Class 12 Biology MCQ Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ

Class 12 Biology MCQ Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 7

MCQ

১। “শাশ্বত মতবাদ” (Theory of Eternity) অনুসৰি—

(ক) জীৱ সৃষ্টিৰ পিছত পৰিৱৰ্তন হ’ব পাৰে।

(খ) জীৱবোৰ যি ৰূপত দেখা যায়, তেনেকৈ সদায় থাকিব।

(গ) জীৱবোৰ জীৱাশ্ম ৰূপে পৰিৱৰ্তিত হয়।

(ঘ) জীৱবোৰ ঈশ্বৰে বিশেষ ৰূপত সৃষ্টি কৰে।

উত্তৰঃ (খ) জীৱবোৰ যি ৰূপত দেখা যায়, তেনেকৈ সদায় থাকিব।

২। “বিশেষ সৃষ্টি তত্ত্ব” (Theory of Special Creation) অনুসৰি—

(ক) জীৱবোৰ একোটা বিশেষ ৰূপত ঈশ্বৰে সৃষ্টি কৰিছে।

(খ) জীৱবোৰ পৰিৱৰ্তনশীল।

(গ) জীৱবোৰ স্বতঃস্ফূর্তভাৱে জন্মে।

(ঘ) জীৱবোৰ বিৱর্তনৰ ফল।

উত্তৰঃ (ক) জীৱবোৰ একোটা বিশেষ ৰূপত ঈশ্বৰে সৃষ্টি কৰিছে।

৩। “বিপৰ্যয়বাদ” (Theory of Catastrophism) কাৰ সৈতে জড়িত?

(ক) লুই পেষ্ট্যুৰ।

(খ) কুভিয়াৰ (Cuvier)।

(গ) ডাৰবিন (Darwin)।

(ঘ) লেমাৰ্ক (Lamarck)।

উত্তৰঃ (খ) কুভিয়াৰ (Cuvier)।

৪। বিপৰ্যয়বাদ তত্ত্ব অনুসৰি—

(ক) জীৱবোৰ জড় বস্তুৰ পৰা উৎপন্ন হয়।

(খ) জীবাশ্মবোৰ সকলো সময়তে একে ধৰণৰ।

(গ) প্ৰলয়ৰ ফলত জীৱ ধ্বংস হয় আৰু পুনৰ সৃষ্টি হয়।

(ঘ) জীৱবোৰ জীৱাশ্ম হৈ অদৃশ্য হয়।

উত্তৰঃ (গ) প্ৰলয়ৰ ফলত জীৱ ধ্বংস হয় আৰু পুনৰ সৃষ্টি হয়।

৫। “স্বতঃস্ফূর্ত উৎপত্তি তত্ত্ব” (Theory of Spontaneous Origin) অনুসৰি—

(ক) জীৱবোৰ জড় বস্তুৰ পৰা জন্মে।

(খ) জীৱবোৰ ঈশ্বৰে সৃষ্টি কৰিছে।

(গ) জীৱবোৰ পূৰ্বজীৱৰ পৰা জন্মে।

(ঘ) জীৱবোৰ জীৱাশ্ম হৈ থাকে।

উত্তৰঃ (ক) জীৱবোৰ জড় বস্তুৰ পৰা জন্মে।

৬। “জীৱাৎ জীবোৎপত্তি তত্ত্ব” (Theory of Biogenesis) প্ৰমাণ কৰিছিল—

(ক) কুভিয়াৰ।

(খ) ডাৰবিন।

(গ) লুই পেষ্ট্যুৰ।

(ঘ) লেমাৰ্ক।

উত্তৰঃ (গ) লুই পেষ্ট্যুৰ।

৭। জীৱাৎ জীৱোৎপত্তি তত্ত্বৰ মূল বক্তব্য কি?

(ক) জীৱবোৰ জড় বস্তুৰ পৰা জন্মে।

(খ) জীৱবোৰ পূৰ্বৱর্তী জীৱৰ পৰা জন্মে।

(গ) জীৱবোৰ ধ্বংস হোৱাৰ পিছত নতুনকৈ ঈশ্বৰে সৃষ্টি কৰে।

(ঘ) জীৱবোৰ স্থায়ী ৰূপত আছে।

উত্তৰঃ (খ) জীৱবোৰ পূৰ্বৱর্তী জীৱৰ পৰা জন্মে।

৮। জৈৱ বিৱর্তন তত্ত্বৰ অন্তৰ্গত নহয়—

(ক) লেমাৰ্ক।

(খ) ডাৰবিন।

(গ) কুভিয়াৰ।

(ঘ) ডি ভ্ৰিস।

উত্তৰঃ (গ) কুভিয়াৰ।

৯। জৈৱ বিৱর্তন তত্ত্ব (Theory of Organic Evolution)ৰ মূল কথা কি?

(ক) জীৱবোৰ অনন্তকাল ধৰি একে ৰূপত থাকে।

(খ) জীৱবোৰ ঈশ্বৰে নিৰ্দিষ্ট ৰূপত সৃষ্টি কৰিছে।

(গ) জীৱবোৰ পূৰ্বৱৰ্তী জীৱৰ পৰা বিৱর্তনৰ দ্বাৰা নতুন ৰূপ লৈছে।

(ঘ) জীৱবোৰ জড় বস্তুৰ পৰা উৎপন্ন হৈছে।

উত্তৰঃ (গ) জীৱবোৰ পূৰ্বৱৰ্তী জীৱৰ পৰা বিৱর্তনৰ দ্বাৰা নতুন ৰূপ লৈছে।

১০। “জীৱাশ্ম অধ্যয়ন”ৰ দ্বাৰা নতুন তত্ত্ব কোনে আগবঢ়াইছিল?

(ক) লেমাৰ্ক।

(খ) কুভিয়াৰ।

(গ) লুই পেষ্ট্যুৰ।

(ঘ) ডাৰবিন।

উত্তৰঃ (খ) কুভিয়াৰ।

১১। আধুনিক মতবাদ অনুসৰি, পৃথিৱীৰ আদিম অৱস্থাত—

(ক) জীৱৰ সৃষ্টি হোৱা সম্ভৱ হৈছিল।

(খ) জীৱৰ সৃষ্টি হোৱা সম্ভৱ নাছিল।

(গ) জীৱাশ্মবোৰ গঠিত হৈছিল।

(ঘ) ঈশ্বৰে জীৱ সৃষ্টি কৰিছিল।

উত্তৰঃ (খ) জীৱৰ সৃষ্টি হোৱা সম্ভৱ নাছিল।

১২। জটিল ৰাসায়নিক অণুৰ গোট যাৰ পৰা আদি কোষৰ সৃষ্টি হৈছিল, তাক ক’তকৈ বোলা হয়?

(ক) মাইটোখন্ড্ৰিয়া।

(খ) ক’বাছাৰভেট (Coacervate)।

(গ) প্ৰটিন।

(ঘ) ক্ৰোম’জোম।

উত্তৰঃ (খ) ক’বাছাৰভেট (Coacervate)।

১৩। আধুনিক মতবাদ অনুসৰি আদি কোষৰ উৎপত্তি হৈছিল—

(ক) ক’বাছাৰভেটৰ পৰা।

(খ) জীবাশ্মৰ পৰা।

(গ) জড় বস্তুৰ পৰা।

(ঘ) প্ৰলয়ৰ পৰা।

উত্তৰঃ (ক) ক’বাছাৰভেটৰ পৰা।

১৪। আধুনিক মতবাদত জীৱ উৎপত্তিৰ প্রক্রিয়া কিমানটা পৰ্যায়ত সম্পন্ন হোৱা বুলি কোৱা হৈছে?

(ক) এটা পৰ্যায়ত।

(খ) দুটা পৰ্যায়ত।

(গ) তিনিটা পৰ্যায়ত।

(ঘ) বহুত পৰ্যায়ত।

উত্তৰঃ (খ) দুটা পৰ্যায়ত।

১৫। আধুনিক মতবাদত জীৱ উৎপত্তিৰ দুটা পৰ্যায়ৰ নাম কি?

(ক) ৰাসায়নিক বিৱর্তন আৰু জীৱাশ্ম উৎপত্তি।

(খ) ৰাসায়নিক বিৱর্তন আৰু জৈৱ বিৱর্তন।

(গ) স্বতঃস্ফূর্ত উৎপত্তি আৰু জীৱোৎপত্তি।

(ঘ) বিপৰ্যয়বাদ আৰু শাশ্বত মতবাদ।

উত্তৰঃ (খ) ৰাসায়নিক বিৱর্তন আৰু জৈৱ বিৱর্তন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top