Class 7 Assamese Important Chapter 10 সতৰ্কতাই সুৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 10 সতৰ্কতাই সুৰক্ষা Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 10 সতৰ্কতাই সুৰক্ষা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
সতৰ্কতাই সুৰক্ষা
Chapter: 10
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ কি ৰাহি কৰিছে?
উত্তৰঃ ইণ্টাৰনেটৰ ব্যৱহাৰে আমাৰ শ্ৰম আৰু সময় ৰাহি কৰিছে।
২। আজিকালি বেছিভাগ কাম কিহৰ জৰিয়তে কৰা হয়?
উত্তৰঃ আজিকালি বেছিভাগ কাম ইণ্টাৰনেটৰ জৰিয়তে কৰা হয়।
৩। ইণ্টাৰনেটৰ এটা সুফল লিখা।
উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে আমি সহজে বহু কথাৰ জ্ঞান লাভ কৰিব পাৰোঁ।
৪। অসাধু লোকসকলে ইণ্টাৰনেটৰ জৰিয়তে কি কৰে?
উত্তৰঃ অসাধু লোকসকলে ইণ্টাৰনেটৰ জৰিয়তে আনৰ ব্যক্তিগত তথ্য চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰে।
৫। চাইবাৰ সুৰক্ষা কি?
উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে হ’ব পৰা বিপদ বা চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰখাকেই চাইবাৰ সুৰক্ষা বুলি কোৱা হয়।
৬। কবিতাটোত কাৰ ম’বাইল ফোনৰ কথা কোৱা হৈছে?
উত্তৰঃ কবিতাটোত জোনবৰ ম’বাইল ফোনৰ কথা কোৱা হৈছে।
৭। নাজানি-নুবুজি ‘ক্লিক্’ কৰিলে কি হ’ব পাৰে?
উত্তৰঃ নাজানি-নুবুজি ‘ক্লিক্’ কৰিলে বিপদ হ’ব পাৰে।
৮। ইণ্টাৰনেটত কি সাৱধানে দিব লাগে বুলি কোৱা হৈছে?
উত্তৰঃ ইণ্টাৰনেটত ‘পাছৱৰ্ড’ সাৱধানে দিব লাগে বুলি কোৱা হৈছে।
৯। ‘ঠগ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘ঠগ’ শব্দৰ অৰ্থ হ’ল প্ৰতাৰক।
১০। মানকাচাৰ আৰক্ষী থানাই কিহৰ বিষয়ে জাননী জাৰি কৰিছিল?
উত্তৰঃ মানকাচাৰ আৰক্ষী থানাই চাইবাৰ অপৰাধৰ সজাগতাৰ বিষয়ে জাননী জাৰি কৰিছিল।
১১। মানকাচাৰ আৰক্ষী থানাৰ জাননীখন কিমান তাৰিখে প্ৰকাশ পাইছিল?
উত্তৰঃ জাননীখন ২০২৫ চনৰ ১০ অক্টোবৰ তাৰিখে প্ৰকাশ পাইছিল।
১২। চাইবাৰ অপৰাধ সংঘটিত হ’লে কিমান নম্বৰত অভিযোগ দিব লাগে?
উত্তৰঃ চাইবাৰ অপৰাধ সংঘটিত হ’লে হেল্পলাইন নম্বৰ ১৯৩০ ত তাৎক্ষণিকভাৱে যোগাযোগ কৰি অভিযোগ দিব লাগে।
১৩। এজাহাৰ (FIR) কাক উদ্দেশ্যি লিখা হৈছিল?
উত্তৰঃ এজাহাৰখন নলবাৰী সদৰ আৰক্ষী থানাৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক উদ্দেশ্যি লিখা হৈছিল।
১৪। এজাহাৰখনত কিমান টকা বেংকৰ পৰা উলিওৱাৰ কথা উল্লেখ আছে?
উত্তৰঃ এজাহাৰখনত বেংকৰ পৰা নগদ দহ হাজাৰ টকা উলিওৱাৰ কথা উল্লেখ আছে।
১৫। ‘পানীৰ তলৰ কাঁইট’ খণ্ডবাক্যটিৰ অৰ্থ কি?
উত্তৰঃ ‘পানীৰ তলৰ কাঁইট’ খণ্ডবাক্যটিৰ অৰ্থ হ’ল নেদেখা-নজনা বিপদ বা গোপন শত্ৰু।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। ইণ্টাৰনেট ব্যৱস্থাৰ দুটা সুফল আৰু দুটা কুফলৰ বিষয়ে লিখা।
উত্তৰঃ ইণ্টাৰনেটৰ দুটা সুফল হ’ল—
(i) ই আমাৰ বহু কাম সহজসাধ্য কৰি তুলিছে আৰু ইয়াৰ জৰিয়তে আমি সহজে বহু কথাৰ জ্ঞান লাভ কৰিব পাৰোঁ।
(ii) ইয়াৰ উচিত প্ৰয়োগ নকৰিলে বিপদত পৰিব লগা হয়, আৰু কিছুমান অসাধু লোকে ইয়াৰ জৰিয়তে আনৰ ব্যক্তিগত তথ্য চুৰি কৰি অপব্যৱহাৰ কৰিব পাৰে।
২। চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ’ব লাগে?
উত্তৰঃ চাইবাৰ অপৰাধীৰ পৰা নিজকে বচাই ৰাখিবলৈ আমি ইণ্টাৰনেটত নাজানি-নুবুজি কোনো অচিনাকি লিংকত ‘ক্লিক্’ কৰিব নালাগে। লগতে, আমাৰ ম’বাইল বা কম্পিউটাৰৰ ‘পাছৱৰ্ড’ সদায় সাৱধানে ৰাখিব লাগে আৰু নিজৰ ব্যক্তিগত তথ্য আনৰ লগত শ্বেয়াৰ কৰিব নালাগে।
৩। চাইবাৰ অপৰাধ বুলিলে কি বুজা? দুটামান চাইবাৰ অপৰাধৰ উদাহৰণ দিয়া।
উত্তৰঃ ইণ্টাৰনেট বা কম্পিউটাৰৰ জৰিয়তে আনৰ তথ্য বা ধন চুৰি কৰা অপৰাধমূলক কাৰ্যবোৰক চাইবাৰ অপৰাধ বোলে। এনে অপৰাধৰ উদাহৰণ হ’ল— বিত্তীয় প্ৰৱঞ্চনা, সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতাৰণা, ই-মেইল বা বেংক একাউণ্ট হেক কৰা আদি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

