⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 7 Assamese Important Chapter 14 উত্তৰণৰ যাত্ৰা

Class 7 Assamese Important Chapter 14 উত্তৰণৰ যাত্ৰা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 14 উত্তৰণৰ যাত্ৰা Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.

Class 7 Assamese Important Chapter 14 উত্তৰণৰ যাত্ৰা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.

Chapter: 14

IMPORTANT QUESTION ANSWER

১। ৰাল্‌ফ ব্ৰ’ন কোন দেশৰ প্ৰখ্যাত ব্যৱসায়ী আছিল?

উত্তৰঃ ৰাল্‌ফ ব্ৰ’ন আমেৰিকাৰ এগৰাকী প্ৰখ্যাত ব্যৱসায়ী আছিল।

২। সৰু ল’ৰাজনৰ নাম কি আছিল?

উত্তৰঃ সৰু ল’ৰাজনৰ নাম ৰাল্‌ফ ব্ৰ’ন আছিল।

৩। ব্ৰ’নৰ লগত খেলা লগৰীয়া বা সম্বন্ধীয় ল’ৰাকেইজনৰ নাম কি আছিল?

উত্তৰঃ ব্ৰ’নৰ লগত খেলা ল’ৰাকেইজনৰ নাম আছিল হেনৰী, ফ্ৰেংক আৰু ইড।

৪। ব্ৰ’নে কি ৰোগত আক্ৰান্ত হৈছিল?

উত্তৰঃ ব্ৰ’নে ‘মাংসপেশীৰ দুৰ্বিকাশ’ বা ‘Muscular Dystrophy’ নামৰ ৰোগত আক্ৰান্ত হৈছিল।

৫। মাংসপেশীৰ দুৰ্বিকাশ ৰোগৰ এটা লক্ষণ কি?

উত্তৰঃ মাংসপেশীৰ দুৰ্বিকাশ ৰোগত আক্ৰান্ত হ’লে সময়ৰ লগে লগে পেশীসমূহ দুৰ্বল হৈ পৰে।

৬। ডাক্তৰে ব্ৰ’নৰ কিমান বয়সলৈ জীয়াই থকাৰ কথা সন্দেহ কৰিছিল?

উত্তৰঃ ডাক্তৰে ব্ৰ’নে কিশোৰ অৱস্থাও নাপাব পাৰে বুলি কৈছিল।

৭। “মোৰ মা-দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে” – কথাষাৰ কোনে কৈছিল?

উত্তৰঃ “মোৰ মা-দেউতাই কৈছে যে তোমাৰ গুৰুতৰ অসুখ হৈছে” – এই কথাষাৰ ব্ৰ’নক তেওঁৰ সম্বন্ধীয় ককায়েক হেনৰীয়ে কৈছিল।

৮। ব্ৰ’নে কিমান বছৰ বয়সত এটা কোম্পানী আৰম্ভ কৰিছিল?

উত্তৰঃ ব্ৰ’নে পোন্ধৰ বছৰ বয়সত এটা কোম্পানী আৰম্ভ কৰিছিল।

৯। ব্ৰ’নে কোম্পানীটোত কি নিৰ্মাণ কৰি উলিয়াইছিল?

উত্তৰঃ ব্ৰ’নে বিশেষভাৱে সক্ষম লোকৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়াইছিল।

১০। ৰাল্‌ফ ব্ৰ’নৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ ৰাল্‌ফ ব্ৰ’নৰ আত্মজীৱনীখনৰ নাম হ’ল ‘Rise Above’।

১১। ৰাল্‌ফ ব্ৰ’ন কিমান বছৰ জীয়াই আছিল?

উত্তৰঃ ৰাল্‌ফ ব্ৰ’ন ৭৩ বছৰ জীয়াই আছিল।

১২। ৰাল্‌ফ ব্ৰ’নক কিহৰ পিতৃ বুলি জনা যায়?

উত্তৰঃ ৰাল্‌ফ ব্ৰ’নক গতিশীলতা আন্দোলনৰ পিতৃ (Father of the mobility movement) বুলি জনা যায়।

১৩। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস কি তাৰিখে পালন কৰা হয়?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস ৩ ডিচেম্বৰ তাৰিখে পালন কৰা হয়।

১৪। কিমান চনৰপৰা আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন কৰা হৈছে?

উত্তৰঃ ১৯৯২ চনৰপৰা বিশ্বত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন কৰা হৈছে।

১৫। ব্ৰ’নৰ দেউতাকে কি দুৰ্ঘটনাত আঘাত পাইছিল?

উত্তৰঃ ব্ৰ’নৰ দেউতাকে গাড়ী দুৰ্ঘটনাত ডিঙিত যথেষ্ট আঘাত পাইছিল।

দীঘল প্ৰশ্ন আৰু উত্তৰ:

১। ব্ৰ’নৰ কোম্পানী প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ বিশেষভাৱে সক্ষম লোকসকলেও পৰনিৰ্ভৰশীল হ’বলৈ নিবিচাৰে আৰু নিজৰ বাবে সুবিধাজনক হোৱাটো বিচাৰে বুলি ব্ৰ’নে উপলব্ধি কৰিছিল। তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত থকা অভাৱসমূহ দূৰ কৰিবলৈ আৰু সুবিধাজনক বাহন তৈয়াৰ কৰি তেওঁলোকক স্বনিৰ্ভৰশীল কৰিবলৈয়ে ব্ৰ’নে কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল।

২। ব্ৰ’নৰ বাবে দেউতাকৰ পিঠিত উঠি ফুৰাটো ভৱিষ্যতৰ মধুৰ স্মৃতি কিয় নাছিল?

উত্তৰঃ ব্ৰ’নৰ দেউতাকে এবাৰ গাড়ী দুৰ্ঘটনাত ডিঙিত যথেষ্ট আঘাত পাইছিল। তথাপিও দেউতাকে এই কথা লুকুৱাই ৰাখি কষ্টৰে ব্ৰ’নক পিঠিত উঠাই ঘূৰাই লৈ ফুৰিছিল আৰু এই দুৰ্ঘটনাৰ খবৰ ব্ৰ’নে বহুদিন পিছতহে গম পাইছিল। দেউতাকৰ এই কষ্টৰ কথা মনত পৰি ব্ৰ’নৰ বাবে এই স্মৃতি মধুৰ নাছিল।

৩। বিশেষভাৱে সক্ষম লোকসকলক ব্ৰ’নে কেনেদৰে সহায় কৰিলে?

উত্তৰঃ ব্ৰ’নে তেওঁৰ কোম্পানীৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশ্বৰ ভিতৰতে প্ৰথমখন মটৰচালিত স্কুটাৰ নিৰ্মাণ কৰি উলিয়াইছিল। নিজৰ লগতে আন বহুতো বিশেষভাৱে সক্ষম লোকক তেওঁ স্বনিৰ্ভৰ যাতায়াতৰ বাহন উপহাৰ দি সহায় কৰিছিল, যাৰ বাবে তেওঁক গতিশীলতা আন্দোলনৰ পিতৃ বুলিও কোৱা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top