Class 7 Assamese Important Chapter 11 ছাতৰৰ কৰ্তব্য Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 11 ছাতৰৰ কৰ্তব্য Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 11 ছাতৰৰ কৰ্তব্য
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
ছাতৰৰ কৰ্তব্য
Chapter: 11
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। পাঠটোৰ নাম কি আৰু ইয়াৰ লেখক কোন?
উত্তৰঃ পাঠটোৰ নাম হ’ল ‘ছাতৰৰ কৰ্তব্য’ আৰু ইয়াৰ লেখক হ’ল লম্বোদৰ বৰা।
২। আমি কি অভিপ্ৰায়েৰে স্কুললৈ যাওঁ?
উত্তৰঃ আমি বিদ্যা অৰ্জন আৰু অভিজ্ঞতা আহৰণৰ অভিপ্ৰায়েৰে স্কুললৈ যাওঁ।
৩। ছাতৰৰ কামক কিহৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ ছাতৰৰ কামক এবিধ তপস্যাৰ লগত তুলনা কৰা হৈছে।
৪। শিক্ষাৰ ঘাই গুৰি কি?
উত্তৰঃ শিক্ষাৰ ঘাই গুৰি হৈছে বিদ্যাৰলৈ থকা ডাঙৰ হেঁপাহ বা মনৰ প্ৰতিজ্ঞা।
৫। বিদ্যা অৰ্জন কৰিলে কি কি বাঢ়ে?
উত্তৰঃ বিদ্যা অৰ্জন কৰিলে ধন, মান আৰু যশস্যা বাঢ়িব।
৬। পাঠটোত কিহক ডাঙৰ বস্তু বুলি কোৱা হৈছে?
উত্তৰঃ পাঠটোত সময়ক বৰ ডাঙৰ বস্তু বুলি কোৱা হৈছে।
৭। কিতাপক কিহৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ কিতাপক আমাৰ দিব্যচকুৰ লগত তুলনা কৰা হৈছে।
৮। যি ছাত্ৰই সময়ৰ সদ্ব্যৱহাৰ নকৰে তেওঁৰ জীৱন কেনেকুৱা হয়?
উত্তৰঃ যি সময়ৰ সদ্ব্যৱহাৰ নকৰে, সি মূৰ্খ আৰু দৰিদ্ৰ হৈ জীৱনত বহুত দুখ বেজাৰ পায়।
৯। আমি কিতাপৰ পৰা কি কি কথা জানিব পাৰোঁ?
উত্তৰঃ হাজাৰ হাজাৰ বছৰৰ আগৰ কথা, ভিন ভিন দেশৰ কথা, গ্ৰহ-নক্ষত্ৰ, ভূত-ভৱিষ্যত আৰু বৰ্তমানৰ সকলো কথা আমি কিতাপৰ পৰা জানিব পাৰোঁ।
১০। কিতাপৰ যোগেদি কোন কোন আমাৰ লগৰীয়া হয়?
উত্তৰঃ কিতাপৰ যোগেদি ব্যাস, বাল্মীকি, কালিদাস আদি মহান ব্যক্তিসকল আমাৰ লগৰীয়া হয়।
১১। মানুহৰ অসাধ্য কিবা আছেনে?
উত্তৰঃ মানুহৰ অসাধ্য একো নাই, পুৰুষাৰ্থ কৰিলে সকলো কাম কৰিব পাৰি।
১২। যি পদে দুটা পদ বা বাক্যক লগ লগায় তাক কি অব্যয় বোলে?
উত্তৰঃ যি পদে দুটা পদ বা বাক্যক সংযোগ কৰে বা লগ লগায় তাক সংযোজক অব্যয় বোলে।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। পঢ়াশালীলৈ যোৱাৰ মূল উদ্দেশ্য কি?
উত্তৰঃ পঢ়াশালীলৈ যোৱাৰ মূল উদ্দেশ্য হ’ল বিদ্যা আৰু অভিজ্ঞতা অৰ্জন কৰা। বিদ্যাৰ বলত ধন, মান আৰু যশস্যা বাঢ়ে, লগতে পিতৃ-মাতৃ, ভাই-বন্ধু আৰু দেশৰ মানুহে সুখ-সন্তোষ পায়। বিদ্যা অৰ্জন কৰিলে ইহকাল আৰু পৰকালতো অপাৰ সুখ লভিব পাৰি আৰু পৃথিৱীত যুগমীয়া হৈ থাকিব পাৰি।
২। কিতাপ পঢ়াৰ উপকাৰিতাসমূহ কি কি?
উত্তৰঃ কিতাপ হৈছে আমাৰ দিব্যচকু। কিতাপ পঢ়িলে আমি হাজাৰ হাজাৰ বছৰৰ আগৰ কথা, ভিন ভিন দেশৰ অৱস্থা, আকাশৰ গ্ৰহ-নক্ষত্ৰ আৰু পৃথিৱীৰ সকলো জীৱ-জড়ৰ বিষয়ে জানিব পাৰোঁ। কিতাপৰ জৰিয়তে আমি অতীতৰ মহান ব্যক্তিসকল যেনে ব্যাস, বাল্মীকিক লগ পোৱাৰ দৰে অনুভৱ কৰোঁ। কিতাপৰ পৰাই আমি ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ।
৩। ছাত্ৰাৱস্থাত সময়ৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে?
উত্তৰঃ ছাত্ৰাৱস্থাত সময়ৰ ব্যৱহাৰ অতি সাৱধানে কৰিব লাগে, কাৰণ সময় বৰ ডাঙৰ বস্তু। পঢ়াৰ সময় আন কামত বৃথা খৰচ কৰিব নালাগে। যি ছাত্ৰই সময়ৰ সদ্ব্যৱহাৰ নকৰে বা অৱহেলা আৰু কুচৰ্চাত সময় ব্যয় কৰে, তেওঁ মূৰ্খ আৰু দৰিদ্ৰ হৈ জীৱনত বহুত দুখ-বেজাৰ ভোগ কৰে। সেয়েহে, সময় নষ্ট নকৰি ছাত্ৰসকলে একান্ত মনে বিদ্যা শিকিব লাগে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

