Class 12 Geography MCQ Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা

Class 12 Geography MCQ Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 7 তৃতীয়ক আৰু চতুর্থক জীৱিকা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ

১। তৃতীয়ক খণ্ডৰ মুখ্য কাম-কাজ হ’ল—

(ক) খনিজ আহৰণ।

(খ) শস্য উৎপাদন।

(গ) সেৱা সৃষ্টি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) সেৱা সৃষ্টি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। যোগাযোগ, বাণিজ্য, চিকিৎসা, শিক্ষা প্রভৃতি সেৱাৰ লগত জড়িত খণ্ডটো হ’ল—

(ক) দ্বিতীয়ক।

(খ) তৃতীয়ক।

(গ) চতুৰ্থক

(ঘ) পঞ্চমক।

উত্তৰঃ (খ) তৃতীয়ক।

৩। তথ্য উদঘাটন, বিশ্লেষণ, আৰু প্রযুক্তিনির্ভৰ কাম-কাজৰ লগত জড়িত খণ্ড হ’ল—

(ক) চতুৰ্থক।

(খ) দ্বিতীয়ক।

(গ) পঞ্চমক।

(ঘ) প্রাথমিক।

উত্তৰঃ (ক) চতুৰ্থক।

৪। নীতি-নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ লগত জড়িত খণ্ড হ’ল—

(ক) দ্বিতীয়ক।

(খ) তৃতীয়ক।

(গ) পঞ্চমক।

(ঘ) চতুৰ্থক।

উত্তৰঃ (গ) পঞ্চমক।

৫। তৃতীয়ক খণ্ডৰ জীৱিকাসমূহক কেইটাশ্রেণীত বিভক্ত কৰা হয়?

(ক) দুটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৬। বাণিজ্যিক লেনদেন কার্য কেই প্রকাৰৰ?

(ক) এক প্ৰকাৰৰ।

(খ) দুই প্রকাৰৰ।

(গ) তিনি প্ৰকাৰৰ।

(ঘ) চাৰি প্ৰকাৰৰ।

উত্তৰঃ (খ) দুই প্রকাৰৰ।

৭। পাইকাৰী বজাৰসমূহৰ অন্য এক গুৰুত্বপূর্ণ উপাদানটো হৈছে-

(ক) উৎপাদন পৰিমাণ।

(খ) ভাণ্ডাৰ শৃংখল।

(গ) উৎপাদন স্থান।

(ঘ) খুচুৰা বিক্ৰেতা।

উত্তৰঃ ভাণ্ডাৰ শৃংখল।

৮। তলৰ কোনটো বাণিজ্যিক লেনদেনৰ প্ৰকাৰ নহয়?

(ক) পাইকাৰী।

(খ) খুচুৰা।

(গ) ব্যক্তিগত কৰ আদায়।

(ঘ) খুচুৰা বিক্ৰী।

উত্তৰঃ (গ) ব্যক্তিগত কৰ আদায়।

৯। পাইকাৰী বাণিজ্যত মজুতকৰণৰ পৰামৰ্শ ক’ৰ পৰা আহে?

(ক) খুচুৰা বিক্ৰেতা।

(খ) গ্ৰাহক।

(গ) পাইকাৰী বণিক।

(ঘ) প্রস্তুতকাৰী প্ৰতিষ্ঠান।

উত্তৰঃ (ঘ) প্রস্তুতকাৰী প্ৰতিষ্ঠান।

১০। পাইকাৰী বাণিজ্যৰ অপব্যৱহাৰ হ’লে কি হয়?

(ক) উৎপাদন বৃদ্ধি।

(খ) বজাৰ সংকোচন।

(গ) পণ্য অব্যৱহৃত থাকে।

(ঘ) কোনো সমস্যা নহয়।

উত্তৰঃ (খ) বজাৰ সংকোচন।

১১। খুচুৰা বাণিজ্যৰ পৰিসৰত কেইটা পৰিৱেশন পদ্ধতি পোৱা যায়?

(ক) ছয়টা।

(খ) এটা।

(গ) চাৰিটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

১২। চতুর্থক খণ্ডৰ জীৱিকা কাক বোলে?

(ক) শাৰীৰিক শ্রম বিনিয়োগ।

(খ) বৌদ্ধিক শ্রম বা দক্ষতা দিয়ে সেৱা আগবঢ়োৱা।

(গ) কৃষি উৎপাদন।

(ঘ) শিল্প উৎপাদন।

উত্তৰঃ (খ) বৌদ্ধিক শ্রম বা দক্ষতা দিয়ে সেবা আগবঢ়োৱা।

১৩। চতুর্থক খণ্ডৰ আর্থিক কাম-কাজৰ চালিকাশক্তি কি?

(ক) উৎপাদন বৃদ্ধি।

(খ) তথ্য, জ্ঞান আৰু অভিজ্ঞতা।

(গ) কৃষি উৎপাদন।

(ঘ) মজুতকৰণ।

উত্তৰঃ (খ) তথ্য, জ্ঞান আৰু অভিজ্ঞতা।

১৪। বিশ্বৰ কিমান পঞ্জীকৃত লোক পর্যটন উদ্যোগত নিয়োজিত?

(ক) ১০ কোটি।

(খ) ২৫ কোটি।

(গ) ৫০ কোটি।

(ঘ) ৭৫ কোটি।

উত্তৰঃ (খ) ২৫ কোটি।

১৫। তলৰ কোনটো পর্যটন খণ্ডৰ সৈতে জড়িত নহয়?

(ক) হোটেল।

(খ) শিক্ষানুষ্ঠান।

(গ) ভোজন।

(ঘ) মনোৰঞ্জন।

উত্তৰঃ (খ) শিক্ষানুষ্ঠান।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top