SEBA Class 6 Science Chapter 12 বিদ্যুৎ আৰু বৰ্তনী

Class 6 Science Chapter 12 বিদ্যুৎ আৰু বৰ্তনী Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 12 বিদ্যুৎ আৰু বৰ্তনী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

বিদ্যুৎ আৰু বৰ্তনী

Chapter: 12

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) খালী ঠাই পূৰ কৰা : 

ক) বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি সঁজুলি ব্যৱহাৰ কৰা হয় তাক ―বোলে ।

উত্তৰঃ – বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি সঁজুলি ব্যৱহাৰ কৰা হয় তাক চুইচ বোলে ।

খ) এটা বিদ্যুৎ কোষত ― টা মূৰ থাকে ।

উত্তৰঃ – এটা বিদ্যুৎ কোষত দুটা টা মূৰ থাকে ।

প্ৰশ্ন : – ২) শুদ্ধ / অশুদ্ধ বাছি উলিওৱা ।

ক) সকলো ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰভাহিত হব পাৰে ।

উত্তৰঃ – শুদ্ধ ।

খ) বৈদ্যুতিক বৰ্তনী এটা বনাবলৈ ধাতুৰ তাঁৰৰ সলনি এডাল মৰাপাটৰ সূতাও ব্যৱহাৰ কৰিব পাৰি ।

উত্তৰঃ – অশুদ্ধ ।

গ) থাৰ্মকলৰ পাতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হব পাৰে ।

উত্তৰঃ – অশুদ্ধ ।

প্ৰশ্ন : – ৩) বৈদ্যুতিক চুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি ? কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম লিখা যত চুইচসমূহ সংলগ্ন কৰি থোৱা থাকে ।

উত্তৰঃ – প্ৰয়োগ অনুসৰি অথবা আমি বিচৰা ধৰণে ব্যৱহাৰ কৰিবৰ বাবে বৈদ্যুতিক চুইচৰ প্ৰয়োজন হয় । সংলগ্ন কৰি থোৱা কিছুমান বৈদ্যুতিক সঁজুলি হৈছে – ইস্ত্রি ,  এ . চি , মাইক্ৰৱেভ ।

প্ৰশ্ন : – ৪) এটা বস্তুৰ ক্ষেত্ৰত ‘পৰিবাহিতা টেষ্টাৰ’ ( conduction tester ) ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গল । সেই বস্তুটো এটা পৰিবাহী নে অপৰিবাহী ? বাখ্যা কৰা ।

উত্তৰঃ – যদি বস্তুটো বিদ্যুৎ পৰিবাহী হয় তেন্তে পৰিবাহিতা টেষ্টাৰ ( conduction tester ) টোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হব আৰু বাল্বটো জ্বলি উঠিব । সেই কাৰণে বস্তুটো পৰিবাহী ।

প্ৰশ্ন : – ৫)  এজন ইলেকট্ৰিচিয়ানে তোমাৰ ঘৰৰ চুইচ মেৰামতি কৰাৰ সময়ত কিয় হাতত ৰবৰৰ হাতমোজা পি পিন্ধি লোৱা উচিত ? বাখ্যা কৰা।

উত্তৰঃ – আমাৰ দেহ বিদ্যুৎৰ পৰিবাহী । কিন্তু প্লাষ্টিক বা ৰবৰ বিদ্যুৎ পৰিবাহী নহয় । সেয়ে কোনো অঘটন নঘটিবৰ বাবে এজন ইলেকট্ৰিচিয়ানে ৰবৰৰ হাতমোজা ব্যৱহাৰ কৰে ।

প্ৰশ্ন : – ৬)  মেৰামতি কামত ইলেকট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্কু- ড্ৰাইভাৰ আৰু চেপেনা যন্ত্ৰ আদিৰ নিচিনা আহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিক বা ৰবৰৰ আৱৰণ থাকে । কিয় এই আৱৰণ দিয়া হয় ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰঃ – প্লাষ্টিক আৰু ৰবৰ বিদ্যুৎ পৰিবাহী নহয় । সেয়ে স্কু – ড্ৰাইভাৰ আৰু চেপেনা যন্ত্ৰ আদিৰ নিচিনা আহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিক বা ৰবৰৰ আৱৰণ লগোৱা হয় । এনে কৰিলে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা নাথাকে ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top