SEBA Class 6 Science Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা

Class 6 Science Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 7 উদ্ভিদৰ বিষয়ে জানো আহা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

উদ্ভিদৰ বিষয়ে জানো আহা

Chapter: 7

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) তলৰ বাক্যবোৰ শুদ্ধ কৰা আৰু পুনৰ লিখা ।

ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে ।

উত্তৰঃ – শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱন শোষণ কৰে ।

খ) পাতে গছক থিয় কৰি ৰাখে ।

উত্তৰঃ – পাতে গছক থিয় কৰি ৰাখে ।

গ) শিপাই পাতলৈ পানী পৰিবহন কৰে ।

উত্তৰঃ – কাণ্ডই পাতলৈ পানী পৰিবহন কৰে ।

ঘ) এপাহ ফুলত সদায় সমানসংখ্যক বেটুপাত আৰু পাহি থাকে ।

উত্তৰঃ – এপাহ ফুলৰ বেটুপাত আৰু পাহিৰ সংখ্যা একে হয় । 

ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকে তেন্তে পাহিবোৰো সংলগ্ন হৈ থাকে ।

উত্তৰঃ – এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকিলে পাহি সংলগ্ন নাথাকে ।

চ ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন ( অথবা একেলগে লাগি থাকে ) তেন্তে গৰ্ভকেশৰো বেটুপাতৰ লগত সংলগ্ন হৈ থাকে ।

উত্তৰঃ – এপাহ ফুলৰ পাহি সংলগ্ন থাকিলে গৰ্ভকেশৰ বেটুপাতৰ লগত সংলগ্ন নাথাকে ।

প্ৰশ্ন : – ২) তোমালোকে ঘৰত অথবা ঘৰৰ ওচৰে – পাজৰে দেখা দুৰ্বল কাণ্ডৰ এবিধ উদ্ভিদৰ নাম লিখা । তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা ?

উত্তৰঃ – আমি দেখিবলৈ পোৱা এনে এবিধ উদ্ভিদ হৈছে লতা জাতীয় উদ্ভিদ ।

প্ৰশ্ন : – ৩) উদ্ভিদৰ কাণ্ডৰ কাম কি ?

উত্তৰঃ – উদ্ভিদৰ কাণ্ডই নিম্নোক্ত কাৰ্য সম্পন্ন কৰে : 

১) কাণ্ড আৰু ইয়াৰ শাখা – প্ৰশাখাই উদ্ভিদৰ পাতক অধিক পৰিমাণত সূৰ্যৰ পোহৰ পোৱাত সহায় কৰে ।

২) ই উদ্ভিদৰ শিপাৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পানী পৰিবহন কৰে । 

৩) পাতত প্ৰস্তুত খাদ্য কাণ্ডই উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ।

৪) কাণ্ডই পাত , ফুল আৰু ফল বহন কৰে ।

প্ৰশ্ন : – ৪) অংকন কৰা ―

ক) এখিলা পাত

উত্তৰঃ – 

খ) এথোপা মুখ্যমূল 

উত্তৰঃ – 

গ) এপাহ ফুল

উত্তৰঃ – 

প্ৰশ্ন : – ৫) তলৰ কোনবোৰ পাতত জাল সিৰা বিন্যাস দেখিবলৈ পোৱা যায় ।

ঘেঁহু , তুলসী , গোমধান , ঘাঁহ , ধনীয়া , জবাফুল ।

উত্তৰঃ – তুলসী আৰু জবা ফুলত ।

প্ৰশ্ন : – ৬) যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূল যুক্ত হয়, তেন্তে তুমি এই উদ্ভিদ জোপাৰ পাতত কেনেকুৱা সিৰা বিন্যাস দেখিবলৈ পাবা ?

উত্তৰঃ – সমান্তৰাল সিৰা বিন্যাস ।

প্ৰশ্ন : – ৭) যদি এজোপা উদ্ভিদৰ সিৰা বিন্যাস জাল হয় তেন্তে ইয়াৰ শিপা কেনে হব ?

উত্তৰঃ – মুখ্যমূলৰ হ’ব ।

প্ৰশ্ন : – ৮) এখিলা পাত নেদেখাকৈ চিনাক্ত কৰা সম্ভৱনে ? কেনেকৈ ?

উত্তৰঃ – নেদেখাকৈ এখিলা পাত খাটাংকৈ চিনাক্ত কৰাটো সম্ভৱ নহয় । পাতখিলাৰ স্পৰ্শ আৰু গোন্ধ লৈ কিছু ধাৰণা কৰিব পাৰি ।

প্ৰশ্ন : – ৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।

উত্তৰঃ – বেটুপাত , পাহি , গৰ্ভকেশৰ , পুংকেশৰ ।

প্ৰশ্ন : – ১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা ? তাৰ ভিতৰত কোনবোৰত ফুল আছে ?

ঘাঁহ গোমধান জলকীয়াবিলাহীতুলসী বুট
শিশু  আঁহত আমজামু মধুৰী আম ডালিম
অমিতা কলনেমু টেঙাকুঁহিয়াৰআলুবাদাম

উত্তৰঃ – এই সকলোবোৰ উদ্ভিদেই দেখিবলৈ পাইছোঁ । এই সকলোবোৰ উদ্ভিদৰে ফুল আছে ।

প্ৰশ্ন : – ১১) উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে ? প্ৰক্ৰিয়াটোৰ নাম লিখা ।

উত্তৰঃ – উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে । উদ্ভিদৰ খাদ্য প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলা হয় ।

প্ৰশ্ন : – ১২) ফুলৰ কোন অংশত গৰ্ভাশয় থাকে ?

উত্তৰঃ – গৰ্ভকেশৰত গৰ্ভাশয় থাকে । ই হৈছে গৰ্ভাশয়ৰ আটাইতকৈ তলৰ অংশ । 

প্ৰশ্ন : – ১৩) বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা ।

উত্তৰঃ – বেটুপাত সংলগ্ন ফুল :- ধুতুৰা আৰু লাকি ।

বেটুপাত সংলগ্ন নথকা ফুল :- সৰিয়হৰ ফুল আৰু গধূলি গোপাল ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top