SEBA Class 6 Science Chapter 8 দেহৰ চলন

Class 6 Science Chapter 8 দেহৰ চলন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 8 দেহৰ চলন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

দেহৰ চলন

Chapter: 8

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১)  খালি ঠাই পূৰ কৰা :

ক) হাড়ৰ সন্ধিয়ে দেহৰ ― ত সহায় কৰে ।

উত্তৰঃ – হাড়ৰ সন্ধিয়ে দেহৰ চলন ত সহায় কৰে ।

খ) হাড় বা অস্তি আৰু উপাস্থি একেলগ হৈ দেহৰ ― গঠন কৰে ।

উত্তৰঃ – হাড় বা অস্তি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে ।

গ) কিলাকুটিৰ হাড় ― সন্ধিৰ দ্বাৰা যোৰা লাগি থাকে । 

উত্তৰঃ – কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি থাকে । 

ঘ) ― সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে । 

উত্তৰঃ – মাংসপেশী সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে । 

প্ৰশ্ন : – ২) তলৰ বাক্যবোৰৰ মাজৰ পৰা শুদ্ধ / অশুদ্ধ চিহ্নিত কৰা ।

ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায় একে ।

উত্তৰঃ – অশুদ্ধ ।

খ) উপাস্থিবোৰ হাড়তকৈ টান ।

উত্তৰঃ  – অশুদ্ধ ।

গ) হাতৰ হাড়ৰ সন্ধি নাই ।

উত্তৰঃ – অশুদ্ধ ।

ঘ) আগবাহুৰ দুডাল হাড় আছে । 

উত্তৰঃ – শুদ্ধ ।

ঙ) পইতাচোৰাৰ বাহ্যিক আৱৰণ আছে ।

উত্তৰঃ – শুদ্ধ ।

প্ৰশ্ন : – ৩) ক অংশৰ লগত খ অংশ মিলোৱা :

‘ক’ অংশ ‘খ’ অংশ
১) উৰ্ধ হনুক) দেহত ফান আছে
২) মাছখ) বাহ্যিক জঁকা আছে
৩) কামিহাড়গ) বায়ুত উৰিব পাৰে
৪) শামুকঘ) চলনহীন সন্ধি
৫) পইতাচোৰাঙ) হৃদপিণ্ডক ৰক্ষা কৰেচ) চলন অতি লেহেমীয়াছ) অজ্ঞবিৰোধী ( streamlined ) দেহ আছে

উত্তৰঃ – 

‘ক’ অংশ ‘খ’ অংশ
১) উৰ্ধ হনু –ঘ) চলনহীন সন্ধি ।
২) মাছ –ক) দেহত ফান আছে ।
৩) কামিহাড় –ঙ) হৃদপিণ্ডক ৰক্ষা কৰে ।
৪) শামুক –খ) বাহ্যিক জঁকা আছে ।
৫) পইতাচোৰা – গ) বায়ুত উৰিব পাৰে ।

প্ৰশ্ন : – ৪) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

ক) বল আৰু চকেট সন্ধি কি ?

উত্তৰঃ – এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই যি সন্ধি গঠন কৰে তাক বল আৰু চকেট সন্ধি বোলা হয়।

খ) লাওখোলাৰ চলনক্ষম হাড় কোনবোৰ ?

উত্তৰঃ – লাওখোলাৰ নিম্ন হনু চলনক্ষম ।

গ) আমাৰ কিলাকুটি পিছফালে বেঁকা কৰিব নোৱাৰি কিয় ?

উত্তৰঃ – কিলাকুটিত কব্জা সন্ধি ( hinge joint ) থকাৰ বাবে পিছফালে ঘূৰাব নোৱাৰি ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top