SEBA Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 9 জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

জীৱ আৰু ইয়াৰ চৌপাশৰ বাতাবৰণ

Chapter: 9

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) বসতিস্থল কি ?

উত্তৰঃ – প্ৰাণী বসবাস কৰা স্থানকে বসতিস্থল বোলা হয় । জীৱই বসতিস্থলত আহাৰ , পানী , বায়ু , আশ্ৰয়স্থল আৰু অন্যান্য প্ৰয়োজনীয় বস্তু হিচাপে ।

প্ৰশ্ন : – ২)  মৰুভূমিত কেকটাছ কেনেদৰে অভিযোজন কৰে ?

উত্তৰঃ – কেকটাছৰ পাত নথকা বাবে প্ৰচ্ছেদন নহয় । কাণ্ডত সালোক সংশ্লেষণ ঘটে আৰু ই পানী জমা কৰি ৰাখে । কেকটাছৰ শিপা পানী শোষণ কৰাৰ বাবে বহু তললৈ যায় । এনেদৰে মৰুভূমিত কেকটাছ জীয়াই থাকে । 

প্ৰশ্ন : – ৩)  তলৰ খালী ঠাইবোৰ পূৰ কৰা :

ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক ― বোলে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ – যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক অভিযোজন বোলে ।

খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক ― আবাসস্থলী বোলে ।

উত্তৰঃ – উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক স্থলজ আবাসস্থলী বোলে ।

গ) পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক ― আবাসস্থলী বোলে ।

উত্তৰঃ – পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক জলজ আবাসস্থলী বোলে ।

ঘ) মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ ― কাষৰ ।

উত্তৰঃ – মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ বায়বীয় কাষৰ ।

ঙ) চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক ― বোলে ।

উত্তৰঃ – চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক উদ্দীপনা বোলে ।

প্ৰশ্ন : – ৪)  তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ ?

নাঙল , কাঠফুলা , চিলাই মেচিন , ৰেডিঅ’ , নাও , পানী মেটেকা , কেঁচু ।

উত্তৰঃ – জড় : নাঙল , চিলাই মেচিন , ৰেডিঅ’ , নাও ।

প্ৰশ্ন : – ৫)  জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ – ডাৱৰ । ডাৱৰ বৃদ্ধি হয় আৰু ই লৰচৰ কৰে ।

প্ৰশ্ন : – ৬) তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱিত আছিল ?

মাখন , চামৰা , মাটি , ঊণ , বৈদ্যুতিক বালব , ৰন্ধন তেল , নিমখ , আপেল , ৰবৰ ।

উত্তৰঃ – মাখন , চামৰা , ঊণ , ৰন্ধন তেল , আপেল আৰু ৰবৰ এটা সময়ত জীৱিত বস্তুৰ অংশ আছিল ।

প্ৰশ্ন : – ৭)  জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ তালিকা ভূক্ত কৰা ।

উত্তৰঃ – জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ হৈছে ―১) বৃদ্ধি          ২) চলন  ৩) প্ৰজনন  ৪) শ্বসন  ৫) প্ৰতিক্ৰিয়া শীল  ৬) মলত্যাগ ।

প্ৰশ্ন : – ৮)  তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্রয়োজনীয় কিয় ব্যাখ্যা কৰা ।

উত্তৰঃ – তৃণভূমিত গছ – গছনিৰ সংখ্যা তাকৰ হোৱাৰ বাবে প্ৰাণীয়ে লুকাব নোৱাৰে । যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে সেই সময়ত দ্ৰুততৰে দৌৰিব লগীয়া হয় । যদি প্ৰাণীবোৰে দৌৰিব নোৱাৰে তেন্তে সিহঁতৰ মৃত্যু আহে । সেয়ে তৃণভূমিত বাস কৰা প্ৰাণীবিলাকৰ বাবে গতি অতি প্ৰয়োজনীয় হয় ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top