SEBA Class 6 Science Chapter 10 গতি আৰু দূৰত্বৰ জোখ – মাপ

Class 6 Science Chapter 10 গতি আৰু দূৰত্বৰ জোখ – মাপ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.

SEBA Class 6 Science Chapter 10 গতি আৰু দূৰত্বৰ জোখ – মাপ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.

গতি আৰু দূৰত্বৰ জোখ – মাপ

Chapter: 10

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) মাটি , পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ – মাটি ― বাছ , ট্ৰাক আৰু ৰেল ।

পানী ― জাহাজ , নাও ।

বায়ু ― উৰাজাহাজ , হেলিকপ্তাৰ ।

প্ৰশ্ন : – ২)  খালী ঠাই পূৰ কৰা :

ক) এক মিটাৰ মানে ― চে : মি : ।

উত্তৰঃ – এক মিটাৰ মানে ১০০ চে : মি : ।

খ) পাঁচ কিলোমিটাৰ মানে ― মি : ।

উত্তৰঃ – পাঁচ কিলোমিটাৰ মানে ৫০০০ মি : ।

গ) দোলনাত শিশু এটাই কৰা গতি হৈছে ― ।

উত্তৰঃ – দোলনাত শিশু এটাই কৰা গতি হৈছে পৰ্যাবৃত্ত ( ঘূৰ্ণন ) গতি । 

ঘ) চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে ― ।

উত্তৰঃ – চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে পৰ্যাবৃত্ত ঘূৰ্ণন গতি ।

ঙ ) বাইচাকেলৰ চকাৰ গতি হৈছে ― ।

উত্তৰঃ – বাইচাকেলৰ চকাৰ গতি হৈছে বৃত্তীয় গতি  ।

প্ৰশ্ন : – ৩)  ভৰিৰ জোখ অথবা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ?

উত্তৰঃ – প্ৰতিজন লোকৰে ভৰিৰ জোখ অথবা পদচিহ্ন সমান নোহোৱাৰ কাৰণে ।

প্ৰশ্ন : – ৪) বৰ্ধিত ক্ৰমত তলৰ দৈর্ঘবোৰ সজোৱা :

১ মিটাৰ , ১ চেণ্টিমিটাৰ , ১ কিলোমিটাৰ , ১ মিলিমিটাৰ।

উত্তৰঃ – এই দৈৰ্ঘ্যবোৰৰ বৰ্ধিত ক্ৰম হৈছে ― 

১ মিলিমিটাৰ  < ১  চেণ্টিমিটাৰ  <  ১ মিটাৰ  <  ১ কিলোমিটাৰ ।

প্ৰশ্ন : – ৫) এজন নানুহৰ উচ্চতা ১.৬৫ মিটাৰ । ইয়াক চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা । 

উত্তৰঃ – ১ মিটাৰ = ১০০ চেণ্টিমিটাৰ 

গতিকে ১.৬৫ মিটাৰ = ১.৬৫ × ১০০ ছে : মি : 

                               = ১ . ৬৫ চে : মি 

যিহেতু  ১) চেণ্টিমিটাৰ =  ১০০ মিলিমিটাৰ 

গতিকে ১৬০ চে – মি: নি = ( ১৬৫ × ১০০০ ) মি : মি

                                     = ১৬৫০ মি :  মি

প্ৰশ্ন : – ৬) ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব ৩২৫০ মিটাৰ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা ।

উত্তৰঃ – যিহেতু  ১  কিলোমিটাৰ = ১০০০ মিটাৰ 

গতিকে , ৩২৫০ মিটাৰ = ৩২৫০ / ১০০ কি: মি :

প্ৰশ্ন : – ৭) ঊণ গুঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান ৩.০ চেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান ৩৩.১ চেণ্টিমিটাৰ পোৱা গল । শলাডালৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ – শলাডালৰ দৈৰ্ঘ্য হৈছে ৩৩.১ চে : মি : ― ৩ চে : মি : =  ৩০.১ চে : মি : ।

প্ৰশ্ন : – ৮) চলি থকা বাইচাইকেল আৰু চুইচ অফ কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য বোৰ লিখা ।

উত্তৰঃ – সাদৃশ্য : ফেনখন আৰু বাইচাইকেলৰ চকা দুয়োটাই একোডাল নিৰ্দিষ্ট অক্ষত গতি কৰে ।

বৈসাদৃশ্য : বাইচাইকেলৰ চকা সৰল ৰৈখিকভাৱে আগলৈ গতি কৰে । কিন্তু চিলিং ফেন খনৰ গতি একে নহয় ।

প্ৰশ্ন : – ৯) দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিব নোৱাৰা ? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কওঁতে তুমি কি সমস্যাৰ সন্মুখীন হ’বা ?

উত্তৰঃ – দূৰত্ব জোখোতে ইলাষ্টিকৰ মাপক দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা পোৱা যায় ।

ইয়াৰ কাৰণ হৈছে ―

১) ইলাষ্টিকৰ মাপৰ ব্যৱহাৰ কৰোতে প্ৰয়োগ কৰাৰ ওপৰত নিৰ্ভৰ কৰি মাপক ডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে ।

২) একেজন মানুহে একেডাল প্লাষ্টিকৰ মাপকেৰে কোনো বস্তুৰ দূৰত্ব জোখোতে দুটা অথবা তিনিটা মাপ পোৱা যায় ।

৩) পৃথক পৃথক মানুহে একে দূৰত্ব জোখাতে মাপ বেলেগ বেলেগ হ’ব ।

প্ৰশ্ন : – ১০)  পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ – ১) পেণ্ডুলামৰ দোলন ।

২) সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top