Class 11 Economics MCQ Chapter 3 উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পৰ্যালোচনা

Class 11 Economics MCQ Chapter 3 উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পৰ্যালোচনা Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 3 উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পৰ্যালোচনা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 3 উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পৰ্যালোচনা

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ: এক পৰ্যালোচনা

Chapter – 3

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। সংকটৰ সময়ছোৱাত ভাৰতৰ বিদেশী বিনিময় ভাণ্ডাৰ কিমান দিনৰ বাবে চলিবলৈ সক্ষম আছিল?

(ক) ৩০ দিন।

(খ) ১৪ দিন।

(গ) ৬০ দিন।

(ঘ) ৯০ দিন।

উত্তৰঃ (খ) ১৪ দিন।

২। ১৯৯১ চনৰ সংকটৰ সময়ত ভাৰতৰ চৰকাৰৰ কিহৰ ওপৰত কেন্দ্ৰ কৰা হৈছিল?

(ক) সুৰক্ষা নীতি।

(খ) ৰাষ্ট্ৰীয়কৰণ।

(গ) সামাজিক নীতি।

(ঘ) অৰ্থনৈতিক সংস্কাৰ।

উত্তৰঃ (ঘ) অৰ্থনৈতিক সংস্কাৰ।

৩। আশীৰ দশকত ভাৰতৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ কি আছিল?

(ক) উচ্চ মুদ্রাস্ফীতি।

(খ) অদক্ষ পৰিচালনা।

(গ) যুদ্ধ।

(ঘ) বিদেশী সাহায্যৰ অভাৱ।

উত্তৰঃ (খ) অদক্ষ পৰিচালনা।

৪। চৰকাৰে অধিকাংশ ক্ষেত্ৰত খৰচৰ বাবে কি উৎস ব্যৱহাৰ কৰে?

(ক) পুঁজিৰ বজাৰ।

(খ) বিদেশী বিনিয়োগ।

(গ) কৰ আৰু ৰাজহ।

(ঘ) বেচা-বিক্ৰী।

উত্তৰঃ (গ) কৰ আৰু ৰাজহ।

৫। ভাৰত চৰকাৰে পেট্ৰ’লিয়াম জাতীয় সামগ্ৰী আমদানি কৰিবলৈ কিহৰ জৰিয়তে মূল্য আদায় কৰে?

(ক) আমেৰিকান ডলাৰ।

(খ) ইউৰোপীয় ইউৰো।

(গ) ভাৰতীয় ৰুপি।

(ঘ) অষ্ট্রেলীয় ডলাৰ।

উত্তৰঃ (ক) আমেৰিকান ডলাৰ।

৬। চৰকাৰৰ আয়ৰ এক বৃহৎ অংশ কোন খণ্ডত ব্যয় কৰা হৈছিল?

(ক) বাণিজ্য খণ্ড।

(খ) উদ্যোগ খণ্ড।

(গ) সামাজিক খণ্ড।

(ঘ) কৃষি খণ্ড।

উত্তৰঃ (গ) সামাজিক খণ্ড।

৭। ভাৰতবৰ্ষই সংকটৰ সময়ত ক’ত ঋণ সাহায্যৰ বাবে আবেদন জনাইছিল?

(ক) বিশ্ব বেংকত।

(খ) ভাৰতীয় বেংকত।

(গ) আঞ্চলিক বেংকত।

(ঘ) ভাৰতীয় ৰিজাৰ্ভ বেংকত।

উত্তৰঃ (ক) বিশ্ব বেংকত।

৮। সংকটৰ সমাধানৰ বাবে ভাৰতত কোন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল?

(ক) উৎপাদন বৃদ্ধি।

(খ) আমদানিৰ হ্ৰাস।

(গ) উদাৰীকৰণ।

(ঘ) কৰ বৃদ্ধিৰ ব্যৱস্থা।

উত্তৰঃ (গ) উদাৰীকৰণ।

৯। সংকটৰ সময়ত ভাৰতৰ ৰপ্তানিৰ তুলনাত কিহৰ বৃদ্ধি হোৱা দেখা গৈছিল?

(ক) বৈদেশিক বিনিময়।

(খ) আমদানি।

(গ) উৎপাদন।

(ঘ) খৰচ।

উত্তৰঃ (খ) আমদানি।

১০। কিমান চনত আৰম্ভ কৰা সংস্কাৰ নীতিসমূহ অধিক ব্যাপক আছিল?

(ক) ১৯৯১ চনত।

(খ) ১৯৯২ চনত।

(গ) ১৯৯৩ চনত।

(ঘ) ১৯৯৪ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

১১। ব্যক্তিগত খণ্ডক কিয় বহুতো উদ্যোগত অনুমতি দিয়া নহয়?

(ক) ব্যৱসায়ৰ পৰিসৰ কম কৰাৰ বাবে।

(খ) আৰ্থিক সংস্থান হ্ৰাসৰ বাবে।

(গ) চৰকাৰৰ নিয়ন্ত্ৰণ বজাই ৰখাৰ বাবে।

(ঘ) আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে।

উত্তৰঃ (গ) চৰকাৰৰ নিয়ন্ত্ৰণ বজাই ৰখাৰ বাবে।

১২। নিৰ্বাচিত উদ্যোগজাত উৎপাদিত বস্তুৰ দৰ আৰু বিতৰণ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয়?

(ক) ব্যৱসায়ীসকলৰ সিদ্ধান্তৰ দ্বাৰা।

(খ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰৰ দ্বাৰা।

(গ) বিদেশী বিনিয়োগকাৰীৰ দ্বাৰা।

(ঘ) চৰকাৰী বিধি-বিধানৰ দ্বাৰা।

উত্তৰঃ (ঘ) চৰকাৰী বিধি-বিধানৰ দ্বাৰা।

১৩। বহুতো উদ্যোগক কি ব্যৱস্থাৰ পৰা মুক্তি দিয়া হৈছে?

(ক) বজাৰৰ দৰ নিৰ্ধাৰণ।

(খ) মুদ্ৰা নিয়ন্ত্ৰণ।

(গ) চৰকাৰী বিত্তীয় সহায়ত।

(ঘ) আয়কৰ নিৰ্ধাৰণ।

উত্তৰঃ (ক) বজাৰৰ দৰ নিৰ্ধাৰণ।

১৪। ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডক কোনে নিয়ন্ত্ৰণ কৰে?

(ক) ৰাজস্ব বিভাগ।

(খ) ভাৰতীয় ৰিজার্ভ বেংক।

(গ) ষ্টক এক্সচেঞ্জ।

(ঘ) কেন্দ্রীয় চৰকাৰ।

উত্তৰঃ (খ) ভাৰতীয় ৰিজার্ভ বেংক।

১৫। সংস্কাৰ নীতিয়ে কোন খণ্ডৰ বেংকসমূহৰ শাখা স্থাপন কৰাৰ পথ মুকলি কৰিলে?

(ক) ভাৰতীয় বেংকসমূহৰ।

(খ) বিদেশী ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ।

(গ) মুদ্ৰা বিনিময় কেন্দ্ৰসমূহৰ।

(ঘ) চৰকাৰী বেংকসমূহৰ।

উত্তৰঃ (খ) বিদেশী ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top