Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ

Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 14 প্রাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রাকৃতিক সম্পদ

Chapter – 14

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. পৃথিৱীৰ পানী ভাগৰ শতকৰা পৰিমাণ____।

(a) 65 ভাগ।

(b) 75 ভাগ।

(c) 85 ভাগ।

(d) 55 ভাগ।

উত্তৰঃ (b) 75 ভাগ।

2. তলৰ কোনটো মণ্ডলত জীৱসমূহ বাস কৰে?

(a) স্থল মণ্ডল।

(b) জল মণ্ডল।

(c) বায়ু মণ্ডল।

(d) ওপৰৰ তিনিওটা।

উত্তৰঃ (d) ওপৰৰ তিনিওটা।

3. শুক্র আৰু মঙ্গল গ্রহত কার্বন ডাই অক্সাইডৰ  পৰিমাণ হ’ল____।

(a) 65-97 ভাগ।

(b) 75-79 ভাগ।

(c) 95–97 ভাগ।

(d) 59-79 ভাগ।

উত্তৰঃ (c) 95-97 ভাগ।

4. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ’ল____

(a) 20 ভাগ।

(b) 22 ভাগ।

(c) 21 ভাগ।

(d) 25 ভাগ।

উত্তৰঃ (c ) 21 ভাগ।

5. তলৰ কোনটো সেউজ গৃহ গেছ—

(a) CO₂

(b) CO

(c) NO₂

(d) N₂

উত্তৰঃ (a) CO₂

6. তলৰ কোনটো সঁজুলী বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়—

(a) থার্মমিটাৰ।

(b) এমিটাৰ।

(c) বেৰ’মিটাৰ্

(d) গেলভে’নমিটাৰ।

উত্তৰঃ (c) বেৰ’মিটাৰ।

7. বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত উৎপন্ন হয়—

(a) কার্বন ডাই অক্সাইড।

(b) নাইট্ৰ’জেন ডাই অক্সাইড।

(c) অক্সিজেন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) কার্বন ডাই অক্সাইড।

8. তলৰ কোনটো লৱণৰ দ্বাৰা প্ৰাণী বহিঃকংকাল আৰু অন্তঃকংকাল গঠিত হয়—

(a) পটেছিয়াম ক্ল’ৰাইড।

(b) ছ’ডিয়াম ক্ল’ৰাইড।

(c) কেলছিয়াম কার্বনেট।

(d) কেলচিয়াম ক্ল’ৰাইড।

উত্তৰঃ (c) কেলছিয়াম কার্বনেট।

9. কোনবিধ বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰি নাইট্ৰ’জেনৰ পৰিমাণ বড়াই।

(a) ছাল ম’নেলা।

(b) স্টেপ’ক’কাচ।

(c) ৰাইজবিয়াম।

(d) মেনিনগ’ক’কাচ।

উত্তৰঃ (c) ৰাইজবিয়াম।

10. তলৰ কোনটো ক্রিয়া কলাপৰ দ্বাৰা মাটিৰ উৰ্ব্বৰতা পুনৰুদ্ধাৰ কৰিব নোৱাৰি_____

(a) বহুবিধ শস্যৰ খেতি কৰি।

(b) শস্যাবর্তন।

(c) এক প্ৰকাৰৰ খেতি কৰি।

(d) ৰাসায়নিক সাৰ প্ৰয়োগ কৰি।

উত্তৰঃ (c) এক প্ৰকাৰৰ খেতি কৰি।

11. তলৰ কোনটো ব্যৱহাৰৰ ফলত অ’জন স্তৰৰ অৱক্ষয় হৈছে—

(a) জলবিদ্যুৎ প্রকল্প স্থাপনৰ ফলত।

(b) CFC ব্যৱহাৰৰ ফলত।

(c) সৌৰ শক্তি ব্যৱহাৰৰ ফলত।

(d) ওপৰ এটাও নহয়।

উত্তৰঃ (b) CFC ব্যৱহাৰৰ ফলত। 

12. জীৱ সমূহে বাস কৰা সমগ্ৰ অঞ্চলটোক কোৱা হয়—

(a) জলমণ্ডল।

(b) স্থলমণ্ডল।

(c) জীৱ মণ্ডল।

(d) বায়ু মণ্ডল।

উত্তৰঃ (c) জীব মণ্ডল।

13. বায়ুমণ্ডলৰ কোনটো অঞ্চলত অ’জন স্তৰ থাকে?

(a) ষ্ট্রেটস্ফিয়াৰ।

(b) ট্ৰপস্ফিয়াৰ।

(c) আয়নস্ফিয়াৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) ষ্ট্রেটস্ফিয়াৰ।

14. তলৰ কোনটো সীমিত সম্পদৰ উদাহৰণ—

(a) বায়ু।

(b) পানী।

(c) পেট্র’লিয়াম জাত সামগ্ৰী।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (c) পেট্র’লিয়াম জাত সামগ্ৰী।

15. তলৰ কোনটো স্তৰৰ ক্ষয় হোৱাটো বন্ধ কৰি জীৱমণ্ডলক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি—

(a) জলস্তৰ।

(b) অ’জন স্তৰ।

(c) ভূ-স্তৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) অ’জন স্তৰ।

16. বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অক্সিজেন______ অণ হিচাপে থাকে—

(a) এক পাৰমাণৱিক। 

(b) দ্বি-পাৰমাণৱিক।

(c) ত্ৰি পাৰমাণৱিক।

(d) বহু পাৰমাণৱিক।

উত্তৰঃ (c) ত্ৰি পাৰমাণৱিক।

17. তলৰ কোনটোৱে জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আৰু জৈৱ-বৈচিত্ৰতাক ক্ষতি কৰে?

(a) বায়ু।

(b) পানী।

(c) মাটি।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

18. তলৰ কোনটোৰ উপস্থিতিত ফ্লুৰছিছ ৰোগ হয়— 

(a) অতিৰিক্ত আয়ৰণ।

(b) অতিৰিক্ত আৰ্চেনিক। 

(c) অতিৰিক্ত ফ্লৰাইড।

(d) তেজস্ক্রিয় পদার্থ।

উত্তৰঃ (c) অতিৰিক্ত ফ্লৰাইড।

19. পৃথিৱীৰ প্ৰায় ভাগ পৰিস্কাৰ পানী পোৱা যায়—

(a) সাগৰৰ পানী হিচাবে।

(b) বৰফ হিচাবে।

(c) নদীৰ পানী হিচাবে।

(d) ভূ-গর্ভস্থ পানী হিচাবে।

উত্তৰঃ (b) বৰফ হিচাবে।

20. সূৰ্য্যৰ ৰশ্মি পৃথিৱীত পাৰিলে—

(a) মাটি পানীতকৈ বেছি উত্তাপিত হয়।

(b) পানীতকৈ মাটি কম উত্তাপিত হয়।

(c) মাটি বা পানী উৎপিত হয়।

(d) মাটি আৰু পানী দুয়োটা সমানভাৱে উত্তাপিত হয়।

উত্তৰঃ (a) মাটি পানীতকৈ বেছি উত্তাপিত হয়।

অতি চমু প্রশ্ন উত্তৰ:

1. পৃথিৱীত পোৱা সম্পদ সমূহ লিখা।

উত্তৰঃ মাটি, বায়ু আৰু পানী।

2. স্থলমণ্ডল কাক বোলে? 

উত্তৰঃ পৃথিৱীৰ ওপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলে।

3. জলমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ শতকৰা 75 ভাগ অঞ্চল পানীয়ে আগুৰি আছে। ইয়াকে জলমণ্ডল বোলে। 

4. বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ ওপৰিভাগত গেছীয় তপটোক বায়ুমণ্ডল বুলি কোৱা হয়।

5. জীৱমণ্ডল বুলিলে কি বুজা? 

উত্তৰঃ স্থলমণ্ডল‚ জলমণ্ডল আৰু বায়ুমণ্ডল এই তিনিওটা স্তৰতে জীৱ বাস কৰে। ইয়াকে জীৱমণ্ডল বোলে। 

6. জীৱমণ্ডলৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ বায়ু, পানী, মাটি আদি।

7. শুক্ৰ আৰু মংগল গ্রহত কার্বনডাই অক্সাইডৰ শতকৰা পৰিমাণ কিমান?

উত্তৰঃ 95-97 ভাগ।

৪. চন্দ্ৰৰ কিয় বায়ুমণ্ডল নাই?

উত্তৰঃ চন্দ্ৰৰ উষ্ণতাৰ পৰিসৰ হৈছে 190°C ৰ পৰা 110°C সেয়ে চন্দ্ৰত বায়ু মণ্ডল নাই।

9. বতাহ কাক বোলে? 

উত্তৰঃ বায়ুৰ চলাচলক বতাহ বোলে।

10. ৰাতিৰ ভাগত সাগৰৰ পাৰত বায়ু কোনদিশে প্রবাহিত হয়?

উত্তৰঃ সাগৰৰ পিনে।

11. দিনৰ ভাগত সাগৰৰ পাৰত বায়ু কোনদিশে প্রবাহিত হয়?

উত্তৰঃ স্থলভাগৰ পিনে।

12. কেতিয়া বৰফ, শিলাবৃষ্টি বা হিমবৃষ্টিৰ সৃষ্টি হয়?

উত্তৰঃ বায়ুৰ উষ্ণতা যথেষ্ট পৰিমাণে হ্রাস পালে।

13. মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে ভাৰতবৰ্ষৰ কোন-কোন অঞ্চলত বৰষুণ হয়? 

উত্তৰঃ দক্ষিণ পশ্চিম আৰু উত্তৰ পূবত।

14. এছিড ৰেইন বুলিলে কি বুজা?

উত্তৰঃ আমি ব্যৱহাৰ কৰা ইন্ধনত কিছু পৰিমাণে নাইট্ৰ’জেন আৰু ছালফাৰ থাকে। ইয়াৰ দহনৰ ফলত ইহঁতৰ অক্সাইড উৎপন্ন হয়। এই অক্সাইডবোৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিড সৃষ্টি কৰে। ইয়াকে এছিড ৰেইন বোলে। 

15. স্ম’গ’ বোৰ কি?

উত্তৰঃ অদাহ্য কার্বন কণা নাইবা হাইড্ৰ’কার্বন হ’ব পাৰে।

16. ক’ৰ পানী লুণীয়া?

উত্তৰঃ সাগৰ নাইবা মহাসাগৰৰ পানী লুণীয়া।

17. স্থলজ প্রাণীৰ বাবে কেনেধৰণৰ পানীৰ প্রয়োজন।

উত্তৰঃ অলুণীয়া পানীৰ প্ৰয়োজন।

18. মাটি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি চূর্ণ-বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকেই মাটি বোলে।

19. মাটিৰ সৃষ্টিত কি কি কাৰকে কাম কৰে লিখা।

উত্তৰঃ সূৰ্য, পানী, আৰু বতাহ।

20. বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমাণ কিমান ?

উত্তৰঃ 78 ভাগ।

21. জীবদেহৰ বাবে নাইট্ৰ’জেন অতি আবশ্যকীয় মৌল। ইয়াৰ কাৰণ লিখা।

উত্তৰঃ প্ৰটিন‚ নিউক্লিক এছিড (DNA আৰু RNA) আৰু কিছুমান ভিটামিন নাইট্ৰ’জেনৰ দ্বাৰা গঠিত।

22. যদি সকলো জীৱই নাইট্ৰ’জেন পোনে পোনে গ্ৰহণ কৰিব পাৰিলেহেঁতেন তেন্তে পৰিস্থিতি কেনেধৰণ হ’লহেঁতেন?

উত্তৰঃ জীৱন প্ৰণালী সহজ হ’লহেঁতেন।

23. নাইট্ৰ’জেন স্থিতিকৰণ কিহৰ দ্বাৰা সংঘটিত হয়?

উত্তৰঃ কিছুমান বেক্টেৰিয়াৰ দ্বাৰা।

24. মৌল অৱস্থাত কাৰ্বনক কি ৰূপত পোৱা যায় ? 

উত্তৰঃ  হীৰা আৰু প্ৰেফাইট।

25. গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগোৱা এটি গেছৰ নাম লিখা। 

উত্তৰঃ কার্বন-ডাই-অক্সাইড।

26. পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কি?

উত্তৰঃ অক্সিজেন।

27. বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ কিমান?

উত্তৰঃ 21 ভাগ।

28. নাইট্ৰ’জেন স্থিতিকৰণত যিবোৰ বেক্টেৰিয়া জড়িত‚ সেইবোৰ বেক্টেৰিয়াৰ বাবে অক্সিজেন কি পদার্থ?

উত্তৰঃ বিষাক্ত পদার্থ।

29. CFC ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ CFC – Chloro Flouro Carbon.

30. অ’জন স্তৰ ক্ষয় যোৱাৰ লগত জড়িত এটি যৌগৰ নাম লিখা।

উত্তৰঃ CFC

31. ব্যৱহাৰযোগ্য অক্সিজেন বায়ুমণ্ডললৈ কি প্ৰক্ৰিয়াৰে গুছি যায়?

উত্তৰঃ একমাত্র সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top