Class 12 Advance Assamese Important Chapter 9 বহাগ বিহুৰ পৰম্পৰা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Advance Assamese Important Chapter 9 বহাগ বিহুৰ পৰম্পৰা Solutions and select need one. Class 12 Advance Assamese Important Notes Download PDF. Important Question Answer For Class 12 Advance Assamese.
Class 12 Advance Assamese Important Chapter 9 বহাগ বিহুৰ পৰম্পৰা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Advance Assamese Additional Solutions are part of All Subject Solutions. Here we have given Class 12 Advance Assamese Additional Notes for All Chapters, You can practice these here.
বহাগ বিহুৰ পৰম্পৰা
Chapter: 9
| গোট – ২: নিৰ্বাচিত গদ্যসমূহ |
| IMPORTANT QUESTION AND ANSWER |
১। নতুন বছৰৰ আৰম্ভণিত পুৰণিকলীয়া কৃষিজীৱীয়ে কি সূচনা কৰিছিল?
উত্তৰঃ নতুন বছৰৰ আৰম্ভণিত পুৰণিকলীয়া কৃষিজীৱীয়ে খেতি-বাতিৰ সূচনা কৰিছিল।
২। বিহুৰ পৰম্পৰা কেনেকুৱা বুলি উল্লেখ কৰা হৈছে?
উত্তৰঃ বিহুৰ পৰম্পৰা প্ৰাচীন বুলি উল্লেখ কৰা হৈছে।
৩। ‘বিহু’ শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে বুলি পণ্ডিতসকলে কয়?
উত্তৰঃ ‘বিহু’ শব্দৰ উৎপত্তি সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা হৈছে বুলি পণ্ডিতসকলে কয়।
৪। অথৰ্ববেদ আৰু ঐতৰেয় ব্রাহ্মণত ‘বিষুৱণ’ কিহৰ নাম বুলি উল্লেখ আছে?
উত্তৰঃ অথৰ্ববেদ আৰু ঐতৰেয় ব্রাহ্মণত ‘বিষুৱণ’ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম বুলি উল্লেখ আছে।
৫। বিষুৱণ যাগ-যজ্ঞৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ বিষুৱণ যাগ-যজ্ঞৰ উদ্দেশ্য হ’ল- সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰা।
৬। বিষ্ণু পুৰাণ অনুসৰি সূৰ্য কেতিয়া তুলা বা মেষ ৰাশিলৈ যায়?
উত্তৰঃ বিষ্ণু পুৰাণ অনুসৰি শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত তুলা বা মেষ ৰাশিলৈ যায়।
৭। বলবর্মা আদি অসমৰ ৰজাসকলে বিষুৱ দিনত কি দান কৰিছিল?
উত্তৰঃ বলবর্মা আদি অসমৰ ৰজাসকলে বিষুৱ দিনত ভূমিদান কৰিছিল।
৮। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে?
উত্তৰঃ দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিষু বোলে।
৯। সূৰ্য তুলা ৰাশিলৈ গ’লে কোন বিহু হয়?
উত্তৰঃ সূৰ্য তুলা ৰাশিলৈ গ’লে কাতি বিহু হয়।
১০। ওৰাওসকলে গ্ৰীষ্মকালত কি ব্যৱস্থা কৰে?
উত্তৰঃ ওৰাওসকলে গ্ৰীষ্মকালত বিষু ‘চিকাৰ’ৰ ব্যৱস্থা কৰে।
১১। বিহুত কোন প্রাচীন পূজাৰ সোঁৱৰণ আছে?
উত্তৰঃ বিহুত প্রাচীন ভাৰতৰ বিষৱণ দিনৰ পূজা-পাতলৰ সোঁৱৰণ আছে।
১২। বিহু নাচৰ মুদ্রাত কি ইংগিত দেখা যায়?
উত্তৰঃ বিহু নাচৰ মুদ্রাত যৌন মিলনৰ ইংগিত দেখা যায়।
১৩। বিহুৰ আচাৰৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ বিহুৰ আচাৰৰ মুখ্য উদ্দেশ্য হ’ল- ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা।
১৪। বিহুত কোন-কোন আচাৰ লক্ষ্য কৰা যায়?
উত্তৰঃ ঘৰ-বাৰী শুচি কৰা, নিকা কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, পূজা-পাতল, নৃত্য আৰু গীত।
১৫। বৰ্তমান কালত কোন প্ৰভাৱত নৃত্য-গীত অমার্জিত বুলি ধৰা হৈছে?
উত্তৰঃ বৰ্তমান কালত হিন্দু ধৰ্মৰ প্ৰভাৱত নৃত্য-গীত অমার্জিত বুলি ধৰা হৈছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

