Class 9 Elective Geography MCQ Chapter 4 জন-বসতি Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 4 জন-বসতি Notes and select need one.
Class 9 Elective Geography MCQ Chapter 4 জন-বসতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Chapter 4 জন-বসতি Solutions for All Subject, You can practice these here.
জন-বসতি
Chapter – 4
ELECTIVE GEOGRAPHY
MULTIPLE CHOICE QUESTION ANSWER
১। মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইক কি বোলে—.
(ক) জন বসতি।
(খ) বসতি ভূগোল।
(গ) ৰৈখিক বসতি।
(ঘ) আয়তক্ষেত্ৰাকাৰ বসতি।
উত্তৰঃ (ক) জন বসতি।
২। ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয় তাক কি বোলে—
(ক) বৃত্তাকাৰ বসতি
(খ) বসতি ভূগোল।
(গ) তৰাৰূপী বসতি।
(ঘ) ত্ৰিভূজাকাৰ বসতি।
উত্তৰঃ (খ) বসতি ভূগোল।
৩। আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি—
(ক) চাৰিটা।
(খ) তিনিটা।
(গ) দুটা।
(ঘ) পাঁচটা।
উত্তৰঃ (গ) দুটা।
৪। কেন্দ্ৰীভূত বসতিক পুনৰ কেইটা প্ৰকাৰে বিভক্ত কৰিব পাৰি—
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ঘ) পাঁচটা।
৫। এবিধ চকুত লগা ধৰণৰ বসতি কোনটো—
(ক) ৰৈখিক বসতি।
(খ) আয়তক্ষেত্ৰাকাৰ বসতি।
(গ) গ্ৰাম্য বসতি।
(ঘ) পৌৰ বসতি।
উত্তৰঃ (ক) ৰৈখিক বসতি।
৬। বিশ্বৰ সৰ্বপ্ৰথম মহানগৰী কি—
(ক) জাপান।
(খ) লণ্ডন।
(গ) আমেৰিকা।
(ঘ) ইউৰোপ।
উত্তৰঃ (খ) লণ্ডন।
৭। গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাক কি বোলে—
(ক) বসতি ভূগোল।
(খ) ৰৈখিক বসতি।
(গ) বসতি শ্ৰেণীক্ৰম।
(ঘ) ত্ৰিভূজাকাৰ বসতি।
উত্তৰঃ (গ) বসতি শ্ৰেণীক্ৰম।
৮। মানুহে যেতিয়া হ্ৰদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাক কি বোলে—
(ক) ত্ৰিভূজাকাৰ বসতি।
(খ) জন বসতি।
(গ) ৰৈখিক বসতি।
(ঘ) বৃত্তাকাৰ বসতি।
উত্তৰঃ (ঘ) বৃত্তাকাৰ বসতি।
৯। যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে তাক কি বোলে—
(ক) তৰাৰূপী বসতি।
(খ) বৃত্তাকাৰ বসতি।
(গ) কেন্দ্ৰীভূত বসতি।
(ঘ) বিৰল বসতি।
উত্তৰঃ (ক) তৰাৰূপী বসতি।
১০। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ নগৰবাসী—
(ক) ৩০
(খ) ৫০
(গ) ৭৮
(ঘ) ২০
উত্তৰঃ (খ) ৫০
১১। জনবসতিৰ সংগঠনক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয়—
(ক) ছয়টা।
(খ) পাঁচটা।
(গ) চাৰিটা।
(ঘ) দুটা।
উত্তৰঃ (ঘ) দুটা।
১২। গ্রাম্যঞ্চলত সাধাৰণতে কেই প্ৰকাৰৰ জনবসতিৰ আৰ্হি দেখা যায়—
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (গ) চাৰিটা।
১৩। তলৰ কোনটো প্ৰাকৃতিক কাৰক নহয়—
(ক) শিক্ষাকেন্দ্ৰ।
(খ) পোতাশ্ৰেয়।
(গ) বন্দৰ।
(ঘ) খনিজ।
উত্তৰঃ (ক) শিক্ষাকেন্দ্ৰ।
১৪। তলৰ কোনটো সাংস্কৃতিক কাৰক নহয়—
(ক) ধৰ্মীয় স্থান।
(খ) বুৰঞ্জী প্ৰসিদ্ধ স্থান।
(গ) প্ৰতিৰক্ষাৰ স্থান।
(ঘ) গিৰিপথ।
উত্তৰঃ (ঘ) গিৰিপথ।
১৫। গ্ৰাম্য অঞ্চলত প্ৰায় কিমান শতাংশ লোক কৃষিকাৰ্যত নিয়োজিত হৈ জীৱন নিৰ্বাহ কৰে—
(ক) ৪৫
(খ) ৭৫
(গ) ৬৭
(ঘ) ৫৬
উত্তৰঃ (খ) ৭৫

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


All mcq