Class 11 Anthropology Chapter 2 মানৱ কংকাল

Class 11 Anthropology Chapter 2 মানৱ কংকাল Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 2 মানৱ কংকাল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 2 মানৱ কংকাল and select needs one.

Class 11 Anthropology Chapter 2 মানৱ কংকাল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 11 Anthropology Question Answer These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 2 মানৱ কংকাল Notes for All Subject, You can practice these here.

মানৱ কংকাল

Chapter – 2

১। চমু উত্তৰ দিয়া:

(ক) মানৱ কংকালটো কিমানডাল হাড়েৰে গঠিত?

উত্তৰঃ ২০৬ ডাল।

(খ) মানৱ কংকালৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?

উত্তৰঃ ২২ টুকুৰা থাকে।

(গ) লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শীৰ্ষ।

(ঘ) অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্রটোৰ নাম কি?

উত্তৰঃ অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্রটোৰ নাম হৈছে―  মহাৰন্ধ্র।

(ঙ) কৰ্ণকোহৰ কোনডাল হাড়ত থাকে?

উত্তৰঃ মেমব্ৰেন হাড়ত থাকে।

(চ) স্কন্ধবেষ্টনী কি কি হাড়ৰ দ্বাৰা গঠিত?

উত্তৰঃ স্কন্ধবেষ্টনী এযোৰ অংশফলক আৰু এযোৰ কণ্ঠস্থিৰ দ্ধাৰা গঠিত।

(ছ) মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল?

উত্তৰঃ উৰ্বাস্থি।

২। শ্ৰোণীবেষ্টনীৰ ইন’মিনেট হাড়ৰ অংশবোৰৰ নাম লিখা।

উত্তৰঃ শ্ৰোণীবেষ্টনীৰ ইন’মিনেট হাড়ৰ অংশবোৰৰ নাম হল―

১। ইলিয়াম শিখৰ।

২। ইলিয়াম।

৩। ত্রিকাস্থি।

৪। এছিটেবুলাম।

৫। ইস্কিয়াম।

৬। সংধান।

৭। অবটুৰেটৰ ৰন্ধ্ৰ।

৮। পিউবিছ।

৩। দুই মস্তক পাৰ্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম কি?

উত্তৰঃ দুই মস্তক পাৰ্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম― সমিতিতাধী সীৱন ।

৪। মানুহৰ দাঁত কেইধৰণৰ আৰু এটা দাঁতৰ অংশবোৰ কি কি?

উত্তৰঃ মানুহৰ দাঁত দুই ধৰণৰ হয়। এই দাঁতৰ তিনিটা অংশবোৰত ভাগ কৰা হয়― দন্তশিখৰ, গুৰি মাজৰ অংশ হ’ল শৰীৰ। উৰ্ধ্বহনু আৰু অধঃহনুৰ এলভিঅলাৰ অংশৰ মাড়িৰ কোটৰত দাঁতৰ গুৰি অংশ সোমাই থাকে।

৫। ৰাজহাড়ৰ  প্ৰথম আৰু দ্বিতীয় কশেৰুকাৰ নাম লিখা।

উত্তৰঃ ৰাজহাড়ৰ প্ৰথম কশেৰুকাৰক আট্’লাছ (Atlas) আৰু দ্বিতীয় কশেৰুকাৰক অক্সিছ বোলে।

৬। সমমুটোকা লিখা:

(ক) কৰোটি।

উত্তৰঃ লাওখোলাৰ দুটা অংশ হ’ল কৰোটি আৰু মুখমণ্ডল। কৰোটি অংশ ৮ টুকুৰা আৰু মুখমণ্ডল ১৪ টুকুৰা হাড়েৰে গঠিত। মানৱ  কংকালৰ কৰোটি অংশৰ ৮ টুকুৰা হাড় হ’ল― ললাটিকা অস্থি, দুডাল মস্তক পাৰ্শ্বাস্থি, দুডাল শংখাস্থি, অনুকপাল অস্থি, স্ফেনয়ড আৰু এথময়ড হাড়। কৰোটিত ললাটিকা অস্থি, দুডাল মস্তক পাৰ্শ্বাস্থি আৰু অনুকপাল অস্থিয়ে কৰোটিৰ সৰ্বোচ্চ অংশ শীৰ্ষ গঠন কৰে।

● কৰোটি অংশত ললাটিকা সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটো হল ব্ৰেগমা।

● কৰোটি অংশত অনুকপাল সীৱন আৰু সমমিতাধী সীৱন লগ লগা বিন্দুটোক লম্বডা বোলে।

● কৰোটি অংশত ললাটিকা অস্থি, মস্তক পাৰ্শ্বাস্থি, শংখাস্থি আৰু স্ফেনয়ড অস্থি লগ লগা অংশটো হল টেৰিয়ন।

(খ) বক্ষাস্থি।

উত্তৰঃ মানৱ কংকালত বুকুৰ সোঁমাজৰ সন্মুখলৈ থকা চেপেটা আৰু দীঘল হাড়ডাল হ’ল বক্ষাস্থি। বক্ষাস্থিৰ লগত কামিহাড়বোৰ লগ হৈ এটা সজা তৈয়াৰ কৰে য’ত  হৃদযন্ত্র, হাওঁফাঁও, মুখ্য ৰক্তবাহিকা আদি সুৰক্ষিত হৈ থাকে। বক্ষাস্থি হাড়ডালৰ তিনিটা অংশ; ওপৰৰ ডাঙৰ অংশটো হ’ল মেনুব্রিয়াম মাজৰ অংশ শৰীৰ আৰু তলৰ অংশ জাইফয়ড প্ৰবন্ধ। মেনুব্রিয়াম অংশৰ ওপৰ ফালে কণ্ঠাস্থিৰ লগত বক্ষাস্থি মূৰ দুটা দুয়োপিনে বক্ষাস্থিৰ লগত সংলগ্ন।

(গ) ৰাজহাড়।

উত্তৰঃ মানৱ কংকালত পিঠিৰ সোঁমাজেৰে লাওখোলাৰ অনুকপাল অস্থিৰ মহাৰন্ধ্ৰৰ তলৰ পৰা শ্ৰেণীবেষ্টনীলৈ থকা হাড়ডালই হৈছে ৰাজহাড় বা মেৰুদণ্ড। মেৰুদণ্ড এডাল হাড় নহয়। ই ৩৩ টুকুৰা হাড় বা কশেৰুকাৰে গঠিত। এই কশেৰুকাবোৰ এডাল আনডালৰ ওপৰত থাকে। দুডালকৈ কশেৰুকাৰ মাজত উপাস্থিৰে গঠিত একোখন ফলক থাকে। এই অন্তৰা উপাস্থি ফলকৰ বাবেই ৰাজহাড়ডাল লৰচৰ কৰিব পাৰে। ৰাজহাড়ৰ ৩৩ টুকুৰা কশেৰুকাৰ ২৪ টুকুৰা কশেৰুকাই লৰচৰ কৰিব পাৰে, যাক মুখ্য কশেৰুকা আৰু বাকী ৯ ডোখৰ কশেৰুকাক দৃঢ় কশেৰুকা বোলে।

ৰাজহাড়ৰ প্ৰথম কশেৰুকা টুকুৰাক আট্’লাছ আৰু দ্বিতীয় টুকুৰাক এক্সিছ বোলে।

(ঘ) প্ৰগতাস্থি।

উত্তৰঃ মানৱ কংককালত বাহু গঠন কৰা হাড় দুডাল হ’ল প্ৰগতাস্থি।(Humerus) প্ৰগতাস্থি হাড় দুডাল দীঘল। ইয়াৰ তিনিটা অংশ হ’ল― ওপৰ মূৰ, তলৰ মূৰ আৰু দুই মূৰৰ মাজৰ দণ্ড (Shaft) প্ৰগতাস্থিৰ ওপৰ মূৰত মস্তক, গ্ৰীবা (Neck), বৃহৎ স্ফীত (Greater tuberosity), ক্ষুদ্ৰ স্ফীত (Lesser tuberosity) আৰু দুই স্ফীতিৰ মাজত বাইছেপীয়া খাঁজ থাকে। প্ৰগতাস্থিৰ ওপৰৰ মূৰত থকা অৰ্ধগোলাকৰ আৰু মসৃণ মস্তকৰ দ্বাৰা হাড়ডাল অংশফলকৰ গ্লিনয়ড গুহিকাত সংলগ্ন। প্ৰগতাস্থিৰ তলৰ মূৰ বহল আৰু চেপেটা। এই  মূৰৰ দুয়োকাষে দুটা অধি-অস্থিকন্দ আছে।

(ঙ) লাওখোলাৰ অগ্ৰপৃষ্ঠ।

উত্তৰঃ লাওখোলাৰ অগ্ৰপৃষ্ঠত ললাটিকা অস্থি, নাসিকা অস্থি, জংভিকা, চিবুকাস্থি, কপোলাস্থি, সীৰকাঅস্থি, চক্ষুকোটৰ, অশ্ৰুঅস্থি, ৰাইনিয়ম, গ্লেবেলা, নেছিয়ন, ললাট-নাসিকা সীৱন, অন্তৰা-জংভিকা সীৱন, ললাট- জংভিকা সীৱন, কপোল-ললাটিকা  সীৱন,কপোল-জংভিকা সীৱন আৰু নাসিকা জংভিকা সীৱন দেখা যায়।

1 thought on “Class 11 Anthropology Chapter 2 মানৱ কংকাল”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top