Class 6 Science Chapter 4 পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.
SEBA Class 6 Science Chapter 4 পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.
পদাৰ্থবোৰক বিভিন্ন ভাগত ভগোৱা
Chapter: 4
| পাঠভিত্তিক প্ৰশ্নোত্তৰ |
প্ৰশ্ন : – ১) কাঠেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা ।
উত্তৰঃ – ১) টেবুল , ২) চকী , ৩) দৰ্জা , ৪) নাও , ৫) বিছনা ।
প্ৰশ্ন : – ২) তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জলতা আছে বাচি উলিওৱা :
কাচৰ বাতি , প্লাষ্টিকৰ পুতলা , ষ্টীলৰ চামোচ , কপাহী চোলা ।
উত্তৰঃ – কাঁচৰ বাতি আৰু ষ্টীলৰ চামোচ উজ্জ্বল বস্তু ।
প্ৰশ্ন : – ৩) তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা , যিবোৰৰ পৰা বস্তুটো নিৰ্মাণ কৰা হয় । মনত ৰাখিবা যে বস্তু এটা এটাতকৈ বেছি পদাৰ্থৰে গঠন হব পাৰে আৰু পদাৰ্থটো বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হব পাৰে ।
| বস্তু | পদাৰ্থ |
| কিতাপ | – কাঁচ |
| চকী | – কাগজ |
| জোতা | – প্লাষ্টিক |
| গামলা | – কাঠ |
উত্তৰঃ-
| বস্তু | পদাৰ্থ |
| কিতাপ | – কাগজ |
| চকী | – কাঠ আৰু প্লাষ্টিক |
| জোতা | – চামৰা |
| গামলা | – কাঁচ , প্লাষ্টিক |
প্ৰশ্ন : – ৪) তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা ।
ক) শিল স্বচ্ছ , কিন্তু কাঁচ অস্বচ্ছ ।
উত্তৰঃ – অশুদ্ধ ।
খ) টোকাবহীৰ উজ্জ্বলতা ( ছ্যুতি ) আছে , কিন্তু ৰবৰৰ নাই ।
উত্তৰঃ – অশুদ্ধ।
গ) চক মাটি পানীত দ্ৰৱীভূত হয় ।
উত্তৰঃ – অশুদ্ধ ।
ঘ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।
উত্তৰঃ – শুদ্ধ ।
ঙ) চেনি পানীত দ্ৰৱীভূত নহয় ।
উত্তৰঃ – অশুদ্ধ ।
চ) বালি পানীত তললৈ যায় ।
উত্তৰঃ – শুদ্ধ ।
ছ) তেল পানীত মিহলি হয় ।
উত্তৰঃ – অশুদ্ধ ।
জ) ভিনেগাৰ পানীত দ্ৰৱীভূত হয় ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – ৫) তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে ―
পানী , বাস্কেট বল , কমলা , চেনি , গোলক , আপেল , আৰু মাটিৰ কলহ । নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা ―
ক) গোলাকৃতি আৰু অন্য আকৃতি
খ) খোৱাৰ উপযোগী আৰু খোৱাৰ অনুপযোগী বস্তু ।
উত্তৰঃ – ক) গোলাকৃতি : বাস্কেট বল , কমলা , গোলক , আপেল , আৰু মাটিৰ কলহ ।
অন্য আকৃতি : চেনি আৰু পানী ।
খ) খোৱাৰ উপযোগী : পানী , কমলা , আপেল , আৰু চেনি ।
খ) খোৱাৰ অনুপযোগী : বাস্কেট বল , গোলক আৰু মাটিৰ কলহ ।
প্ৰশ্ন : – ৬) তুমি জনা পানীত উপঙা সকলো বস্তুৰ নাম লিখা। এইবোৰ তেল অথবা কেৰাচিন তেলত উপঙে নে ? নিৰীক্ষণ কৰা ।
উত্তৰঃ – পানীত উপঙা বস্তু : কাগজ , কাঠ , প্লাষ্টিকৰ পাতল পটা , মম, বৰফ , থাৰ্ম’কল আৰু তেল ।
তেলত উপঙা বস্তু : কাগজ , কাঠ , প্লাষ্টিকৰ পাতল পটা , মম , থাৰ্ম’কল ।
কেৰাচিনত উপঙা বস্তু : কাগজ , প্লাষ্টিকৰ পাতল পটা , আৰু থাৰ্ম’কল ।
প্ৰশ্ন : – ৭) তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাচি উলিওৱা :
ক) চকী , বিছনা , টেবুল , কেঁচুৱা , আলমাৰি ।
উত্তৰঃ – কেঁচুৱা ( আন সকলো বস্তু জড় ) ।
খ) গোলাপ , খৰিকাজাই , নাও , নাৰ্জী , পদুম ।
উত্তৰঃ – নাও ( আনবোৰ ফুল ) ।
গ) এলুমিনিয়াম , লো , তাম , ৰূপ , বালি ।
উত্তৰঃ – বালি ( আনবোৰ ধাতু )
ঘ) চেনি , নিমখ , বালি , কপাৰ ছালফেট ।
উত্তৰঃ – বালি (আনবোৰ পানীত দ্ৰৱীভূত হয়) ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

