⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 7 Assamese Important Chapter 13 খেলোঁ আহা

Class 7 Assamese Important Chapter 13 খেলোঁ আহা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 13 খেলোঁ আহা Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.

Class 7 Assamese Important Chapter 13 খেলোঁ আহা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.

Chapter: 13

IMPORTANT QUESTION ANSWER

চমু প্ৰশ্ন আৰু উত্তৰ:

১। ‘খেলোঁ আহা’ নামৰ গীতটিৰ ৰচক কোন?

উত্তৰঃ ‘খেলোঁ আহা’ নামৰ গীতটিৰ ৰচক হ’ল ড° নিৰ্মলপ্ৰভা বৰদলৈ।

২। ড° নিৰ্মলপ্ৰভা বৰদলৈক অসমীয়া সাহিত্যত কি নামেৰে জনা যায়?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈক অসমীয়া সাহিত্যত ‘নীলা বাইদেউ’ নামেৰে জনা যায়।

৩। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কি কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ১৯৮৩ চনত ‘সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

৪। ‘খেলোঁ আহা’ গীতটি কোনখন ৰাষ্ট্ৰীয় ক্ৰীড়া উপলক্ষে ৰচনা কৰা হৈছিল?

উত্তৰঃ ‘খেলোঁ আহা’ গীতটি ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উপলক্ষে ৰচনা কৰা হৈছিল।

৫। খেলৰ পৰা আমাৰ শৰীৰ আৰু মনৰ কি উপকাৰ হয়?

উত্তৰঃ খেলে আমাৰ শৰীৰ সবল কৰে আৰু মন সতেজ কৰি ৰাখে।

৬। খেলে আমাক কি কি শিকায়?

উত্তৰঃ খেলে আমাক বুদ্ধি, মিলা-প্ৰীতি আৰু সম্প্ৰীতি শিকায় লগতে মনৰ ভয়-ভীতি দূৰ কৰে।

৭। ঘৰৰ ভিতৰত খেলা খেলবোৰক কি বোলা হয়?

উত্তৰঃ ঘৰৰ ভিতৰত খেলা খেলবোৰক (যেনে- লুডু, দবা) আন্তঃক্ৰীড়া বুলি কোৱা হয়।

৮। মুকলি পথাৰত বা ষ্টেডিয়ামত খেলা খেলবোৰক কি বোলা হয়?

উত্তৰঃ মুকলি পথাৰত খেলা খেলবোৰক বহিঃক্ৰীড়া (Outdoor Games) বুলি কোৱা হয়।

৯। SAI (ছাই) ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ SAI ৰ সম্পূৰ্ণ নাম হ’ল Sports Authority of India বা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ।

১০। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ১৯৮৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

১১। অসমত SAI ৰ আঞ্চলিক কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ অসমত SAI ৰ আঞ্চলিক কাৰ্যালয় গুৱাহাটীত অৱস্থিত।

১২। ‘এই পৃথিৱী এক ক্রীড়াংগন’ গীতটি কোনে গাইছিল?

উত্তৰঃ ‘এই পৃথিৱী এক ক্রীড়াংগন’ গীতটি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই গাইছিল।

১৩। ১৫ বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাত কোনখন বিদ্যালয়ে জয়লাভ কৰিছিল?

উত্তৰঃ ১৫ বছৰ অনুৰ্ধ ফুটবল খেল প্ৰতিযোগিতাত বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জয়লাভ কৰিছিল।

১৪। অনুৰ্ধ-১৫ ফুটবল খেলৰ ফাইনেলত ‘মেন অব দ্য মেচ’ আৰু ‘প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট’ বঁটা কোনে লাভ কৰিছিল?

উত্তৰঃ অনুৰ্ধ-১৫ ফুটবল খেলৰ ফাইনেলত ‘মেন অব দ্য মেচ’ বঁটা চানি ডেকাই আৰু ‘প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট’ বঁটা নিশান্ত চহৰীয়াই লাভ কৰিছিল।

১৫। ‘খেলোঁ আহা’ গীতটিৰ কৰ্ণদান কোনে কৰিছিল?

উত্তৰঃ ‘খেলোঁ আহা’ গীতটিৰ কৰ্ণদান ড° সংগীতা কাকতিয়ে কৰিছিল।

দীঘল প্ৰশ্ন আৰু উত্তৰ:

১। খেল আমাৰ জীৱনত কিয় গুৰুত্বপূৰ্ণ? পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ খেল আমাৰ জীৱনৰ এক এৰাব নোৱৰা অংগ কাৰণ ই আমাক সুস্থ-সবল আৰু সক্ৰিয় কৰি ৰাখে। খেল-ধেমালিয়ে আমাৰ মন সতেজ কৰে আৰু কামত উৎসাহ-উদ্দীপনা যোগায়। ইয়াৰ উপৰিও খেলেই আমাক কেৱল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও শক্তিশালী কৰে। খেলেই আমাক বুদ্ধি প্ৰয়োগ কৰিবলৈ, সকলোৰে সৈতে মিলা-প্ৰীতিৰে চলিবলৈ, সম্প্ৰীতি গঢ়িবলৈ আৰু নিৰ্ভীক হ’বলৈ অৰ্থাৎ ভয়-ভীতি দূৰ কৰিবলৈ শিকায়।

২। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে চমুকৈ পৰিচয় দিয়া।

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম ১৯৩৩ চনত হৈছিল। অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য লেখিকা আৰু কবি আছিল। অসমীয়া সাহিত্যত তেখেতক মৰমতে ‘নীলা বাইদেউ’ বুলি জনা গৈছিল। তেখেতে শিশুসকলৰ বাবেও বহুতো গীত আৰু কবিতা ৰচনা কৰি থৈ গৈছে। ১৯৮৩ চনত তেখেতে নিজৰ কবিতা পুথি ‘সুদীৰ্ঘ দিন আৰু ঋতু’ৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও আছিল। তেখেতৰ মৃত্যু ২০০০ চনত হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top