনৰ জন্ম হৈছিল যেতিয়া তেওঁ প্ৰায় দুবছৰ বয়সৰ আছিল। ৪ বছৰ বয়সত তেওঁলোকৰ পৰিয়াল ৱিনটাৰব’ৰ্ণত স্থানান্তৰিত হয়। শৈশৱকালত, ৰাউলিঙে ছেইণ্ট মাইকেলছ প্ৰাইমেৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। এই স্কুলখন উইলিয়াম ৱিলবাৰফৰ্চ আৰু হান্না ম’ৰে প্ৰতিষ্ঠা কৰিছিল। হেৰী পটাৰ কাহিনীৰ ডাম্বলড’ৰ চৰিত্ৰটো স্কুলখনৰ প্ৰধান শিক্ষক আলফ্ৰেড ডানৰ পৰা অনুপ্ৰাণিত হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

শৈশৱৰ কল্পনা আৰু প্ৰথম লেখনী

শিশু অৱস্থাতে ৰাউলিঙে কল্পনাপ্ৰবণ কাহিনী লিখিছিল আৰু ভগ্নী ডিয়েনক পঢ়ি শুনাইছিল। তেওঁৰ প্ৰথম লিখিত কাহিনী এখন এটি শহাপহুৰ বিষয়ে আছিল, যাক “Rabbit” নামেৰে অভিহিত কৰিছিল। সেই শহাপহুৱে বসন্ত ৰোগত আক্ৰান্ত হলে তেওঁৰ বন্ধুবৰ্গে তাক দেখিবলৈ আহিছিল, যাৰ ভিতৰত ‘Miss Bee’ নামৰ এটি মৌমাখিও আছিল।

কৈশোৰ আৰু শিক্ষাজীৱন

৯ বছৰ বয়সত, ৰাউলিঙে ৱেলছৰ চেপষ্ট’ৰ কাষৰীয়া টাটছিল গাঁৱলৈ স্থানান্তৰিত হয়। কৈশোৰকালত, তেওঁৰ খুড়ী আইতাকে তেওঁৰ পাঠাভ্যাস গঢ়ি তুলিবলৈ সহায় কৰিছিল। তেওঁ জেচিকা মিটফৰ্ডৰ আত্মজীৱনী Hons and Rebels পঢ়ি তেওঁক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত, তেওঁ মিটফৰ্ডৰ সকলো কিতাপ পঢ়ি শেষ কৰিছিল।

মাধ্যমিক শিক্ষা

ৰাউলিঙে ৱিডিন স্কুল এণ্ড কলেজত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ এই শিক্ষানুষ্ঠানত বিজ্ঞান শাখাত কাৰিকৰী বিভাগত কৰ্মৰত আছিল। কৈশোৰকালৰ বিষয়ে ৰাউলিঙে কৈছিল যে হেৰী পটাৰ শৃংখলাৰ হাৰমায়নি গ্ৰেংজাৰৰ চৰিত্ৰটোৱে তেওঁৰ এঘাৰ বছৰীয়া জীৱনৰ উপহাসমূলক প্ৰতিচ্ছবি প্ৰদান কৰে।

বিশ্ববিদ্যালয় আৰু প্রাৰম্ভিক জীৱন

ৰাউলিঙে এক্সটাৰ বিশ্ববিদ্যালয়ত পৌৰাণিক সাহিত্য আৰু ফৰাচী ভাষা অধ্যয়ন কৰিছিল। ইয়াৰ আগতে, তেওঁ ইংৰাজী, ফৰাচী, আৰু জাৰ্মান ভাষাত A Levels পৰীক্ষা উর্ত্তীর্ণ হৈছিল। এক বছৰৰ বাবে পেৰিছত অধ্যয়ন কৰি, তেওঁ লণ্ডনত Amnesty International-ত দ্বিভাষী সম্পাদিকা হিচাপে যোগদান কৰিছিল। একে সময়তে, তেওঁ প্ৰতিষ্ঠানটোৰ এগৰাকী গৱেষিকাও আছিল।

অনুপ্ৰেৰণা আৰু মাতৃ বিয়োগ

এমনেষ্টী ইণ্টাৰনেচনেলত কাম কৰাৰ পিছত, ৰাউলিঙে আৰু তেওঁৰ সংগীয়ে মানচেষ্টাৰলৈ উঠি যোৱাৰ সিদ্ধান্ত লয়। ১৯৯০ চনত লণ্ডনৰ পৰা মানচেষ্টাৰলৈ ৰেলযাত্ৰা কৰা সময়ত, তেওঁ যাদুৰ বিদ্যালয়ত পঢ়া ল’ৰা এজনৰ কাহিনীৰ চিন্তা কৰে। এইদৰেই হেৰী পটাৰৰ কাহিনীৰ আধাৰ সৃষ্টি হয়। তেওঁ দ্য ব’ষ্টন গ্ল’বক জনায় যে প্ৰথমতে হেৰীৰ চৰিত্ৰৰ কথা মাথোঁ মনত আছিল, পিছলৈ আন চৰিত্ৰ আৰু কাহিনীৰ সংযোজন ঘটে।

ৰাউলিঙে যেতিয়া ক্লেপহাম জাংচনত ঘৰ পাইছিল, তেতিয়াই তেওঁ লিখা আৰম্ভ কৰে। কিন্তু, সেই বছৰৰে ডিচেম্বৰ মাহত তেওঁৰ মাতৃ দীৰ্ঘদিনীয়া ৰোগ multiple sclerosis-এ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁৰ মাতৃ হেৰী পটাৰৰ বিষয়ে একো জানিব পৰা নাছিল। মাতৃৰ মৃত্যুৱে ৰাউলিঙৰ লেখনিত গভীৰ প্ৰভাৱ পেলায়, আৰু হেৰীৰ যন্ত্রণাৰ বৰ্ণনাত এই ব্যক্তিগত অনুভৱৰ প্ৰভাৱ দেখা যায়।

বিবাহ আৰু জীৱনৰ সংগ্ৰাম

১৯৯২ চনৰ ১৬ অক্টোবৰ, তেওঁ পৰ্টুগীজ সাংবাদিক জৰ্জ এৰেণ্টিছৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ১৯৯৩ চনৰ ২৭ জুলাইত তেওঁলোকৰ কন্যা জেচিকা ইছাবেল ৰাউলিং এৰেণ্টিছ জন্মগ্ৰহণ কৰে। কিন্তু, বিবাহিত জীৱন সুখী নাছিল। ১৯৯৩ চনৰ নৱেম্বৰ মাহত দুয়োৰে বিচ্ছেদ হয়, আৰু ৰাউলিঙে নিজৰ কন্যা লৈ স্কটলেণ্ডৰ এডিনবাৰ্গলৈ গুচি আহে, য’ত তেওঁৰ ভগ্নী থাকিছিল।

স্নাতক হোৱাৰ সাত বছৰৰ পাছত তেওঁ নিজকে “the biggest failure I knew” বুলি অনুভৱ কৰিছিল। বিবাহিত জীৱনৰ বিফলতা, এক নাবালক সন্তান, আৰু নিৰ্বনৰ্থিত জীৱন—এই সকলোবোৰে তেওঁক মানসিকভাৱে বিধ্বস্ত কৰি তোলে। তথাপি, তেওঁ এই বিফলতাক নতুন প্ৰেৰণাৰ উৎস ৰূপে গ্ৰহণ কৰে আৰু নিজৰ টাইপৰাইটাৰত হেৰী পটাৰৰ কাহিনীটো লিখা অব্যাহত ৰাখে।

ডিপ্ৰেছন, আত্মহত্যাৰ চিন্তা, আৰু নতুন আশা

এই সময়ছোৱাত ৰাউলিঙে ডিপ্ৰেছনত ভুগিছিল আৰু আত্মহত্যাৰ কথাও ভাবিছিল। তেওঁৰ মানসিক অস্থিৰতাই হেৰী পটাৰ শৃংখলাৰ ডিমেণ্টৰৰ চিন্তাধাৰা জন্ম দিয়াৰ অনুপ্ৰেৰণা যুগায়। ডিমেণ্টৰ হৈছে সেই প্ৰাণী, যিয়ে মানুহৰ জীৱনশক্তি শুষি লয়, আৰু এই উপমাটি তেওঁৰ ব্যক্তিগত মানসিক যন্ত্রণাৰ প্ৰতিফলন।

স্কটলেণ্ডত শিক্ষকতা কৰিবলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ ম’ৰে হাউছ স্কুল অফ এডুকেচনত ১৯৯৫ চনৰ আগষ্টত নামভৰ্তি কৰে। এই সময়ত তেওঁ হেৰী পটাৰৰ প্ৰথমখন গ্ৰন্থ সম্পূৰ্ণ কৰিছিল। এডিনবাৰ্গৰ বিভিন্ন কেফে, যেনে নিকলছনছ কেফে আৰু দ্য এলিফেণ্ট হাউচত বহি তেওঁ লিখাৰ কাম চলাইছিল।

ঘৰৰ অভাৱনীয় পৰিস্থিতিৰ বাবে কেফেত লিখিবলৈ যোৱা বুলি কোৱা হৈছিল, কিন্তু ২০০১ চনত বিবিচিৰ এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে কন্যাক টোপনিত ৰাখি শান্তিতে লিখাৰ বাবে কেফেলৈ গৈছিল। এই সময়ছোৱাই তেওঁৰ জীৱনৰ মোড় ঘুৰাই দিয়ে, আৰু এক নতুন সফলতাৰ দিশলৈ আগুৱাই যায়।

হেৰী পটাৰ শৃংখলাৰ ইতিহাস (১৯৯৫-২০০৭)

১৯৯৫-২০০০: আৰম্ভণি আৰু উন্নতি

১৯৯৫ চনত জে. কে. ৰাউলিঙে তেওঁৰ পুৰণি টাইপৰাইটাৰৰ সহায়ত “Harry Potter and the Philosopher’s Stone” লিখি শেষ কৰে। প্ৰথমত বহুতে গ্ৰন্থখন নাকচ কৰিলে, কিন্তু শেষত ব্লুমছবেৰী নামৰ প্রকাশনীগৃহে গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব লয়। ১৯৯৭ চনৰ জুন মাহত এই কিতাপৰ ১০০০টা কপি প্ৰকাশ কৰা হয়, যাৰ ৫০০ কপি গ্ৰন্থাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

গ্ৰন্থখনৰ সফলতাৰ পিছত, ৰাউলিঙে Scottish Arts Council-ৰ পৰা ৮০০০ পাউণ্ড অনুদান লাভ কৰে। তাৰ পাছতে Scholastic Corporation-এ আমেৰিকাত গ্ৰন্থখন “Harry Potter and the Sorcerer’s Stone” নামেৰে প্ৰকাশ কৰে। যদিও এই নামপৰিৱৰ্তনৰ বিষয়ে ৰাউলিঙে পিছত অনুতপ্ত হৈছিল।

১৯৯৮ চনত দ্বিতীয়খন কিতাপ “Harry Potter and the Chamber of Secrets” মুক্তি পায়। তাৰ পিছতে ১৯৯৯ চনত “Harry Potter and the Prisoner of Azkaban” প্ৰকাশ পায়, যিয়ে ৰাউলিঙক তৃতীয়বাৰলৈ Smarties Book Prize বিজয়ী কৰাৰ গৌৰৱ কঢ়িয়াই আনে।

২০০০ চনত চতুৰ্থ গ্ৰন্থ “Harry Potter and the Goblet of Fire” মুক্তি পায়। এই কিতাপৰ ৩,৭২,৭৭৫ কপি কেৱল ইংলেণ্ডতে প্ৰথম দিনাই বিক্ৰী হয়, যিয়ে এক নতুন অভিলেখ সৃষ্টি কৰে।

২০০১-২০০৭: গ্ল’বেল সফলতা

২০০৩ চনৰ ২১ জুনত পঞ্চম কিতাপ “Harry Potter and the Order of the Phoenix” মুক্তি পায়। এই গ্ৰন্থৰ বাবে ৰাউলিঙে Bram Stoker Award লাভ কৰে।

২০০৫ চনৰ ১৬ জুলাইত “Harry Potter and the Half-Blood Prince” মুক্তি পায়। ২৪ ঘণ্টাৰ ভিতৰত ইয়াৰ ৯ মিলিয়ন কপি বিক্ৰী হয়, যিয়ে ইয়াক সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় গ্ৰন্থ হিচাপে প্ৰতিষ্ঠা কৰে। ২০০৬ চনত এই গ্ৰন্থ British Book Award’s “Book of the Year” বঁটা লাভ কৰে।

২০০৭ চনৰ ২১ জুলাইত “Harry Potter and the Deathly Hallows” মুক্তি পায়, যিয়ে প্ৰথম দিনাই ১১ মিলিয়নৰো অধিক কপি বিক্ৰীৰ নতুন অভিলেখ গঢ়ে।

হেৰী পটাৰ: এখন গ্ল’বেল ব্ৰেণ্ড

হেৰী পটাৰ শৃংখলাই বিশ্বজুৰি এক বৃহৎ খ্যাতি লাভ কৰে। বৰ্তমান ইয়াৰ সম্পূৰ্ণ বাণিজ্যিক মূল্য প্ৰায় ৭ বিলিয়ন পাউণ্ড (১৫ বিলিয়ন ডলাৰ)। ৰাউলিঙে তেওঁৰ সফলতাৰ কৃতিত্ব নিজ মাতৃক দিয়ে, যাৰ প্ৰেৰণাই তেওঁক এই কিতাপ লিখিবলৈ অনুপ্ৰাণিত কৰিছিল।

জে. কে. ৰাউলিং (J.K Rowling) ৰ হেৰী পটাৰ চলচ্চিত্ৰ: যাদুৰ জগতৰ এক অনন্য সৃষ্টি

প্ৰৱেশদ্বাৰ হিচাপে কিংছ ক্ৰছ

কিংছ ক্ৰছ ষ্টেচনক হেৰী পটাৰৰ যাদু জগতৰ প্ৰৱেশদ্বাৰ হিচাপে বৰ্ণনা কৰাৰ পিছৰ পৰাই ই বিশ্বজুৰি এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

চলচ্চিত্ৰ স্বত্ব অধিগ্ৰহণ

১৯৯৮ চনৰ অক্টোবৰ মাহত, “হেৰী পটাৰ এণ্ড দা ফিল’ছফাৰ্ছ ষ্ট’ন” আৰু “হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ” গ্ৰন্থৰ স্বত্ব ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ক্ৰয় কৰে। তাৰ পাছতেই, সাতখন ছবিৰ এক বিশাল শৃংখলা নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হয়।

প্ৰথম আৰু দ্বিতীয় খণ্ডৰ মুক্তি

২০০১ চনত “হেৰী পটাৰ এণ্ড দা ফিল’ছফাৰ্ছ ষ্ট’ন” আৰু ২০০২ চনত “হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ” মুক্তি লাভ কৰে। এই দুয়োখন ছবিৰ পৰিচালক আছিল ক্ৰিছ কলম্বাছ।

পৰৱৰ্তী চলচ্চিত্ৰসমূহ

  • ২০০৪ চন: “হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অফ আজকাবান” (পৰিচালক: এলফোনছ’ কোৱাৰন)
  • ২০০৫ চন: “হেৰী পটাৰ এণ্ড দা গব্লেট অফ ফায়াৰ” (পৰিচালক: মাইক নিৱেল)
  • ২০০৭ চন: “হেৰী পটাৰ এণ্ড দা অৰ্ডাৰ অফ দা ফিনিক্স” (পৰিচালক: ডেভিদ য়েটছ)
  • ২০০৯ চন: “হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স” (পৰিচালক: ডেভিদ য়েটছ)

অন্তিম খণ্ডৰ বিভাজন আৰু মুক্তি

ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ২০০৮ চনত ঘোষণা কৰে যে অন্তিম গ্ৰন্থ “হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল’জ”ক দুটা খণ্ডত চলচ্চিত্ৰ ৰূপত আনা হ’ব।

  • প্ৰথম খণ্ড মুক্তি: ২০১০ চনৰ নৱেম্বৰ
  • দ্বিতীয় খণ্ড মুক্তি: ২০১১ চনৰ জুলাই

চিত্ৰনাট্য আৰু অভিনয় শিল্পী

সকলো ছবিৰ চিত্ৰগ্ৰহণ ইংলেণ্ডত কৰা হয় আৰু অভিনয় শিল্পীসকল প্ৰায় সকলো ইংৰাজ আছিল। চিত্ৰনাট্য ষ্টিভ ক্লভছে লিখিছিল, কেৱল “হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স” বাদে। লেখিকা জে. কে. ৰাউলিঙেও এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

প্ৰযোজনাৰ কাহিনী

প্ৰথম ছবিখনৰ পৰিচালনাৰ বাবে ষ্টিভেন স্পিলবাৰ্গ আগবাঢ়ি আহিলেও তেওঁ পিছলৈ বাছি নল’লে। বহুতে ৰাউলিঙে ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰিছিল, যদিও তেওঁ নিজে ইয়াক অস্বীকাৰ কৰে।

বিশ্বব্যাপী প্ৰভাৱ আৰু স্বীকৃতি

২০১১ চনত, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা (BAFTA) প্ৰদান অনুষ্ঠানত “অভূতপূৰ্ব ব্ৰিটিছ বৰঙনি” শিতানত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলা একেলগে বঁটা লাভ কৰে।

এইদৰে, হেৰী পটাৰ চলচ্চিত্ৰসমূহে বিশ্বব্যাপী প্ৰচণ্ড জনপ্ৰিয়তা লাভ কৰি যুগ যুগ ধৰি দৰ্শকৰ মন মোহি ৰাখিছে।

জে. কে. ৰাউলিং (J.K Rowling) ৰ সফলতা


ফৰ্বছে ৰাউলিঙক গ্ৰন্থ ৰচনাৰ জৰিয়তে বিলিয়ন ডলাৰৰ গৰাকী হোৱা প্ৰথমগৰাকী মহিলা হিচাপে স্বীকৃতি দিয়ে। তেওঁ আটাইতকৈ ধনী মহিলা মনোৰঞ্জনকাৰী আৰু বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ক্ৰমে দ্বিতীয় আৰু ১০৬২তম স্থান লাভ কৰে। ২০০৪ চনত ফৰ্বছে তেওঁক বিলিয়নাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰে যদিও, তেওঁ নিজেই এই স্বীকৃতি প্ৰত্যাখ্যান কৰিছিল। ২০০৮ চনত, ছানডে টাইম ৰিচ্চ লিষ্টত ৰাউলিঙক ব্ৰিটেইনৰ ১৪৪তম ধনী মহিলা হিচাপে স্থান দিয়া হয়।

জে. কে. ৰাউলিং (J.K Rowling) ৰ সম্পত্তি আৰু বসবাস

২০০১ চনত, ৰাউলিঙে স্কটলেণ্ডত ১৯ শতিকাৰ কিল্লিকেছি হাউচ (Killiechassie House) নামৰ এক প্ৰাচীন বাংলো ক্ৰয় কৰে। তেওঁ এডিনবাৰ্গ আৰু পশ্চিম লণ্ডনৰ কেনছিংটনত নিজা ঘৰত বাস কৰে, য’ত ২৪ ঘণ্টা নিৰাপত্তা ব্যৱস্থা থকা লণ্ডনৰ বাসগৃহটোৰ মূল্য প্ৰায় ৯ মিলিয়ন ডলাৰ।

জে. কে. ৰাউলিং (J.K Rowling) ৰ ব্যক্তিগত জীৱন

পুনৰ্বিবাহ আৰু পৰিয়াল


২০০১ চনৰ ২৬ ডিচেম্বৰত, ৰাউলিঙে এনাস্থেটিষ্ট নীল মাইকেল মূৰেৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ প্রথম সন্তান ডেভিদ গৰ্ডন ৰাউলিঙ মূৰেৰ জন্ম হয় ২০০৩ চনৰ ২৪ মাৰ্চত। পৰিয়ালক সময় দিয়াৰ বাবে তেওঁ কিছুমান সময় লেখাৰ পৰা দূৰৈত আছিল। ২০০৫ চনৰ ২৩ জানুৱাৰীত তেওঁৰ কন্যা মেকেঞ্জি জীন ৰাউলিঙ মূৰেৰ জন্ম হয়, যাৰ নামত তেওঁ “হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স” উপন্যাসখন উছৰ্গা কৰে।

জে. কে. ৰাউলিং (J.K. Rowling) ৰ সাহিত্যিক কৰ্ম আৰু নতুন কিতাপ

দ্য কেজুৱেল ভেকেন্সি (The Casual Vacancy)

২০১১ চনত, ৰাউলিঙে পূৰ্বৰ এজেণ্ট ক্ৰিষ্ট’ফাৰ লিটলৰ সৈতে সম্পৰ্ক ছিন্ন কৰি, নীল ব্লেয়াৰে সৈতে নতুন এজেঞ্চী স্থাপন কৰে। ২০১২ চনৰ ২৩ ফেব্ৰুৱাৰীত তেওঁ “দ্য কেজুৱেল ভেকেন্সি” নামেৰে প্ৰাপ্তবয়স্কসকলৰ বাবে এক নতুন উপন্যাস প্ৰকাশৰ ঘোষণা কৰে। ২০১২ চনৰ ২৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা উপন্যাসখন প্ৰথম সপ্তাহতে এক কোটি কপি বিক্ৰী হয়। ২০১২ চনৰ ডিচেম্বৰত, BBC One-এ কিতাপখনক দূৰদৰ্শন নাট্য ৰূপত প্ৰকাশৰ কথা ঘোষণা কৰে।

কৰ্মৰান ষ্ট্ৰাইক (Cormoran Strike) শৃংখলা


২০১৩ চনত, ৰাউলিঙে “দ্য কাক্কুজ কলিং” নামেৰে এক অপৰাধমূলক উপন্যাস লিখে, যাক তেওঁ “ৰবাৰ্ট গলব্ৰেইথ” নামেৰে ছদ্মনামে প্ৰকাশ কৰে। উপন্যাসখনৰ প্ৰকাশৰ পিছত অল্প সময়তে ১৫০০ কপি বিক্ৰী হয়। পিছত, তেওঁৰ আসল নাম প্ৰকাশ পোৱাৰ লগে লগে কিতাপখনৰ বিক্ৰী ৪০০০ শতাংশ বৃদ্ধি পায়।

২০১৪ চনৰ ১৭ ফেব্ৰুৱাৰীত, ৰাউলিঙে এই শৃংখলাৰ দ্বিতীয়খন কিতাপ “দ্য ছিল্কৱৰ্ম” প্ৰকাশৰ কথা ঘোষণা কৰে, যি ২০১৫ চনত মুক্তি লাভ কৰে। তেওঁ এই শৃংখলা লিখি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে।

জে. কে. ৰাউলিং (J.K. Rowling) ৰ পৰৱৰ্তী লেখনি

২০০৫ চনত ষ্টিফেন ফ্ৰাইৰে হোৱা এক সাক্ষাৎকাৰত ৰাউলিঙে কৈছিল যে তেওঁ ছদ্মনামেৰে লেখনি চলাই যাবলৈ আগ্ৰহী। যদিও ২০০৩ চনত সাংবাদিক জেৰেমি পেক্সমেনৰ সৈতে টেলিভিচন সাক্ষাৎকাৰত তেওঁ স্বীকাৰ কৰিছিল যে ছদ্মনামেৰে লিখিলেও সংবাদ মাধ্যমে অৱশেষত এই কথা উলিয়াই আনিব। ২০০৬ চনত, তেওঁ কিছু চুটিগল্প আৰু আন এখন শিশু-গ্ৰন্থ লিখি শেষ কৰাৰ কথা উল্লেখ কৰে।

হেৰী পটাৰ জগতলৈ উভতি আহিবলৈ সম্ভাৱনা

হেৰী পটাৰ শৃংখলাৰ অষ্টম গ্ৰন্থ লিখাৰ সম্ভাৱনাৰ বিষয়ে সোধা হ’লে, ৰাউলিঙে উত্তৰ দিছিল, “মই একো ক’ব নোৱাৰোঁ। হয়তো ১০ বছৰৰ পিছত মই আকৌ এই জগতলৈ উভতি আহিব পাৰোঁ, কিন্তু ইয়াৰ কোনো নিশ্চয়তা নাই।” ২০১০ চনৰ ১ অক্টোবৰত অপ্ৰা উইনফ্ৰিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই শৃংখলাৰ এক ‘চাগা’ (saga) হিচাপে আগবাঢ়িবও পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছিল।

বিশ্বকোষ আৰু দাতব্য অনুদান

ৰাউলিঙে হেৰী পটাৰৰ জগতৰ বিষয়ে এক বিশ্বকোষ ৰচাৰ পৰিকল্পনা কৰিছিল, যাৰ পৰা হোৱা সকলো লাভ দাতব্য অনুষ্ঠানলৈ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ২০১২ চনৰ ১৩ এপ্ৰিলত নিজৰ নতুন ৱেবছাইট উদ্বোধনৰ পিছত তেওঁ এই পৰিকল্পনাক নিশ্চিত কৰে।

শিশুসাহিত্যৰ প্ৰতি আগ্ৰহ

২০০৭ চনৰ নৱেম্বৰত, ৰাউলিঙে শিশুসকলৰ বাবে আন এখন গ্ৰন্থ লিখাৰ কথা প্ৰকাশ কৰিছিল। ২০০৮ চনৰ মাৰ্চত এডিনবাৰ্গৰ কেফেত তেওঁ শিশু-কিশোৰৰ বাবে নতুন উপন্যাস লিখি থকা বুলি সদৰি কৰিছিল। দৈনিক সংবাদপত্ৰ ‘দা ডেইলী টেলিগ্ৰাফ’ক তেওঁ কৈছিল, “মই শিশুসকলৰ বাবে লিখি যাব, কিয়নো এই কামটো মই উপভোগ কৰোঁ।”

পটাৰম’ৰ (Pottermore) ৱেবছাইটৰ ঘোষণা

২০১১ চনৰ জুনত, ৰাউলিঙে হেৰী পটাৰৰ তথ্যসমূহ বৈদ্যুতিনভাৱে উপলব্ধ কৰাবলৈ নতুন ৱেবছাইট ‘পটাৰম’ৰ’ ঘোষণা কৰিছিল। এই ছাইটটোত হেৰী পটাৰৰ কাহিনীৰ সম্পৰ্কে ১৮,০০০ শব্দৰ অধিক নতুন তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল।

জে. কে. ৰাউলিং (J.K Rowling) ৰ  সামাজিক কৰ্ম আৰু দাতব্য কাৰ্যকলাপ

২০০০ চনত, ৰাউলিঙে ‘ভলেণ্ট চেৰিটেবল ট্ৰাষ্ট’ (Volant Charitable Trust) প্ৰতিষ্ঠা কৰিছিল। এই অনুষ্ঠানটোৱে দৰিদ্ৰতা, সামাজিক বৈষম্য, শিশু কল্যাণ, একক অভিভাৱকত্বৰ পৰিয়াল, আৰু মাল্টিপল স্ক্লেৰ’ছিছ ৰোগৰ গৱেষণালৈ সহায় আগবঢ়ায়।

ৰাউলিঙে কৈছিল, “যেতিয়া তোমাৰ প্ৰয়োজনতকৈ অধিক থাকে, তেতিয়া সমাজৰ বাবে কিবা উত্তম কাম কৰাৰ দায়িত্ব থাকে।”

জে. কে. ৰাউলিং ৰ বঁটা আৰু সন্মানসমূহ

সন্মানীয় ডিগ্ৰীসমূহ

ৰাউলিঙে J.K Rowling ছেইণ্ট এণ্ড্ৰিওছ ইউনিভাৰ্চিটী, ইউনিভাৰ্চিটী অফ এডিনবাৰ্গ, নেপিয়েৰ ইউনিভাৰ্চিটী, ইউনিভাৰ্চিটী অফ এক্সটাৰ, ইউনিভাৰ্চিটী অফ এবাৰ্ডিন আৰু হাৰ্ভাৰ্ড ইউনিভাৰ্চিটীৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰিছে। ২০০৯ চনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি নিক’লাছ ছাৰ্ক’জিয়ে ৰাউলিঙক “লিজন ডি অ’নাৰ” (Légion d’honneur) সন্মান প্ৰদান কৰে।

প্ৰাপ্ত বঁটা আৰু সন্মানসমূহ

  • ১৯৯৭: নেচলে স্মাৰ্টিছ বুক প্ৰাইজ – স্বৰ্ণ বঁটা (হেৰী পটাৰ এণ্ড দা ফিল’চফাৰ্ছ ষ্ট’ন)
  • ১৯৯৮: নেচলে স্মাৰ্টিজ বুক প্ৰাইজ – স্বৰ্ণ বঁটা (হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অফ আজকাবান)
  • ১৯৯৮: ব্ৰিটিছ চিলড্ৰেনছ বুক অফ দা ইয়েৰ (হেৰী পটাৰ এণ্ড দা ফিল’চফাৰ্ছ ষ্ট’ন)
  • ১৯৯৯: নেচলে স্মাৰ্টিজ বুক প্ৰাইজ – স্বৰ্ণ বঁটা (হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অফ আজকাবান)
  • ১৯৯৯: নেচনেল বুক এৱাৰ্ড – চিলড্ৰেনছ বুক অফ দা ইয়েৰ (হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ)
  • ২০০০: ব্ৰিটিছ বুক এৱাৰ্ড – অ’থৰ অফ দা ইয়েৰ
  • ২০০০: অৰ্ডাৰ অফ দা ব্ৰিটিছ এম্পায়াৰ (OBE), অফিচাৰ
  • ২০০১: হিউগ’ এৱাৰ্ড – বেষ্ট নভেল (হেৰী পটাৰ এণ্ড দা গব্লেট অফ ফায়াৰ)
  • ২০০৩: প্ৰিমিয়’ প্ৰিনচিপি ডি অ’ষ্টাৰিয়াছ – কঙ্কৰ্ড
  • ২০০৬: ব্ৰিটিছ বুক অফ দা ইয়েৰ (হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স)
  • ২০০৮: ব্ৰিটিছ বুক এৱাৰ্ড – আউটষ্টেণ্ডিং এচিভমেণ্ট
  • ২০১০: হন্স ক্ৰিষ্টিয়ান এৱাৰ্ড
  • ২০১১: ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডস – আউটষ্টেণ্ডিং ব্ৰিটিছ কণ্ট্ৰিবিউচন টু চিনেমা (হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলা)
  • ২০১২: ফ্ৰীডম অফ দা চিটী অফ লণ্ডন

জে. কে. ৰাউলিং (J.K Rowling) ৰ  সৃষ্টি আৰু লিখনিসমূহ

হেৰী পটাৰ শৃংখলা

  • হেৰী পটাৰ এণ্ড দা ফিল’চফাৰ্ছ ষ্ট’ন (২৬ জুন ১৯৯৭)
  • হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ (২ জুলাই ১৯৯৮)
  • হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অফ আজকাবান (৮ জুলাই ১৯৯৯)
  • হেৰী পটাৰ এণ্ড দা গব্লেট অফ ফায়াৰ (৮ জুলাই ২০০০)
  • হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স (২১ জুন ২০০৩)
  • হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স (১৬ জুলাই ২০০৫)
  • হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল’জ (২১ জুলাই ২০০৭)

অন্যান্য গ্ৰন্থ

  • ফেণ্টাষ্টিক বিষ্টছ এণ্ড হোৱেৰ টু ফাইণ্ড দেম (২০০১)
  • কুইডিচ থ্ৰু দি এজেজ (২০০১)
  • দা টেলছ অফ বিডল দা বাৰ্ড (২০০৮)

প্ৰাপ্তবয়স্কৰ গ্ৰন্থ

  • দ্য কেজুৱেল ভেকেঞ্চি (২৭ ছেপ্টেম্বৰ ২০১২)
  • দ্য কাক্কুজ কলিং (ৰবাৰ্ট গলব্ৰেইথ হিচাপে) (১৮ এপ্ৰিল ২০১৩)

চুটিগল্প

  • হেৰী পটাৰ প্ৰিকুৱেল (জুলাই ২০০৮)

উপসংহাৰ | Conclusion 

জে. কে. ৰাউলিং সাহিত্য জগতৰ এক অনন্য প্ৰতিভা, যিয়ে হেৰী প’টাৰ শৃংখলাৰ জৰিয়তে বিশ্বজুৰি লাখ লাখ পাঠকৰ মন জয় কৰিছে। তেওঁৰ কল্পনাশক্তি, লেখনী শৈলী আৰু গভীৰ গল্পবয়ন ক্ষমতাই তেওঁক যুগৰ অন্যতম সফল লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। জীৱনৰ কঠিন পৰিস্থিতিৰ পৰা যাত্ৰা আৰম্ভ কৰি, নিজস্ব অধ্যৱসায় আৰু সৃষ্টিশীলতাৰ জৰিয়তে তেওঁ বিশ্বব্যাপী পৰিচিত হৈ পৰিছে। ৰাউলিঙৰ সাহিত্য কেৱল বিনোদনৰ মাধ্যম নহয়, বৰং ই বন্ধুত্ব, সাহস, ভালপোৱা আৰু আত্মবিশ্বাসৰ মূল্যবোধ প্ৰস্ফুটিত কৰে। তাইৰ সৃষ্টি কৰা জাদুকৰী পৃথিৱী আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

FAQ

1. জে. কে. ৰাউলিং J.K Rowling কোন?

A: জে. কে. ৰাউলিং এগৰাকী বিখ্যাত ব্ৰিটিছ লেখিকা, যিয়ে “হেৰী প’টাৰ” (Harry Potter) শৃংখলৰ কাহিনী লিখিছে। 

2. জে. কে. ৰাউলিংৰ সম্পূৰ্ণ নাম কি?

A: তেখেতৰ সম্পূৰ্ণ নাম Joanne Kathleen Rowling

3. জে. কে. ৰাউলিং কেতিয়া জন্মগ্ৰহণ কৰিছিল?

A: জে. কে. ৰাউলিং ৩১ জুলাই, ১৯৬৫ চনত ব্ৰিটেইনৰ ইংলেণ্ডৰ ইয়েট (Yate) চহৰত জন্মগ্ৰহণ কৰিছিল।

4. কিয় “হেৰী প’টাৰ” কিতাপসমূহ ইমান জনপ্ৰিয়?

A: এই কিতাপসমূহত যাদু, অভিযান, বন্ধুতা, পৰিয়ালৰ মূল্য আৰু ভাল-বেয়া শক্তিৰ মাজত যুদ্ধৰ কাহিনী অংকন কৰা হৈছে, যি সকলো বয়সৰ পাঠকৰ বাবে আকৰ্ষণীয়।

5. জে. কে. ৰাউলিং কেনেকৈ বিখ্যাত হ’ল?

A: তেখেত “হেৰী প’টাৰ” শৃংখল লিখাৰ পাছতে বিশ্বজুৰি বিখ্যাত হ’ল। এই কিতাপসমূহত যাদু, বন্ধুতা আৰু সাহসিকতাৰ কাহিনী অংকন কৰা হৈছে।

Read also: Isaac Newton Biography | আইজাক নিউটনৰ জীৱনী

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top