⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

সম্বন্ধবাচক পুৰুষ বিভক্তি আৰু প্ৰশ্নোত্তৰ

সম্বন্ধবাচক পুৰুষ বিভক্তি আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of সম্বন্ধবাচক পুৰুষ বিভক্তি আৰু প্ৰশ্নোত্তৰ

সম্বন্ধবাচক পুৰুষ বিভক্তি আৰু প্ৰশ্নোত্তৰ

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given সম্বন্ধবাচক পুৰুষ বিভক্তি আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

সম্বন্ধবাচক পুৰুষ বিভক্তি

ASSAMESE LANGUAGE

এই বিভক্তি কেৱল পুৰুষ অনুসৰি সম্বন্ধবাচক শব্দৰ পাছত বহে। ই অসমীয়া ভাষাৰ বিশেষ বৈশিষ্ট্য। ড° বাণীকান্ত কাকতিয়ে এইবোৰক পুৰুষবাচক নিৰ্দেশক (Personal definitives) অথবা সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক (Personal Affixes of noun of Relationship হিচাপে আলোচনা আগবঢ়াইছে।

সত্যনাথ বৰা আৰু হেমচন্দ্ৰ বৰুৱাই এইবোৰক তদ্ধিত প্ৰত্যয় বুলি আলোচনা কৰিছে। ড° গোলোকচন্দ্ৰ গোস্বামীৰ মতে এইবোৰ পুৰুষবাচক বিভক্তি।

সম্বন্ধবাচক পুৰুষ বিভক্তিৰ ব্যৱহাৰ এনেধৰণৰ-

(ক) সম্বন্ধবাচক শব্দ দ্বিতীয় পুৰুষৰ ষষ্ঠী বিভক্তি যুক্ত পদৰ পাছত বহিলে তুচ্ছাৰ্থ সম্বন্ধবাচক পদৰ আকাৰন্ত বিলাকত ৰ আৰু আনবিলাকত এৰ প্ৰত্যয় ব্যৱহাৰ হয়। মান্যাৰ্থত ৰ আৰু আনবিলাকত এৰ প্ৰত্যয় হয়। কেতিয়াবা এৰ সলনি আ প্ৰত্যয় হয়। যেনে-

তুচ্ছাৰ্থত : তোৰ দেউতাৰ কিন্তু তোৰ আয়েৰ, তোৰ বাপেৰ।

মান্যাৰ্থত : তোমাৰ মাৰা

(খ) সম্বন্ধবাচক শব্দ তৃতীয় পুৰুষৰ ষষ্ঠী বিভক্তি যুক্ত পদৰ পাছত থাকিলে সম্বন্ধবাচক শব্দৰ আকাৰন্ত বিলাকৰ ক আৰু আনবিলাকৰ এৰ প্ৰত্যয় হয়। যেনে-

তুচ্ছাৰ্থত : তাৰ ভনীয়েক

মান্যাৰ্থত : আপোনাৰ জেঠাক

(গ) সংস্কৃত মূল শব্দ পিতৃ-মাতৃ আদিৰ লগত এনে প্ৰত্যয় যোগ নহয়। যেনে- তোৰ পিতৃ কিন্তু পিতা-মাতা আদি শব্দৰ লগত এনে প্ৰত্যয় যোগ হয়।

প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। সম্বন্ধবাচক পুৰুষ বিভক্তিক গোলোকচন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে ?

(ক) পুৰুষবাচক বিভক্তি।

(খ) সম্বন্ধবাচক বিভক্তি।

(গ) সম্বন্ধবাচক পুৰুষ বিভক্তি।

(ঘ) বিশেষণ সৰ্বনাম।

উত্তৰ : (ক) পুৰুষবাচক বিভক্তি।

প্ৰশ্ন ২। কোনটো শুদ্ধ লিখা-

(ক) তোৰ দেউতাক।

(খ) তোৰ দেউতাৰ।

(গ) তোৰ বাপেৰ।

(ঘ) আপোনাৰ দেউতাক।

উত্তৰ : (খ) তোৰ দেউতাৰ।

প্ৰশ্ন ৩। সম্বন্ধবাচক বিভক্তিক তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

(ক) ৰমেশ পাঠক।

(খ) গোলোকচন্দ্ৰ গোস্বামী।

(গ) সত্যনাথ বৰা।

(ঘ) হেমচন্দ্ৰ বৰুৱা।

উত্তৰ : (গ) সত্যনাথ বৰা।

প্ৰশ্ন ৪। পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

(ক) সচা।

(খ) মিছা।

(গ) ব্যাকৰণ মতে ভুল।

(ঘ) অসমীয়া ব্যাকৰণত ইয়াৰ ব্যৱহাৰ অচল।

উত্তৰ : (ক) সচা।

প্ৰশ্ন ৫। আপুনিৰ লগত কি বিভক্তি লগ লাগে ?

(ক) প্ৰথম পুৰুষৰ।

(খ) তৃতীয় পুৰুষৰ।

(গ) প্ৰথমা বিভক্তি।

(ঘ) চতুৰ্থী বিভক্তি।

উত্তৰ : (খ) তৃতীয় পুৰুষৰ।

প্ৰশ্ন ৬। পুৰুষবাচক বিভক্তি কেইবিধ ?

(ক) দুবিধ।

(খ) তিনিবিধ।

(গ) চাৰিবিধ।

(ঘ) এবিধ।

উত্তৰ :(ক) দুবিধ।

প্ৰশ্ন ৭। কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-

(ক) -ৰ।

(খ) -ৰা।

(গ) -ক।

(ঘ) শূন্য বিভক্তি।

উত্তৰ : (ক) -ৰ।

প্ৰশ্ন ৮। তলৰ কোনটো বাক্য সম্বন্ধবাচক বিভক্তিৰ প্ৰয়োগেৰে শুদ্ধ ?

(ক) তোমাৰ ভনীয়েক কাইলৈ যাব নে ?

(খ) আপোনাৰ জেঠাক কেতিয়া আহিব ?

(গ) তোৰ মাৰা ক’লৈ গৈছে ? 

(ঘ) মোৰ মাক নাযায়।

উত্তৰ : (খ) আপোনাৰ জেঠাক কেতিয়া আহিব ?

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top