Class 6 Social Science MCQ Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter – 17
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) মানুহৰ জীৱন – ধাৰণৰ বাবে অপৰিহাৰ্য এৰাব নোৱাৰা প্ৰয়োজনিয় বস্তু বোৰক কি বোলে?
(ক) মৌলিক প্ৰয়োজন
(খ) মূল বিষয়বস্তু
(গ) সাধাৰণ প্ৰায়োজন
(ঘ) এটাও নহয়
উত্তৰ:- (ক) মৌলিক প্ৰয়োজন।
(২) আহাৰ, সাজ – পাৰ আৰু বাসস্থানৰ অভাৱ পূৰ কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আমি প্ৰকৃতিৰপৰা লাভ কৰোঁ। এইবিলাকক কি বোলা হয়?
(ক) প্ৰাকৃতিক বস্তু
(খ) কেঁচামাল
(গ) মূল বস্তু
(ঘ) এটাও নহয়
উত্তৰ:- (খ) কেঁচামাল।
(৩) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক কি আহাৰ বোলে?
(ক) উপ আহাৰ
(খ) মূল আহাৰ
(গ) কেঁচা আহাৰ
(ঘ) সাধাৰণ আহাৰ
উত্তৰ:- (খ) মূল আহাৰ।
(৪) মূল আহাৰে আমাৰ শৰীৰক নিয়মীয়াকৈ কিহৰ যোগান ধৰে?
(ক) উৎপাদনৰ
(খ) অপৰিপুষ্টিৰ
(গ) পৰিপুষ্টিৰ
(ঘ) সাধাৰণ পুষ্টি
উত্তৰ:- (গ) পৰিপুষ্টিৰ।
(৫) মূল আহাৰৰ উপৰি ৰাতিপুৱা আৰু গধূলি বা দিনটোৰ আন কোনো সময়ত যিবোৰ আহাৰ কম – বেছি পৰিমাণে খোৱা হয় সেইবোৰক কি বোলে?
(ক) মূল আহাৰ
(খ) প্ৰধান আহাৰ
(গ) উপ আহাৰ
(ঘ) পৰিপুষ্ট
উত্তৰ:- (গ) উপ আহাৰ।
(৬) অঞ্চল ভেদে মানুহৰ প্ৰধান আহাৰ কি হ’ব পাৰে ?
(ক) একে
(খ) বেলেগ
(গ) সমান
(ঘ) অসমান
উত্তৰ:- (খ) বেলেগ।
(৭) আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য কি ?
(ক) ৰুটি
(খ) ভাত
(গ) মাকৈ
(ঘ) ফল – মূল
উত্তৰ:- (খ) ভাত।
(৮) পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদি ঠাইৰ প্ৰধান খাদ্য কি ?
(ক) ভাত
(খ) চিৰা
(গ) ৰুটি
(ঘ) মাকৈ
উত্তৰ:- (গ) ৰুটি।
(৯) মেৰু অঞ্চলৰ মানুহে কি গাড়ী চলাই তিমিমাছ আদি চিকাৰ কৰে?
(ক) মটৰ গাড়ী
(খ) ঘোঁৰা গাড়ী
(গ) শ্লেজ গাড়ী
(ঘ) এটাও নহয়
উত্তৰ:- (গ) শ্লেজ গাড়ী।
(১০) শীত প্ৰধান অঞ্চত কি কাপোৰৰ প্ৰচলন বেছি?
(ক) ঊণৰ কাপোৰ
(খ) কপাহী কাপোৰ
(গ) পানী নসৰকা কাপোৰ
(ঘ) সূতা কাপোৰ
উত্তৰ:- (ক) ঊণৰ কাপোৰ।
(১১) গ্ৰীষ্মপ্ৰধান অঞ্চলত মানুহে কি কাপোৰ বেছিকৈ ব্যৱহাৰ কৰে?
(ক) ঊণৰ কাপোৰ
(খ) কপাহী কাপোৰ
(গ) পানী নসৰকা কাপোৰ
(ঘ) এটাও নহয়
উত্তৰ:- (খ) কপাহী কাপোৰ।
(১২) জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাইত মানুহে কিহত ঘৰ সাজি লয়?
(ক) বালিত
(খ) শিলত
(গ) নাৱত
(ঘ) এটাও নহয়
উত্তৰ:- (গ) নাৱত।
(১৩) নাৱত সজা ঘৰক কি বোলা হয়?
(ক) নৌকাগৃহ
(খ) নাওঁঘৰ
(গ) নৌকা ঘৰ
(ঘ) চাং ঘৰ
উত্তৰ:- (ক) নৌকাগৃহ।
(১৪) তুন্দ্ৰা অঞ্চলৰ এস্কিম’সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজি লয়, এই ঘৰবোৰক কি বোলে?
(ক) চাংঘৰ
(খ) ঈগ্লু
(গ) নাওঁ ঘৰ
(ঘ) নৌকা গৃহ
উত্তৰ:- (খ) ঈগ্লু।
(১৫) ভাৰতৰ কোনটো অঞ্চলৰ মানুহে চাংঘৰ সাজে?
(ক) উত্তৰ – পূব অঞ্চলৰ
(খ) উত্তৰ – দক্ষিণ অঞ্চল
(গ) কাশ্মীৰ অঞ্চল
(ঘ) দক্ষিণ – পশ্চিম অঞ্চলত
উত্তৰ:- (ক) উত্তৰ – পূব অঞ্চল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.