Class 7 Assamese Important Chapter 12 আত্মৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 12 আত্মৰক্ষা Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 12 আত্মৰক্ষা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
আত্মৰক্ষা
Chapter: 12
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। অতনুৱে কাৰ দৰে ব্যৱসায়ী হোৱাৰ কথা ভাবিছিল?
উত্তৰঃ অতনুৱে দেউতাকৰ দৰে ব্যৱসায়ী হোৱাৰ কথা ভাবিছিল।
২। মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ কি হিচাপে আহিছে?
উত্তৰঃ মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ নতুনকৈ শিক্ষয়িত্ৰী হিচাপে আহিছে।
৩। অতনুৰ ক্ৰীড়া আৰু যোগৰ শ্ৰেণী কোনে লয়?
উত্তৰঃ অতনুৰ ক্ৰীড়া আৰু যোগৰ শ্ৰেণী দিব্যেন্দু ছাৰে লয়।
৪। লক্ষ্যহীন জীৱনক বাইদেৱে কিহৰ সৈতে তুলনা কৰিছে?
উত্তৰঃ লক্ষ্যহীন জীৱনক বাইদেৱে ব’ঠাহীন নাৱৰ দৰে বুলি কৈছে।
৫। মনোজ খুৰা পেচাত কি আছিল?
উত্তৰঃ মনোজ খুৰা পেচাত এজন আৰক্ষী বা পুলিচ বিষয়া আছিল।
৬। মনোজ খুৰা অতনুৰ দেউতাকৰ কেনেকুৱা বন্ধু আছিল?
উত্তৰঃ মনোজ খুৰা অতনুৰ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু আছিল।
৭। অতনুহঁতৰ চহৰখনত দুষ্ট মানুহে কাক অপহৰণ কৰিছিল?
উত্তৰঃ অতনুহঁতৰ চহৰখনত দুষ্ট মানুহে দুজনী সৰু ছোৱালীক অপহৰণ কৰিছিল।
৮। অতনুৱে কি কৰি আটাইতকৈ বেছি ভাল পাইছিল?
উত্তৰঃ অতনুৱে খেলা-ধূলা কৰি আটাইতকৈ বেছি ভাল পাইছিল।
৯। ডাঃ কাকতি কেনেকুৱা ব্যক্তি আছিল?
উত্তৰঃ ডাঃ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল।
১০। আত্মৰক্ষা মানে কি?
উত্তৰঃ আত্মৰক্ষা মানে হ’ল নিজকে সুৰক্ষা দিয়া কাৰ্য।
১১। অতনুয়ে কাৰ দৰে পুলিচ বিষয়া হ’ব বিচাৰিছিল?
উত্তৰঃ অতনুৱে মনোজ খুৰাৰ দৰে এজন সুনিপুণ পুলিচ বিষয়া হ’ব বিচাৰিছিল।
১২। ডাঃ কাকতিৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে কি খোৱাটো প্ৰয়োজনীয়?
উত্তৰঃ ডাঃ কাকতিৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সতেজ ফল-মূল আৰু শাক-পাচলি খোৱাটো প্ৰয়োজনীয়।
১৩। ‘দেহা থাকিলেহে বেহা’ – কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ‘দেহা থাকিলেহে বেহা’ – এই কথাষাৰ ডাঃ কাকতিয়ে কৈছিল।
১৪। অতনুয়ে আজৰি সময়ত কি পঢ়ি ভাল পায়?
উত্তৰঃ অতনুয়ে গল্প-পুথি আৰু দুঃসাহসিক অভিযানৰ কিতাপ পঢ়ি খুব ভাল পায়।
১৫। প্ৰতিৰক্ষা কাক বোলে?
উত্তৰঃ প্ৰতিৰক্ষা হ’ল দেশৰ সুৰক্ষা।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি বুজাইছিল?
উত্তৰঃ মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ নতুনকৈ অহা এগৰাকী শিক্ষয়িত্ৰী আছিল। প্ৰথম দিনাখনেই তেওঁ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক ডাঙৰ হৈ কি হ’ব বিচাৰে বুলি সুধিছিল। ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ গুৰুত্ব বুজাবলৈ গৈ বাইদেৱে কৈছিল যে লক্ষ্যহীন জীৱন হৈছে ব’ঠাহীন নাৱৰ দৰে। এখন ব’ঠাহীন নাৱে যেনেকৈ নিজৰ গন্তব্যস্থান বিচাৰি নাপায়, ঠিক তেনেকৈ লক্ষ্যহীন মানুহেও জীৱনত কোনো নিৰ্দিষ্ট দিশত আগবাঢ়িব নোৱাৰে। সেয়েহে প্ৰতিগৰাকী মানুহৰে জীৱনত একোটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে। সেই লক্ষ্যত উপনীত হ’বলৈ মানুহৰ মনত সপোন থাকিব লাগিব আৰু সেই সপোন সাকাৰ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম বা অধ্যৱসায় কৰিব লাগিব।
২। অতনুৱে আৰক্ষী বা পুলিচ বিষয়া হ’ম বুলি কিয় ভাবিছিল আৰু ইয়াৰ পৰা তেওঁৰ মনত কি ভাৱ জাগিছিল?
উত্তৰঃ অতনুয়ে আজৰি সময়ত গল্প-পুথি আৰু দুঃসাহসিক অভিযানৰ কাহিনী পঢ়ি খুব ভাল পাইছিল, যিবোৰে তাক সদায়ে ৰোমাঞ্চিত কৰিছিল। ইয়াৰ উপৰিও সি দেউতাকৰ বন্ধু তথা আৰক্ষী বিষয়া মনোজ খুৰাৰ ব্যক্তিত্ব আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। দুষ্ট মানুহে সৰু ল’ৰা-ছোৱালীক অপহৰণ কৰা ঘটনাবোৰ শুনি সি ভাবিছিল যে ডাঙৰ হ’লে সিও মনোজ খুৰাৰ দৰে এজন সুনিপুণ আৰু সাহসী পুলিচ বিষয়া হ’ব, যাতে সি সমাজৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা সুনিশ্চিত কৰিব পাৰে। এইবোৰ কথা চিন্তা কৰোতেই প্ৰতিৰক্ষা বাহিনী আৰু দেশৰ সীমাত পহৰা দি থকা সৈনিকসকলৰ কথা ভাবি তাৰ মনটো দেশপ্ৰেম আৰু কৃতজ্ঞতাত গদগদ হৈ উঠিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

