Class 11 Economics MCQ Chapter 2 ভাৰতীয় অৰ্থব্যৱস্থা

Class 11 Economics MCQ Chapter 2 ভাৰতীয় অৰ্থব্যৱস্থা Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 2 ভাৰতীয় অৰ্থব্যৱস্থা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 2 ভাৰতীয় অৰ্থব্যৱস্থা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

ভাৰতীয় অৰ্থব্যৱস্থা (1950–1990)

Chapter – 2

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান বছৰ ইংৰাজৰ শাসনৰ পিছত ভাৰত স্বাধীন হয়?

(ক) ১৫০ বছৰ।

(খ) ২০০ বছৰ।

(গ) ২৫০ বছৰ।

(ঘ) ৩৫০ বছৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) ২০০ বছৰ।

২। কোনখন দেশত সমাজবাদ উৎপাদনৰ উপাদানসমূহৰ ৰাষ্ট্ৰীয়কৰণ হৈছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰত।

(খ) জাপানত।

(গ) ছোভিয়েট ইউনিয়নত।

(ঘ) ইটালীত।

উত্তৰঃ (গ) ছোভিয়েট ইউনিয়নত।

৩। ছোভিয়েট সমাজবাদত কি বস্তু ব্যক্তিগত নাছিল?

(ক) ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা।

(খ) শিক্ষাৰ সুবিধা।

(গ) ব্যক্তিগত সম্পত্তি।

(ঘ) আমোদ-প্ৰমোদ।

উত্তৰঃ (গ) ব্যক্তিগত সম্পত্তি।

৪। নেহৰু আৰু আন চিন্তাবিদসকলে কোনটো দৃষ্টিভংগীৰ প্ৰতি সহানুভূতিশীল দিছিল?

(ক) সমাজবাদী।

(খ) সামন্তবাদী।

(গ) পুঁজিবাদী।

(ঘ) স্বেচ্ছাচাৰী।

উত্তৰঃ (ক) সমাজবাদী।

৫। সমাজবাদী সমাজত কোনে সামগ্ৰী উৎপাদনৰ সিদ্ধান্ত লয়?

(ক) জনসাধাৰণে।

(খ) চৰকাৰে।

(গ) ব্যক্তিগত উদ্যোগপতিয়ে।

(ঘ) ধনবাদী ব্যক্তিয়ে।

উত্তৰঃ (খ) চৰকাৰে।

৬। ১৯৪৮ চনৰ ঔদ্যোগিক নীতিৰ মূল উদ্দেশ্য কি আছিল?

(ক) ৰাষ্ট্ৰীয় খণ্ডক সুৰক্ষিত কৰা।

(খ) দেশৰ ৰাজহ–খণ্ডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ স্থাপন কৰা।

(গ) ৰাজহ–খণ্ডৰ প্ৰতিষ্ঠানসমূহ খণ্ডীকৰণ কৰা।

(ঘ) ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে মঞ্চ প্রস্তুত কৰা।

উত্তৰঃ (ঘ) ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে মঞ্চ প্রস্তুত কৰা।

৭। ১৯৫০ চনত ক’ত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

(ক) মুম্বাই।

(খ) নতুন দিল্লী।

(গ) কলকাতা।

(ঘ) চেন্নাই।

উত্তৰঃ (খ) নতুন দিল্লী।

৮। ১৯৫০ চনত পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল?

(ক) বি. আৰ. আম্বেদকাৰ।

(খ) সর্দাৰ পেটেল।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) লাল বাহাদুৰ শাস্ত্ৰী।

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

৯। পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল?

(ক) ১৯৫০ চনত।

(খ) ১৯৫৬ চনত।

(গ) ১৯৭২ চনত।

(ঘ) ১৯৮৩ চনত।

উত্তৰঃ (ক) ১৯৫০ চনত।

১০। প্রশান্ত চন্দ্র মহলানবিশৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৯০১ চনত।

(খ) ১৮৯৩ চনত।

(গ) ১৮৮৫ চনত।

(ঘ) ১৯১১ চনত।

উত্তৰঃ (খ) ১৮৯৩ চনত।

১১। মহলানবিশে কোনখন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰিছিল?

(ক) কেমব্ৰিজ বিশ্ববিদ্যালয়।

(খ) অক্সফ’ৰ্ড বিশ্ববিদ্যালয়।

(গ) কলকাতা বিশ্ববিদ্যালয়।

(ঘ) গুৱাহাটী বিশ্ববিদ্যালয়।

উত্তৰঃ (ক) কেমব্ৰিজ বিশ্ববিদ্যালয়।

১২। মহলানবিশে কলিকতাত ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান কেতিয়া স্থাপন কৰিছিল?

(ক) ১৯২০ চনত।

(খ) ১৯৪৬ চনত।

(গ) ১৯৩১ চনত।

(ঘ) ১৯৫৫ চনত।

উত্তৰঃ (গ) ১৯৩১ চনত।

১৩। মহলানবিশে প্ৰকাশ কৰা মুখপত্রৰ নাম কি?

(ক) পৰিসংখ্যা।

(খ) সংখ্যা।

(গ) অংক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সংখ্যা।

১৪। ১৯৯০ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP)ত সেৱাখণ্ডৰ বৰঙণি কিমান আছিল?

(ক) ৩০.৫৯%

(খ) ৩৫.৫৯%

(গ) ৪০.৫৯%

(ঘ) ৪৫.৫৯%

উত্তৰঃ (গ) ৪০.৫৯%

১৫। কিমান চনৰ পাছত ভাৰতত সেৱাখণ্ডৰ বৰঙণি তৰান্বিত হৈছিল?

(ক) ১৯৮৫ চনৰ পাছত।

(খ) ১৯৮০ চনৰ পাছত।

(গ) ১৯৮৬ চনৰ পাছত।

(ঘ) ১৯৯১ চনৰ পাছত।

উত্তৰঃ (ঘ) ১৯৯১ চনৰ পাছত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top