Class 7 Assamese Important Chapter 16 বকুলৰ আনন্দ Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 16 বকুলৰ আনন্দ Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 16 বকুলৰ আনন্দ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
বকুলৰ আনন্দ
Chapter: 15
| IMPORTANT QUESTION ANSWER |
১। অমল চেতিয়াই কি বঁটা লাভ কৰিছিল?
উত্তৰঃ অমল চেতিয়াই ‘ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা’ লাভ কৰিছিল।
২। কোনটো দিৱসত অমল চেতিয়াক ‘ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা’ প্ৰদান কৰা হৈছিল?
উত্তৰঃ স্বাধীনতা দিৱসত গুৱাহাটীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুষ্ঠানত অমল চেতিয়াক ‘ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা’ প্ৰদান কৰা হৈছিল।
৩। নৈপৰীয়া গাঁওখনৰ মানুহবোৰৰ অৱস্থা কিয় শোচনীয় হৈছিল?
উত্তৰঃ পোন্ধৰ বছৰমানৰ আগতে অহা ডাঙৰ বানপানীয়ে গাঁওখন বিধ্বস্ত কৰাৰ বাবে নৈপৰীয়া গাঁওখনৰ মানুহবোৰৰ অৱস্থা শোচনীয় হৈছিল।
৪। বানপানীৰ আগতে নৈপৰীয়া গাঁৱৰ মানুহে কি কৰিছিল?
উত্তৰঃ বানপানীৰ আগতে নৈপৰীয়া গাঁৱৰ মানুহে খেতি-বাতিৰ লগতে কম-বেছি পৰিমাণে মুগা পালন কৰিছিল।
৫। বকুলৰ দেউতাকে নতুনকৈ কিহৰ গছপুলি ৰোপণ কৰাৰ পৰামৰ্শ দিছিল?
উত্তৰঃ বকুলৰ দেউতাকে গাঁৱৰ মানুহক নতুনকৈ চোম গছৰ পুলি ৰোপণ কৰাৰ পৰামৰ্শ দিছিল।
৬। মুগা পালনৰ দিহা-পৰামৰ্শ ল’বলৈ বকুলৰ দেউতাক ক’লৈ গৈছিল?
উত্তৰঃ মুগা পালনৰ বিজ্ঞানসন্মত দিহা-পৰামৰ্শ ল’বলৈ বকুলৰ দেউতাক জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ গৈছিল।
৭। বকুলৰ দেউতাকে প্ৰথমে ক’ত উৎপাদিত মুগা বিক্ৰী কৰিছিল?
উত্তৰঃ বকুলৰ দেউতাকে প্ৰথমে উৎপাদিত মুগা বাহিৰৰপৰা অহা বেপাৰীক বিক্ৰী কৰিছিল।
৮। বেপাৰীবোৰে মুগাৰ উচিত দাম নিদিয়াত বকুলৰ দেউতাকে কি সিদ্ধান্ত ল’লে?
উত্তৰঃ বেপাৰীবোৰে উচিত দাম নিদিয়াত বকুলৰ দেউতাকে ঘৰতে মুগাবোৰৰপৰা সূতা কাটি উলিওৱাৰ সিদ্ধান্ত ল’লে।
৯। বকুলৰ দেউতাকৰ সূতা কটা কামত কোনে কোনে সহায় কৰিছিল?
উত্তৰঃ বকুলৰ দেউতাকৰ সূতা কটা কামত বকুলৰ মাক, খুৰাক-খুৰীয়েক আৰু চুবুৰিৰ কেইগৰাকীমান মহিলাই সহায় কৰিছিল।
১০। বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী ক’ৰপৰা অনা হৈছিল?
উত্তৰঃ বয়ন শিল্পৰ প্ৰশিক্ষক দুগৰাকী শুৱালকুছিৰপৰা অনা হৈছিল।
১১। বকুলৰ দেউতাকে আধুনিক তাঁত-শাল কিনিবলৈ কাৰপৰা ঋণ লৈছিল?
উত্তৰঃ বকুলৰ দেউতাকে আধুনিক তাঁত-শাল কিনিবলৈ স্থানীয় বেংকৰপৰা হ্ৰস্বম্যাদী ঋণ লৈছিল।
১২। বকুলৰ বৰদেউতাকৰ ছোৱালী ৰূপালীয়ে কি কাম কৰিছিল?
উত্তৰঃ ৰূপালীয়ে ঘৰতে বহি সামাজিক মাধ্যমৰ যোগেদি তাঁত-শালৰ কাপোৰৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল।
১৩। যোৱা দুটা বছৰত বকুলৰ দেউতাকে কাৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিছে?
উত্তৰঃ যোৱা দুটা বছৰত বকুলৰ দেউতাকে নাৱাৰ্ড আৰু নেড্ফিৰ দৰে ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানৰপৰা আৰ্থিক সহযোগিতা লাভ কৰিছে।
১৪। অমল চেতিয়াই কিহৰ জৰিয়তে নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুৱাইছিল?
উত্তৰঃ অমল চেতিয়াই মুগা শিল্পৰ জৰিয়তে নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুৱাইছিল।
১৫। বকুলৰ দেউতাকৰ কাপোৰৰ দোকানখন ক’ত মুকলি কৰা হৈছিল?
উত্তৰঃ বকুলৰ দেউতাকৰ কাপোৰৰ দোকান বা বস্ত্ৰ-বিপণীখন জিলাৰ সদৰত মুকলি কৰা হৈছিল।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। নৈপৰীয়া গাঁওখনৰ মানুহে কেনেকৈ মুগা পালনৰ প্ৰতি পুনৰ আগ্ৰহী হৈছিল বৰ্ণনা কৰা।
উত্তৰঃ পোন্ধৰ বছৰ আগৰ বানপানীয়ে নৈপৰীয়া গাঁৱৰ বিস্তৰ ক্ষতি কৰাৰ পিছত বকুলৰ দুৰদৰ্শী দেউতাকে গাঁৱৰ মানুহক নতুনকৈ চোম গছৰ পুলি ৰোপণ কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ গৈ বিজ্ঞানসন্মতভাৱে মুগা পালনৰ দিহা-পৰামৰ্শ লৈ আহিল। দুবছৰমানৰ ভিতৰত চোম গছবোৰ লহপহকৈ বাঢ়ি অহাত গাঁৱৰ মানুহে পুনৰ মুগা পালন কৰিবলৈ ল’লে আৰু এনেদৰেই তেওঁলোকৰ মুগা পালনৰ প্ৰতি আগ্ৰহ বাঢ়িল।
২। বকুলৰ দেউতাকে মুগা-সূতা উৎপাদনৰ পৰা কাপোৰ বনোৱাৰ সিদ্ধান্ত কিয় লৈছিল?
উত্তৰঃ বকুলৰ দেউতাকে উৎপাদিত মুগা বাহিৰৰ বেপাৰীক বিক্ৰী কৰিছিল যদিও বেপাৰীয়ে উচিত দাম দিয়া নাছিল। সেয়েহে তেওঁ ঘৰতে মুগাৰ পৰা সূতা কটাৰ সিদ্ধান্ত ল’লে। কিন্তু সূতাবোৰ উচিত মূল্যত বিক্ৰী কৰিবলৈ গৈও তেওঁ বজাৰৰ অভাৱ অনুভৱ কৰিলে। কষ্টেৰে উৎপাদিত সূতাৰ সঠিক মূল্য লাভ নকৰাৰ বাবেই তেওঁ সূতা বিক্ৰী কৰাৰ সলনি ঘৰতে আধুনিক তাঁত-শাল বহুৱাই কাপোৰ বনোৱাৰ সিদ্ধান্ত লৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

