Class 12 Biology MCQ Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Class 12 Biology MCQ Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 5

MCQ

১। প্ৰৱলতাৰ সূত্র অনুযায়ী, বৈশিষ্ট্য বা চৰিত্ৰসমূহ এক বিশেষ এককৰ দ্বাৰা নিয়ন্ত্রিত যাক ____________ বোলে।

(ক) কাৰক।

(খ) জিন।

(গ) এলিল।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) কাৰক।

২। ABO ৰক্তদল __________ৰ এটা ভাল উদাহৰণ।

(ক) কাৰক।

(খ) বহুসংখ্যক এলিল।

(গ) উৎপৰিৱৰ্তন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) বহুসংখ্যক এলিল।

৩। __________ হৈছে এক পৰিঘটনা যাৰ দ্বাৰা DNA ক্ৰম সলনি হয় আৰু ফলস্বৰূপে এটা জীৱৰ জিন’টাইপ বা ফিন টাইপ পৰিৱৰ্তিত হয়।

(ক) উৎপৰিৱর্তন।

(খ) বিৱর্তন।

(গ) প্রজনন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) উৎপৰিৱর্তন।

৪। এটা উৎপৰিৱৰ্তনকাৰীৰ উদাহৰণ হ’ল—

(ক) পানী।

(খ) অক্সিজেন।

(গ) অতিবেঙুনীয়া ৰশ্মি।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) অতিবেঙুনীয়া ৰশ্মি।

৫। এটা পৰিয়ালত চৰিত্ৰসমূহৰ কেইবাটাও জনুধৰি কৰা বিশ্লেষণক বোলা হয়—

(ক) বংশগতি।

(খ) প্রকাৰণ।

(গ) উৎপৰিৱৰ্তন।

(ঘ) বংশাৱলী বিশ্লেষণ।

উত্তৰঃ (ঘ) বংশাৱলী বিশ্লেষণ।

৬। __________ হ’ল জিনীয় তথ্যৰ বাহক।

(ক) তেজ।

(খ) স্নায়ুকোষ।

(গ) DNA.

(ঘ) ATP.

উত্তৰঃ (গ) DNA.

৭। তলৰ কোনবিধ মেণ্ডেলীয় বিসংগতি নহয়?

(ক) হিম ‘ফিলিয়া।

(খ) এইডচ।

(গ) চিষ্টিক ফাইব্র’ছিচ।

(ঘ) বর্ণান্ধতা।

উত্তৰঃ (খ) এইডচ।

৮। ডাউনৰ চিন্দ্রম __________ নং ক্ৰ’মজম ডালৰ এটা অতিৰিক্ত ৰূপ হোৱাৰ ফলত সৃষ্টি হয়।

(ক) 21

(খ) 23

(গ) 19

(ঘ) 10

উত্তৰঃ (ক) 21

৯। স্ত্রী মানুহত এডাল x ক্র’মজম ঘাটি হোৱাৰ ফলত__________ সৃষ্টি হয়।

(ক) ৰক্তহীনতা।

(খ) হিম’ফিলিয়া।

(গ) টার্ণাৰৰ চিন্দ্ৰম।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) টার্ণাৰৰ চিন্দ্ৰম।

১০। এজন স্বাভাৱিক মানুহৰ কোষত ক্ৰ’ম’জমৰ মুঠ সংখ্যা হ’ল—

(ক) 40

(খ) 46

(গ) 43

(ঘ) 23

উত্তৰঃ (খ) 46

১১। এজন স্বাভাৱিক মানুহৰ কোষত কিমানটা লিঙ্গ ক্র’ম’জম থাকে?

(ক) এযোৰ।

(খ) দুযোৰ।

(গ) তিনিটা।

(ঘ) এটা।

উত্তৰঃ (খ) দুযোৰ।

১২। এডাল অতিৰিক্ত X ক্ৰ’ম’জম থকাৰ ফলত ক্ৰ’ম’জমীয় বিন্যাস 47, XXY2 কেৰিঅ টাইপৰ সৃষ্টি হোৱা জিনীয় বিসংগতি হ’ল—

(ক) ক্লিনেফেল্ টাৰৰ চিন্দ্ৰম।

(খ) খেলাচেমিয়া।

(গ) ৰক্তহীনতা।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) ক্লিনেফেল্ টাৰৰ চিন্দ্ৰম।

১৩। মুর্গী চৰাইৰ মতা চৰাইটোও লিঙ্গ ক্র’ম’জম __________ আৰু স্ত্রী চৰাইটোত ___________ থাকে।

(ক) XY, XX.

(খ) ZZ, ZW.

(গ) AA, AB.

(ঘ) PQ. PP.

উত্তৰঃ (খ) ZZ, ZW.

১৪। যেতিয়া মেণ্ডেলে হালধীয়া বৰণৰ ঘূৰণীয় আকৃতিৰ বীজ থকা মটৰ মাহৰ গছৰ লগত সেউজীয়া বৰণৰ সোঁতোৰা আকৃতিৰ মাজত সংকৰণ ঘটাইছিল, হালধীয়া আৰু সেউজীয়া বৰণৰ কি অনুপাতত পৃথকীকৰণ হৈছিল—

(ক) 1:1

(খ) 3:1

(গ) 1:3

(ঘ) 9:3:3:1

উত্তৰঃ (খ) 3:1

১৫। ABO ৰক্তদল নিয়ন্ত্ৰণ কৰা জিন হ’ল—

(ক) I

(খ) K

(গ) P

(ঘ) 1

উত্তৰঃ (ক) I

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top