Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান

Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান

Join Telegram channel

Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 1 শিক্ষা আৰু ভাৰতীয় সংবিধান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষা আৰু ভাৰতীয় সংবিধান

EDUCATION

EMERGING TRENDS IN INDIAN EDUCATION

(ভাৰতীয় শিক্ষাৰ উদীয়মান প্ৰৱণতা)

অতি চমু প্রশ্নোত্তৰঃ

১। ভাৰতীয় সংবিধান কিমান চনত বলৱৎ কৰা হয় ? (In which year the Indian Constitution came into force ?)

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ।

২। ভাৰতীয় সংবিধানে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক শিক্ষাৰ ক্ষেত্ৰত কেনে ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিছে ? (What role does the Indian Constitution instruct the Central and State Government in the field of education ?)

উত্তৰঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক দায়িত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

৩। সংবিধানৰ ৯৩ ল’ৰা-ছোৱালীৰ বাধ্যতামূলক আৰু বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ বাবে ধৰি দিয়া বয়সৰ সীমা আছিল—। (The age limit of 93 boys and girls for compulsory and free primary education in the Constitution was—)

উত্তৰঃ ৬–১৪ বছৰ ।

৪। ভাৰতীয় সংবিধানৰ ৩০ নং অনুচ্ছেদটো উল্লেখ কৰা । (Mention Article 30 of the Indian Constitution.)

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩০ নং অনুচ্ছেদত কোৱা হৈছে যে, “ভাষা অথবা ধৰ্মৰ ভিত্তিত সকলো সংখ্যালঘু লোকেই নিজৰ পছন্দ মতে শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ থাকিব ।

৫। সংবিধানৰ ৩০ নং অনুচ্ছেদৰ ২ নং দফাটো উল্লেখ কৰা । (Mention Article 2 in Article 30 of the Constitution.)

উত্তৰঃ ৩০ নং অনুচ্ছেদৰ দফাত কোৱা হৈছে যে—”সহায়ক অনুদান দিয়াৰ ক্ষেত্ৰত ৰাজ্যই কোনো শিক্ষানুষ্ঠানকে ভাষা বা ধৰ্মৰ ভিত্তিত পৰিচালিত বুলি বিবেচিত কৰি বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব।” 

৬। ভাৰতীয় সংবিধানৰ ৪১ নং অনুচ্ছেদৰ কথা উল্লেখ কৰা । (Refer to Article 41 of the Indian Constitution.)

উত্তৰঃ ৪১ নং অনুচ্ছেদ মতে —”ৰাজ্যই অৰ্থনৈতিক সক্ষমতা আৰু বিকাশৰ দিশলৈ বিশেষ ধ্যান ৰাখি, কাম কৰাৰ, শিক্ষা লাভ কৰাৰ, নিবনুৱাকালীন সাহাৰ্য্যৰ, বৃদ্ধকালীন সাহাৰ্য্যৰ বেমাৰ আৰু বাধাগ্ৰস্ত সকলৰ কাৰণে সাহায্যৰ ব্যৱস্থা কৰিব পাৰিব ।”

চমু আৰু ৰচনাৱলী প্ৰশ্নোওৰঃ 

প্ৰশ্ন ১। ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । (Mention two features in Article 45 of the Indian Constitution.)

উত্তৰঃ ৪৫ নং অনুচ্ছেদৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল—

(ক) প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিব লাগে।

(খ) ৬—১৪ বছৰৰ সকলো ল’ৰা-ছোৱালীৰ বাবে এনে বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্ৰশ্ন ২। ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা । (Mention two important features in Article 15 of the Indian Constitution.)

উত্তৰঃ ১৫ নং অনুচ্ছেদৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল—

(ক) শিক্ষাৰ মূল কাম হ’ল মানৱ সম্পদৰ সম্পূৰ্ণ বিকাশ সাধন কৰা।

(খ) শৈশৱ কালতে শিক্ষাৰ জৰিয়তে ল’ৰা-ছোৱালীৰ চৰিত্ৰৰ সাধন কৰা।

প্ৰশ্ন ৩। সংবিধানৰ ২৮ নং অনুচ্ছেদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । (Mention two features in Article 26 of the Constitution.)

উত্তৰঃ ২৮ নং অনুচ্ছেদৰ দুটা বৈশিষ্ট্য হ’ল :-

(ক) ৰাজ্যিক পুঁজিৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধৰ্ম বিষয়ক শিক্ষা প্ৰদান কৰিব নোৱাৰিব ।

(খ) কোনো ব্যক্তিক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে তেনে ধৰণৰ অনুষ্ঠানত ধর্মীয় শিক্ষা ল’বলৈ বাধ্য কৰিব নোৱাৰিব।

প্ৰশ্ন ৪। স্বাধীন ভাৰতৰ প্ৰাথমিক শিক্ষা সম্পৰ্কে চৰকাৰৰ সংবিধানিক গুৰুত্বপূৰ্ণ ব্যৱস্থাকেইটা উল্লেখ কৰা। প্ৰাথমিক শিক্ষা কিয় বাধ্যতামূলক হ’ব লাগে চমু আলোচনা কৰা । (Mention the Constitutionally important provisions of the government regarding primary education in independent India. Briefly discuss why primary education is compulsory.)

উত্তৰঃ ১৯৪৭ চনত ভাৰতীয় স্বাধীন হোৱাৰ পাছত স্বাধীন চৰকাৰে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰাৰ বিষয়ে বিশেষ মনোযোগ দিয়ে। ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনাৰ পৰা কাৰ্যকৰী হৈ উঠা ভাৰতীয় সংবিধানত ইয়াৰ স্পষ্ট নিৰ্দেশ পোৱা যায়। প্ৰাথমিক শিক্ষা সমগ্র দেশতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাধ্যতামূলক কৰি তুলিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়। সংবিধানৰ ৪৫ নং অনুচ্ছেদ মতে—”এই সংবিধান কাৰ্যকৰী কৰাৰ দহ বছৰৰ সময়ৰ ভিতৰত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা সকলোবোৰ ল’ৰা -ছোৱালী তেওঁলোকৰ চৈধ্য বছৰ সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যই প্ৰদান কৰিবৰ চেষ্টা কৰিব লাগে।”

সংবিধানৰ এই অনুচ্ছেদৰ মূল কথাকেইটা সংক্ষেপতে এনেধৰণৰ—

(ক) দহ বছৰৰ সময়সীমাৰ ভিতৰত।

(খ) বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা।

(গ) চৈধ্য বছৰৰ বয়সৰ ভিতৰত সকলো ল’ৰা-ছোৱালীকে।

(ঘ) ৰাজ্য চৰকাৰে প্ৰদান কৰিব লাগে।

প্ৰাথমিক শিক্ষা কিয় বাধ্যতামূলক হ’ব লাগে তাৰ চমু আলোচনা এটি তলত দাঙি ধৰা হ’ল—

(a) প্ৰাথমিক শিক্ষা হৈছে জনসাধাৰণৰ নিম্নতম প্ৰয়োজনীয় শিক্ষা। প্ৰাথমিক শিক্ষা নথকা লোকক নিৰক্ষৰ বুলি কোৱা হয়। এনে লোক দেশৰ বাবে এক বিশেষ সমস্যা স্বৰূপ। এই  শিক্ষাৰ অভাৱ হ’লে আজিৰ যুগত মানুহে সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰয়োজনীয় মানদণ্ড ৰক্ষা কৰি চলিব নোৱাৰে।

প্ৰথমে উল্লেখযোগ্য যে দেশৰ শিক্ষিত লোকে সময় সুবিধা সাপেক্ষে নিৰক্ষৰ দুৰ্বল শ্ৰেণী লোকৰ ওপৰত শাসন, শোষণ পীড়ন আদি চলোৱাৰ ফলত দেশত এক সামাজিক সমস্যাৰ সৃষ্টি হয়।

(b) নিৰক্ষৰ লোকসকল স্বাৰ্থলোভী ৰাজনৈতিক দলৰ হাতৰ পুতলা হ’ব লগা হয় বাবে দেশৰ ৰাজনীতি দুৰ্নীতিত পৰিণত হয়।

(c) নিৰক্ষৰ লোকে দেশৰ অৰ্থনৈতিক জীৱনত কোনো বৰঙণি যোগাব নোৱাৰে।

(d) নিৰক্ষৰ আৰু অজ্ঞ লোকসকলৰ মন সদায় সামাজিক কু-সংস্কাৰেৰে আগুৰি থাকে। এনে কু-সংস্কাৰ বৰ্তি থকালৈকে দেশত প্ৰগতি আশা কৰিব নোৱাৰি।

(e) নিৰক্ষৰতাৰ হেতুকে চৰকাৰে লোৱা উন্নয়নমূলক আঁচনি আৰু পৰিকল্পনাসমূহৰ উদ্দেশ্য জনসাধাৰণে বুজি উঠিব নোৱাৰে আৰু ফলত জনসাধাৰণৰ সহযোগিতা অবিহনে আঁচনি ব্যৰ্থতাত পৰিণত হয়।

(f) বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা নথকা বাবে ল’ৰা- ছোৱালী কম বয়সতে স্কুল এৰি কামত ধৰিবলগীয়া হয়।

৫। চমুটোকা লিখা : (Write a short note.)

(ক) “অনুচ্ছেদ-২৮”(Article 28)

উত্তৰঃ ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদৰ মতে ধৰ্মৰ ক্ষেত্ৰত সকলো নাগৰিককে সমানে স্বাধীনতা প্ৰদান কৰা হৈছে। ইয়াত কোৱা হৈছে–’ৰাজ্য চৰকাৰৰ অৰ্থৰে পৰিচালিত হোৱা কোনো শিক্ষানুষ্ঠানতে ধর্মীয় শিক্ষা প্ৰদান কৰা নহ’ব।’ তদুপৰি ইয়াকো নিৰ্দেশ দিয়া হৈছিল যে ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যৰে চলা বা ten চৰকাৰৰ দ্বাৰা স্বীকৃত কোনো শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি থকা লোকক সেই শিক্ষানুষ্ঠানত অথবা অন্যত্র আয়োজিত হোৱা ধর্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব। অৱশ্যে সেই ব্যক্তি যদি নাবালক হয় তেন্তে অভিভাৱকৰ সন্মতি সাপেক্ষে তেনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।

(খ) ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদ (Article 45 of the Indian Constitution.)

উত্তৰঃ ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। সংবিধানৰ ৪৫ নং অনুচ্ছেদত কোৱা হৈছিল যে সংবিধান সংগৃহীত হোৱাৰ পৰা দহ বছৰৰ ভিতৰত ১৪ বছৰৰ বয়সৰ সকলো ল’ৰা- ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগে। এই দায়িত্ব ৰাজ্য চৰকাৰ উভয়কে দিয়া হৈছিল। তদুপৰি এই কাম কাৰ্যকৰী কৰিবলৈ স্থানীয় কৰ্তৃপক্ষ তথা স্থানীয় সংগঠনকো দিয়া হৈছিল।

যদিও ভাৰতীয় সংবিধানে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ওপৰত গুৰুত্ব দিছিল, তথাপি আজি ৫০ বছৰ পিছলৈও এই কাম সমাধান কৰিব পৰা নাই। ইয়াৰ বহুতো কাৰণ দৰ্শাৱ পাৰি।

প্ৰশ্ন ৬। শিক্ষা আৰু সমতা স্থাপন বুলিলে কি বুজা ? ব্যাখ্যা কৰা । (What do you mean by education and equality ? Explain.)

উত্তৰঃ সমতা স্থাপন কৰাই হ’ল গণতন্ত্ৰৰ মূল লক্ষ্য। সাম্যৰ ওপৰত প্ৰতিষ্ঠিত হয় গণতন্ত্ৰ। সেয়ে শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যও সাম্য ওপৰত প্ৰতিষ্ঠিত হোৱাটো আৱশ্যক। জাতি, ধৰ্ম, বৰ্ণ সকলোৰে বাবেই গণতন্ত্ৰত শিক্ষাৰ অধিকাৰ সম হোৱাটো দৰকাৰ। সেইবাবেই বৰ্তমান প্ৰায়বোৰ ৰাষ্ট্ৰতেই বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা হাতত লোৱা হৈছে। গণতন্ত্ৰ নিৰ্ভৰ কৰে ব্যক্তি স্বাধীনতাৰ ওপৰত। সেইবাবেই গণতন্ত্ৰৰ নাগৰিক সকলে আগ্ৰহ আৰু ৰুচি, অভিৰুচি অনুসৰি পঢ়া-শুনা কৰাৰ অধিকাৰ পোৱাটো বাঞ্চনীয়। গণতন্ত্ৰত নাগৰিক সকলক শিক্ষা দিয়াৰ বাবে যিবোৰ শিক্ষানুষ্ঠান স্থাপন কৰা হয়, সেই সকলোবোৰেই গণতন্ত্ৰৰ চৰকাৰী যন্ত্ৰৰে পৰিচালিত কৰা হয়। যেতিয়ালৈ শিক্ষা ব্যৱস্থাটো দেশৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই প্রয়োজ্যে হৈ থাকিব, তেতিয়ালৈকে দেশত গণতন্ত্ৰ বৰ্তি থাকিব বুলি ক’ব পাৰি।

এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব হ’ল নাগৰিক সকলৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা। শিক্ষিত ব্যক্তিয়েহে দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক বা সাহিত্যিক, বৈজ্ঞানিক সকলো দিশৰ প্ৰগতিত সহায় কৰাটো সম্ভৱ হ’ব। গতিকে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসমতা নাৰাখি সমতা স্থাপন কৰিব পাৰিলেহে দেশ এখন আগবাঢ়িবলৈ সক্ষম হ’ব। গতিকে ৰাষ্ট্ৰ এখনৰ উন্নতি আৰু বিকাশৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েই শিক্ষা ব্যৱস্থাত উদাৰ নীতি গ্ৰহণ কৰি সকলোকে দেশৰ প্ৰগতিত সহায়ক ভূমিকা গ্ৰহণত সুবিধা প্ৰদানত ৰাষ্ট্ৰই বিশেষ ভূমিকা পালন কৰিব লাগিব। ভাৰতীয় সংবিধানেও আমাক শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নৰখাকৈ জাতি -ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিছে। অৱশ্যে সেই শিক্ষা ৰাষ্ট্ৰৰ বিকাশ বা প্ৰগতিত সহায়ক হ’ব লাগিব।

প্ৰশ্ন ৭। সমতা স্থাপনৰ ক্ষেত্ৰত সংবিধানে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত কেনে মতামত গ্ৰহণ কৰিছিল ? (What views did the Constitution take on free and compulsory education in the field of equality ?)

উত্তৰঃ এখন দেশৰ সাক্ষৰতাৰ হাৰ প্ৰাথমিক শিক্ষাৰ মানদণ্ডৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত সকলক নিৰক্ষৰ হিচাপে গণ্য কৰা হয়। নিৰক্ষৰতাৰ মূল কাৰণ হ’ল ব্যক্তিগতভাৱে অভাৱ অনাটন আৰু সামাজিক ভাৱে সকলো দিশতে অনগ্ৰসৰতাৰ মূল কাৰণ। নিৰক্ষৰতা আঁতৰ কৰি সাক্ষৰ কৰি তোলাতো প্ৰত্যেকজন নাগৰিকৰ বাবেই এক শৈক্ষিক অধিকাৰ স্বৰূপে গণ্য কৰা হয়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সংবিধানে ৪৫ নং অনুচ্ছেদত এই সন্দৰ্ভত সুবিধা আগবঢ়াইছে—”এই সংবিধান কাৰ্যকৰী কৰাৰ ১০ বছৰৰ ভিতৰত দেশৰ সকলোবোৰ ল’ৰা-ছোৱালীকে তেওঁলোকৰ ১৪ বছৰ সম্পূৰ্ণ নোহোৱালৈকে ৰাজ্যই বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ চেষ্টা কৰিব লাগে।’

এই অনুচ্ছেদৰ প্ৰধান নিৰ্দেশনাবোৰৰ মূল কেইটামান তলত উল্লেখ কৰা ধৰণে আগবঢ়াব পাৰি—

(ক) ১৯৫০-৬০ ৰ ভিতৰত দেশৰ পৰা নিৰক্ষৰতা সম্পূৰ্ণৰূপে আঁতৰাব লাগে।

(খ) ইয়াৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া তথা বাধ্যতামূলক কৰি তুলিব লাগে।

(গ) ১৪ বছৰ বয়সলৈ সকলো ল’ৰা -ছোৱালীৰ বাবে এনে বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(ঘ) ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ আৰু সকলো ধৰণৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বাবে ই এক যুটীয়া প্ৰচেষ্টা হ’ব লাগে।

বিনামূলীয়া তথা বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত সংবিধানে এনেবোৰ সুবিধা প্ৰদান কৰা দেখা যায়।

প্ৰশ্ন ৮। সংবিধানে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক কেনে ধৰণে সহযোগিতা কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ? (What kind of cooperation did the Constitution suggest to the central government and the state government in the field of primary education ?)

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া দায়িত্ব স্বৰূপ হ’ব আৰু য’ত বিভিন্ন ৰাজ্যিক অনুষ্ঠান, স্থানীয় কৰ্তৃপক্ষ অথবা স্বেচ্ছাসেৱী অনুষ্ঠানেও সহায় আগবঢ়াব।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক নিম্নলিখিত দিশত সহায় কৰিব—

(ক) কেন্দ্ৰই সহযোগী প্ৰতিষ্ঠান হিচাপে সহায় আগবঢ়াব।

(খ) প্ৰাথমিক শিক্ষাৰ বিকাশ সম্পৰ্কীয় গৱেষণা আৰু অনুসন্ধানৰ উন্নয়নমূলক প্ৰচেষ্টা অব্যাহত থাকিব।

(গ) শিক্ষাৰ ক্ষেত্ৰত যিবোৰ আন্তঃৰাজ্যিক তাৰতম্যতা আছে সেইবোৰ দিশৰ বৈষম্যতা নাইকীয়া কৰিবলৈ সময় সুবিধা প্ৰদান কৰিব।

(ঘ) অনুন্নত ৰাজ্যসমূহলৈ অধিক পৰিমাণৰ বৃত্তীয় সাহায্য আগবৰ্বম

(ঙ) পাইলট প্ৰকল্পসমূহ প্ৰৱৰ্তন কৰিব।

প্ৰশ্ন ৯। শিক্ষাত সংখ্যালঘুসকলৰ অধিকাৰ সম্বন্ধে সংবিধানে কি অধিকাৰ প্ৰদান কৰিছে বৰ্ণনা কৰা। (Describe the Constitutional rights of minorities in education.)

উত্তৰঃ সাধাৰণতে এখন গণতান্ত্ৰিক দেশ সংখ্যাগুৰুসকলৰ মতামত আৰু সিদ্ধান্তৰ দ্বাৰা শাসিত আৰু পৰিচালিত হয়। এনে অৱস্থাত সংখ্যালঘুসকলৰ স্বাৰ্থ সকলো সময়তে ৰক্ষা কৰাটো কঠিন হৈ পৰে। সেয়ে সংখ্যালঘুসকলৰ মতামত আৰু সিদ্ধান্তৰ ফলত যাতে সংখ্যালঘুসকল বঞ্চিত হ’ব লগা নহয় অথবা তেওঁলোক যাতে নিৰাপত্তাহীনতাত ভুগিব লগীয়া নহয়, তাক নিশ্চিত কৰাটো প্ৰয়োজন। ভাৰতীয় সংবিধানে এইসকল লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে অনুচ্ছেদ ২৯,৩০.৩৫০ (ক) আৰু ৩৫০ (খ) ৰ যোগেদি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছে।

অনুচ্ছেদ নং ২৯ ত কোৱা হৈছে—

(ক) ভাৰতৰ বা ভাৰতৰ কোনো অঞ্চলত বাস কৰা নাগৰিক, যাৰ নিজা লিখিত ভাষা আৰু সংস্কৃতি আছে তেওঁলোকে তাক সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব।

(খ) ৰাজ্যৰ দ্বাৰা পৰিচালিত অথবা সহায়ক অনুদান প্ৰাপ্ত শিক্ষানুষ্ঠানে কোনো নাগৰিককে কেৱল ধৰ্ম, জাতি, বৰ্ণ, ভাষা অথবা ইয়াৰ যিকোনো এটাৰ ভিত্তিত নামভৰ্ত্তি কৰণৰ ক্ষেত্ৰত বঞ্চিত কৰিব নোৱাৰিব। 

অনুচ্ছেদ নং ৩০ ত কোৱা হৈছে—-

(ক) ভাষা অথবা ধৰ্মৰ ভিত্তিত সকলো সংখ্যালঘু লোকেই নিজৰ পছন্দৰ ভিত্তিত শিক্ষানুষ্ঠান স্থাপনৰ অধিকাৰ থাকিব।

(খ) সহায়ক অনুদান প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যই কোনো শিক্ষানুষ্ঠানকে ভাষা বা ধৰ্মৰ ভিত্তিত পৰিচালনা কৰা বুলি বিবেচনা কৰি বৈষম্য প্ৰদান কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ৩৫০ (ক) ত কোৱা হৈছে—

প্ৰতিখন ৰাজ্যই আৰু ৰাজ্যৰ ভিতৰত থকা প্ৰতিটো স্থানীয় কৰ্তৃপক্ষই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা মাতৃভাষাত প্ৰদানৰ উপযুক্ত সুবিধা দিবৰ বাবে যত্নপৰ হ’ব লাগিব।

অনুচ্ছেদ নং ৩৫০ (খ) ত কোৱা হৈছে—

(ক) ৰাষ্ট্ৰপতিয়ে ভাষিক সংখ্যালঘুসকলৰ বাবে এজন বিশেষ বিষয়া নিযুক্ত কৰিব।

(খ) সংবিধানে ভাষিক সংখ্যালঘুসকলৰ বাবে প্ৰদান কৰা সকলো সংৰক্ষণৰ ব্যৱস্থা পালন সম্বন্ধে অনুসন্ধান কৰাটো বিশেষ বিষয়াজনৰ কৰ্তব্য হ’ব। 

ভাৰতীয় সংবিধানে শিক্ষাৰ ক্ষেত্ৰত সমতা ৰক্ষা কৰাৰ স্বাৰ্থত সংখ্যালঘুসকলৰ প্ৰতি এনেধৰণে পৰামৰ্শ প্ৰদান কৰিছিল।

প্রশ্ন ১০। শিক্ষাত সমতা স্থাপনৰ বাবে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সংবিধানে কি ব্যৱস্থা গ্ৰহণ কৰিছিল ? ব্যাখ্যা কৰা। (What measures did the Constitution take for the weaker sections of the society to establish equality in education ? Explain. )

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে এখন বিভিন্ন জাতি, উপজাতি, বৰ্ণ, ধৰ্মৰে ভৰি থকা বৃহৎ দেশত ধনী-দুখীয়া, উচ্চ-নীচ আদি ভাৱৰ ভিন্নতা আৰু বৈষম্য সামাজিক জীৱনত প্ৰতিফলিত হয়। এনেবোৰ ভিন্নতাই দেশত সমতা, ঐক্য সংহতি আৰু সামাজিক ন্যায় স্থাপনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। সেইবাবে ভাৰতীয় সংবিধানে দেশৰ সমতা আৰু সামাজিক ন্যায় স্থাপনৰ বাবে প্ৰতিজ্ঞাবদ্ধ। সমাজৰ দুৰ্বল তথা পিছপৰা শ্ৰেণীৰ লোকসকলক আন আন শ্ৰেণীৰ সমপৰ্যায়লৈ আনিবৰ বাবে কেতবোৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। দুৰ্বল শ্ৰেণীৰ যিসকল লোক সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ফালৰ পৰা পিছপৰি আছে তেওঁলোকক বুজোৱা হৈছে। এইসকল লোকক অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি স্বৰূপে দুটা ভাগত বিভক্ত কৰা হৈছে। সংবিধানে তেওঁলোকৰ শিক্ষা বিকাশৰ বাবে অনুচ্ছেদ ১৫,১৬,১৭ আৰু ৪৬ ত প্ৰয়োজনীয় প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিছে।

অনুচ্ছেদ নং ১৫ ত কোৱা হৈছে—

জাতি, ধৰ্ম, বৰ্ণ লিংগ, জন্মস্থান অথবা ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি ৰাজ্যই কোনো নাগৰিকৰ প্ৰতি বৈষম্য প্ৰদান কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ১৬ ত কৈছে—

(ক) ৰাজ্য চৰকাৰৰ কোনো চৰকাৰী পদত অথবা কার্য নিযুক্তি দিয়া সময়ত সকলো নাগৰিকৰ প্ৰতি সমান সুবিধা প্ৰদান কৰা হ’ব।

(খ) কেৱল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, জন্মস্থান অথবা ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি কোনো নাগৰিককে ৰাজ্য চৰকাৰৰ পদত কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত অনুপযুক্ত অথবা বৈষম্য বিবেচনা কৰা নহ’ব।

অনুচ্ছেদ নং ১৭ ত কৈছে—

অস্পৃশ্যতা গুচোৱা হৈছে আৰু ইয়াৰ যিকোনো প্ৰকাৰৰ প্ৰচলন হৈছ অবৈধ। এই অস্পৃশ্যতাৰ পৰা সৃষ্টি কৰি তোলা যিকোনো প্ৰকাৰৰ অক্ষমতা আৰু তাৰ বলপূৰ্বক প্ৰয়োগ কৰণ কার্য আইনৰ মতে দন্দনীয় অপৰাধ বুলি গণ্য কৰা হ’ব।

অনুচ্ছেদ নং ৪৬ ত কৈছে—

ৰাজ্যই বিশেষ যত্ন সহকাৰে দুৰ্বল শ্ৰেণীৰ লোকৰ, বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ উন্নয়ন কৰিব আৰু তেওঁলোকক সকলো ধৰণৰ সামাজিক অন্যায় আৰু শোষণৰ পৰা ৰক্ষা কৰিব।

প্ৰশ্ন ১১। শিক্ষাত ধৰ্ম নিৰপেক্ষতাৰ নীতি সম্বন্ধে সংবিধানে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আলোচনা কৰা। (Discuss what kind of measures the Constitution had taken on the principle of secularism in education.)

উত্তৰঃ শিক্ষাত ধর্মীয় অনুভূতি মানি চলা হয় যদিও কোনো এটা বিশেষ ধৰ্মৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত শিক্ষা প্ৰদান আৰু পৰিচালনা কৰা নহয়। ভাৰতীয় শিক্ষা ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিলেও আমি দেখা পাওঁ যে বিভিন্ন সময়ত হিন্দু, বৌদ্ধ, জৈন, মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ সমন্বয়ত বৰ্তমানৰ শিক্ষা-সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতীয় শিক্ষা তথা সংস্কৃতি কোনো এটা ধৰ্মৰে একচেটিয়া ফলাফল নহয়। সেইবাবেই ভাৰতীয় সংবিধানে ধৰ্ম নিৰপেক্ষতাৰ নীতি গ্ৰহণ কৰে আৰু ভিন ভিন ধৰ্ম বিশ্বাসী লোকৰ মাজত শিক্ষাৰ যোগেদি সংহতি আৰু সমন্বয়ৰ ভাৱ স্থাপনৰ নির্দেশ দিয়ে নিজ বিবেকৰ বিচাৰ মতে একোটা ধৰ্মৰ বিশ্বাস গ্ৰহণ কৰা, অনুশীলন কৰা আৰু তাক প্ৰচাৰ কৰাৰ স্বাধীনতা আৰু অধিকাৰ দিয়া হয়। এই প্ৰসংগত অনুচ্ছেদ ২৫, ২৬, ২৮ আৰু ৩০ ত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে।

অনুচ্ছেদ নং ২৫ ত কোৱা হয়—

সৰ্বসাধাৰণ লোকৰ আইন শৃংখলা, নৈতিকতা আৰু স্বাস্থ্যৰ কোনো ক্ষতি সাধন নকৰাকৈ সকলো লোকেই নিজ ধৰ্ম সমানে মুক্ত ভাৱে ব্যক্ত, অনুশীলন আৰু প্ৰচাৰ কৰিবৰ বাবে বিবেকৰ স্বাধীনতা লাভ কৰিব।

অনুচ্ছেদ নং ২৬ ত কৈছে—

সৰ্বসাধাৰণ লোকৰ আইন শৃংখলা নৈতিকতা আৰু স্বাস্থ্যৰ ক্ষতি সাধন নকৰাকৈ প্রতিটো ধর্মীয় সম্প্ৰদায় অথবা ইয়াৰ অন্তৰ্ভুক্ত বিভাগে—

(ক) ধর্মীয় আৰু দান সম্পৰ্কীয় উদ্দেশ্যৰে অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব।

(খ) ধৰ্মৰ বিষয়ত নিজ কার্য সম্পাদন কৰিব পাৰিব।

(গ) স্থাৱৰ অস্থাৱৰ সম্পত্তি আয়ত্ত আৰু অধিগ্ৰহণ কৰিব পাৰিব।

(ঘ) আইন অনুসৰি সেই সম্পত্তি পৰিচালনা কৰিব পাৰিব।

অনুচ্ছেদ নং ২৮ ত কৈছে—-

(ক) সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানতেই ধর্মীয় শিক্ষা দিয়া নহ’ব।

(খ) অৱশ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰশাসিত হ’লেও কোনো শিক্ষানুষ্ঠান ধৰ্মীয় ন্যাসৰ দ্বাৰা স্থাপিত হ’লে আৰু যি ধর্মীয় প্ৰয়োজন পূৰণ কৰাটো উদ্দেশ্য হ’লে তাত এক নং খণ্ড প্রয়োজ্যে নহ’ব।

প্ৰশ্ন ১২। সংৰক্ষিত শ্ৰেণীৰ ক্ষেত্ৰত সংবিধানে কি ব্যৱস্থা গ্ৰহণ কৰে পৰিলক্ষিত হয় আলোচনা কৰা। (Discuss what is enshrined in the Constitution in the case of Conservation classes.)

উত্তৰঃ ভাৰতীয় সংবিধানত সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক আন আন শ্ৰেণীৰ লোকৰ সমপৰ্যায়লৈ আনিবৰ বাবে কেতবোৰ সাংবিধানিক পৰামৰ্শ প্ৰদান কৰা হৈছে। “দুৰ্বল শ্ৰেণী” মানে ইয়াত যিসকললোকে সমাজত সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে তেওঁলোকেই বুজোৱা হৈছে। এইসকল লোকক অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ৰূপে দুটা ভাগত ভাগ কৰা হৈছে। আকৌ মহিলাসকলকো এই দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সংৰক্ষিত লোক তথা দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে সংবিধানে ১৫, ১৬, ১৭ আৰু অনুচ্ছেদ ৪৬ ত প্ৰয়োজনীয় প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা আগবঢ়াইছে।

প্রশ্ন ১৩। দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত সাংবিধানিক প্ৰভাৱ কেনেধৰণে পৰিছিল বৰ্ণনা কৰা। (Describe the Constitutional impact on the weaker sections of the population.)

উত্তৰঃ দেশ বা সমাজৰ এটা শ্ৰেণী শৈক্ষিক বা অৰ্থনৈতিক ভাৱে পিছ পৰি থকাটো সমগ্ৰ দেশৰ বাবেই এক জলন্ত সমস্যা স্বৰূপ। দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত আন শ্ৰেণীৰ অন্যায়, অবিচাৰ আৰু শোষণ নিপীড়ণ চলি থকাটো স্বাভাৱিক ঘটনা। সেয়ে তেওঁলোকৰ প্ৰতিৰক্ষাৰ বাবে সাংবিধানিক ১৫, ১৬, ১৭ আৰু ৪৬ নং অনুচ্ছেদত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। সমাজৰ লোকসকলৰ মাজত সমতা স্থাপন আৰু সামাজিক ন্যায় স্থাপনৰ বাবে ই বিশেষ সহায়ক হৈ উঠিব পাৰে।

অৱশ্যে বাস্তৱক্ষেত্ৰত এই বঞ্চিত লক্ষ্য এতিয়াও পূৰণ হৈ উঠা নাই। উল্লেখযোগ্য যে স্বাধীনতাৰ বৰ্তমান ৭১ বছৰৰ পাছতো দুৰ্বল শ্ৰেণীৰ লোক দুৰ্বল হৈয়ে আছে। তেওঁলোকে সংবিধানে প্ৰদান কৰা সা-সুবিধাৰে নিজৰ অৱস্থাৰ উন্নতি সাধন কৰিবলৈ সক্ষম হোৱা নাই। আকৌ তেওঁলোকৰ মাজৰ আন এক শ্ৰেণীৰ লোকে শিক্ষা তথা নিযুক্তিৰ ক্ষেত্ৰত সেই সুবিধা বিশেষ প্ৰয়োজন নোহোৱা অৱস্থাতো বংশানুক্ৰমিকভাৱে লাভ কৰি উঠি সমাজৰ আন আন লোকৰ ঈৰ্ষাৰ পাত্ৰ হৈ পৰিছে। গতিকে এতিয়া এটা কথা ক’ব পাৰি যে দুৰ্বল শ্ৰেণীৰ প্ৰতি সংবিধানে প্ৰদান কৰা সা-সুবিধাসমূহ ভোগ কৰাত যেন শ্ৰেণীটো আজিও সফল হব পৰা নাই, কিছু সংখ্যকক বাদ দি আজিও দেশৰ বহুখিনি অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাই এই বিষয়ে সচেতন নহয়। সেয়ে এই অধিকাৰ উপভোগ কৰাত তেওঁলোক সফল হ’ব পৰা নাই।

প্ৰশ্ন ১৪। দুৰ্বল শ্ৰেণীৰ প্ৰতি সংবিধানে আগবঢ়োৱা পৰামৰ্শৱলীৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা। (Mention some features of the Constitution’s recommendation to the weaker sections.)

উত্তৰঃ সংবিধানে আগবঢ়োৱা নিৰ্দেশনাৱলীৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।

(ক) জাতি, বৰ্ণ, ধৰ্ম আদিৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনো লোকৰ প্ৰতি বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব।

(খ) ৰাজ্য চৰকাৰে কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত সকলো নাগৰিককে সমান সুবিধা দিব।

(গ) কেৱল জাতি, ধৰ্ম, বৰ্ণ আদিৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনো লোককে কার্য নিযুক্তিৰ বাবে অনিপযুক্ত বুলি বিবেচনা কৰিব নোৱাৰিব।

(ঘ) চৰকাৰে পিছপৰা শ্ৰেণীসমূহৰ কৰ্ম নিযুক্ত8ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব।

(ঙ) সমাজত অস্পৃশ্যতা বিচাৰ কৰা সফল আইন মতে দন্ডনীয় হ’ব।

(চ) ৰাজ্য চৰকাৰে সমাজৰ দুৰ্বল শ্ৰেণী লোকৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰিব আৰু সামাজিক অন্যায় আৰু শোষণৰ পৰা ৰক্ষা কৰিব।

প্রশ্ন ১৫। স্বাধীনতাৰ পিছত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পুনৰ গঠনৰ বাবে চলোৱা বিভিন্ন প্ৰচেষ্টাসমূহ আলোচনা কৰা। (Discuss the various efforts undertaken to restructure India’s education system after independence.)

উত্তৰঃ ১৯৪৭ চনত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। ১৯৫০ চনৰ পৰা স্বাধীন ভাৰতবৰ্ষৰ অনুসৰি শিক্ষা বিষয়টো সমবৰ্তি সূচীৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে শিক্ষাৰ দায়িত্ব বহন কৰিবলগীয়া হয়।

শিক্ষাৰ লগত জড়িত সংবিধানৰ বিভিন্ন অনুচ্ছেদসমূহ হ’ল : 

সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ মূল বিষয় হৈছে প্ৰাথমিক শিক্ষা সমগ্র দেশতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাধ্যতামূলক কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়। সংবিধানখন প্ৰৱৰ্তন কৰাৰ দহ বছৰৰ ভিতৰত ৰাষ্ট্ৰই চৈধ্য বছৰ বয়সৰ সকলো ল’ৰা -ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিব লাগিব বুলি সংবিধানৰ ৪৫ তম অনুচ্ছেদত ঘোষণা কৰা আছে।

সংবিধানৰ নিৰ্দেশ অনুযায়ী ১৯৬০ চনত সমগ্ৰ দেশতে বাধ্যতামূলক নীতি কাৰ্যকৰী হৈ উঠিব লাগিছিল। অৱশ্যে দুৰ্ভাগ্যজনক সেইটো হৈ নুঠিল। অৱশ্যে পৰ্যায়ক্ৰমে ৬ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সলৈকে বাধ্যতামূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান সংবিধানখনৰ ৪২ তম সংশোধনীৰ পাছত শিক্ষাৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উমৈহতীয়া দায়িত্বৰূপে পৰিগণিত হৈছে। এই সংশোধনী অনুযায়ী কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দায়িত্ব এনেধৰণৰ :-

(ক) বৃত্তিমূলক শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উমৈহতীয়া দায়িত্ব হিচাপে উল্লেখ কৰা হৈছে।

(খ) বিজ্ঞানসন্মত গৱেষণা।

(গ) হিন্দী ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশ সাধন।

(ঘ) জাতীয় কলাৰ ৰক্ষণাবেক্ষণৰ যোগেদি জাতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু উন্নতি সাধন।

(ঙ) বিকলাংগ সকলৰ বাবে শিক্ষাৰ ব্যৱস্থা।

(চ) শিক্ষা সম্পৰ্কীয় গৱেষণাৰ উন্নতি আৰু সমন্বয় সাধন।

(ছ) সংখ্যালঘুসকলৰ সংস্কৃতি আৰু ভাষা ৰক্ষণাবেক্ষণ।

(জ) অনুসূচীত জাতি আৰু জনজাতিৰ ভাষা আৰু সংস্কৃতি ৰক্ষণাবেক্ষণ।

(ঝ) ১৪ বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দানৰ ব্যৱস্থা কৰা। এই সকলোবিলাক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া দায়িত্বত অন্তৰ্ভুক্ত কৰা হৈছে।

সংবিধানৰ ২৮ নং অনুচ্ছেদত আৰ্থিক ব্যৱস্থাৱলী সম্পৰ্কে নিৰ্দেশ দিছে। শিক্ষাৰ বিশেষ দায়িত্ব যিহেতু ৰাজ্যিক চৰকাৰৰ সেয়েহে এক বুজান সংখ্যক আৰ্থিক সাহায্য আগবঢ়োৱা ৰাজ্যিক চৰকাৰৰ দায়িত্ব। অৱশ্যে এটা বিশেষ সীমালৈকে কেন্দ্ৰীয় চৰকাৰে আৰ্থিক অনুদান আগবঢ়াব।

সংবিধানৰ ২৫৭ নং অনুচ্ছেদ মতে কেন্দ্ৰীয় চৰকাৰে শিক্ষা সম্পৰ্কীয় নীতি গ্ৰহণ কৰি সেইমতে কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিব পাৰিব।

সংবিধানৰ প্ৰদত্ত ৰাজ্যিক চৰকাৰ দায়িত্ব :

(ক) দুৰ্বল মনৰ বাবে শিক্ষা :- সংবিধানৰ ৪৬ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে ৰাজ্য চৰকাৰে সমাজৰ দুৰ্বল শ্ৰেণীৰ অৰ্থনৈতিক উন্নয়ন আৰু শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

(খ) ধৰ্ম নিৰপেক্ষ শিক্ষা :- সংবিধানৰ ২৮ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে—

(i) ৰাজ্য চৰকাৰৰ পুঁজিৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধৰণৰ ধর্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব।

(ii) চৰকাৰী সাহায্যপ্ৰাপ্ত বা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহে ধৰ্ম সংক্ৰান্ত কোনো বিষয়ত যোগদান কৰিব নোৱাৰিব। লগতে কোনো ধৰণৰ ধর্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব নোৱাৰিব।

(গ) শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে পুৰুষৰ সমানে নাৰীকো সমান অধিকাৰ প্ৰদান কৰিছে। 

(ঘ) এই বিলাকৰ উপৰিও সংবিধানৰ ৬৪ নং অনুচ্ছেদ অনুযায়ী বিজ্ঞান বা প্ৰযুক্তি বিদ্যাৰ অনুষ্ঠান, যিবিলাকলৈ চৰকাৰে আংশিকভাৱে বা সামগ্ৰিকভাৱে অনুদান আগবঢ়াইছে তেনেবিলাক অনুষ্ঠান সংসদে আইন প্ৰণয়ন কৰি জাতীয় অনুষ্ঠান হিচাপে ঘোষণা কৰিব পাৰিব।

মুঠতে ভাৰতীয় সংবিধানে শিক্ষাক এটা মূল বিষয় হিচাপে গণ্য কৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহত, সমাজ কল্যাণ আচঁনিত শিক্ষাক এটা প্ৰধান বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে।

প্ৰশ্ন ১৬। বিশ্ববিদ্যালয় শিক্ষা আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ ব্যাখ্যা কৰা। (Explain the recommendation given in the field of higher education by the University Education Commission.)

উত্তৰঃ ভাৰত চৰকাৰে ১৯৪৮ চনৰ ৪ আগষ্ট মাহত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ উন্নতি আৰু সম্প্ৰসাৰণৰ বাবে ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণৰ নেতৃত্বত ভাৰতীয় বিশ্ববিদ্যালয় শিক্ষা আয়োগ নিযুক্ত কৰে। এই আয়োগক ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতৰ লগত খাপ খোৱাকৈ বিশ্ববিদ্যালয়ৰ পুনৰ গঠন কৰা সম্বন্ধে পৰামৰ্শ দিবলৈ কোৱা হয়।

এই আয়োগে উচ্চ শিক্ষাৰ সম্পৰ্কত দিয়া পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল :- 

(ক) ইণ্টাৰমেডিয়েট পৰীক্ষা পাছ কৰাৰ পাছত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ নাম ভৰ্ত্তি কৰিবলৈ দিব লাগে। 

(খ) অনাৰ্ছ পোৱা শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী ১ বছৰৰ পাছত আৰু অনাৰ্ছ নথকাবোৰক ২ বছৰৰ পাছত দিব লাগে।

(গ) মাধ্যমিক আৰু বিশ্ববিদ্যালয় স্তৰত সকলো শিক্ষাৰ্থীক সাধাৰণ শিক্ষা অধ্যয়ন কৰিবলৈ দিব লাগে। এই সাধাৰণ শিক্ষা দিয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীয়ে যাতে তেওঁ পৰিৱেশৰ সকলো কথাৰ বিষয়ে কিছুমান জানে। আজি কালি ছাত্ৰ-ছাত্ৰীয়ে নিজ কলেজত পঢ়া বিষয়টোক সকলো বুজি ভাবি লয়। সাধাৰণ শিক্ষাৰ যোগেদি এনেকুৱা মনোভাৱ বিকাশ হোৱাত দিব লাগে। সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ব্যক্তিত্ব চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমন্বয় ঘটাবলৈ চেষ্টা কৰিব লাগে।

(ঘ) এটা বিষয়ৰ উচ্চ অধ্যয়নৰ উপৰিও গৱেষণা কিদৰে কৰিব লাগে এই স্তৰত শিকাব লাগে।

(ঙ) পি. এইচ.ডি ডিগ্ৰীৰ প্ৰশিক্ষণ ২ বছৰীয়া হ’ব লাগে। এনে ডিগ্ৰীৰ কাৰণে সৰ্বভাৰতীয় ভিত্তিত নামভৰ্ত্তি কৰিব লাগে। এই পৰীক্ষাৰ বাবে থেছিছৰ উপৰিও মৌখিক পৰীক্ষা ল’ব লাগে।

(চ) সকলো টিচিং বিশ্ববিদ্যালয়তে গৱেষণাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে আৰু এফিলিয়েটিং বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ আৰু গৱেষণা বিভাগ শক্তিশালী কৰিব লাগে। উপযুক্ত শিক্ষাৰ্থীৰ বাবে গৱেষণা বৃত্তিৰ ব্যৱস্থা কৰি প্ৰত্যেক বিশ্ববিদ্যালয়তে কিছুমান ছাত্ৰক গৱেষণা কৰিবলৈ সুবিধা দিব লাগে।

(ছ) ডিলেট আৰু ডি. এছ. পি. ডিগ্ৰী ত মৌখিক প্ৰকাশিত কামৰ ওপৰত দিব লাগে।

(জ) বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰক বিচাৰি উলিয়াই শিক্ষামন্ত্ৰী দপ্তৰে কিছুমান বৃত্তিৰ ব্যৱস্থা কৰিব লাগে। যাতে যথাৰ্থতে চোকা ল’ৰা কিছুমানে এম. এছ. ছি. আৰু পি.এইছ. ডি. ওপৰত পঢ়িব পাৰে। বিশ্ববিদ্যালয় শিক্ষকৰ সংখ্যা বঢ়াব লাগে।

(ঝ) বিশ্ববিদ্যালয়ৰ শিক্ষা সমবৰ্তী সূচীৰ অন্তৰ্ভুক্ত কৰিব লাগে।

(ঞ) কেন্দ্ৰীয় চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত সমন্বয়ৰ মতে জাতীয় নিৰ্ধাৰণ কৰাত নূন্যতম মাপ সংৰক্ষণ কৰা আদিত দায়িত্ব ল’ব লাগে।

(ট) ৰাজ্য পৰ্যায়ত বিশ্ববিদ্যালয়বোৰক মঞ্জুৰী দিয়াৰ বাবে মঞ্জুৰী সমিতি এখন পাতিব লাগে।

(ঠ) চৰকাৰী কলেজবোৰ বিশ্ব বিদ্যালয়ৰ কনষ্টিটিৱেন্ট কলেজলৈ ৰূপান্তৰিত কৰিব লাগে।

(ড) কলেজৰ পৰিচালনা সীমিত ভালদৰে গঠিত হ’ব লাগে।

প্ৰশ্ন ১৭। বিশ্ববিদ্যালয় শিক্ষা আয়োগে  শিক্ষাৰ মান, ব্যৱসায়িক শিক্ষা, বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু সংগঠনৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ ব্যাখ্যা কৰা। (Explain the recommendation made by the University Education Commission on the quality of education, business education, university administration and organization.)

উত্তৰঃ ভাৰত চৰকাৰে ১৯৪৮ চনৰ ৪ আগষ্ট মাহত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ উন্নতি আৰু সম্প্ৰসাৰণৰ বাবে ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণৰ নেতৃত্বত ভাৰতীয় বিশ্ববিদ্যালয় শিক্ষা আয়োগ নিযুক্ত কৰে। এই আয়োগক ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতৰ লগত খাপ খোৱাকৈ বিশ্ববিদ্যালয়ৰ পুনৰ গঠন কৰা সম্বন্ধে পৰামৰ্শ দিবলৈ কোৱা হয়। আয়োগৰ ৯ টা খ্যাতনামা শিক্ষাবিদ আছিল তাৰে কেইখনমান বিদেশৰ আছিল।

শিক্ষক: 

(ক) আয়োগৰ শিক্ষকৰ বেতন, চাকৰিৰ সা-সুবিধা আদি বঢ়োৱাৰ বাবে পৰামৰ্শ দিয়ে।

(খ) বিশ্ববিদ্যালয়ত চাৰি শ্ৰেণীৰ শিক্ষক থাকিব লাগে। যেনে–অধ্যাপক, ৰিডাত, লেকচাৰ আৰু উপদেষ্টা।

(গ) পদোন্নতি কৰাৰ সময়ত প্ৰাৰ্থীৰ অৰ্হতাৰ বাহিৰে অন্য কথা বিবেচনা কৰা উচিত নহয়।

(ঘ) প্ৰত্যেক বিদ্যালয়তে কিছুমান গৱেষণা কৰা ছাত্ৰ-ছাত্ৰী থাকিব লাগে।

(ঙ) শিক্ষক-শিক্ষয়িত্ৰী নিৰ্বাচন কৰোতে যথেষ্ট সাৱধানে নিৰ্বাচন কৰিব লাগে।

(চ) ৬০ বছৰ বয়সৰ শিক্ষকে অৱসৰ ল’ব লাগে। কিন্তু প্ৰফেছাৰৰ ক্ষেত্ৰত ৬৪ বছৰলৈ কাৰ্যকলাপ বঢ়োৱাৰ ব্যৱস্থা থাকিব লাগে।

(ছ) শিক্ষা, কামৰ সময় আদিৰ বিষয়ে স্পষ্ট ধাৰণা আৰু ধৰা বন্ধা নিয়ম থাকিব লাগে।

শিক্ষাৰ মান :

(ক) ইণ্টাৰমেডিয়েট পৰীক্ষা পাছ কৰাৰ পাছত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্ত্তি কৰিবলৈ দিব লাগে।

(খ) অনাৰ্ছ পোৱা শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিগ্ৰী ১ বছৰৰ পাছত আৰু অনাৰ্ছ নথকাবোৰক ২ বছৰৰ পাছত দিব লাগে।

(গ) মাধ্যমিক আৰু বিশ্ববিদ্যালয় স্তৰত সকলো শিক্ষাৰ্থীক সাধাৰণ শিক্ষা অধ্যয়ন কৰিবলৈ দিব লাগে। এই সাধাৰণ শিক্ষা দিয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীয়ে যাতে তেওঁ পৰিৱেশৰ সকলো কথাৰ বিষয়ে কিছুমান জানে। আজি কালি ছাত্ৰ-ছাত্ৰীয়ে নিজ কলেজত পঢ়া বিষয়টোক সকলো বুজি ভাবি লয়। সাধাৰণ শিক্ষাৰ যোগেদি এনেকুৱা মনোভাৱ বিকাশ হোৱাত বাধা দিব লাগে। সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ব্যক্তিত্ব চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমন্বয় ঘটাবলৈ চেষ্টা কৰিব লাগে।

ব্যৱসায়িক শিক্ষা:

(ক) কৃষি শিক্ষা:-

(i) প্ৰাথমিক মাধ্যমিক আৰু উচ্চ শিক্ষাৰ স্তৰ কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।

(ii) যিসকলৰ কৃষি বিষয়ত বাস্তৱ অভিজ্ঞতা আছে তেনে মানুহকহে পৰাপক্ষত কৃষি শিক্ষা আৰু গৱেষণা নিযুক্ত কৰিব লাগে।

(iii) কৃষি শিক্ষা পৰাপক্ষত এটা গাঁৱলীয়া পৰিৱেশৰ মাজত দিয়াৰ চেষ্টা চলাব লাগে।

(iv) কৃষি কলেজবোৰৰ গ্ৰাম্য অৱস্থাৰ উন্নত কৰিব লাগে আৰু নতুন কলেজবোৰৰ গ্ৰাম্য বিদ্যালয়ৰে সৈতে সংযুক্ত কৰি দিব লাগে।

(v) মানুহৰ আহাৰৰ বাবে আৰু খেতিৰ সাৰৰ কাৰণে সাগৰৰ সম্পদ ৰাশি ব্যৱহাৰ কৰাৰ সম্ভাৱনা অনুসন্ধান কৰিব লাগে।

(খ) ব্যৱসায়-বাণিজ্য:

(i) বাণিজ্যিক ছাত্ৰক বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ সুবিধা দিব লাগে আৰু বেলেগ বেলেগ ধৰণৰ ৩/৪ খন কাৰ্যত এনে অভিজ্ঞতা আয়ত্ব কৰিবলৈ দিব লাগে।

(ii) বাণিজ্য প্ৰশিক্ষণ পুথিগত নহৈ ব্যৱসায়িক বা বৰ্ণনামূলক হ’ব লাগে।

(iii) বাণিজ্যিত স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰশিক্ষণ কম সংখ্যক ছাত্ৰ-ছাত্ৰীকহে দিব লাগে।

ইয়াৰ উপৰিও এই আয়োগ কাৰিকৰী আইন চিকিৎসাৰ ওপৰত মূল্যবান পৰামৰ্শ আগবঢ়াইছিল।

বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু সংগঠন:

(ক) বিশ্ববিদ্যালয়ৰ শিক্ষা সমবৰ্তী সূচীৰ অন্তৰ্ভুক্ত কৰিব লাগে।

(খ) কেন্দ্ৰীয় চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত সমন্বয়ৰ মতে জাতীয় নিৰ্ধাৰণ কৰাত নূন্যতম মাপ সংৰক্ষণ কৰা আদিত দায়িত্ব ল’ব লাগে।

(গ) ৰাজ্য পৰ্যায়ত বিশ্ববিদ্যালয়বোৰক মঞ্জুৰী দিয়াৰ বাবে মঞ্জুৰী সমিতি এখন পাতিব লাগে।

(ঘ) চৰকাৰী কলেজবোৰ বিশ্ববিদ্যালয়ৰ কনষ্টিটিয়েন্ট কলেজলৈ ৰূপান্তৰিত কৰিব লাগে।

(ঙ) কলেজৰ পৰিচালনা সীমিত ভালদৰে গঠিত হ’ব লাগে। সংগবদ্ধ কলেজবোৰ ভৱিষ্যতে ইউনিটটোৰ বিশ্ববিদ্যালয়লৈ সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰা উচিত।

(চ)  বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তলত দিয়াৰ দৰে হ’ব লাগে :- 

(a) ডিজিটৰ (গৱৰ্নৰ জেনেৰেল)।

(b) আচাৰ্য (ৰাজ্যৰ গৱৰ্নৰ)।

(c) উপাচাৰ্য (পূৰ্ণকালীন বিষয়া)।

(d) ছিনেট (কাৰ্ট)।

(e) কাৰ্যকৰী পৰিষদ (চেত্তিকেট)।

(f) শেম্পিক পৰিষদ।

(g) মেকালিটজ।

(h) বিত্তসমিতি (Finance Committee)।

(i) বাছনি সমিতি (Selection Committee)।

প্রশ্ন ১৮। স্নাতকোত্তৰ প্ৰশিক্ষণ আৰু গৱেষণা আৰু গ্ৰাম্য বিশ্ববিদ্যালয় সম্পৰ্কত বিশ্ববিদ্যালয় শিক্ষা আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ লিখা । (Commission about postgraduate training and research and rural universities ?)

উত্তৰঃ (ক) M. A আৰু M.S.C ডিগ্ৰীৰ বাবে সকলো বিশ্ববিদ্যালয়ৰে নিয়ম একে হ’ব লাগে।

(খ) পোষ্ট গ্ৰেজুৱেট অন্ত ২ বছৰৰ বাবে অনাৰ্ছ গ্ৰেজুৱেট অন্তত এবছৰৰ বাবে M.A.M.S.C. ৰ বাবে পঢ়িব লাগে।

(গ) এটা বিষয়ৰ উচ্চ অধ্যয়নৰ উপৰিও গৱেষণা কিদৰে কৰিব লাগে এই স্তৰত শিকাব লাগে।

(ঘ) পি.এইচ.ডি ডিগ্ৰীৰ প্ৰশিক্ষণ ২ বছৰীয়া হ’ব লাগে। এনে ডিগ্ৰীৰ কাৰণে সৰ্বভাৰতীয় ভিত্তিত নামভৰ্ত্তি কৰিব লাগে। এই পৰীক্ষাৰ বাবে থেছিছৰ উপৰিও মৌখিক পৰীক্ষা ল’ব লাগে।

(ঙ) সকলো টিচিং বিশ্ববিদ্যালয়তে গৱেষণাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে আৰু এফিলিয়েটিং বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ আৰু গৱেষণা বিভাগ শক্তিশালী কৰিব লাগে। উপযুক্ত শিক্ষাৰ্থীৰ বাবে গৱেষণা বৃত্তিৰ ব্যৱস্থা কৰি প্ৰত্যেক বিশ্ববিদ্যালয়তে কিছুমান ছাত্ৰক গৱেষণা কৰিবলৈ সুবিধা দিব লাগে।

(চ) ডিলেট আৰু ডি. এছ. পি. (D.S.P.) ডিগ্ৰী ত মৌখিক প্ৰকাশিত কামৰ ওপৰত দিব লাগে।

(ছ) বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰক বিচাৰি উলিয়াই শিক্ষামন্ত্ৰী দপ্তৰে কিছুমান বৃত্তিৰ ব্যৱস্থা কৰিব লাগে। যাতে যথাৰ্থতে চোকা ল’ৰা কিছুমানে এম. এছ. ছি. আৰু পি.এইছ. ডি. ৰ ওপৰত পঢ়িব পাৰে। বিশ্ববিদ্যালয় শিক্ষকৰ সংখ্যা বঢ়াব লাগে।

গ্ৰাম্য বিশ্ববিদ্যালয়: গ্ৰাম্য অঞ্চলত বিকাশৰ দুটা কথাই প্ৰধানকৈ বাধা দিছে—

(ক) হতাশাৰ ভাৱ। আৰু

(খ) নিস্ফলতাৰ ভাৱ।

এই সহায়হীন আৰু অনৰ্থকতাৰ ভাৱ গোটেইখন দেখতে বিয়পি পৰিছে। গতিকে এই ভাৱ দূৰ কৰি দেশবাসীক আশা আৰু সাহসেৰে অনুপ্ৰাণিত কৰিব পৰাটোৱেই শিক্ষাৰ এটা প্ৰধান কাম। প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে এইটোৰ বাবে আমি যত্ন কৰা উচিত। বৰ্তমান জগতত আৰু ভাৰততো জীৱন ইমান জটিল হ’ব ধৰিছে যে কোনেও ইয়াৰ ব্যাখ্যা দিব নোৱাৰে। ইয়াৰ ফলাফল বাহ্যিক অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰে, কৰে আমাৰ মানুহৰ তেজৰ ওপৰত বিশ্বাস, আশা আৰু সাহস ঘটনাৰ শক্তিশালী কাৰণ। আণৱিক শক্তিৰ উৎপত্তি হিচাপতকৈ বা তেলৰ পথাৰ এখন বিচাৰি উলিওৱাতকৈ ওপৰত উল্লেখ কৰা গুণৰাশি জগাই তুলিব পৰাটো আমাৰ শিক্ষাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব। এনে স্থলত আমাৰ গ্ৰাম্য অঞ্চলবোৰত উচ্চ শিক্ষাৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ যোগান ধৰাটো আমাৰ কৰ্তব্য। আমাৰ দেশত  ২/৩ গ্ৰাম্য বিদ্যালয়ৰ কাম কৰিব পৰা মানুহ সাজু হৈ আছে। বুনিয়াদী স্কুলৰ পৰা ল’ৰা -ছোৱালীয়ে ইতিমধ্যে গ্ৰাম্য বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে উপযুক্ত হৈ উঠিব। গতিকে গ্ৰাম্য অঞ্চলত উচ্চ শিক্ষাৰ বাবে কিছুমান বিকাশৰ বাবে বিশেষ মনোযোগ দিয়া উচিত।

প্ৰশ্ন ১৯। শিক্ষাত সমতা নিশ্চিতকৰণৰ বাবে ভাৰতীয় সংবিধানত থকা সুবিধাসমূহ চমুকৈ লিখা। (Summarize the benefits of the Indian Constitution to ensure equality in education ?)

উত্তৰঃ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানখনৰ খচৰা প্ৰস্তুত কৰি তোলে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ইয়াক সমগ্ৰ দেশৰ বাবে কাৰ্যকৰী কৰি তোলা হয়। ভাৰতীয় সংবিধানে দেশৰ সমতা আৰু সামাজিক ন্যায় স্থাপনৰ বাবে প্ৰতিজ্ঞাবদ্ধ। প্ৰস্তাৱনাত উল্লেখিত মহান নীতি আৰু আদৰ্শসমূহৰ ভিতৰত সমতা অন্যতম। সমতা গণতন্ত্ৰৰ মূল ভেঁটি। সমতাৰ অবিহনে গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰিব নোৱাৰি। প্ৰস্তাৱনা অনুসৰি ৰাইজ আৰু ৰাইজৰ কাৰণে সমতাৰ নীতি অনুসৰণ কৰা হ’ব। প্ৰতিজন নাগৰিকৰ স্থান আৰু মৰ্যাদা সুনিশ্চিত কৰা হ’ব। ভাৰতীয় সংবিধানে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, সম্প্ৰদায়, জন্মস্থান আদিৰ ভিত্তিত জনসাধাৰণৰ মাজত সকলো বিভেদ আঁতৰ কৰি সকলোৰে মাজত সমতা স্থাপন কৰিব বিচাৰে। ভাৰতবৰ্ষৰ আইনৰ দৃষ্টিত সকলো আইন সমান, আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে। চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰত সকলোকে সমান সুবিধা প্ৰদানৰ ব্যৱস্থা সংবিধানত ৰখা হৈছে। দেশৰ পৰা অস্পৃশ্য নীতি উঠাই দি জাতি বা জন্মৰ ভিত্তিত সমাজৰ প্ৰচলিত হৈ অহা জাতিভেদ প্ৰথা তথা উচ্চ-নীচ ভাৱ নাইকিয়া কৰাৰ ব্যৱস্থা কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমাজৰ অধিকাৰৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

১৪ নং অনুচ্ছেদৰ মূল কথা হ’ল  ‘আইনৰ চকুত সমান’ ভাৰতৰ ভিতৰত থকা সকলো জাতি, ধর্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে আইনৰ দ্বাৰা সমব্যৱহাৰ পাব লাগিব। কোনো ব্যক্তিকে এই অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

১৫ নং অনুচ্ছেদ অনুসৰি সামাজিক সমতা স্থাপনৰ ব্যৱস্থা হৈছে জাতি, ধৰ্ম, বৰ্ণ, লিংগ, নিৰ্বিশেষে চৰকাৰে সকলোকে  সমান ব্যৱহাৰ কৰিব লাগিব।

১৬ নং (১) অনুচ্ছেদ অনুসৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান ব্যৱহাৰ কৰিব লাগিব। ধৰ্ম, জাতি, বৰ্ণ, লিংগ তথা জন্মস্থানৰ ওপৰত ভিত্তি কৰি কোনো নাগৰিককে চাকৰিৰ ক্ষেত্ৰত কোনো বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব।

১৭ নং অনুচ্ছেদ অনুসৰি সমাজৰ পৰা অস্পৃশ্যতা বৰ্জন কৰিব লাগিব। অস্পৃশ্যতাক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হৈছে। জাতি, বৰ্ণ, ধৰ্ম, লিংগৰ ওপৰত ভিত্তি কৰি কোনো নাগৰিকে ৰাইজৰ পুঁজিৰে নিৰ্মিত বা আংশিকভাৱে ৰাইজৰ পুঁজিৰে নিৰ্মিত হাট-বজাৰ, হোটেল, শিক্ষানুষ্ঠান, আলিবাট, ৰাজহুৱা আস্থান আদি ব্যৱহাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। ১৯৫৫ চনৰ অস্পৃশ্যতা অপৰাধ  (Untouchability Offence Act 1955) আইনৰ দ্বাৰা এই নীতি কাৰ্যকৰী কৰা হ’ব। 

অনুচ্ছেদ ১৫ (ক) প্ৰথম অৱস্থাত সংবিধানত এই অনুচ্ছেদটো নাছিল। সংবিধানৰ প্ৰথম সংশোধনী হিচাপে ১৫ (৪) অনুচ্ছেদটো অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি চৰকাৰে পিছপৰা শ্ৰেণী, অনুসূচীত জাতি, অনুসূচীত জনজাতিসকলৰ উন্নয়নৰ কাৰণে বিশেষ ব্যৱস্থা ল’ব লাগিব।

৪৬ নং অনুচ্ছেদ অনুসৰি সমাজৰ দুৰ্বল শ্ৰেণীৰ বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ উন্নয়ন ঘটোৱাৰ লগতে সকলো ধৰণৰ সামাজিক বৈষম্য আৰু শোষণৰ পৰা তেওঁলোকক ৰক্ষা কৰা।

সংবিধানৰ ৮৬ তম সংশোধনী অনুযায়ী ২১ A ক ২০০২ চনত অন্তৰ্ভুক্ত কৰা হয়। এই অনুচ্ছেদ অনুসৰি প্ৰাথমিক শিক্ষাৰ এক মৌলিক অধিকাৰ গণ্য কৰা হৈছে, এই ব্যৱস্থাই অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতিৰ মহিলাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাইছে।

২১ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ সকলো শ্ৰেণীৰ নাগৰিককে নিজ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত বা ৰাষ্ট্ৰৰ পুঁজিৰ পৰা সাহায্য প্ৰাপ্ত কোনো শিক্ষানুষ্ঠানত জাতি, বৰ্ণ, ধৰ্ম, লিংগৰ ভিত্তিত কোনো ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

৩০ নং অনুচ্ছেদ অনুসৰি সংখ্যালঘু শ্ৰেণীৰ লোকসকলক নিজ ৰুচি অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে। এনে অনুষ্ঠানবিলাকত ৰাষ্ট্ৰই সাহায্য দিয়াৰ ক্ষেত্ৰত কোনো বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব। এই অধিকাৰৰ মূল উদ্দেশ্য হ’ল ভাৰতবৰ্ষত বসবাস কৰা সকলো জাতি, ধৰ্ম, আৰু ভাষিক সম্প্ৰদায়ৰ লোকক নিজৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি জীয়াই ৰখাৰ বাবে সুবিধা প্ৰদান।

প্ৰশ্ন ২০। অনুসূচীত জাতিৰ শিক্ষাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the education of the Scheduled Castes ?)

উত্তৰঃ অনুসূচীত জাতিৰ লোকসকলে আন আন লোকসকলৰ দৰে সমানে বিকাশ লাভ কৰিব পৰাকৈ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ব্যৱস্থা গ্ৰহণ কৰা হয়। গ্ৰামাঞ্চলৰ মহিলা আৰু পুৰুষ, চহৰ অঞ্চলৰ মহিলা – পুৰুষৰ মাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব পিছপৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল’ৰা- ছোৱালীয়ে যাতে ১৪ বছৰ বয়সলৈ স্কুললৈ গৈ থাকে তাৰ প্ৰতিও সজাগ হোৱাটো প্ৰয়োজন হ’ব। পূৰ্ব প্ৰৱেশিকা জলপানিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন হ’ব আৰু ইয়াক আঁচনি হিচাপে লৈ আয়বিহীন পৰিয়ালসমূহকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব। অনুসূচীত জাতিৰ ল’ৰা-ছোৱালীৰ শিক্ষা আৰু নিয়োগৰ সম্ভাৱনীয়তা উন্নত কৰাৰ কাৰণে প্ৰতিকাৰমূলক পাঠ্যসূচীৰ দিহা কৰা হ’ব। অনুসূচীত জাতিৰ ল’ৰা-ছোৱালীৰ নামভৰ্ত্তিকৰণৰ অপচয় ৰোধকৰণ আৰু সফলতা নিশ্চিতকৰণৰ বাবে সঘনাই নিৰীক্ষণ কৰা আৰু পৰিকল্পনা কৰাৰ গুৰুত্ব দিয়া হৈছে। অনুসূচীত জাতিৰ ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ স্কুলঘৰ যাতে আবাসিক সুবিধা পায় তাৰ বাবে ছাত্ৰাবাস স্থাপন কৰাৰ ওপৰত পৰ্যায়ক্ৰমে গুৰুত্ব দিয়া হ’ব। জনজাতিৰ মাজৰ পৰা শিক্ষক নিয়োগৰ ব্যৱস্থাও হ’ব। জনজাতিৰ ল’ৰা- ছোৱালীৰ উপযোগীকৈ নতুন পদ্ধতি অৱলম্বন কৰাৰ লগতে অন্যান্য উৎস যেনে N.R.E.P আৰু R.L.E.G.P  আঁচনি আদিৰ মাধ্যমেৰে শিক্ষা দিয়া হ’ব।

ভাৰতবৰ্ষৰ সংবিধান আৰু শিক্ষানীতিত শিক্ষাৰ বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। শিক্ষা যিহেতু উন্নত মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত উৎসগীৰ্কৃত সেয়েহে দেশৰ সকলো জনগণৰ বাবে ই উপলব্ধ হ’ব লাগে অন্যথা মানৱ সম্পদৰ অপচয় বৃদ্ধি পায়। নিৰংকুশ সমতাৰ ধাৰণা অনুসৰি, সমতা মানে মানুহ মাত্ৰেই সামাজিক মৰ্যাদা, পাৰিতোষক, শিক্ষা, চৰকাৰী নিযুক্তি, সামাজিক মৰ্যাদা লাভ আদি সকলো বিষয়তে অনুৰূপ বা সম্পূৰ্ণ একে ধৰণৰ সুবিধা আৰু আচৰণ লাভৰ ন্যায়সংগতাক বুজায়। সেইবাবে ভাৰতীয় সংবিধানে শিক্ষাৰ সুযোগ সুবিধা বৃদ্ধি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।

১৯৫৪ চনত শিক্ষামন্ত্ৰীয়ে শৈক্ষিক অনুষ্ঠানবোৰত নামভৰ্ত্তিৰ বেলিকা অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় নম্বৰৰ ৫% ৰেহাই দিয়াৰ পৰামৰ্শ দিছিল। কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ অনুষ্ঠানত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১৫% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। মুঠতে অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত সুবিধা লাভ কৰি বিকাশৰ পথত অগ্ৰসৰ হ’ব পাৰে তাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে।

প্রশ্ন ২১। অনুসূচীত জনজাতিৰ শিক্ষাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the education of the Scheduled Tribes ?)

উত্তৰঃ ভাৰতবৰ্ষ এখন বহু জাতি, উপজাতি আৰু জনজাতিয়ে বসবাস কৰা উপমহাদেশ স্বৰূপ। ভাৰতীয় সংবিধান দেশৰ সমতা আৰু সামাজিক ন্যায় স্থাপনৰ বাবে প্ৰতিজ্ঞাবদ্ধ। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমবিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো জাতি গোষ্ঠীৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা মতে অনুসূচীত জনজাতি অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। তেনেকুৱা অঞ্চলৰ বিদ্যালয়ৰ ঘৰবোৰ শিক্ষাৰ সাধাৰণ কোষৰ সাহায্যত বনোৱাৰ ব্যৱস্থা কৰা হ’ব। জনজাতীয় কল্যাণৰ আঁচনিৰ পৰাও এই ক্ষেত্ৰত সাহায্য আগবঢ়োৱা হ’ব। জনজাতিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰয়োজন সাপেক্ষে শিক্ষাদানৰ সামগ্ৰী প্ৰাৰম্ভিক স্তৰৰ বাবে এনেভাৱে প্ৰস্তুত কৰা হ’ব যাতে পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে আঞ্চলিক ভাষাত সকলো কাম কৰিবলৈ সক্ষম হয়। এই উদ্দেশ্যৰ লগত জনজাতীয় ভাষাসমূহক প্ৰাৰম্ভিক স্তৰত শিক্ষণীয় বিষয়বস্তুৰ অন্তৰ্ভুক্ত কৰিব পৰা যাব।

জনজাতিৰ শিক্ষিত আৰু উদ্যোগী যুৱকসকলক শিক্ষক হিচাপে নিজ এলেকাসমূহত নিয়োগ কৰিব পৰা যাব। এনেধৰণৰ অঞ্চলত আবাসিক বিদ্যালয়, আশ্ৰম বিদ্যালয় আদি স্থাপন কৰিব পৰা যাব। জনজাতীয় জীৱনৰ বিকাশ আৰু বিশেষ প্ৰয়োজনসমূহ পূৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হ’ব। উচ্চ শিক্ষাৰ বাবে জলপানিৰ ব্যৱস্থা, কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মনোসামাজিক দিশৰ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰা হ’ব। অংগনবাদী, অনানুষ্ঠানিক আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি মুকলি কৰা হ’ব। জনজাতীয় শিক্ষাৰ বিকাশৰ বাবে পাঠ্যপুথি আৰু পাঠ্যক্ৰমসমূহত সাংস্কৃতিক চিনাক্তকৰণৰ ভিত্তিত সৃষ্টিশীল ধাৰণাৰে পুনৰ গঠন কৰা হ’ব।

অনুসূচীত জনজাতিৰ ল’ৰা-ছোৱালীৰ বাবে ভাৰত চৰকাৰে বিশেষ কিছু সা-সুবিধা প্ৰদান কৰি শিক্ষা ব্যৱস্থাত সমতা ৰক্ষাৰ ব্যৱস্থা হাতত লৈছে। ১৯৫৪ চনত সেই সময়ৰ শিক্ষামন্ত্ৰীয়ে অনুসূচীত জনজাতিৰ ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠানৰ নামভৰ্তিকৰণৰ প্ৰয়োজনীয় নম্বৰৰ পৰা ৫% ৰেহাই দিয়াৰ পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষা অনুষ্ঠানত অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীৰ বাবে ৭.৫% আসন সংৰক্ষণ ব্যৱস্থা কৰিছে যাতে এই শ্ৰেণীৰ শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাত সমতা ৰক্ষা কৰিব পাৰে।

প্ৰশ্ন ২২। দুৰ্বল শ্ৰেণীলোকৰ শিক্ষা সম্বন্ধে চমুকৈ লিখা। (Write briefly about the education of the weaker class of people ?)

উত্তৰঃ ভাৰতবৰ্ষ প্ৰকৃতপক্ষে বহু জাতি-উপজাতি আৰু জনজাতিয়ে বসবাস কৰা এখন উপমহাদেশ স্বৰূপ। ধনী-দুখীয়া, উচ্চ-নীচ আদি ভেদাভেদ ভাৱৰ ভিন্নতা আৰু বৈষম্য সামাজিক জীৱনত পৰিলক্ষিত হয়। এনেবোৰ ভিন্নতাই দেশৰ সমতা, ঐক্য, সংহতি আৰু সামাজিক ন্যায় স্থাপনৰ বাধাৰ সৃষ্টি কৰি আহিছে আৰু দেশখনৰ সামগ্ৰিক বিকাশত অন্তৰায় স্বৰূপে দেখা দিছে। সেইবাবে ভাৰতীয় সংবিধানে দেশৰ সমতা আৰু সামাজিক ন্যায় স্থাপনৰ বাবে প্ৰতিজ্ঞাবদ্ধ। সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীলোসকলক আন আন শ্ৰেণীলোকৰ সমপৰ্যায়লৈ আনিবৰ বাবে কেতবোৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। ‘দুৰ্বল শ্ৰেণী’ লোকৰ দ্বাৰা যিসকল লোকে সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ফালৰ পৰা পিছপৰি আছে তেওঁলোককেই বুজোৱা হৈছে। এইসকল লোকক অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিস্বৰূপে দুটা ভাগত বিভক্ত কৰা হৈছে। সংবিধানে তেওঁলোকৰ শিক্ষা বিকাশৰ বাবে অনুচ্ছেদ নং ১৫, ১৬, ১৭ আৰু ৪৬ ত প্ৰয়োজনীয় প্ৰতিৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে।

অনুচ্ছেদ নং ১৫-উল্লেখ আছে—

(ক) জাতি, ধৰ্ম, বৰ্ণ, লিংগ, জন্মস্থান অথবা ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি ৰাজ্যই কোনো নাগৰিকৰ প্ৰতি বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ১৬-ত উল্লেখ আছে—

(ক) ৰাজ্য চৰকাৰৰ তলত কোনো পদত নিযুক্তি অথবা কৰ্ম নিযুক্তি দিয়াৰ বেলিকা সকলো নাগৰিকৰ প্ৰতি সমান সুবিধা দিয়া হ’ব।

(খ) কেৱল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, বংশ, জন্মস্থান, আবাস স্থান অথবা ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি কোনো নাগৰিককে ৰাজ্য চৰকাৰৰ পদত কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত অনুপযুক্ত অথবা বৈষম্য বিবেচনা কৰা নহ’ব।

(গ) এই অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰে পিছপৰা শ্ৰেণীলোকৰ নাগৰিকসকলৰ (যি সকলক ৰাজ্য সেৱা কাৰ্যত উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰা হোৱা নাই বুলি ৰাজ্য চৰকাৰে বিবেচনা কৰে) পদ নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাত কোনেও বাধা দান কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ১৭ ত উল্লেখ আছে—

‘অস্পৃশ্যতা’ গুচোৱা হৈছে আৰু ইয়াৰ যিকোনো প্ৰকাৰৰ প্ৰচলন হৈছে অবৈধ। এই অস্পৃশ্যতাৰ পৰা সৃষ্টি কৰি তোলা যিকোনো প্ৰকাৰৰ অক্ষমতা আৰু তাৰ বলপূৰ্বক প্ৰয়োগকৰণ কার্য আইনৰ মতে দণ্ডনীয় স্বৰূপে গণ্য কৰা হ’ব।

অনুচ্ছেদ নং ৪৬ ত উল্লেখ আছে—

ৰাজ্যই বিশেষ যত্ন সহকাৰে দুৰ্বল শ্ৰেণীলোকৰ, বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি লোকসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ উন্নয়ন কৰিব আৰু তেওঁলোকৰ সকলো ধৰণৰ সামাজিক অন্যায় আৰু শোষণৰ পৰা ৰক্ষা কৰিব।

দুৰ্বল শ্ৰেণীলোকৰ শিক্ষা বিকাশৰ বাবে সংবিধানে আগবঢ়োৱা এই নিৰ্দেশাৱলীৰ পৰা ইয়াৰ মূল কথাকেইটা তলত এনেদৰে উল্লেখ কৰিব পাৰি—

(ক) জাতি, ধৰ্ম,বৰ্ণ আদিৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনো লোকৰ প্ৰতি বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব। 

(খ) ৰাজ্য চৰকাৰে কৰ্ম  নিযুক্তিৰ ক্ষেত্ৰত সকলো নাগৰিককে সমান সুবিধা দিব।

(গ) কেৱল জাতি, ধৰ্ম, বৰ্ণ আদিৰ ভিত্তিত ৰাজ্য চৰকাৰে কোনো লোককে কৰ্ম নিযুক্তিৰ বাবে অনুপযুক্ত বিবেচনা কৰিব নোৱাৰিব।

(ঘ) চৰকাৰে পিছপৰা শ্ৰেণীৰ লোকৰ কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব।

(ঙ) সমাজত অস্পৃশ্যতা বিচাৰ কৰা সকল আইন মতে দণ্ডনীয় হ’ব।

(চ) ৰাজ্য চৰকাৰে সমাজৰ দুৰ্বল শ্ৰেণীলোকৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰিব আৰু সামাজিক অন্যায় আৰু শোষণৰ পৰা ৰক্ষা কৰিব।

দেশ বা সমাজৰ এক শ্ৰেণীলোক শৈক্ষিকআৰু অৰ্থনৈতিক দিশত দুৰ্বল আৰু পিছপৰি থকাটো সমগ্ৰ দেশৰ বাবেই সমস্যা স্বৰূপ। এই দুৰ্বল লোকসকলৰ ওপৰত আন আন লোকৰ অন্যায় অবিচাৰ আৰু শোষণ-পীড়ন আদি চলাটো স্বাভাৱিক। সেয়েহে তেওঁলোকৰ বাবে সাংবিধানিক প্ৰতিৰক্ষা ব্যৱস্থা কৰাটো প্ৰয়োজন। ভাৰতীয় সংবিধানৰ ১৫, ১৬, ১৭ আৰু ৪৬ নং অনুচ্ছেদৰ যোগে তেনে প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰাটো অতি যুক্তিসংগত কথা। সমাজৰ লোকৰ মাজত সমতা আৰু সামাজিক ন্যায় স্থাপনৰ বাবে ই বিশেষ সহায়ক হৈ উঠিব।

অৱশ্যে ইয়াৰ বাস্তৱ আৰু কাৰ্যকৰী দিশত বাঞ্চিত লক্ষ্য উদ্দেশ্য উপযুক্তভাৱে পূৰণ হৈ উঠা বুলি ক’ব নোৱাৰি। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্রম কৰি উঠাৰ পিছতো দেশৰ দুৰ্বল শ্ৰেণীৰ লোক দুৰ্বল হৈয়ে আছে। তেওঁলোকে সংবিধানৰ বিশেষ সা-সুবিধাৰে নিজৰ অৱস্থা উন্নত কৰি তুলিব পৰা নাই। আকৌ তেওঁলোকৰ মাজত আন এক  শ্ৰেণীৰ লোকে শিক্ষা আৰু কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত সেই সুবিধা বিশেষ প্ৰয়োজন নোহোৱা অৱস্থাতো বংশানুক্ৰমে লাভ কৰি উঠি সমাজৰ আন আন লোকৰ ঈর্ষাৰ পাত্ৰ হৈ পৰিছে। বৰ্তমান বহুতো অজনজাতীয় শ্ৰেণীলোকে সংবিধানৰ এই বিশেষ সংৰক্ষণৰ সুবিধা লাভ কৰিবৰ বাবে অনুসূচীত জাতিৰ অন্তৰ্ভুক্ত হ’বলৈ বিচৰাটো মন কৰিবলগীয়া। সংবিধানৰ এই আছুতীয়া ব্যৱস্থাই বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত জাতি সচেতনতাৰ ভাব গঢ় লৈ তুলি জাতীয় ঐক্য আৰু সংহতি ক্ষতিগ্ৰস্ত কৰি তুলিছে। সেয়েহে ইয়াৰ পুনৰ বিবেচনা আৰু সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাও বৰ্তমান সমাজৰ সচেতন মহলত অনুভৱ কৰি উঠা দেখা যায়।

প্রশ্ন ২২। শিক্ষাত সংখ্যালঘুসকলৰ অধিকাৰ সম্বন্ধে চমুকৈ লিখা। (Write briefly about the rights of minorities in education ?)

উত্তৰঃ এখন গণতান্ত্ৰিক দেশ গৰিষ্ঠ সংখ্যক লোকৰ মতামতৰ দ্বাৰা শাসিত আৰু পৰিচালিত হয়। এনে অৱস্থাত সংখ্যালঘুসকলৰ স্বাৰ্থ সকলো সময়তে ৰক্ষা কৰাটো কঠিন হৈ পৰে। সেইবাবে গৰিষ্ঠসকলৰ মতামতৰ ফলত যাতে সংখ্যালঘুসকল ক্ষুণ্ণ আৰু বঞ্চিত হ’ব লগা নহয় অথবা তেওঁলোক যাতে নিৰাপত্তাহীনতাত ভুগিব লগা নহয় তাকে নিশ্চয় কৰাটো প্ৰয়োজন। এই সংখ্যালঘসকলৰ ভাষিক আৰু ধৰ্মীয় স্বৰূপে দুটা ভাগত বিভক্ত কৰিব পাৰি। ভাৰতীয় সংবিধানে এইসকল লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে অনুচ্ছেদ নং ২৯, ৩০, ৩৪০ 

(ক) আৰু ৩৫০ (খ) ৰ যোগেদি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে।

অনুচ্ছেদ নং ২৯-ত উল্লেখ আছে—

(ক) ভাৰতৰ বা ভাৰতৰ কোনো অঞ্চলত বাস কৰা নাগৰিক, যাৰ নিজা লিখিত ভাষা আৰু সংস্কৃতি আছে তেওঁলোকে তাক সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব। 

(খ) ৰাজ্যৰ দ্বাৰা পৰিচালিত অথবা সহায়ক অনুদান প্ৰাপ্ত শিক্ষানুষ্ঠানে কোনো নাগৰিককে কেৱল জাতি, ধৰ্ম, বৰ্ণ, ভাষা অথবা ইয়াৰ যিকোনো এটাৰ ভিত্তিত নামভৰ্তিকৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ৩০ – ত উল্লেখ আছে—

(ক) ভাষা অথবা ধৰ্মৰ ভিত্তিত সকলো সংখ্যালঘু লোকেই নিজ পছন্দ মতে শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ থাকিব।

(খ) সহায়ক অনুদান দিয়াৰ ক্ষেত্ৰত ৰাজ্যই কোনো শিক্ষানুষ্ঠানকে ভাষা বা ধৰ্মৰ ভিত্তিত পৰিচালিত বুলি বিবেচনা কৰি বৈষম্য প্ৰদৰ্শন কৰিব নোৱাৰিব।

অনুচ্ছেদ নং ৩৫০ (খ) ত উল্লেখ আছে–

(ক) ৰাষ্ট্ৰপতিয়ে ভাষিক সংখ্যালঘুসকলৰ বাবে এজন বিশেষ বিষয়া নিযুক্তি কৰিব।

(খ) সংবিধানে ভাষিক সংখ্যালঘুসকলৰ বাবে প্ৰদান কৰা সকলো সংৰক্ষণ ব্যৱস্থা পালনৰ সম্বন্ধে অনুসন্ধান কৰাটো বিশেষ বিষয়াজনক কৰ্তব্য হ’ব।

ওপৰত উল্লেখ কৰা সংবিধানৰ ব্যৱস্থাসমূহ অধ্যয়ন কৰিলে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে থকা তলৰ ব্যৱস্থাসমূহ আমাৰ মনত স্পষ্ট হৈ উঠে।

(ক) সংখ্যালঘুসকলে তেওঁলোকৰ ভাষা, ধৰ্ম আৰু সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ দিয়া হয়।

(খ) সংখ্যালঘুসকলে পৰিচালনা কৰা শিক্ষানুষ্ঠানৰ প্ৰতি আৰ্থিক অনুদান দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বৈষম্য বিবেচনা কৰিব নোৱাৰে।

(গ) শিক্ষাৰ বাবে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ নামভৰ্তিকৰণ কোনো ৰাজ্য চৰকাৰৰ অনুষ্ঠানে অগ্ৰাহ্য কৰিব নোৱাৰে।

(ঘ) তেওঁলোকে নিজ পছন্দ মতে নিজাকৈ শিক্ষানুষ্ঠান স্থাপনৰ অধিকাৰ দিয়া হয়।

(ঙ) সংখ্যালঘুসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক মাতৃভাষাত প্ৰাথমিক শিক্ষা দিব পৰা হয়।

(চ) সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰ প্ৰাপ্তি সম্বন্ধে চোৱা -চিতা কৰিবৰ বাবে বিশেষ বিষয়া নিযুক্তি দিয়া হয়।

গণতান্ত্ৰিক দেশ এখনত সংখ্যাগৰিষ্ঠসকলৰ লগতে সংখ্যালঘু লোকসকলৰ সমান অধিকাৰ ইয়াৰ যোগেদি সাব্যস্ত কৰি তোলা হৈছে। তেওঁলোকে যাতে নিজকে নিৰাপত্তাহীনতা অনুভৱ কৰিব নোৱাৰে আৰু সংখ্যাগৰিষ্ঠসকলৰ দৰেই নিজ অধিকাৰ সাব্যস্ত কৰি তুলি বিকাশৰ সমান সুবিধা লাভ কৰি উঠিব পাৰে তাক নিশ্চিত কৰি তোলা হৈছে। সংবিধানৰ এই প্ৰয়াস নিশ্চয় লাগিবলগীয়া।

অৱশ্যে এই সাংবিধানিক ব্যৱস্থাই বৰ্তমান সৃষ্টি কৰি তোলা পৰিস্থিতিৰ প্ৰতি আমি সম্পুৰ্ণ আওকণীয়া হৈ থাকিব নোৱাৰে। উল্লেখযোগ্য যে বৰ্তমান এই ব্যৱস্থাই সমগ্ৰ দেশৰ লোককে সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু স্বৰূপে দুটা ভাগত বিভক্ত কৰি এক সামাজিক বিসংগতি আৰু ভিন্নতাৰ ভাব সৃষ্টি কৰি তুলিছে। বিশেষকৈ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ দিশত সংখ্যাগৰিষ্ঠসকলক অধিক আত্মসচেতন কৰি তুলিছে। সংবিধানৰ এই প্ৰতিৰক্ষা ব্যৱস্থাৰ সুযোগ ল’বলৈ সংখ্যাগৰিষ্ঠসকল অধিক তৎপৰ হৈ উঠা বাবেই ই দেশৰ সংখ্যাগৰিষ্ঠসকলৰ মাজত ব্যৱধান অধিক বৃদ্ধি কৰি তুলিছে। সৰ্বসাধাৰণ লোকৰ মনত ধৰ্ম আৰু ভাষাৰ অনুভূতিয়ে সাম্প্ৰদায়িক সচেতনতা জগাই তুলি জাতীয় স্বাৰ্থ বিনষ্ট কৰি তুলিছে। সংবিধানৰ এই আছুতীয়া ব্যৱস্থাই সংখ্যাগৰিষ্ঠসকলক সেয়েহে দেশৰ ঘাই সুঁতিৰ পৰা পৃথক কৰি তোলাৰ প্ৰৱণতাও জগাই তুলিছে।

১৯৮৬ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত সংখ্যাগৰিষ্ঠসকলৰ শিক্ষাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। সমাজৰ সকলো শ্ৰেণীৰ পিছপৰা সম্প্ৰদায়সমূহক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হ’ব। বিশেষকৈ গ্ৰামাঞ্চলত, পাহাৰীয়া অঞ্চল, মৰুভূমিৰ জিলা, দুৰ্গম অঞ্চল আৰু দ্বীপ অঞ্চলসমূহত প্ৰয়োজনীয় শিক্ষানুষ্ঠান স্থাপন কৰি উদগনিমূলক ব্যৱস্থা লোৱা হ’ব। কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে। সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্ৰদায়সমূহৰ ওপৰত মনোযোগ দিয়া হ’ব। এইবোৰৰ সাংবিধানিক নিশ্চয়তা আছে। সংখ্যালঘুসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদগনি দিয়া হ’ব। বিদ্যালয়ৰ কৰ্ম আঁচনি আৰু পাঠ্যক্ৰম আদিৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো মনোযোগ দিয়া হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top