Class 6 Social Science MCQ Chapter 7 অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি

Class 6 Social Science MCQ Chapter 7 অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 7 অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 7 অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 7 অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি Notes for All Subject, You can practice these here.

Chapter – 7

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) কোনো এখন ঠাইৰ সূৰ্য্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্পৰ আপেক্ষিক পৰিমাণ আদি উপাদান সমূহ লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে। এনে অৱস্থাক ঠাই খনৰ কি বুলি কোৱা হয়?

(ক) জলবায়ু 

(খ) বতৰ

(গ) গড়

(ঘ) বৃষ্টিপাত 

উত্তৰ:- (খ) বতৰ।

(২) একোটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্য্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আদ্ৰতাৰ গড় অৱস্থা টোক সেই অঞ্চালৰ কি বোলে?

(ক) বতৰ

(খ) জলবায়ু

(গ) বৃষ্টিপাত

(ঘ) গড় 

উত্তৰ:- (খ) জলবায়ু।

(৩) জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমত গোটেই বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে?

(ক) ৪ টা

(খ) ৫ টা

(গ) ৬ টা

(ঘ) ৯ টা 

উত্তৰ:- (ক) ৪ টা।

(৪) গ্ৰীষ্মকালত ব’হাগ মাহত হোৱা এনে ধুমুহা – হোৱা এনে ধুমুহা – বৰষুণ, ধূলি – ধুমুহাক অসমত স্থানীয় ভাৱে কি বোলা হয়?

(ক) গ্ৰীষ্ম কাল 

(খ) বৰ্ষা কাল

(গ) বৰদৈচিলা

(ঘ) শীত কাল 

উত্তৰ:- (গ) বৰদৈচিলা।

(৫) অহাৰ মাহৰ পৰা শাওন, ভাদ আৰু আহিন মাহৰ মাজভাগলৈ কি কাল বুলি কোৱা হয়?

(ক) শৰৎ কাল

(খ) বৰ্ষা কাল

(গ) গ্ৰীষ্ম কাল

(ঘ) শীত কাল

উত্তৰ:- (খ) বৰ্ষা কাল।

(৬) শৰৎ কালৰ শেষৰফালে অৰ্থাৎ কাতি মাহৰ শেষৰ ফালে আৰু আঘোণৰ প্ৰথম ফালে ৰাতিপুৱা – গধূলি ঠাণ্ডা পৰে আৰু দিগন্তত কুঁৱলী দেখা যায় সেইবাবে এই চুটি সময়খিনিক কি কাল বুলি কোৱা হয়?

(ক) শীত কাল 

(খ) বসন্ত কাল 

(গ) হেমন্ত কাল

(ঘ) বৰ্ষা কাল 

উত্তৰ:- (গ) হেমন্ত কাল।

(৭) শীত আৰু গ্ৰীষ্ম কালৰ দোমোজাক কি কাল বুলি কোৱা হয়?

(ক) শৰৎ কাল

(খ) বসন্ত কাল

(গ) হেমন্ত কাল

(ঘ) গ্ৰীষ্মকাল 

উত্তৰ:- বসন্ত কাল।

(৮) মানুহৰ প্ৰভাৱ নাপৰাকৈ বা লালন – পালন নোপোৱাকৈ প্ৰাকৃতিক ভাৱে ডাঙৰ – দীঘল হোৱা গছ – গছনিক কি বোলে?

(ক) চিৰসেউজীয়া উদ্ভিদ

(খ) প্ৰাকৃতিক উদ্ভিদ

(গ) পাৰ্ণপাতী উদ্ভিদ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) প্ৰাকৃতিক উদ্ভিদ।

(৯) পাতবোৰ সদায় সেউজীয়া হৈ থকা উদ্ভিদক কি বোলে?

(ক) চিৰসেউজীয়া উদ্ভিদ

(খ) প্ৰাকৃতিক উদ্ভিদ

(গ) সাধাৰণ উদ্ভিদ

(ঘ) পৰ্ণপাতী উদ্ভিদ 

উত্তৰ:- (ক) চিৰসেউজীয়া উদ্ভিদ।

(১০) তলৰ অসমৰ কোন ঠাইত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?

(ক) উত্তৰ কাছাৰ জিলা

(খ) লখিমপুৰ জিলা

(গ) শোণিতপুৰ জিলা

(ঘ) ডিমা হাছাও জিলা

উত্তৰ:- (ক) উত্তৰ কাছাৰ জিলা।

(১১) তলৰ কোনবিধ উদ্ভিদৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলায়?

(ক) প্ৰাকৃতিক উদ্ভিদ

(খ) পৰ্ণপাতী উদ্ভিদ

(গ) তৃণভূমি উদ্ভিদ

(ঘ) সাধাৰণ উদ্ভিদ 

উত্তৰ:- (খ) পর্ণপাতী উদ্ভিদ।

(১২) গছ – গছনিয়ে এৰি দিয়া কি গেছ আমি উশাহত লওঁ ?

(ক) কাৰ্বন  ডাই অক্সাইড

(খ) অক্সিজেন

(গ) অৰ্গণ

(ঘ) নাইট্ৰজেন 

উত্তৰ:- (খ) অক্সিজেন।

(১৩) আমি নিশাহত এৰি দিয়া কোনবিধ গেছ কি  গছ – গছনিয়ে উশাহত লয়?

(ক) অক্সিজেন

(খ) আৰ্গন

(গ) কাৰ্বন  ডাই  অক্সাইড

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) কাৰ্বন ডাই  অক্সাইড।

(১৪) অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

(ক) পাঁচ খন

(খ) ছয় খন

(গ) সাত খন

(ঘ) আঠ খন

উত্তৰ:- (গ) সাত খন।

(১৪) অসমত বৰ্তমান কেইখন অভয়াৰণ্য আছে?

(ক) সাত খন

(খ) সোতৰ খন 

(গ) দুই খন

(ঘ) দহ খন

উত্তৰ:- (খ) সোতৰ খন।

(১৫) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন খন জিলাত পৰে?

(ক) শোণিতপুৰ

(খ) গোলাঘাট

(গ) দৰং

(ঘ) ধেমাজি

উত্তৰ:- (খ) গোলাঘাট।

(১৬) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

(ক) নগাঁও

(খ) ধুবুৰী

(গ) কোকৰাঝাৰ 

(ঘ) তিনিচুকীয়া 

উত্তৰ:- (গ) কোকৰাঝাৰ।

(১৭) পানী দিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?

(ক) শিৱসাগৰ

(খ) যোৰহাট

(গ) মৰিগাঁও

(ঘ) লখিমপুৰ 

উত্তৰ:- (ক) শিৱসাগৰ।

(১৮) বৰদৈবাম বিলমুখ ক’ত অৱস্থিত?

(ক) উত্তৰ কাৰ্বি আংলং

(খ) তিনিচুকীয়া

(গ) লখিমপুৰ আৰু ধেমাজি 

(ঘ) ডিব্ৰগড়ৰ আৰু তিনিচুকীয়া 

উত্তৰ:- (গ) লখিমপুৰ আৰু ধেমাজি।

(১৯) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

(ক) এশিঙীয়া গঁড়

(খ) হাতী

(গ) বাঘ

(ঘ) হৰিণ

উত্তৰ:- (ক) এশিঙীয়া গঁড়।

(২০) ভাৰতত চাহ উপাদানৰ ক্ষেত্ৰত অসমৰ স্থান কি হয়?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

(ঘ) চতুৰ্থ 

উত্তৰ:- (ক) প্ৰথম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top