Class 6 Social Science MCQ Chapter 14 মহাজনপদ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 14 মহাজনপদ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 14 মহাজনপদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
মহাজনপদ
Chapter – 14
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) আৰ্যসকলৰ শাসন প্ৰণালীৰ আদিতে গঢ় লৈ উঠা বিশ বা জন ৰ পৰাই ক্ৰমে জনপদ, মহাজনপদ আৰু কিহৰ সৃষ্টি হৈছিল?
(ক) ৰাজন
(খ) সাম্ৰাজ্য
(গ) ধৰ্মীয় নীতি
(ঘ) কলা
উত্তৰ:- (খ) সাম্ৰাজ্য।
(২) আৰ্যসকলৰ শাসন কালত গৰু, ঘোঁৰা আৰু ৰথেৰে চহকী কিছু সংখ্যক প্ৰতিপত্তিশালী লোকক কি বোলা হৈছিল?
(ক) বিশ
(খ) মহাজনপদ
(গ) ৰাজন্য
(ঘ) মহজনপদ
উত্তৰ:- (গ) ৰাজন্য।
(৩) এই ৰাজন্যসকলৰ মাজৰ পৰাই বাহুবলি, শক্তিশালী আৰু যুদ্ধ – বিগ্ৰহত নেতৃত্ব দিব পৰা একোজন ব্যক্তি কি হৈছিল?
(ক) ৰজা
(খ) জন
(গ) মহাজনপদ
(ঘ) এটাও নহয়
উত্তৰ:- (ক) ৰজা।
(৪) সেই সময়ত গণৰাজ্য কিছুমান গঢ় লৈ উঠিছিল, সেইবোৰ কোন অঞ্চলত স্থাপিত হৈছিল।
(ক) দিল্লীত
(খ) হিমালয়ৰ পাদদেশত
(গ) গংগা উপত্যকাত
(ঘ) সিন্ধু উপত্যকাত
উত্তৰ:- (খ) হিমালয়ৰ পাদদেশত।
(৫) তলৰ কোনখন মহাজনপদ ৰাজতন্ত্ৰ নাছিল?
(ক) মগধ
(খ) অঙ্গ
(গ) মল্ল
(ঘ) জন
উত্তৰ:- (গ) মল্ল।
(৬) কেইবাটাও ফৈদ বা পৰিয়াল একেলগ গোট খাই এখন সমাজ গঢ়ি তুলিছিল আৰু এনে ধৰণৰ ক্ষুদ্ৰ একোখন সমাজক কি বোলা হৈছিল?
(ক) জন
(খ) জনপদ
(গ) মহাজনপদ
(ঘ) গাঁও
উত্তৰ:- (ক) জন।
(৭) জন ৰ দুটা উল্লেখযোগ্য অনুষ্ঠান আছিল –
(ক) শাসন আৰু সমিতি
(খ) সভা আৰু সমিতি
(গ) অনুষ্ঠান আৰু প্ৰতিষ্ঠান
(ঘ) এটাও নহয়
উত্তৰ:- (খ) সভা আৰু সমিতি।
(৮) প্ৰতিটো ‘জন’ ৰ মানু্হখিনি একোটা আঞ্চলত গাঁও পাতি স্থায়ীভাৱে বাস কৰাক কি বোলে?
(ক) জনপদ
(খ) বিশ
(গ) গাঁও
(ঘ) জন
উত্তৰ:- (ক) জনপদ।
(৯) জনপদসমূহ উত্তৰ ভাৰতৰ কোনটো অঞ্চলত গঢ় লৈ উঠিছিল?
(ক) সমভূমি অঞ্চলত
(খ) পাৰ্বত্য অঞ্চলত
(গ) গংগা উপত্যকা সমভূমি অঞ্চলত
(ঘ) এটাও নহয়
উত্তৰ:- (গ) গংগা উপত্যকা সমভূমি অঞ্চলত।
(১০) জনপদসমূহৰ মাজত কিছুমান ক্ৰমান্বয়ে ধনে – ধানে আৰু সামৰিক ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছিল, এনে জনপদসমূহে নিজকে কিহলৈ উন্নীত কৰিছিল?
(ক) জনপদ লৈ
(খ) ৰজা লৈ
(গ) মহাজনপদ লৈ
(ঘ) পদ লৈ
উত্তৰ:- (গ) মহাজনপদ লৈ।
(১১) নিজকে নিৰাপদ আৰু সুৰক্ষিত কৰিবলৈ মহাজনপদসমূহে কি নিৰ্মাণ কৰিছিল?
(ক) দুৰ্গ
(খ) লোৰ অস্ত্ৰ
(গ) ভিবিন্ন সাম্ৰাজ্য
(ঘ) তামৰ অস্ত্ৰ
উত্তৰ:- (ক) দুৰ্গ।
(১২) মহাজনপদসমূহে নিজকে আৰ্থিকভাৱে সবল কৰিবলৈ কিহৰ ব্যৱহাৰ কৰিছিল?
(ক) বিভিন্ন অস্ত্ৰৰ
(খ) বিভিন্ন কৰ – কাটলৰ
(গ) লোৰ
(ঘ) তামৰ
উত্তৰ:- (খ) বিভিন্ন কৰ – কাটলৰ।
(১৩) ইতিহাসৰ পৰা আমি প্ৰাচীন ভাৰতত কেইখন মহাজনপদ থকাৰ কথা জানিব পাৰোঁ?
(ক) ষোল্লখন
(খ) সোতৰখন
(গ) বিশখন
(ঘ) দহ খন
উত্তৰ:- (ক) ষোল্লখন।
(১৪) ব্যৱসায়ী সকলে তেওঁলোকৰ প্ৰয়োজনীয় হিচাপ – নিকাচ ৰাখিবৰ বাবে আৰু দূৰ – দূৰণিলৈ খবৰ পঠিয়াবলৈ কিহৰ ব্যৱহাৰ কৰিছিল?
(ক) মুদ্ৰাৰ
(খ) লিপিৰ
(গ) নিৰ্দেশনাৰ
(ঘ) ক আৰু খ দুটা
উত্তৰ:- (খ) লিপিৰ।
(১৫) ৰজা সকলে কৰ সম্পৰ্কীয় হিচাপ কেনেকৈ ৰাখিছিল?
(ক) লিখিত ৰূপত
(খ) শিলালিপিত
(গ) প্ৰাকৃতি ৰূপত
(ঘ) সাধাৰণ ৰূপত
উত্তৰ:- (ক) লিখিত ৰূপত।
(১৬) পুৰাতত্ত্ববিদসকলে কি কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।
(ক) খনন কাৰ্যৰ দ্বাৰা
(খ) কৃষি কাৰ্যৰ দ্বাৰা
(গ) ক আৰু খ দুটা
(ঘ) এটাও নহয়
উত্তৰ:- (ক) খনন কাৰ্যৰ দ্বাৰা।
(১৭) জনপদৰ দিনত বিভিন্ন ৰঙৰ কি তৈয়াৰ কৰা হৈছিল?
(ক) কাঠৰ পাত্ৰ
(খ) লোৰ অস্ত্ৰ
(গ) মাটিৰ পাত্ৰ
(ঘ) বাঁহৰ পাত্ৰ
উত্তৰ:- (গ) মাটিৰ পাত্ৰ।
(১৮) মহাজনপদৰ দিনত শস্যৰ ওপৰত কিমান কৰ নিৰ্ধাৰণ কৰা হৈছিল?
(ক) ১/৫ অংশ
(খ) ১/৬ অংশ
(গ) ১/৭ অংশ
(ঘ) এটাও নহয়
উত্তৰ:- (খ) ১/৬ অংশ।
(১৯) ষোল্লখন মহাজনপদৰ ভিতৰত শেষলৈকে কেইখন মহাজনপদ তিষ্ঠি থাকিল?
(ক) চাৰিখন
(খ) তিনিখন
(গ) পাঁচখন
(ঘ) ছখন
উত্তৰ:- (ক) চাৰিখন।
(২০) তিষ্ঠি থকা চাৰিখন মহাজনপদৰ ভিতৰত সবাতোতকৈ শক্তিশালী মহাজনপদ কোনটো আছিল?
(ক) কোশল
(খ) বৎস
(গ) মগধ
(ঘ) এটাও নহয়
উত্তৰ:- (গ) মগধ।