Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয়

Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয় Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয় and select needs one.

Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 1 নৃতত্ত্ব পৰিচয় Notes for All Subject, You can practice these here.

নৃতত্ত্ব পৰিচয়

Chapter – 1

১। উত্তৰ দিয়া:

(ক) নৃতত্ত্বৰ অৰ্থ কি?

উত্তৰঃ ‘নৃতত্ত্ব’ শব্দৰ হৈছে দুটা শব্দৰ সংমিশ্ৰণত সৃষ্টি হৈছে। অৰ্থাৎ ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। নৃতত্ত্ব মানে হ’ল মানৱ বিজ্ঞান।

(খ) কোনে ‘নৃতত্ত্ব ডাৰউইনৰ সন্তান’ বুলি কৈছিল?

উত্তৰঃ বৃটিছ চিন্তাবিদ Robert R. Matter য়ে ‘নৃতত্ত্ব ডাৰউইনৰ সন্তান’ বুলি কৈছিল?

(গ) নৃতত্ত্বৰ কোনটো শাখাত মানুহৰ সম্পূৰ্ণ আবয়বিক লক্ষণসমূহ অধ্যয়ন কৰা হয়?

উত্তৰঃ আবয়বিক বা জীৱতাত্বিক নৃতত্ত্বৰ শাখাত মানুহৰ সম্পূৰ্ণ আবয়বিক লক্ষণসমূহ অধ্যয়ন কৰা হয়।

২। চমু উত্তৰ দিয়া:

(ক) চিত্ৰৰ সহায়ত নৃতত্ত্বৰ বিভিন্ন শাখাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ চিত্ৰৰ সহায়ত নৃতত্ত্বৰ বিভিন্ন শাখাসমূহ তলত বৰ্ণনা কৰি  সহায়ত দেখুৱা হৈছে―

(খ) নৃতত্ত্ব  বুলিলে কি বুজা? হাৰস্কভিটৰ সংজ্ঞাটো লিখা।

উত্তৰঃ  নৃতত্ত্বই সকলো সময় অৰ্থাৎ মানৱধৰ্মী প্ৰাণীৰ সৃষ্টিৰে পৰা বৰ্তমানলৈ আৰু পৃথিৱীৰ সকলো স্থানতে বসবাস কৰা মানুহৰ বিশদ অধ্যয়নক সামৰি লয়। ‘মানুহৰ সৃষ্টি, ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ লগতে বিভিন্নতাক সামৰি লোৱা অধ্যয়নই হৈছে নৃতত্ত্ব।’

 হাৰস্কভিটৰ সংজ্ঞাটো হ’ল― ’নৃতত্ত্ব মানুহ আৰু মানুহৰ কাৰ্যৱলীৰ বিৱৰণ’।

(গ) প্ৰয়োগক নৃতত্ত্ব কি?

উত্তৰঃ নৃতত্ত্বৰ জ্ঞান মানৱ সম্পদৰ উন্নতি বাবে প্ৰয়োগ কৰাকে প্ৰায়োগিক  নৃতত্ত্ব বোলা হয়।

(ঘ) আমেৰিকাৰ নৃতত্ত্বৰ পিতা বুলি কাক কোৱা হয়। তেওঁ দিয়া নৃতত্ত্বৰ সংজ্ঞাটো লিখা।

উত্তৰঃ আমেৰিকাৰ নৃতত্ত্বৰ পিতা বুলি ফ্ৰেঞ্জ ইউৰি বৱাজক কোৱা হয়।

তেওঁ দিয়া নৃতত্ত্বৰ সংজ্ঞাটো হৈছে― ‘নৃতত্ত্ব মানুহৰ সংস্কৃতি আৰু অভিজ্ঞতাৰ সামগ্ৰীক অধ্যয়ন’।

৩। উত্তৰসমূহ লিখা:

(ক) আবয়বিক নৃতত্ত্বৰ ভাগসমূহ বৰ্ণনা কৰা।

উত্তৰঃ আবয়বিক নৃতত্ত্বৰ ভাগসমূহ তলত বৰ্ণনা কৰা হ’ল―

আবয়বিক নৃতত্ত্ব (Physical Anthropology):―

১। আণৱিক জীৱবিজ্ঞান (Molecular Biology)

২। প্ৰত্নজীৱতাত্ত্বিক নৃতত্ত্ব (Paleoanthropology)

৩। প্ৰাইমেটতত্ব (Primatology)

৪। মানৱ দেহতত্ত্ব (Human Anatomy)

৫। পেলিঅ’ পেথ’লজী ফৰেনচিক নৃতত্ত্ব (Forensic Anthropology)

৬। মানৱ পৰিৱেশতত্ত্ব (Human Ecology)

৭। প্ৰজাতিতত্ত্ব (Racial Study)

৮। আনুবংশিক বিজ্ঞান (Human Genetics)

(খ) প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব কি? ভাগসমূহ লিখা।

উত্তৰঃ প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব হ’ল― কাৰিকৰী উন্নতি আৰু কৌশলৰ অগ্ৰগতিৰ ফলত প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব অধ্যয়নত যথেষ্ট সুবিধা হৈছে। অনুসন্ধান, খননকাৰ্য, বিশ্লেষণ, সংৰক্ষণ আদি সকলো ক্ষেত্ৰতে উন্নত কাৰিকৰী প্ৰযুক্তিৰ সহায় লোৱা হয়। ইয়াৰ ভাগসমূহ হ’ল― 

প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব (prehistoric Anthropology):―

১। ঐতিহাসিক প্ৰত্নতত্ত্ব (Historical Archaeology)

২। ক্লাচিকেল প্ৰত্নতত্ত্ব (Classical Arch)

৩। বাইবেল প্ৰত্নতত্ত্ব (Biblical Arch)

৪। উদ্যোগিক প্ৰত্নতত্ত্ব (Industrial Archaeology)

৫। এথন’অৰ্কেঅলজী (Ethnoarchaeology)

৬। সাংস্কৃতিক সম্পদ ব্যৱস্থাপনা (Cultural Resource Management)

৭। সাগৰীয় প্ৰত্নতত্ত্ব (Maritime Arch)

৮। উদ্ধাৰ প্ৰত্নতত্ত্ব (Salvage Archaeology)

(গ) নৃতত্ত্বৰ লগত ভূতত্বৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ নৃতত্ত্বৰ লগত ভূতত্বৰ সম্পৰ্ক  তলত আলোচনা কৰা হৈছে―

ইতিমধ্যে নৃতত্ত্বৰ বিভিন্ন শাখা-প্ৰশাখা, বিষয়বস্তু আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা হৈছে। এই সকলোবোৰ শাখা-প্ৰশাখা এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

মানুহৰ উৎপত্তি, ক্ৰমবিৱৰ্তন এক বৃহৎ অংশৰ কোনো লিখিত বিৱৰণ নাই।  সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু শৃংখলাবদ্ধ উদ্ধাৰ কার্যৰ বাবে নৃতাত্ত্বিকসকলে বিভিন্ন প্ৰত্নতাত্ত্বিক আহিলা আৰু পদ্ধতি ব্যৱহাৰ কৰে। এই সমলসমূহ মাটিৰ তলত পৰা উদ্ধাৰ কৰিবৰ বাবে বিশেষ কিছুমান পদ্ধতি, যেনে― ভৌগোলিক অৱস্থিতি প্ৰণালী, চুম্বকীয় প্ৰতিৰোধ জৰীপ ইত্যাদি পদাৰ্থ বিজ্ঞানৰ সূত্ৰৰ ভিত্তিত কৰা হয়।

জীৱাশ্ম অধ্যয়নৰ উপৰি জীৱজগতত মানুহৰ স্থান, ক্ৰমবিকাশ, বিভিন্ন প্ৰাইমেটৰ লগত মানুহৰ সম্পৰ্ক ইত্যাদি বিষয়সমূহ জীৱবিজ্ঞানী আৰু নৃতাত্ত্ববিদসকলে উমৈহতীয়াভাৱে অধ্যয়ন কৰে।

ক্ৰমবিৱৰ্তনৰ অধ্যয়নত কাল নিৰ্ণয় অতি গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ ভূ-স্তৰৰ কোনটো স্তৰৰ পৰা উদ্ধাৰ হৈছে, ভূ-স্তৰৰ গঠন, পৰিৱৰ্তন ইত্যাদি জনাটো আৱশ্যকীয়। এনে ক্ষেত্ৰত নৃতত্ত্বই ভূ-তত্ত্বৰ বিভিন্ন সূত্ৰ আৰু পদ্ধতি প্ৰয়োগ কৰে। এনেদৰেই ভূ-তত্বৰ লগতো নৃতত্ত্বৰ ওচৰ সম্পৰ্ক দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top