Class 12 Economics Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ

Class 12 Economics Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Economics Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ Notes and select needs one.

Class 12 Economics Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assamese Medium Class 12 Economics Chapter 2 আয় আৰু নিয়োগ নিৰ্ধাৰণ Solutions for All Subject, You can practice these here.

আয় আৰু নিয়োগ নিৰ্ধাৰণ

Chapter: 2

প্রথম খণ্ড: সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয় 

(ক) অতিচমু প্রশ্নোৰঃ

প্রশ্ন ১। সামগ্রিক চাহিদা কি?

উত্তৰঃ সামগ্রিক চাহিদা হ’ল অর্থনীতি এখনত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি মুঠ চাহিদাক বুজায়। 

প্রশ্ন ২। MPS ৰ মান শূন্য হ’লে, MPC ৰ মান কি?

উত্তৰঃ 

প্রশ্ন ৩। কেইনচৰ আয় নিৰ্ধাৰণত 45° ৰেখাডালৰ তাৎপৰ্য কি?

উত্তৰঃ কেইনচৰ আয় নির্ধাৰণত 45° ৰেখাডালে সামগ্রিক যোগান (AS) = (ভাগশেষ +সঞ্চয়) ক বুজায়।

প্রশ্ন ৩। সঞ্চয় কৰাৰ প্ৰদত্ত প্রাম্ভিক আসক্তি হ’ল 0.3, আয় গুণিতক নির্ণয় কৰা।

প্রশ্ন ৪। Ceteris paribus’-ৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ আন সকলো একে অৱস্থাত থকা।

প্রশ্ন ৫। স্বতন্ত্র ভোগ ব্যয় মানে কি?

উত্তৰঃ স্বতন্ত্র ভোগব্যয় হ’ল আয়স্তৰ শূন্য (০) অৱস্থাত হোৱা ভোগ্যব্যয়ন পৰিমাণ। 

প্রশ্ন ৬। আয় আৰু নিয়োগ নিৰ্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া। 

উত্তৰঃ আয় আৰু নিয়োগৰ নিৰ্ধাৰিত অৱস্থাত উৎপাদিত দ্রব্য আৰু সেৱাৰ যোগানতকৈ চাহিদাৰ পৰিমাণ অধিক হোৱাকে অতিৰিক্ত চাহিদা বোলা হয়।

প্রশ্ন ৭। শুদ্ধ নে অশুদ্ধ লিখা।

এটা প্রদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে তাকে উপভোগ বোলে, কিন্তু একেখিনি সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাৰ নোৱাৰে।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৮। শুদ্ধ নে অশুদ্ধ লিখা। 

অৰ্থনীতিৰ ভাৰসাম্য অৱস্থাত, যেতিয়া চূড়ান্ত দ্ৰব্যৰ বজাৰ ভাৰসাম্যত থাকে, তেতিয়া পূৰ্বৱৰ্ত্তী যোগান পূৰ্বাপৰ চাহিদাৰ সমান হয়।

উত্তৰঃ শুদ্ধ।

প্রশ্ন ৯। খালী ঠাঁই পূৰ কৰা:

পৰিকল্পিত উপভোগৰ মূল্যক কোৱা হয় – উপভোগ। (পূর্বৱৰ্ত্তী/পৰৱৰ্তী

উত্তৰঃ পৰৱৰ্ত্তী বা প্রত্যাশিত।

প্রশ্ন ১০। খালী ঠাঁই পূৰ কৰা: 

প্ৰকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মূল্যক কোৱা হয় — । (পৰৱৰ্তী / পূৰ্ব ৱৰ্ত্তী / সম্পদ তালিকা)।

উত্তৰঃ পৰৱৰ্ত্তী।

প্রশ্ন ১১। জনসাধাৰণ অধিক মিতব্যয়ী হোৱা আৰু কমতে বা মুঠতে পূৰ্বৰ দৰে একে অৱস্থাতে সঞ্চয় সমাপ্ত কৰা পৰিস্থিতিটোৰ নাম লিখা।

উত্তৰঃ সঞ্চয়ৰ সাঁথৰ বা মিতব্যয়িতাৰ সাঁথৰ। 

প্রশ্ন ১২। সঠিক ৰূপটো বাছনি কৰা।

এটা বেষ্ঠনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তনক কোৱা হয় —।(লেখচিত্রীয় পৰিবৰ্তন/ বেষ্ঠনীগত পৰিবৰ্তন)

উত্তৰঃ লেখচিত্ৰীয় পৰিৱৰ্তন।

১৩। সঠিক ৰূপটো বাছনি কৰা অতিৰিক্ত আয়ৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় —। (তাৰ প্ৰতি প্ৰান্তিক আসক্তি/ উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তি / প্ৰান্তিক আয়)

উত্তৰঃ উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তি।

প্রশ্ন ১৪। প্রান্তিক ভোগ প্ৰৱণতাৰ অৰ্থ লিখ।

উত্তৰঃ সামগ্রিক আয়ৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভোগৰ স্তৰৰ পৰিবৰ্তনৰ অনুপাতেই প্রান্তিক ভোগ প্রৱণতা।

প্রশ্ন ১৫। গুণক আৰু প্ৰান্তিক প্ৰৱণতাৰ সম্পর্ক দেখুওৱা।

উত্তৰঃ

প্রশ্ন ১৬। স্বেচ্ছাকৃত নিবনুৱা কি?

উত্তৰঃ প্ৰচলিত মজুৰি হাৰত কাম কৰিবলৈ অনিচ্ছুক ব্যক্তিকে স্বেচ্ছাসেৱক নিবনুৱা বোলে।

প্রশ্ন ১৭। সমতাভংগ আয় কি?

উত্তৰঃ সমতাভংগ আয় হৈছে আয়স্তৰ য’ত উপভোগ ব্যয় (C) আৰু আয় স্তৰ (Y) পৰস্পৰ সমান হয়। অর্থাৎ Y = C হ’ল সমভাভংগ আয়। 

প্রশ্ন ১৮। GST ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ GST ৰ সম্পূৰ্ণ ৰূপটো হ’ল Goods and Service Tax. 

প্রশ্ন ১৯। MPC আৰু MPS ৰ মাজৰ সম্পৰ্ক লিখা।

উত্তৰঃ MPC আৰু MPS ৰ যোগফল একৰ সৈতে সমান। অর্থাৎ MPC + MPS = 1

প্রশ্ন ২০। সামগ্রিক যোগান কি? বুজাই লিখা।

উত্তৰঃ এক বিশেষ সময় বা কালত অর্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্রিক মূল্য বা মানেই হ’ল সামগ্রিক যোগান। ইয়াক অর্থনীতি এখনৰ মুঠ উৎপাদনত হোৱা মুঠ বায় বুলিও ক’ব পাৰো। ই হ’ল দৰাচলতে জাতীয় আয় বা উপাদান মূল্যত নিগুট জাতীয় উৎপাদন।

প্রশ্ন ২১। অনিচ্ছাকৃত নিবনুৱাৰ সংজ্ঞা দিয়া।

উত্তৰঃ অনিচ্ছাকৃত নিবনুৱা হ’ল সেইসকল লোক যিসকল প্রচলিত মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছুক হোৱা সত্ত্বেও কাম পোৱা নাই। 

প্রশ্ন ২২। সক্ৰিয়া চাহিদা কি?

উত্তৰঃ সক্ৰিয়া চাহিদা হৈছে বজাৰ এখনৰ বস্তু বা সেৱাৰ প্ৰতি থকা চাহিদা যেতিয়া বজাৰ এখনত গ্ৰাহকৰ প্ৰতিবন্ধকতা থাকে।

(খ) চমু প্ৰশ্ন উত্তৰঃ

প্রশ্ন ১। সঞ্চয়ৰ প্ৰতি প্রাম্ভিক প্রৱণতা কি?

উত্তৰঃ জাতীয় আয়ৰ পৰিৱৰ্তনৰ লগে সঞ্চয়ৰ যি হাৰত পৰিবৰ্তন হয় তাকে সঞ্চয়ৰ প্রতি প্রান্তিক প্রৱণতা বোলে।

প্রশ্ন ২। দামৰ কেবল দীর্ঘকালতহে তাৰতম্য ঘটে বুলি আমি কিয় ধৰি লওঁ?

উত্তৰঃ দীর্ঘকালত বজাৰৰ সকলো দিশতে চাহিদা আৰু যোগানৰ পৰিৱৰ্ত্তন কৰিব পাৰে। সেয়ে দৰৰ পৰিৱৰ্ত্তন হ’ব পাৰে বুলি ধৰি লোৱা হয়।

প্রশ্ন ৩। উৎপন্ন গুণিতক কি?

উত্তৰঃ উৎপাদিত চূড়ান্ত সামগ্ৰীৰ ভাৰসাম্য মূল্যৰ মুঠ বৃদ্ধি আৰু স্বতন্ত্র ব্যয়ৰ প্ৰাৰম্ভিক বৃদ্ধিৰ অনুপাতকে এখন অৰ্থনীতিৰ উৎপন্ন গুণক বোলে।

প্রশ্ন ৪। উপভোগ খৰছ কি?

উত্তৰঃ অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্য দ্ৰব্য আৰু সেৱাৰ ক্ৰয়ত কৰা মুঠ বায়কে উপভোগ ব্যয়। কেইন্সৰ মতে হ্রস্ব কালত উপভোগ ব্যয় চলিত ব্যক্তিগত ব্যয়যোগ্য আয়ৰ ওপৰত নিৰ্ভৰ কৰে।

C = f (yd),yd = ব্যক্তিগত ব্যয়যোগ্য আয়। আয় বৃদ্ধিৰ লগে লগে উপভোগ ব্যয়ও বাঢ়ি যায়। 

প্রশ্ন ৫। যদি এটা অর্থনীতিৰ উপভোগৰ (c) প্রতি প্রান্তিক আসক্তি হয় 0.9, তেন্তে আয় গুণিতকৰ মূল্য নির্ণয় কৰা।

প্রশ্ন ৬। এখন অৰ্থনীতিৰ স্বায়ত্ত উপভোগ 500 কোটি টকা, স্বায়ত্ত বিনিয়োগ 150 টকা, চৰকাৰী ব্যয় 200 কোটি টকা আৰু ব্যক্তিগত ব্যয়সাধ্য আয় 600 কোটি টকা। যদিহে খৰছ কৰাৰ বাবে প্ৰান্তিক আসক্তি 0.8 হয়, তেন্তে অর্থনীতিটোৰ আয়ৰ সামগ্ৰিক স্তৰ নিৰ্ণয় কৰা।

উত্তৰঃ সূত্রমতে, Y = C + 1 + G = 500 + 150 + 200 = 850 কোটি 

যদিহে বায়যোগ্য আয় Y = 600 কোটি

                                 S = 0.8  

                    C = 1 – 0.8 

                        = 0.2

Y = A + Cy 

   = 850 + 0.2 x (600) 

   = 850 + 120 

   = 970 কোটি। 

অৰ্থনীতিখনৰ আয়ৰ সামগ্রিক স্তৰ 970 কোটি।

প্রশ্ন ৭। মিতব্যয়িতান সাঁথৰ (Paradox of thrift) কি — ব্যাখ্যা কৰা। 

উত্তৰঃ মিতব্যয়িতাৰ সাঁথৰ বা সঞ্চয়ৰ সাঁথৰটোৰ মূল্য তাৎপৰ্য্য হ’ল অত্যাধিক সঞ্চয়ৰ বাবদ অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি অর্থনীতিবিদ কেইন্সৰ মতে সঞ্চয় কৰাটো সদগুণ কিন্তু সামগ্রিক দৃষ্টিকোণৰপৰা অতিমাত্ৰা সঞ্চয়ৰ ফলত অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি ঘটে। সঞ্চয় বৃদ্ধিয়ে উপভোগ ব্যয় হ্রাস কৰে। সক্ৰিয় চাহিদাৰ অৱনতিয়ে মূল্যস্তৰ হ্ৰাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়োগৰ পৰিমাণ হ্রাস পায়। বিনিয়োগৰ পৰিমাণ হ্রাস হোৱাৰ ফলত আৰু উপাৰ্জনৰ স্তৰ হ্ৰাস পায়। উপাৰ্জন হ্রাস হোৱাৰ লগে লগে সঞ্চয় হ্রাস হয়। গতিকে অত্যাধিক সঞ্চয় কৰাটো মিতব্যয়িতাৰ সাঁথৰ বুলি কোৱা হয়।

প্রশ্ন ৮। বিনিয়োগ গুণক কি? যদিহে 200 কোটি টকাৰ বিনিয়োগ বৃদ্ধিয়ে আর 800 কোটি টকা বৃদ্ধি কৰে তেন্তে বিনিয়োগ গুণকৰ মান নিৰ্ণয় কৰা। 

উত্তৰঃ প্ৰান্তিক উপভোগ প্ৰৱণতা (MPc) স্থিৰে থকা অৱস্থাত এক নিদিষ্ট  পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত হোৱা আয় বৃদ্ধিৰ এটা অনুপাতক বিনিয়োগ গুণক (K) বোলা হয়। 

আমি জানো, বিনিয়োগ গুণক

প্রশ্ন ৯। প্রত্যাশিত উপভোগ আৰু শেহান্ত উপভোগৰ পাৰ্থক্য লিখা।  

উত্তৰঃ প্ৰত্যাশিত উপভোগ হ’ল পৰিকল্পিত উপভোগ। আনহাতে শেহান্ত উপভোগ হ’ল প্রকৃত উপভোগ। এখন অর্থনীতিত আয়ৰ বিভিন্ন স্তৰত মানুহে যি পৰিমাণৰ বিনিয়োগ আশা কৰে সেয়াই হৈছে প্ৰত্যাশিত উপভোগ।

প্রশ্ন ১০। প্রান্তিক উপভোগ প্রৱণতা আৰু প্রান্তিক সঞ্চয় প্ৰৱণতাৰ পাৰ্থক্য লিখা। 

উত্তৰঃ আয়ৰ পৰিবৰ্তনৰ লগত উপভোগৰ পৰিবৰ্তনৰ অনুপাতক প্রান্তিক উপভোগ প্রবণতা বোলে। আনহাতে আয়ৰ প্ৰতি একক বৃদ্ধিৰ ফলত সঞ্চয়ৰ যি বৃদ্ধি হয় তাক প্রান্তিক সঞ্চয় প্রৱণতা বোলে। 

প্রশ্ন ১১। প্রান্তিক উপভোগ প্রবণতা আৰু গড় উপভোগ প্ৰৱণতাৰ পাৰ্থক্য লিখা। 

উত্তৰঃ আয়ৰ পৰিবৰ্তনৰ লগত উপভোগৰ পৰিৱৰ্তনৰ অনুপাতক প্রান্তিক উপভোগ প্রৱণতা বোলে। আনহাতে এক নির্দিষ্ট সময়কালত সামগ্রিক আয়ৰ লগত সামগ্রিক উপভোগৰ অনুপাতেই হৈছে গড় উপভোগ প্রৱণতা।

প্রশ্ন ১২। নাটনি/ঘাটি চাহিদা কি? ইয়াৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ যেতিয়া সামগ্ৰিক যোগানৰ তুলনাত সামগ্রিক চাহিদা কম হয় তাকে ঘাটি চাহিদা বোলে।

ইয়াৰ এটা কাৰণ হ’ল — কৰ-কাটলৰ উচ্চ হাৰ।

প্রশ্ন ১৩। উপভোগ ফলন বুলিলে কি বুজা? 

উত্তৰঃ উপভোগ ফলনে অর্থনীতিখনৰ আয় আৰু পৰিয়ালৰ উপভোগৰ স্তৰৰ মাজৰ সম্পৰ্কটোকে নিৰ্দেশ কৰে। গাণিতিকভাৱে, c = f (y)

য’ত C = পৰিয়ালৰ ব্যয়

       y = ব্যয়যোগ্য আয়

ইয়াত উপভোগ (c) ক আয়ৰ (y) এটা ফলন হিচাবে গণ্য কৰা হয়। 

প্রশ্ন ১৪। বিনিয়োগ ফলন বুলিলে কি বুজা?

উত্তৰঃ বিনিয়োগ ফলনে প্রদত্ত সময় এছোৱাত উৎপাদনী প্ৰতিষ্ঠানৰ বিনিয়োগৰ ইচ্ছা বা হেঁপাহক নির্দেশ কৰে। বিনিয়োগ হৈছে প্ৰকৃত সম্পদৰ প্ৰচলিত মজুত এক বৃদ্ধি আৰু মজুতৰ পৰিৱৰ্তন।

প্রশ্ন ১৫। ঘাটি চাহিদা অর্থ ব্যাখ্যা কৰা। 

উত্তৰঃ ঘাটি চাহিদা হৈছে এনেকুৱা এটা পূর্ণ নিয়োগ অৱস্থা য’ত অৰ্থনীতিৰ সামগ্ৰীক চাহিদা দ্ৰব্য আৰু সেৱাৰ সামগ্ৰীৰ যোগানতকৈ কম হয়। চমুকৈ 

ঘাটি চাহিদা = পূর্ণ নিয়োগ বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সামগ্রীক চাহিদা – প্রচলিত সামগ্রীক চাহিদা 

খাটি চাহিদা = পৰিকল্পিত সামগ্ৰী যোগান – পৰিকল্পিত সামগ্ৰীক যায়। 

প্রশ্ন ১৬। ঘাটি চাহিদা উদ্ভৱ হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ ঘাটি চাহিদা উদ্ভৱ হোৱাৰ দুটা কাৰণ হ’ল—

(i) উপভোগ আৰু বিনিয়োগ হ্রাস।

(ii) চৰকাৰী ব্যয় কৰ্তন।

প্রশ্ন ৫। অতিৰিক্ত চাহিদা বুলিলে কি বুজা? 

উত্তৰঃ অতিৰিক্ত চাহিদা হৈছে এনেকুৱা এটা অবস্থা য’ত প্রচলিত সামগ্রীক চাহিদা সম্পদৰ পূৰ্ণ নিয়োগ অৱস্থাত প্রয়োজন হোৱা সামগ্রীক চাহিদাতকৈ বেছি। সেইবাবে অর্থনীতিত সামগ্রীক চাহিদা সক্ৰিয় চাহিদাতকৈ বেছি হয়। চমুকৈ,

অতিৰিক্ত চাহিদা = পৰিকল্পিত ব্যয় – পূর্ণ বিয়োগ উৎপাদন। 

প্রশ্ন ১৭। অতিৰিক্ত চাহিদা সৃষ্টিৰ দুটা কাৰণ লিখা।

উত্তৰঃ অতিৰিক্ত চাহিদা সৃষ্টিৰ দুটা কাৰণ হ’ল —

(i) উপভোগৰ প্ৰৱণতা বুদ্ধিৰ ফলস্বৰূপে।

(ii) কৰৰ হাৰ হ্ৰাসৰ ফলত।

প্রশ্ন ১৮। ঘাটি চাহিদা নিৰাময়ৰ উপায় দুটা উল্লেখ কৰা। 

উত্তৰঃ ঘাটি চাহিদা নিৰাময়ৰ উপায় দুটা হ’ল-

(i) চৰকাৰী ব্যয় বৃদ্ধি।

(ii) কৰ হ্ৰাস।

প্রশ্ন ১৯। অতিৰিক্ত চাহিদা নিৰাময়ৰ উপায় দুটা উল্লোখ কৰা।

উত্তৰঃ অতিৰিক্ত চাহিদা নিৰাময়ৰ উপায় দুটা হ’ল-

(i) চৰকাৰী ব্যয় হ্রাস।

(ii) কৰৰ পৰিমাণ বৃদ্ধি।

(গ) চমু প্ৰশ্নৰ উত্তৰঃ

প্রশ্ন ১। এগৰাকী ব্যক্তিৰ স্বায়ত উপভোগৰ স্তৰ 500 টকা, ব্যক্তিগত ব্যয়সাধ্য আয় 5000 টকা। যদি উপভোগৰ বাবে তেওঁৰ প্ৰান্তিক আসক্তি ০.৪ হয়, তেন্তে সমুদায় উপভোগৰ স্তৰ নিৰ্ণয় কৰা।

উত্তৰঃ স্বায়ত্ব উপভোগ, C = a + b.y 

                   = 500 + 0.8 × 5000 

                   = 500 + 4000 

                   = 4500 কোটি, 

সমুদায় উপভোগ স্তৰ হ’ল 4500 কোটি।

প্রশ্ন ২। এখন অৰ্থনীতিৰ উপভোগৰ (c) প্রতি প্রান্তিক আসক্তি হ’ল 0.85 নিৰ্ণয় কৰা।

(ক) আয় গুণিতকৰ আকাৰ

(খ) চৰকাৰী বিনিয়োগ 250 কোটি টকা বৃদ্ধি পালে অর্থনীতিটোত সৃষ্টি হ’বলগীয়া আয়,

উত্তৰঃ A1 = 250 কোটি

প্রশ্ন ৩। পূর্ববর্ত্তী আৰু পৰৱৰ্তী কি?

উত্তৰঃ পূৰ্বৱৰ্ত্তী হ’ল প্ৰকৃত বিনিয়োগ, অর্থনীতি এখনত কোনো এটা বছৰত উপভোগ আৰু বিনিয়োগ হোৱা প্রকৃত জোন বা মান। সেয়েহে এইবোৰক আমি প্রকৃত জোখ (Expost) বুলি কওঁ। পৰৱৰ্তী হ’ল এটা বছৰত অর্থনীতি এখনত উপভোগ বিনিয়োগ, মুঠ উৎপাদন ইত্যাদি লেখবোৰৰ পৰিকল্পিত মানবোৰক সম্ভাব্য বা প্রত্যাশিত মান (Exante) হিচাবে লোৱা মাপ। 

গতিকে পূর্বৱর্তী মানবোৰক শেহান্ত মান হিচাবে লোৱা হয়। তলৰ উদাহৰণৰ সহায়ত পূৰ্বৱৰ্ত্তী আৰু পৰৱৰ্ত্তী জোখ হিচাবে দেখুৱা হৈছে।

উদাহৰণস্বৰূপে উৎপাদনকাৰী এজন X দ্রব্য উৎপাদনৰ বাবে 1000 টকা পৰৱর্তী বিনিয়োগ হিচাবে মুঠ মজুত মূল্য সংযোজন কৰিব বিচাৰিছিল। কিন্তু দ্ৰব্যটোৰ চাহিদা এনেদৰে বৃদ্ধি পালে যে তেওঁ মজুতৰ পৰা 300 টকা মূল্যৰ দ্ৰব্য বিক্ৰী কৰিহে চাহিদা পূৰাবলৈ সক্ষম হ’ল। গতিকে বছৰৰ শেষত তেওঁৰ মজুত বৃদ্ধি পালে (Rs 1000-Rs 300 ) = Rs 700। উৎপাদনকাৰীৰ পৰৱৰ্ত্তী বা পৰিকল্পিত বিনিয়োগ আছিল। 1000 টকা যাক সম্ভাব্য বিনিয়োগ বুলি কয় (Ex-ante Investment) আৰু প্ৰকৃততে বিনিয়োগ হল 700 টকা যাক আমি প্রকৃত বিনিয়োগ বুলি কম বা পূর্বৱর্তী (Expost) বিনিয়োগ।

প্রশ্ন ৪। পূর্ববর্তী উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ পূৰ্বৱৰ্ত্তী উপভোগ মানে হ’ল প্রত্যাশিত বা পৰিকল্পিত উপভোগ। মানুহে আয়ৰ এটা অংশ উপভোগৰ বাবে ব্যয় কৰে আৰু বাকী অংশ সঞ্চয় কৰে (Y = C + S ) আয়ৰ পৰিৱৰ্তনৰ লগে লগে ব্যয় যোগ্য আয়ৰ পৰিবর্তন হয়। ব্যয় যোগ্য আয়ৰ পৰিবৰ্তনৰ সাপেক্ষে উপভোগ ব্যয়ৰ কিমান পৰিৱৰ্তন হ’ব তাক উপভোগ প্রৱণতাই জানিবলৈ দিব। আকৌ সামগ্রিক আয়ৰ লগত সামগ্রিক উপভোগৰ অনুপাতেই হ’ল উপভোগ প্রৱণতা। গতিকে প্রত্যাশিত উপভোগ প্রৱণতা সঞ্চয় প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে সঞ্চয়ৰ পৰিমাণ বাঢ়ে তেতিয়া উপভোগৰ প্ৰৱণতা কমে।

প্রশ্ন ৫। সঞ্চয়ৰ প্ৰতি প্ৰাম্ভিক আসক্তিৰ পৰা উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তিৰ পাৰ্থক্য নিৰূপণ কৰা। 

বা, 

প্রান্তিক ভোগ প্রৱণতা (MPC) আৰু প্ৰান্তিক সঞ্চয় প্রৱণতা (MPS) ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।

উত্তৰঃ সঞ্চয়ৰ প্ৰতি প্ৰান্তিক আসক্তিক সঞ্চয়ৰ প্রান্তিক প্রৱণতা (MPS) বোলে আৰু উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তিক প্রান্তিক উপভোগ প্রৱণতা বোলে (MPC)।

প্রান্তিক সঞ্চয় প্ৰৱণতা হ’ল জাতীয় আয়ৰ পৰিৱৰ্তন হ’লে সঞ্চয় কি হাৰত পৰিৱৰ্তন হয়।

প্রান্তিক উপভোগ প্ৰৱণতা হ’ল সামগ্রিক আয় স্তৰৰ পৰিৱৰ্ত্তনৰ লগত সামগ্ৰীক উপভো ক্তৰৰ পৰিৱৰ্তনৰ অনুপাত।

গতিকে MPS হ’ল আয়ৰ লগত সঞ্চয়ৰ পৰিৱৰ্তন আৰু MPC হ’ল আয়ৰ লগত উপভোগৰ পৰিবৰ্তন।

প্রশ্ন ৬। পূর্ববর্তী বিনিয়োগৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ পূৰ্বৱৰ্ত্তী বিনিয়োগ (Ex-ante) বা প্রত্যাশিত বিনিয়োগ বুলিও কোৱা হয়। এনে বিনিয়োগ উৎপাদনকাৰীয়ে পূৰ্বতে ঠিক কৰা পৰিমাণ। প্রকৃত অর্থত প্রকৃত বিনিয়োগ আৰু পৰিকল্পিত বিনিয়োগ একে ন’হবও পাৰে। এজন উৎপাদনকাৰীয়ে তেওঁৰ প্ৰকৃত-মজুত কৰিবলৈ যি পৰিকল্পনা কৰিছিল ঠিক সেই পৰিমাণে মজুত কৰিবলৈ প্ৰকৃততে সক্ষম নহবও পাৰে। ধৰি লোৱা হ’ল উৎপাদনকাৰী জনৰ পৰিকল্পিত বা পূৰ্বৱৰ্তী বিনিয়োগ আছিল 1000 টকা কিন্তু প্রকৃততে বিনিয়োগ হ’ল 700 টকা, তাক প্রকৃত বিনিয়োগ (Ex-post) বুলি কোৱা হয়।

প্রশ্ন ৭। সামগ্রীক চাহিদাৰ উপাদানবোৰ কি কি? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ সামগ্রিক চাহিদা মানে হ’ল কোনো এটা বছৰত অৰ্থনীতি এখনত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মূল্য। 

সামগ্রিক চাহিদাৰ উপাদানসমূহ হ’ল—

(1) ব্যক্তিগত উপভোগ চাহিদা (Private consumer demand): ব্যক্তিগত উপভোগ চাহিদাই ঘৰুৱা খণ্ডত হোৱা ক্ৰয় কৰাৰ ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰা দ্ৰব্য আৰু সেৱাৰ মান।

(2) ব্যক্তিগত বিনিয়োগ (Private Investment): যন্ত্র-পাতি, গৃহৰ দৰে মূলধনী সামগ্ৰীৰ বাবে কৰা পৰিকল্পিত ব্যয়। যেনে স্বতন্ত্র আৰু অভিপ্রেত বিনিয়োগ।

(3) দ্ৰব্য আৰু সেৱাৰ বাবে চৰকাৰী চাহিদা (Government demand for goods and services): দ্রব্য জনসাধাৰণৰ কল্যাণ আৰু প্ৰতিৰক্ষাৰ বাবে কৰা চৰকাৰী ব্যয়। 

(4) নিগুট ৰপ্তানী চাহিদা (X – M): এখন দেশে বিদেশী দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ ওপৰত অন্য এখন দেশে সেই দেশখনৰ দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা অতিৰিক্তখিনিকে বুজায়। 

প্রশ্ন ৮। যদি 200 কোটি টকা নতুন বিনিয়োগৰ (∆I) ফলস্বৰূপে এটি অৰ্থব্যৱস্থাৰ জাতীয় আয় 1,000 কোটি বৃদ্ধিপায় তেন্তে 

(i) MPC, আৰু 

(ii) গুণক (K) ৰ মান নিৰ্ণয় কৰা। 

উত্তৰঃ 

প্রশ্ন ৯। সামগ্রিক যোগান কি? সমুদায় যোগানৰ উপাদানবোৰ কি কি?

উত্তৰঃ সামগ্ৰীক যোগান হ’ল এক বিশেষ সময়ত অর্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্রিক মূল্য মানেই সামগ্রিক যোগান।

সমুদায় বা সামগ্রিক যোগানৰ উপাদানসমূহ হ’ল— 

(i) উপভোগ ব্যয় (Consumers expenditure): অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্ৰব্য আৰু সেৱাৰ বাবে কৰা মুঠ ব্যয়। 

(ii) সঞ্চয় (Savings): আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভোগৰ বাবে ক্রয় কৰি বাকী অৱশিষ্ট অংশৰে সঞ্চয় কৰা হয়। 

গতিকে সামগ্রিক যোগান হ’ল = উপভোগ + সঞ্চয় A.S = C + S, য’ত A.S. বা ∆Y = জাতীয় আয় বা সামগ্রীক যোগান। 

প্রশ্ন ১০। বিনিয়োগ আৰু প্রলোভিত বিনিয়োগৰ মাজৰ পাৰ্থক্য দেখুওৱা।

বা, 

স্বতন্ত্র অভিপ্রেত বিনিয়োগ আৰু স্বতন্ত্ৰ বিনিয়োগৰ মাজৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ স্বতন্ত্ৰ আৰু প্রলোভিত বা অভিপ্রেত বিনিয়োগৰ মাজৰ পাৰ্থক্য সমূহ হ’ল–

স্বতন্ত্র বিনিয়োগঅভিপ্রেত বিনিয়োগ
(i) স্বতন্ত্র বিনিয়োগ আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয়।(i) অভিপ্রেত বিনিয়োগ লাভজনিত বিনিয়োগ ৷
(ii) স্বতন্ত্র বিনিয়োগ আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। আয় স্তৰ যিয়েই নহওক বিনিয়োগ থাকিবই।(ii) জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়।
(iii) স্বতন্ত্র বিনিয়োগ চৰকাৰে দেশৰ সামাজিক উন্নয়নৰ বাবে কৰে।(ii) ই ব্যক্তিগত খণ্ডৰ বিনিয়োগ য’ত ব্যক্তিগত লাভ আয় বিক্ৰী মুনাফা আদিৰ দ্বাৰা প্ৰভাৱিত।

প্রশ্ন ১০। বিনিয়োগ চাহিদাৰ নিৰ্ধাৰকবোৰ কি কি? 

উত্তৰঃ বিনিয়োগ চাহিদাৰ নিৰ্ধাৰক সমূহ হ’ল –

বিনিয়োগ ব্যয় (Cost of Investment): বিনিয়োগৰ উদ্দেশ্যে ঋণ লোৱা পুঁজিৰ ব্যয় হ’ল সুদৰ হাৰ। 

ব্যৱসায়িক প্রত্যাশা (Business Expectation): ব্যবসায় সংক্রান্তিয় সকলো পূর্ব সিন্ধান্ত উদ্যোক্তাই লয়। ভৱিষ্যতে কি ঘটিব, এনে ধৰণৰ সাম্ভাব্য কিছুমান দায়িত্ব বহন কৰি তাৰ ওপৰত বিনিয়োগ চাহিদা নির্ভৰ কৰে। স্বাভাৱিকতে ভৱিষ্যত অনিশ্চয়তা সম্পৰ্কে কৰা অনুমান।

প্রশ্ন ১১। বিনিয়োগ গুণিতক কি? ৰেখা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। 

উত্তৰঃ প্ৰান্তিক উপেেভাগ প্রৱণতা স্থিৰে থকা অৱস্থাত এক নির্দ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত আয়ৰ বৃদ্ধি এটা অনুপাত দেখা পোৱা যায়। সেই অনুপাতেই হৈছে বিনিয়োগ গুণক।

I = বিনিয়োগ বৃদ্ধি, ∆Y = আয় বৃদ্ধি। চিত্ৰত সামগ্রিক চাহিদা ৰেখা C + I য়ে 45° ৰেখাক E₁ বিন্দুত কাটিছে। গতিকে ভাৰসাম্য হৈছে OY₁ ∆I পৰিমাণে বিনিয়োগ বৃদ্ধিৰ ফলত সামগ্রিক চাহিদা ৰেখাডাল ওপৰলৈ উঠি গৈ C + I + ∆I হৈছে। নতুন সামগ্রিক চাহিদা ৰেখাই 45° ৰেখাক E₂ বিন্দুত ছেদ কৰিছে। 

গতিকে নতুন ভাৰসাম্য আয় হৈছে OY₂ অর্থাৎ বিনিয়োগ ∆ পৰিমাণে বিনিয়োগ বৃদ্ধি পোৱাৰ ফলত জাতীয় আয় Y₁ Y₂ পৰিমাণে বৃদ্ধি হয়। 

ইয়াত Y₁ Y₂ = 2∆ I । গতিকে চিত্ৰত উপভোগ ৰেখাৰ ঢাল হ’ল 0.5 । গতিকে গুণক হ’ল 2

প্রশ্ন ১২। ৰৈখিক চিত্ৰৰ সহায়ত প্ৰাচলিক স্থানান্তৰৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ

চিত্ৰত দেখুওৱাৰ দৰে দুটা চলক a আৰু b ক্রমে উলম্ব আনুভূমিক অক্ষত স্থাপন কৰা হৈছে, যাতে, b = ma + € আকৃতিৰ এক সৰল ৰেখা সৃষ্টি কৰে, য’ত m > 0 হ’ল সৰলৰেখাডাল ঢাল আৰু € > 0 উলম্ব  ৰেখা (অর্থাৎ b) ৰ ছেদাংশ। যেতিয়া a ৰ একগোট বৃদ্ধি পায়, তেতিয়া b ৰ মূল্য m গোট বাঢ়ে। ইয়াক চলকসমূহে ৰেখাডালতে চলাচল কৰা বুলি কোৱা হয়। এতিয়া € ৰ বাবে এটা স্থিৰ মান ধৰা হ’ল আৰু ইয়াক 2 ৰে নিৰ্ধাৰণ কৰা হ’ল। আকৌ ধৰা হ’ল m ৰ দুটা মান আছে ক্ৰমে m = 0.5 আৰু m = 1 m ৰ এই দুটা মানৰ সাপেক্ষে আমি দুডাল সৰলৰেখা পাম। ইয়াৰে এডাল আনডালতকৈ অধিক হেলনীয়া। € আৰু m ৰাশিকেইটাক ৰেখা চিত্ৰৰ ধ্ৰুৱক বুলি কোৱা হয়। ইহঁত অক্ষত থাকোঁতে চলকৰ দৰে দৃশ্যমান হয়। কিন্তু পিছত থাকি ৰেখাচিত্ৰৰ স্থান নির্ণায়কৰ ভূমিকা পালন কৰে। এতিয়া যদি m ৰ মান বৃদ্ধি পায়, তেন্তে সৰলৰেখাডাল ওপৰলৈ গতি কৰে। ইয়াকে এডাল ৰেখাৰ লেখৰ প্ৰাচলিক স্থানান্তৰ বুলি কোৱা হয়।

প্রশ্ন ১৩। প্রত্যাশিত উপভোগ আৰু প্ৰত্যাশিত বিনিয়োগৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ প্ৰত্যাশিত উপভোগ অথবা পৰিকল্পিত উপভোগ নির্ভৰ কৰে মানুহে আয়ৰ এটা অংশ উপভোগত ব্যয় কৰা আৰু বাকী অংশ সঞ্চয় কৰাৰ ওপৰত। ইয়ে হ’ল অৰ্থনীতিৰ মুঠ অতিৰিক্ত পৰিকল্পিত সঞ্চয় আৰু মুঠ অতিৰিক্ত আয়ৰ এক অনুপাত। আনহাতে প্রত্যাশিত বিনিয়োগ হ’ল পৰিকল্পিত বিনিয়োগ ইয়াক বিনিয়োগৰ সম্ভাৱ্য মান বুলিও ধৰা হয়।

চৰকাৰী হস্তক্ষেপবিহীন আর্থিক ব্যৱস্থাত সৰ্বমুঠ পৰিকল্পিত চাহিদা প্রত্যাশিত উপভোগ আৰু প্ৰত্যাশিত বিনিয়োগ শিতানত হোৱা ব্যয়ৰ যোগফল। প্রত্যাশিত উপভোগ যেতিয়া বৃদ্ধি পায় তেতিয়া প্রত্যাশিত বিনিয়োগ হ্রাস পায়। আনহাতে প্রত্যাশিত উপভোগ হ্রাস পালে প্রত্যাশিত বিনিয়োগ বৃদ্ধি হয়।

(ঘ) দীঘলীয়া প্ৰশ্নৰ উত্তৰঃ

প্রশ্ন ১। চৰকাৰ অবিহনে এখন অর্থনীতিত চূড়ান্ত দ্ৰব্যৰ বাবে পূর্বৱর্তী সমুদায় চাহিদাৰ ধাৰণাটো বিশ্লেষণ কৰা।

উত্তৰঃ চৰকাৰ নথকা অর্থনীতি এখনত চূড়ান্ত দ্ৰব্যৰ প্ৰতি সাম্ভাব্য সামগ্রিক চাহিদা হৈছে সেই দ্রব্যসমূহত সম্ভাব্য উপভোগ ব্যয় আৰু বিনিয়োগ ব্যয়ৰ সমষ্টি। 

অর্থাৎ, AD = C + I…….(i)

প্রত্যাশিত উপভোক্তা C = e̅ + C. Y প্রত্যাশিত বিনিয়োগ চাহিদা I = I̅  হ’লে (i) ত বহুৱাই পাওঁ, AD = C̅ + I̅ + C. Y

চূড়ান্ত দ্ৰব্যৰ বজাৰ ভাৰসাম্য অৱস্থাত থাকিলে, Y̅ = C̅ + I̅ + C.Y 

য’ত  Y = চূড়ান্ত প্ৰবাৰ সাম্ভাব্য যোগান  C̅ = স্বতন্ত্র উপভোগ ব্যয় 

        I̅  = বিনিয়োগ ব্যয়

গতিকে C + I য়ে অর্থনীতিখনত মুঠ স্বতন্ত্র ব্যয়ক বুজাব। C̅ = + I̅  ক Ā বে নির্দেশ

কৰিলে পাঁও Y = A̅ + C. Y (ii)

(ii) নং সমীকৰণত থকা Y য়ে চূড়ান্ত দ্ৰব্যৰ পৰিকল্পিত যোগানক বুজাইছে। সোঁফালে A ̅+ C .Y য়ে চূড়ান্ত দ্ৰব্যৰ সম্ভাব্য সামগ্ৰীক চাহিদাক বুজাইছে। সামগ্রিক চাহিদা আৰু সামগ্রিক যোগানৰ সৈতে সমান হ’লেহে চূড়ান্ত দ্ৰব্যৰ বজাৰ আৰু অৰ্থনীতিখন ভাৰসাম্য অৱস্থাত থাকিব।

প্রশ্ন ২। বিনিয়োগ গুণিতক আৰু উপভোগৰ প্ৰতি প্ৰান্তিক আসক্তিৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

উত্তৰঃ প্ৰান্তিক উপভোগ প্ৰৱণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত হোৱা আয়ৰ বৃদ্ধিৰ এটা অনুপাতক বিনিয়োগ গুণক বোলে। 

প্রান্তিক উপভোগ প্ৰৱণতা হ’ল আয়ৰ স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱৰ্তনৰ অনুপাত।

বিনিয়োগ গুণক আৰু প্ৰান্তিক ভোগ প্ৰৱণতাৰ মাজত প্ৰত্যক্ষ সম্পর্ক আছে। 

মুঠ আয় = মুঠ উপভোগ + মুঠ সঞ্চয়

য’ত 0 < MPC < 1, গতিকে গুণকৰ মান 1 আৰু a ভিতৰত থাকিব । অর্থাৎ MPC বৃদ্ধি হ’লে, বিনিয়োগ গুণিতকৰো মান বৃদ্ধি হয়। 

প্রশ্ন ৩। চিত্ৰৰ সহায়ত সক্ৰিয় চাহিদাৰ নীতি ব্যাখ্যা কৰা।

উত্তৰঃ সক্ৰিয় চাহিদাৰ নীতি অনুসৰি চূড়ান্ত ভাৰসাম্য উৎপাদন প্রত্যাশিত সক্ৰিয় চাহিদাৰ সৈতে সমান। আনহাতে অর্থনীতিবিদ কেইন্সৰ মতে সক্ৰিয় চাহিদাৰ বিন্দু হ’ল পূৰ্ণ নিয়োগ অৱস্থাৰ বিন্দু। সক্ৰিয় চাহিদাৰ অভাৱ হ’লে নিম্ন পূর্ণ নিয়োগ ভাৰসাম্যই দেখা দিব। চিত্ৰত AD আৰু AS হ’ল সৰ্বমুঠ চাহিদা ৰেখা আৰু সৰ্বমুঠ যোগান ৰেখা। E বিন্দুটো ভাৰসাম্য বিন্দু হ’লেও সক্ৰিয় চাহিদাৰ বিন্দু নহয়। E বিন্দুৰ পৰা AS ৰেখাডাল ঊর্ধ্বগামী হৈয়েই আছে। অর্থাৎ নিয়োগৰ পৰিমাণ বৃদ্ধিৰ অৱকাশ আছে। চাহিদা বৃদ্ধি হৈ AD হ’লে নতুন ভাৰসাম্য বিন্দু E’ য’ত নিয়োগৰ পৰিমাণ হ’ব ON । E বিন্দুটো সক্রিয় চাহিদান বিন্দু হ’ব। ইয়াৰ পিছত নিয়োগৰ পৰিমাণ বৃদ্ধি হ’ব নোৱাৰে। কাৰণ E বিন্দুৰ পৰা AS ৰেখাডাল Y অক্ষৰ সমান্তৰাল হৈছে। এইদৰে বিনিয়োগ, গুণক, পুঁজিৰ প্রান্তিক উৎপাদন ক্ষমতা, বিনিয়োগ স্পৃহা আদি ধাৰণাবোৰ সজিনা চাহিদাৰ দেখাতে ওলমি আছে। 

প্রশ্ন ৪। “মানুহ মিতব্যয়ী হোৱাৰ লগে লগে তেওঁলোকৰ সঞ্চয় কমে বা আগৰ সমান থাকে।” — ব্যাখ্যা কৰা।

উত্তৰঃ মিতব্যয়িতাৰ সাঁথৰ বা সঞ্চয়ৰ সাঁথৰটোৰ মূল্য তাৎপৰ্য্য হ’ল অত্যাধিক সঞ্চয় বাবদ অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি অর্থনীতিবিদ কেইন্সৰ মতে সময় কৰাটো সদগুণ কিন্তু সামগ্রিক দৃষ্টিকোণৰপৰা অতিমাত্ৰা সঞ্চয়ৰ ফলত অর্থনীতিত সামগ্রিক চাহিদাৰ অৱনতি ঘটে। সন্ধ্যায় বৃদ্ধিয়ে উপভোগ ব্যয় হ্রাস কৰে। সক্রিয় চাহিদাৰ অবনতিয়ে মুল্যণ্ডৰ হ্ৰাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়োগৰ পৰিমাণ হ্রাস পায়। বিনিয়োগৰ পৰিমাণ হ্রাস হোৱাৰ ফলত আৰু উপার্জনৰ স্তৰ হ্ৰাস পায়। উপার্জন হ্রাস হোৱাৰ লগে লগে সঞ্চয় হ্রাস হয়। গতিকে অত্যাধিক সঞ্চয় কৰাটো মিতব্যয়িতাৰ সাঁথৰ বুলি কোৱা হয়।

চিত্ৰত সামগ্রিক চাহিদা ৰেখা AD₁ এ AS ৰেখাক E₁ বিন্দুত ছেদ কৰাৰ ফলত ভাৰসাম্য জাতীয় আয় হ’ব OY₁। প্রান্তিক ভোগ প্রবণতা হ্রাস পোৱাৰ কাৰণে নতুন সামগ্রিক চাহিদা বেশা হ’ল AD₂ । AD₂ ৰেখাই AS ৰেখাক E₂ বিন্দুত ছেদ কৰিছে। নতুন ভাবসানা জাতীয় আয় হ’ল OY₂ । ইয়াত OY₂ < OY1। 

প্রশ্ন ৫। এটা অর্থব্যৱস্থাত জাতীয় আয় 1,000 কোটি টকা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। MPC = 0.6 হলে উক্ত লক্ষ্যত উপনীত হ’বলৈ বিনিয়োগ কিমান পৰিমাণে বৃদ্ধি হ’ব লাগিব? 

উত্তৰঃ দিয়া আছে, MPC = 0.6, ∆Y= 1000

∴ বিনিয়োগ 400 টকা বৃদ্ধি হ’ব লাগিব। 

প্রশ্ন ৬। এখন অর্থনীতিত MCP ৰ মান 0.41 অর্থনীতিখনত নতুনকৈ 500 কোটি টিকা আয় প্রবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ’ব? 

উত্তৰঃ 

আয়ৰ পৰিৱৰ্তন (∆Y) = 500 কোটি টকা

∆I = নতুন বিনিয়োগ

    = 500 × 0.6

    = 300 কোটি টকা 

প্রশ্ন ৭। সামগ্রিক যোগান আৰু চাহিদা ৰেখাৰ সহায়ত এখন অৰ্থনীতিৰ ভাৰসাম্য আয় নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়াটো চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ সামগ্রিক চাহিদা হ’ল এখন অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি মুঠ চাহিদা। দুটা খণ্ডৰ অৰ্থনীতি এখনৰ মুঠ চাহিদা হ’ল উপভোগ ব্যয় আৰু বিনিয়োগৰ সমষ্টি। আনহাতে সামগ্রিক যোগান হ’ল এটা বছৰৰ এখন অৰ্থনীতিৰ ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্রিক মূল্য। সামগ্রিক যোগানৰ উপাদান দুটা হ’ল উপভোগ ব্যয় আৰু সঞ্চয়ৰ পৰিমাণ। 

অর্থাৎ— সামগ্রিক চাহিদা (AD) = C + 1 

              সামগ্রিক যোগান (AS) = C + S

ভাৰসাম্য আয় নিৰ্দ্ধাৰণ কৰিবলৈ অৰ্থনীতি এখনৰ সামগ্রিক চাহিদা আৰু সামগ্রিক যোগান সমান হ’ব লাগিব। যিটো বিন্দুত সামগ্রিক চাহিদা (AD) – সামগ্রিক যোগান (AS), তাকে সক্রিয় চাহিল (effective demand) বোলা হয়। ভাৰসাম্য আয় আৰু ভাৰসাম্য নিয়োগ নিৰ্ধাৰণ তলৰ চিত্ৰৰ সহায় Y দেখুওৱা হ’ল।   

চিত্ৰত ‘e’ বিন্দুত AD = AS হোৱাত ON ভাৰসাম্য নিয়োগ আৰু ভাৰসাম্য আয় নিৰ্ধাৰণ হৈছে। কিন্তু এই ভাৰসাম্য আয় পুণনিয়োগ আয় আৰু নিয়োগ নহয়, কাৰণ সামগ্রিক যোগানৰ পৰিমাণ ‘e’ৰ পৰা ‘e₁’লৈ বৃদ্ধি হ’লহে পূর্ণ নিয়োগ লাভ হয়, কিন্তু সামগ্রিক চাহিদাৰ অভাৱৰ বাবেই এখন অর্থনীতিত পূর্ণ আয় নির্ধাৰণ নহয়।

প্রশ্ন ৮। প্রান্তিক উপভোগ প্রবণতা (MPC) আৰু প্ৰান্তিক সঞ্চয় প্রবণতা (MPS) কি ?দেখুওৱা যে MPC + MPS = 1

উত্তৰঃ সামগ্রিক আয়ৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভোগৰ স্তৰৰ পৰিৱৰ্তনৰ অনুপাতেই প্রান্তিক উপভোগ প্ৰৱণতা (MPC)

সামগ্রিক আয়ৰ পৰিৱৰ্তনৰ লগত সামগ্রিক সঞ্চয়ৰ স্তৰৰ পৰিৱৰ্তনৰ অনুপাতেই প্রান্তিক সঞ্চয় প্ৰৱণতা।

আমি জানো যে,

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top