HSLC 2020 Social Science Question Paper Solved

HSLC 2020 Social Science Question Paper Solved, SEBA Class 10 Social Science Old Question Paper Solved, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2020 Social Science Question Paper Solved can be of great value to excel in the examination.

HSLC 2020 Social Science Question Paper Solved

HSLC 2020 Social Science Question Paper Solved

Join Telegram channel

HSLC Old Question Paper provided is as per the 2020 Assam Board Exam and covers all the questions from the SEBA HSLC 2020 Question Paper. Access the detailed SEBA Class 10 Social Science 2020 Paper provided here and get a good grip on the subject. Access the HSLC 2020 Social Science Question Paper Solved, Class X Social Science 2020 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

HSLC SOCIAL 2020 QUESTION PAPER

2020

SOCIAL SCIENCE OLD PAPER

ALL QUESTION ANSWER

1. (a) চৌৰীচোৰা সংঘর্ষ কেতিয়া সংঘটিত হৈছিল ?

(i) ৫ ফেব্ৰুৱাৰী, ১৯২২৷ 

(ii) ৩১ জানুৱাৰী, ১৯৩০৷

(iii) ৮ আগষ্ট, ১৯৪২৷

(iv) ৬ এপ্রিল, ১৯১৯৷

উত্তৰঃ (i) ৫ ফেব্ৰুৱাৰী, ১৯২২৷

(b) মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ?

(i) মায়াৰাম নাজিৰ৷ 

(ii) শ্বেখ ফর্মুদ আলী৷

(iii) পিয়লি বৰুৱা।

(iv) দুটিৰাম বৰুৱা৷

উত্তৰঃ (iii) পিয়লি বৰুৱা ৷

(c) ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন গঠন কৰিছিল ?

(i) পদ্মনাথ গোহাঁই বৰুৱা৷

(ii) হেমচন্দ্র গোস্বামী৷

(iii) নবীনচন্দ্ৰ বৰদলৈ৷ 

(iv) মাণিক চন্দ্ৰ বৰুৱা৷

উত্তৰঃ (iv) মাণিক চন্দ্ৰ বৰুৱা ৷

(d) তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধর্মালম্বী ? 

(i) খাছি৷ 

(ii) খাম্‌টি৷

(iii) আদি৷

(iv) কাৰ্বি৷

উত্তৰ : (ii) খাম্‌টি ৷

(e) তলত দিয়াবোৰৰ কোনটো মানবসৃষ্ট সম্পদ ? 

(i) নদী৷

(ii) খনিজ তেল৷

(iii) জলসিঞ্চন লা৷

(iv) অৰণ্য৷

উত্তৰঃ (iii) জলসিঞ্চন নলা ৷

(ফ) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান ? 

(i) 0.0035%৷

(ii) 0.035%৷

(iii) 0.35%৷

(iv) 3.35%৷

উত্তৰঃ (ii) 0.035%৷

(g) কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে ? 

(i) লোহিত সাগৰ৷

(iil) কাস্পিয়ান সাগৰ৷

(ii) ভূমধ্য সাগৰ৷

(iv) এড্রিয়াটিক সাগৰ৷

উত্তৰঃ (i) লোহিত সাগৰ ৷

(h) ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্রস্তাবনাত সংযোজন কৰা হৈছিল ?

(i) সার্বভৌম৷

(ii) গণতান্ত্রিক৷ 

(iii) গণৰাজ্য৷

(iv) সমাজবাদী৷

উত্তৰঃ (iv) সমাজবাদী ৷

2. গান্ধী-আউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা। 

উত্তৰঃ ১৯৩১ চনৰ ৫ মার্চ তাৰিখে। এই চুক্তি মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত স্বাক্ষৰিত হৈছিল। এটা পৰিণতি হ’ল— আইন অমান্য আন্দোলন প্রত্যাহ্বান কৰা। 

3. আহোম সভা কোনে গঠন কৰিছিল ? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল ?

উত্তৰঃ ১৮৯৩ চনত পদ্মনাথ গোহাঁইবৰুৱাই আহোম সভা গঠন কৰিছিল। ১৮৯৩ চনত পদ্মনাথ গোহাঁইবৰুৱা আৰু তেওঁৰ ভালেমান সহযোগীৰ প্ৰচেষ্টাত শিৱসাগৰ ছোৱালী হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ যোগেদি আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হোৱাৰ পৰা প্ৰায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰৱা। এই সংগঠন স্থাপনৰ মূল উদ্দেশ্য আছিল আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতি ৰোধ কৰা আৰু উক্ত দিশসমূহৰ উন্নয়ন সাধন কৰা। তদুপৰি কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিল। ১৯১০ চনত এই সভাক ‘সদৌ অসম আহোম এছচিয়েচন’ নামেৰে নামকৰণ কৰা হৈছিল। ১৯৫০ চনৰ পিছৰ পৰা এই এছ চিয়েচন ক্রমাৎ দুৰ্বল হৈ পৰে।

4. দৰং জিলাৰ দুটা লোকনৃত্য উল্লেখ কৰা।

উত্তৰঃ দেওধনী নৃত্য, ঢেপাটুলীয়া।

5. ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল ? 

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰত স্বদেশী আন্দোলন আৰম্ভ হৈছিল। স্বদেশী আন্দোলনৰ পটভূমিত বংগদেশৰ জাতীয় শিল্পৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও বৃহৎ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। এইসমূহৰ ভিতৰত সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানা গঢ়ি উঠিছিল। ৰবীন্দ্রনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এক উন্নত মানদণ্ডৰ বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। যোগেশচন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত প্রতিষ্ঠিত ‘ইণ্ডিয়ান ষ্টোৰচ’, সবলা দেৱীৰ প্ৰচেষ্টাত প্রতিষ্ঠিত ‘লক্ষী ভাণ্ডাৰ’, নীলৰৰ্তন চৰকাৰৰ উদ্যোগত প্রতিষ্ঠিত ‘বংগলক্ষী কটন মিল’, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ ‘বেংগল কেমিকেলচ’ আদি প্রতিষ্ঠানত সকলো প্ৰকাৰৰ স্বদেশী সামগ্রী বিক্ৰী কৰা হৈছিল।

বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শিল্প-উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ.চি. দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্রথম ‘ভাৰতীয় উদ্যোগ সম্মিলন ‘ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পর্কে। দেশবাসীক সজাগ কৰি তুলিছিল। স্বদেশী আন্দোলনে ভাৰতবৰ্ষৰ ব্যৱসায় আৰু বংগদেশৰ জাতীয় শিল্পৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল।

নাহবা

ভাৰতত স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। 

উত্তৰঃ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা আছিল অনন্য। সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰীসমাজে পুৰুষৰ সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ এই অংশগ্রহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পর্যায়লৈ আগুৱাই নিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত সৰলা দেবী চৌধুৰাণী (১৮৭৪-১৯৩৩), ভগিনী নিবেদিতা।

সৰলা দেৱীয়ে বিপ্লৱী ভাবাদর্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰাষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসর, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠিখেল আৰু কুক্তিৰ প্ৰশিক্ষণ দিছিল। তদুপৰি ‘ভাৰতী’ নামৰ এখন পত্রিকা সম্পাদনা কৰি তেওঁ বংগদেশৰ যুৱশক্তিক জাতীয় আন্দোলনত জপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।

স্বদেশী আন্দোলনত অগ্রণী ভূমিকা আগবঢ়োৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। আয়াৰলেণ্ডত জন্মগ্রহণ কৰা এইগৰাকী মহীয়সী নাৰীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যেক্ষভাবে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।

6. “বংগ বিভাজন” কি আছিল। ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। 

উত্তৰঃ ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগদেশক দুভাগত বিভক্ত কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন নতুন প্রদেশ গঠন কৰে। বংগ প্ৰদেশক এজন লেফটেনেন্ট গৱৰ্ণৰে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডল প্ৰদেশখনৰ পৰা বিচ্ছিন্ন কৰিছিল। তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ১,০৬,৫৪০ বর্গমাইল এলেকা অসমৰ লগত সংলগ্ন কবি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। ১৯০৫ চনত বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ কার্যকৰী কৰিছিল।

ভাইচৰয় লর্ড নেথানিয়েল কাৰ্জনৰ এই বংগ বিভাজনে সমগ্র বংগদেশত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰাই কাৰ্জনৰ মুখ্য উদ্দেশ্য আছিল। কাৰ্জনৰ এনে অদূৰদৰ্শী কাৰ্যত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্র পাল, অৰবিন্দ ঘোষ প্রমুখ্যে প্রখ্যাত জাতীয়তাবাদী চিন্তানায়কসকল জাঙুৰ খাই উঠিছিল। ১৯০৫ চনত উল্লেখিত নেতাসকলৰ প্ৰচেষ্টাত ৭ আগষ্ট তাৰিখে কলিকতা টাউন হলত এক বিশাল প্রতিবাদী জনসভা অনুষ্ঠিত হয়। এই প্রতিবাদী সভাতে বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা হয়। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পাছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হয়।

স্বদেশী আন্দোলনৰ ফলত জাতীয় সাহিত্যৰ সৃষ্টি হৈছিল। স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। এই আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল। বিভিন্ন সংবাদপত্র, আলোচনী, গ্রন্থ আৰু গীত, নাটক, প্ৰৱন্ধ ইত্যাদি। 

স্বদেশী আন্দোলনে শিক্ষা ব্যৱস্থাৰ ওপৰতো প্রভাৱ পেলাইছিল। বিপিন চন্দ্র পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছল প্ৰমুখ্যে নেতাসকলে ছাত্রসমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰমহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰে। বংগ দেশত কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। এই আন্দোলনৰ সময়ত ৬২খন মাধ্যমিক আৰু ৩০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে।

স্বদেশী আন্দোলনে বংগদেশৰ নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণৰ সৃষ্টি কৰে। বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল। বংগ বিভাজনৰ ফলত গঢ়ি উঠা স্বদেশী আন্দোলনৰ ফলত ১৯১১ চনত ব্ৰিটিছ চৰকাৰে বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। কিন্তু জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্র ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল। এই আন্দোলনৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয়।

7. “পথৰুঘাটৰ কৃষক বিদ্রোহ” ৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ ১৮৯৪ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে দৰং জিলাৰ পথৰুঘাটত এক ব্যাপক কৃষক বিদ্রোহ সংগঠিত হৈছিল। ব্ৰিটিছ চৰকাৰে বৰ্ধিত হাৰত খাজনা নিৰ্ধাৰণ কৰা বাবে মংগলদৈ মহকুমাৰ কলাইগাঁও, মঙ্গলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈ এই বিদ্ৰোহৰ পাতনি মেলিছিল। এইদৰে নিজ নিজ এলেকাত বইজমেল পাতি জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৯ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল পাতিবৰ বাবে পথৰুঘাটত মিলিত হৈছিল। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত এই ৰাইজমেলক প্রতিহত কৰিবৰ বাবে পুলিচ আৰু সামৰিক বাহিনীৰ মুঠ ৩২ জন লোকক লৈ পুলিচ অধীক্ষক জে.আৰ. বেৰিংটন পথৰুঘাটত উপস্থিত হৈছিল। সমবেত কৃষকসকলে বিশেষকৈ পুলিচৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্যত তীব্র উত্তেজনাৰ সৃষ্টি হয় আৰু উভয় পক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। উক্ত সংঘৰ্ষত পথৰুঘাটত চৰকাৰী পক্ষৰ আক্ৰমণত ভালেমান বিদ্রোহী কৃষক নিহত হৈছিল। চৰকাৰী হিচাপ মতে কৃষকসকলৰ ১৫ জনে মৃত্যুবৰণ কৰিছিল আৰু অন্যান্য ৩৭ জনে আঘাত পাইছিল। চৰকাৰী ভাষ্যমতে ৰাইজমেল তথা বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত মুঠতে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। এই বিদ্ৰোহৰ অন্ত পৰাৰ লগে লগে অসমত ব্ৰিটিছ সাম্রাজ্যবাদ বিৰোধী ঊনবিংশ শতিকাৰ কৃষক বিদ্ৰোহৰ সামৰণি পৰিছিল।

8. ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ উল্লেখ কৰা। 

উত্তৰঃ আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চন এক বিশেষভাবে উল্লেখনীয় বছৰ। ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্রোহ ঘোষণা কৰিছিল আৰু ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। ভাৰতত এই বিদ্রোহ ঘোষণা কৰাৰ প্ৰধান কাৰণসমূহ আছিল – 

(ক) লর্ড ওৱেলেট্‌লিৰ বশ্যতামূলক মিত্রতা নীতি।

(খ) লর্ড ডেলহাউচীৰ স্বত্ব বিলোপ নীতি।আৰু 

(গ) বিভিন্ন দুর্দশাৰ প্ৰতিবাদত ১৮৫৭ চনৰ ১০ মে’ তাৰিখে মিৰাটৰ ভাৰতীয় সৈন্যসকলে বিদ্রোহ ঘোষণা কৰিছিল। এই বিদ্রোহী সৈন্যবাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই বিদ্রোহ আৰু শক্তিশালী কৰিবলৈ ভাৰতৰ বঞ্চিত শাসকসকলে সম্পূর্ণ সমর্থন আগবঢ়াই বিদ্রোহ শক্তিশালী কৰি তুলিছিল। তাঁতিয়াটোপে, ঝাঞ্চী ৰ ৰাণী লক্ষ্মীবাঈ আদিয়ো এই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল।

১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক বৃটিছ শাসন উফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। সেয়েহে এই বিঃদ্রাহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম শাসন প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতো চিটাগঞ্জৰ পৰা অহা চিপাহীসকলে বিশ্লোহ। সূচনা কৰিছিল।

ডিব্ৰুগড়ক প্রথম আসাম লাইট ইনফ্লেন্টী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনয়েন্সী সৈন্যসকলেও পিছত অসমত বিদ্ৰোহৰ সূচনা কৰিছিল।

নাইবা

ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীয়া বিদ্ৰোহৰ বিশেষত্ব সম্পর্কে লিখা।

উত্তৰঃ ১৮৩৫ চনত জয়ন্তীয়া পাহাৰক কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰে। ১৮৬০ চনত জয়ন্তীয়াসকলৰ ওপৰত চৰকাৰে ঘৰমূৰি আৰু পিছা বছৰত আয়কৰ প্ৰৱৰ্তন কৰাত তেওঁলোকৰ মাজত অসন্তুষ্টি আৰু উত্তেজনাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত জয়ন্তীয়া লোকসকলে তেওঁলোকৰ চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁওসভাত মিলিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। জয়ন্তীয়াসকলে প্ৰথমতে ঘৰমুৰি কৰ প্ৰৱৰ্তন কৰাৰ সময়ত জোৱাইৰ তহচিলদাজনক আঁতৰাই থৈ বিদ্ৰোহৰ সূচনা কৰিছিল। কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া যে ব্ৰিটিছৰ ৰাজহ নীতিৰ উপৰিও জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰা অনুযায়ী চলি অহা অনুষ্ঠানসমূহৰ ওপৰত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞায়ো তেওঁলোকক ব্ৰিটিছ বিৰোধী কৰি তুলিছিল। এনে পৰিস্থিতিত জোৱাইত সংগঠিত হোৱা বিদ্ৰোহৰ বাতৰি অন্যান্য অঞ্চলতো সদৰী হৈ পৰাত বিশেষকৈ জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদিতো বিদ্ৰোহৰ বতাহ বলিবলৈ ধৰে।

9. গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল ? তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল ?  

উত্তৰঃ ১৯৩৯ চনৰ চেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু প্ৰমুখ্যে আন্দোলনৰ মুখ্য নেতাসকলে ব্ৰিটিছ চৰকাৰক জনাই দিছিল যে ভাৰতক পূর্ণ স্বাধীনতা দিলে তেওঁলোকে যুদ্ধত ব্ৰিটিছক সহায় কৰিব। কিন্তু ব্ৰিটিছে কংগ্ৰেছৰ এই প্রস্তাব অগ্রাহ্য কৰিছিল। ফলত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰীত্বৰ পদ ত্যাগ কৰিছিল। আৰু সত্যাগ্ৰহৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছিল। ব্ৰিটিছ প্রধানমন্ত্রী উইনস্টন চাৰ্চিলে কংগ্ৰেছৰ লগা এলানি আলোচনা কৰাৰ উদ্দেশ্যে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী চাৰ ষ্টাফ’ৰ্ড’ ক্ৰিপছক ১৯৪২ চনত ভাৰতলৈ পঠাইছিল। ক্ৰিপছ মিছনে ইউৰোপত চলি থকা ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ সহযোগ বিচাৰি এলানি প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু কংগ্ৰেছে ক্ৰিপছ মিছনৰ প্রস্তাব মানি নোলোৱাত ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল। গান্ধীজীয়ে এই সুযোগতে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল– জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগ সন্ত্রাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব।

১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়ৰ টেৎকত উদাক্ত ভাষণ দিছিল, যিখন ঠাইক বর্তমান ‘আগষ্ট ক্রান্তি মৈদান’ নামেৰে জনা যায়। গান্ধীৰ ‘কৰিম কিম্বা মৰিম’ (Do or Die) ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জপিয়াই পৰিছিল।

10. অসমত উদ্যাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ বিহু অসমৰ জতীয় উৎসব। বিহু বুলিলে আমি তিনিটা সময়ত তিনিটা বিহুৰ কথা বুজোঁ। 

১। ৰঙালী বিহু।

২। কাতি বিহু।

৩। ভোগালী বিহু।

চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা ব’হাগ বিহু হয়। ব’হাগ বিহুৰ প্ৰথমদিনা গৰু বিহু। সেইদিনা গৰুক গা ধুৱায়। দ্বিতীয় দিনাখন মানুহ বিহু। সেইদিনা সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। আত্মীয়-স্বজনৰ মাজত বিজ্ঞানৰ আদান-প্রদান চলে। দুপৰীয়া নামঘৰত নাম-কীৰ্ত্তন হয়। আবেলিলৈ ডেকা-গাভৰুৱে ঘৰে ঘৰে গৈ বিহু নৃত্য, বিহু হুঁচৰি গায়। প্রায় এমাহ ধৰি ব’হাগ বিহু উৎসৱ পালন কৰা হয়।

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু হয়। কাতি বিহুৰ দিনা হিন্দুসকলে তুলসীৰ তলত শৰাই আৰু চাকি জ্বলাই খেতিপথাৰতো নৈবদ্য দি চাকি জ্বলাই। কাতি বিহুত খোৱাবস্তুৰ নাটনি হয় বাবে কঙালী বিহু বুলি কোৱা হয়।

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু হয়। মাঘ বিহুত খোৱাবস্তুৰ অভাৱ নাই। মাঘৰ বিহুক ভোগালী বিহুত্ত বোলা হয়। ল’ৰাহঁতে বিহুৰ কিছুদিনৰ আগতে মেজি সাজে আৰু বিহুৰ দিনাখন মেজি জ্বলায়। মেজিৰ জুইত চাউল, তিল, মাহ আদি দি অগ্নি সেৱা কৰে। আত্মীয়-স্বজনক নিমন্ত্রণ কৰে।

11. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল ? 

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য ঘটনা। ১৯২০ চনৰ পৰা ১৯২২ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ তথ্য গান্ধীজীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞা হৈছিল। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম ভ্রমণে অসমত অসহযোগ আন্দোলন আৰম্ভ হোৱাত বিশেষ সহায় আগবঢ়াইছিল। গান্ধীজীয়ে গুৱাহাটী, তেজপুৰ, যোৰহাট, শিৱসাগৰ আদি ঠাই ভ্ৰমণ কৰি অহিংসা-আন্দোলনৰ কাৰ্যসূচী প্ৰচাৰ কৰিছিল। ইতিমধ্যে আৰম্ভ হোৱা এই আন্দোলন মহাত্মা গান্ধীৰ অসম আগমনৰ পিছত আৰু ব্যাপকভাবে শিপাই পৰিল। গোটেই অসমত এক প্ৰৱল জাগবণ জাগি উঠিছিল। আন্দোলনৰ কাৰ্যসূচী হিচাপে স্বদেশীক সমর্থন কৰি বিলাতী কাপোৰ দাহ, চৰকাৰী স্কুল-কলেজ পরিত্যাগ, আদালত বর্জন, খাজনা দিয়া বন্ধ আদি কাৰ্যই অসমত তোলপাৰ লগাইছিল। হাজাৰ হাজাৰ কৃষক, বনুৱা, কাৰিকৰে আন্দোলনত যোগ দিয়াৰ লগতে সেই সময়ত চাহ বাগিচাবিলাকতো হোৱা শ্রমিক আন্দোলনত মহিলাই অংশগ্ৰহণ কৰিছিল। অন্যহাতে অসমত এই আন্দোলনৰ উল্লেখযোগ্য প্রভাব আছিল– কানিৰ প্ৰচলন বন্ধ। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি ইয়াৰ উৎপাদন বৃদ্ধি কৰা। কিন্তু ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হোৱাত গান্ধীজী মর্মাহত হয় আৰু আন্দোলনে যে অহিংসা নীতি পৰিহাৰ কৰিছে সেই কথা উপলব্ধি কৰি অসহযোগ আন্দোলন স্থগিত কৰিছিল।

নাইবা

স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল ?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ ইয়াণ্ডাবু সন্ধিমতে অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰ পৰা গৈ ইংৰাজৰ অধীন হয়। ইংৰাজসকলৰ আগমনে অসমত ক্রমান্বয়ে এক নতুন ৰাজনৈতিক তথা অর্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক

শিক্ষাই ভাৰতীয় সমাজত দুই ধৰণে প্রভাব পেলোৱা দেখা যায়। এফালে আধুনিক পাশ্চাত্য শিক্ষাৰে প্ৰভাৱিত ভাৰতীয় শিক্ষিত শ্ৰেণীটোক তেওঁলোকৰ পুৰুষানুক্রমে চলি অহা পৰম্পৰাসমূহক এক সমালোচনাত্মক দৃষ্টিভংগীৰে চালিজাৰি চাবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু আনফালে এই শিক্ষাই ১৯ শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষত এক জাতীয় চেতনা জাগ্ৰত হোৱাত অৰিহণা যোগাইছিল। বহু বিশিষ্ট ব্যক্তিয়ে জাতীয়তাবাদী চেতনাৰ প্ৰসাৰ ঘটাইছিল। তেনে লেখকসকলে অসমতো এক নতুন সজাগতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ১৯ শতিকাৰ শেষাৰ্ধত ভাৰতৰ আন আন ঠাইৰ দৰে অসমতো সৰ্বসাধাৰণে ঔপনিবেশিক শাসন-শোষণৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰিছিল। এই সময়ছোৱাতে জনসাধাৰণৰ সমস্যাবোৰৰ চৰ্চা আৰু সমাধান কৰিবলৈ কেইবাটাও সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ জন্ম হৈছিল, যেনে— অসমীয়া ভাষা উন্নতি সাধিনী সভা, জোনাকী, অসম ছাত্ৰ সন্মিলন, বায়ত সভা, আহোম সভা, যোৰহাট সার্বজনিক সভা, আছাম এছ’চিয়েচন, অসম প্রদেশ কংগ্রেছ কমিটি আদি।

12. “অর্থনৈতিক ভূগোল” ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি ? 

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু কালসাপেক্ষে অধ্যয়ন কৰা হয় তাকে অর্থনৈতিক ভূগোল (Economic Geography) বোলে।

অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ’ল— পৃথিৱীত থকা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ ভিন্নতা আৰু প্ৰসাৰ অধ্যয়ন কৰা। 

অর্থনৈতিক ভূগোলৰ কেইবাটাও উপশাখা গঢ় লৈ উঠিছে। এই উপশাখাসমূহৰ ভিতৰত – 

(ক) কৃষি ভূগোল।

(খ) ঔদ্যোগিক ভূগোল।

(গ) সম্পদ ভূগোল।

(ঘ) পৰিবহন ভূগোল।

(ঙ) বজাৰ ভূগোল।

(চ) পর্যটন ভূগোল উল্লেখযোগ্য। 

13. পানী প্ৰদূষণ কেনেকৈ হয় ? 

উত্তৰঃ বায়ুমণ্ডলৰ দৰে পৃথিৱীৰ পানীভাগো কম-বেছি পৰিমাণে প্ৰদুষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদার্থকণা, অণুজীব, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিবৰ্তন ঘটোৱা এনে প্রক্রিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়। সহজ অর্ধত দুষিত পদার্থ মিহলি হৈ পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বুলি কোৱা হয়।

পানীৰ উৎসৰ ওচৰত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নিৰ্গত অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। 

তদুপৰি ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।

বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। 

বায়ুমণ্ডলত জমা হোৱা ছালফাৰ-ডাই-অক্সাইড আৰু নাই’জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে।

এনেদৰে বিভিন্ন কাৰণত পানী প্ৰদূষিত হ’ব পাৰে।

14. ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা। 

উত্তৰঃ ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম হৈছে ছিছিলি আৰু মাল্টা।

15. অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰা। 

উত্তৰঃ কয়লা, খনিজ তেল, প্রাকৃতিক গেছ, চুনশিল। 

নাইবা

অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ দুটা ভৈয়াম জনজাতি হ’ল— বড়ো আৰু মিচিং।

দুটা পার্বত্য জনজাতিৰ নাম হ’ল— কাৰ্বি আৰু ডিমাচা কছাৰী।

16. গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা। 

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিবৰ্তন, শস্য উৎপাদন হ্রাস, মকৰণ আদিয়েই প্রধান।

অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্রী চেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব আৰু সাগৰপৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহিব। সাগৰপৃষ্ঠ বর্তমানতকৈ এক মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্রায় ৫ নিযুত বর্গকিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ’ব। লগতে বহুতো জনবসতিপূর্ণ দ্বীপ, ব-দ্বীপ, প্রবালদ্বীপ আদি পানীত বুৰ যাব।

17. অসমত অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ ১। অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ৰাজ্যখনত এতিয়াও কৃষিখণ্ডৰ বিশেষ উন্নতি হোৱা নাই। 

২। অসমত ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ঔদ্যোগিক প্রক্রিয়া এতিয়াও মন্থৰ হৈয়ে আছে। 

৩। উপযুক্ত ভূমি ব্যৱহাৰৰ পৰিকল্পনা এতিয়াও হোৱা নাই।

নাইবা

অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ অসমৰ বিভিন্ন অঞ্চলত ভিন্ন প্রাকৃতিক পৰিৱেশৰ বাবে জনসংখ্যাও সকলো অঞ্চলতে সমান নহয়। সেয়ে অঞ্চলভেদে ঘনত্বও একে নহয়। যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অবস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে অনুকুল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। মানচিত্ৰত দেখুওৱাৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতলভূমি, সাৰুৱা মাটি, সূচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে ইয়াত জনবসতি ঘন হয়। ইয়াত জনসংখ্যাৰ ঘনত্ব ১২২০ জনৰ পৰা ২০১১ চনত ১৫০২ জনলৈ বৃদ্ধি পাইছে। উপত্যকাটোৰ উজনি অংশত জনসংখ্যাৰ ২১ শতাংশ লোক বসবাস কৰে। মধ্য অঞ্চলত ২৭ শতাংশ লোকে বসবাস কৰে। নামনি অঞ্চলত ৩৬ শতাংশ লোক বাস কৰে।

আনহাতে ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাৰ অঞ্চলসমূহ সাৰুৱা আৰু যাতায়াতৰ ব্যৱস্থাৰ সুচলতাৰ বাবে অসমৰ মুঠ জনসংখ্যার প্রায় ১১ শতাংশ লোকে ইয়াত বাস কৰে।

কিন্তু কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লৈ হোৱা পার্বত্য অঞ্চলটোত প্রতিকূল ভূ-প্রাকৃতিক অৱস্থাৰ বাবে জনবসতি আৰু জনসংখ্যা কম আৰু পাতল হয়। ইয়াত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকহে বাস কৰে। 

18. “সম্পদ” বুলিলে কি বুজায় ? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বোলে। উদাহৰণস্বৰূপে পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি আদি মানুহৰ আটাইতকৈ লাগতিয়াল বস্তু। সেয়ে এইবোৰ সম্পদ। 

সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— উপকাৰিতা, কার্যকাৰিতা আৰু পৰিৱৰ্তনশীল ৷

19. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱা :

(a) জৈৱ প্রযুক্তি পার্ক 

(b) এখন পক্ষী অভয়াৰণ্য

(c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচা।

উত্তৰঃ  

(i) North Guwahati.

(ii) Pobitora/Kaziranga.

(iii) Monabari Tea Garden (Sonitpur)

নাইবা

(কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবে) অসমৰ কৃষিভিত্তিক উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ কৃষি উপযোগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্ৰকাৰৰ খাদ্যশস্য আৰ অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্যবিলাকক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি বহু ধৰণৰ উদ্যোগ গঢ়ি উঠিছে। বর্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হ’ল– বন উদ্যোগ, চাহ উদ্যোগ, বেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্রস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।

কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। এই উদ্যোগে অসমত লাহে লাহে গুৰুত্ব লাভ কৰিছে আৰু কম সময়ৰ ভিতৰত অসমৰ অৰ্থনীতিত এই উদ্যোগে ইতিবাচক প্রভাৱ পেলাব বুলি আশা কৰিব পাৰি। 

অসমৰ হাবি-বনৰ ব্যৱহাৰ কৰি কাগজ, প্লাইউড আদি উদ্যোগ গঢ়ি উঠিছে। অৱশ্যে ইয়াৰ হাবি-বনত পোৱা ফল-মূল, শাক-পাচলিজাতীয় উদ্ভিদ আৰু বনৌষধি উদ্ভিদ এতিয়াও ব্যৱসায়িকভিত্তিত ব্যৱহাৰ হোৱা নাই। অসমৰ ছয়গাঁও আৰু টিৰ নাথকুচিত স্থাপন করা খাদ্য উদ্যোগ উল্লেখযোগ্য।

অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। সোণালী সূতা বুলি জনাজাত মুগা সুতা উৎপাদনৰ বাবে অসম পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ ৯৭ শতাংশতকৈও অধিক মুগা সূতা কেৱল অসমত উৎপাদন কৰে। ৰেছম উদ্যোগক কেন্দ্র কৰি হস্ততাঁত উদ্যোগো গঢ় লৈ উঠিছে।

ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযোগ্য কৃষিভিত্তিক উদ্যোগ। চাহ খেতিৰ পিছতে ৰবৰ খেতি বৰ্তমান জনপ্ৰিয় হৈ পৰা দেখা গৈছে। ৰবৰ উৎপাদনৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকালৈ চাই ভাৰতৰ ৰবৰ ব’ড়ে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ শেষত ৰবৰ খেতি দুই লাখ হেক্টবলৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। পৃথিৱীত অসমৰ চাহ উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি চাহ উৎপাদন করে। চাহ উদ্যোগে এক বুজন সংখ্যক লোকক সংস্থাপনো দিছে। 

20. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ এছিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী, মালভূমি, নদী, উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি আদিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পৰ্বতশ্রেণীসমূহৰ ভিতৰত মহাদেশৰ পশ্চিম সীমাত উত্তৰা দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পুৰা-পশ্চিমাকৈ বিস্তৃত হৈ আছে হিমালয় পর্বতমালা, কাৰাকোৰাম পৰ্বতমালা, আলটাইন পর্বতমালা ইত্যাদি। হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) আৰু কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা Mount K, (৮,৬১১ মিটাৰ) এছিয়া মহাদেশতেই অৱস্থিত। আনহাতে মালভূমিৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি আদিয়েই প্রধান। এই মহাদেশৰ উল্লেখযোগ্য নদীৰ ভিতৰত মহাদেশখনৰ মধ্য অংশত থকা হোৱােেছা, আমুৰ, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ-পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী আদিয়েই প্রধান। তদুপৰি সৰু-বৰ বহুতো হ্রদ আছে। বলখাচ, বৈকাল, সম্বৰ, ডাল, পুলিকট, কল্পেক, লগটক আদি হ্রদ বিশেষভাবে উল্লেখযোগ্য। 

নাইবা

মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বর্ণনা কৰা। 

উত্তৰঃ পৃথিৱীৰ পানীভাগ আৰু মাটিভাগক জলমণ্ডল আৰু স্থলমণ্ডল নামেৰে নামকৰণ কৰা হৈছে। এই জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে থুপ খাই থকা নাই। অর্থাৎ এই দুয়োটা অংশই ইটোৱে-সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰৱ সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অস্ট্রেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ও চেনিয়া মহাদেশেৰে গঠিত আৰু চতুর্থ অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত। আনহাতে মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচখন মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেরিকা মহাদেশৰ মাজত অৱস্থিত। আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকাৰ আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত আৰু দক্ষিণ মহাসাগৰ, দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।

21. অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ অসমৰ অৰ্থনীতিৰ মূল ভেঁটি হৈছে কৃষি আৰু কৃষিখণ্ডই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ ৫৩ শতাংশতকৈয়ো অধিক লোক কৃষিখণ্ডত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ আছে। অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত অসমত মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। ধান হৈছে অসমৰ প্ৰধান শস্য। অসমৰ সকলো জিলাতে ধান খেতি কৰা হয়। আহু ধান, বৰো ধান আৰু শালি ধান আদি তিনি প্ৰকাৰৰ ধান খেতি কৰা হয়। ধানৰ উপৰি অসমৰ প্ৰধান খাদ্যশস্য হৈছে–ঘেঁছ, গোমধান, নানাবিধ মাহজাতীয় শস্য। আনহাতে তেলজাতীয় শস্য, যেনে— সৰিয়হ, তিল, তিচি, এৰাগুটি আদি। শস্যবিলাকৰ ভিতৰত শাক-পাচলি, আলু, মচলাজাতীয় শস্য, ফল-মূল, কুঁহিয়াৰ আৰু মৰাপাটেই প্রধান। পাহাৰীয়া জিলা দুখনত ঝুম খেতিয়ে প্রাধান্য লাভ কৰিছে। কিন্তু এই খেতিৰ ফলত বন ধ্বংস, ভূমি ক্ষয়, মাটিৰ উৰ্বৰতা হ্রাস আদি পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে বৰ্তমান ঝুম খেতিৰ পৰিৱর্তে বেদিকা কৃষি পদ্ধতিক জনপ্ৰিয় কৰি তুলিবলৈ প্ৰচেষ্টা হাতত লৈছে। এনেদৰে কৃষিখণ্ডৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে খেতি কৰি অসমৰ অৰ্থনীতিলৈ বিশেষভাৱে অৱদান আগবঢ়াব পাৰিছে। অসমৰ জলবায়ু কৃষিৰ বাবে উপযুক্ত যদিও অসমৰ অঞ্চলভেদে বৰষুণ, উত্তাপ, মাটিৰ প্ৰকাৰ, পৃষ্ঠভূমিব বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়েহে অসমক মুঠ ছয়টা কৃষি-জলবায়বীয় অঞ্চলত ভাগ কৰি কৃষিকাৰ্য কৰিবলৈ লয়।

নাইবা

অসমত ৰে’ল পৰিবহন উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা।

উত্তৰঃ পৰিবহন ব্যৱস্থাৰ এটা প্রধান অংগ হৈছে রেল পরিবহন। অসমত সম্প্রতি ৰেল পৰিবহন ব্যৱস্থাৰ উন্নতি ঘটিছে আৰু অসমৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।ৰেল পৰিবহনৰ কেতবোৰ সুবিধা আছে। সেইবোৰ হৈছে—

(ক) দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহন ব্যবস্থা সূচল আৰু নিৰ্ভৰযোগ্য।

(খ) অসমৰ অৰ্থনৈতিক উন্নয়নৰ লগতে আন্তঃগাঁঠনি আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সম্পদ পৰিবহনৰ বাবে ৰেল পরিবহন ব্যৱস্থাই গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। 

(গ) ৰেল পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগ সৃষ্টি হৈছে। 

(ঘ) এই পৰিবহন ব্যৱস্থাই দূৰ-দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযোগ কৰি ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাত অৰিহণা যোগাইছে। 

(ঙ) বেল পরিবহন ব্যবস্থা পথ পরিবহন ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈছে।

অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰেল মণ্ডল। ইয়াৰ মুখ্য কার্যালয় মালিগাঁৱত অৱস্থিত। বৰ্তমান অসমৰ সকলো জিলাকে ৰেল পৰিবহনে চুই গৈছে। অসমত ব্ৰডগজ আৰু মিটাৰ গজ দুয়োবিধ বেল পথেই আছে।

22. ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ মূল লক্ষ্যটো কি ? 

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ পিছত ১৯২০ চনত গঠন হোৱা জাতিসংঘ যিবোৰ উদ্দেশ্য লৈ গঠিত হৈছিল ঠিক একেবোৰ উদ্দেশ্যক পূৰণ কৰিবলৈকেই দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হৈছিল।

ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্যটো হ’ল— বিশ্বশান্তি চিৰস্থায়ী কৰা আৰু সৰু-ডাঙৰ নিৰ্বিশেষে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা সুনিশ্চিত কৰা। 

23. চেক এখন মুদ্রা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 

উত্তৰঃ বেংকবোৰত সাধাৰণতে চেকৰ দ্বাৰা ধনৰ লেনদেন কৰা হয় বিশেষকৈ বিশাল ধনৰাশিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত চেক ব্যৱহাৰ কৰা এক সহজ কাম। মুদ্ৰা পৰিশোধৰ এটা আদেশ হিচাপেহে চেক ব্যৱহাৰ কৰা হয়, চেক নিজেই মুদ্রা নহয়। বিক্রেতাই গ্ৰাহকৰ চেক গ্ৰহণ কৰিবও পাৰে অথবা নকৰিবও পাৰে। এইটো সম্পূর্ণ নিৰ্ভৰ কৰিব বিশ্বাসযোগ্যতাৰ ওপৰত। কোনোবা ব্যক্তিয়ে চেক গ্ৰহণ কৰিবলৈ মাস্তি নহ’লে তেনে ব্যক্তিক দোষী সাব্যস্ত কৰিব নোৱাৰি কাৰণ চেক এখন বিহিত মুদ্ৰা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্রা (Near Money) বুলিহে ক’ব পৰা যায়। চেক এখন বেংকত জমা দিলেহে তাত উল্লেখিত ধনৰাশি মুদ্ৰাৰ ৰূপত পাব পাৰি। অৰ্থাৎ চেক এখনত যদি এহাজাৰ টকা পৰিশোধ কৰাৰ কথা লিখা আছে তেন্তে বেংকত চেকখন জমা দিলে সেই এহেজাৰ টকা মুদ্ৰাৰ ৰূপত পাব পাৰিব। 

24. কোন সংস্থাই পৃথিৱীৰ মানব উন্নয়ন প্রতিবেদন প্রকাশ কৰে ? মানব উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ ১৯৯০ চনত প্ৰথমখন মানব উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যসূচী (United Nations Development Programme) বা UNCPয়েই মানব উন্নয়ন প্রতিবেদন প্ৰতিবছৰেই কৰে। মানব উন্নয়ন সূচকাংকে গণনাত –

(ক) প্রত্যাশিত আয়ুস।

(খ) শিক্ষা।আৰু 

(গ) জীৱন যাত্ৰাৰ মান ব্যৱহাৰ কৰা হয়।

25. ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় মনৱ অধিকাৰ আয়োগ গঠন কৰাৰ পিছত ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰেও নিজৰ ৰাষ্ট্ৰত এনে মানৱ অধিকাৰ আয়োগ স্থাপন কৰিবলৈ সময়ে সময়ে গুরুত্ব দি আহিছে। বিশেষকৈ ১৯৯৩ চনত ভিয়েনাত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিবেশনত এই বিষয়টোৰ ওপৰত পুনৰ গুৰুত্ব সহকাৰে বিবেচনা কৰি সকলো ৰাষ্ট্ৰকে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ আহ্বান জনায়। সেইমর্মে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৯৩ চনৰ ২৮ ছেপ্তেম্বৰত এখন অধ্যাদেশৰ জৰিয়তে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে। পিছত ১৯৯৪ চনৰ ৮ জানুৱাৰীত উক্ত বিষয়ৰ বিলখনে আইনৰ স্বীকৃতি পায়।

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশক সভাপতি হিচাপে লৈ এই আয়োগ গঠন কৰা হৈছিল। ইয়াৰ আন সদস্যৰ ভিতৰত এজন উচ্চতম ন্যায়ালয়ত কাৰ্যৰত নাইবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, আন এজন উচ্চ ন্যায়ালয়ত কাৰ্যৰত নাইবা অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কত সমুচিত জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তিও আছে। তদুপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও এই ৰাষ্ট্ৰীয় আয়োগৰ সদস্য। সদস্যসকলক ৫ বছৰৰ বাবে ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।

26. ‘নাবাৰ্ড’ কি ? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি ? 

উত্তৰঃ ১৯৮২ চনত স্থাপিত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকে (NABARD) তলৰ কার্যাবলী পালন কৰে।

(ক) গ্ৰাম্য অঞ্চলত যিবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেইবোৰক এই বেংকে বিত্তৰ যোগান ধৰে। 

(খ) এই বেংকে ঋণ প্রদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্রশিক্ষণ আদিৰ ব্যৱস্থা কৰে। 

(গ) সকলো বিত্তীয় প্রতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ সৈতে সমন্বয় ৰক্ষা কৰে।

নাইবা 

‘IDBI’ কি ? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা।

উত্তৰঃ ১৯৬৪ চনত স্থাপিত হোৱা বেংক হ’ল উদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of India or IDBI) ৷

ইয়াৰ দুটা মুখ্য কাৰ্য হ’ল–

(ক) ঔদ্যোগিক বিকাশ আৰু সম্প্ৰসাৰণৰ বাবে আবশ্যক অনুসৰি ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় ঋণ দিয়ে।

(খ) এই বেংকটোৱে প্রত্যক্ষভাবে উদ্যোগিক খশুক ঋণৰ যোগান ধৰাৰ বাহিৰেও পৰোক্ষভাৱে সহায় আগবঢ়ায়। 

27. নিটি (NITI) আয়োগ কি ? ই কেতিয়া গঠিত হৈছিল? ইয়াৰ অধ্যক্ষ কোন ?

উত্তৰঃ ২০১৪ চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে নেচনেল ডেমোক্রেটিক পার্টি (National Democratic Party) পৰিকল্পনা আয়োগৰ ঠাইত নিটি (National Institution for Transforming India Aayog or NITI) আয়োগ গঠন কৰে। এই আয়োগৰ অধ্যক্ষ হ’ল স্বয়ং প্রধানমন্ত্রী নিজে।

28. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নেকি ? ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰত স্বাধীন হোৱাৰ পিছত যি নতুন সংবিধান ৰচনা কৰি ভাৰতবাসী জনসাধাৰণে নিজকে প্ৰদান কৰে তাত এখন যুক্তৰাষ্ট্ৰ হিচাপে পৰিচয় দাঙি ধৰিছে। তলত সংবিধানমতে প্রবর্তন হোৱা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা হ’ল : 

(ক) ভাৰত এখন ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ যাক পণ্ডিতসকলে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি আখ্যা দিছে,যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰৰ ভালেমান বৈশিষ্ট্য ভাৰতীয় যুক্তৰাষ্ট্ৰত নাই। 

(খ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্ৰিক ব্যৱস্থাৰো কিছু বৈশিষ্ট্য দেখা যায়। যেনে— একক নাগৰিকত্ব, সমগ্ৰ ৰাষ্ট্ৰৰ বাবে এখন সংবিধান, জৰুৰীকালীন অৱস্থাত সকলো ক্ষমতা কেন্দ্ৰীভূত হোৱা ইত্যাদি।

(গ) ভাৰতীয় যুক্তৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য হ’ল এই যে ইয়াত দুই ধৰণৰ চৰকাৰ আছে— কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰদেশবোৰত প্ৰাদেশিক বা ৰাজ্যিক চৰকাৰ। 

(ঘ) সংবিধানত কেন্দ্ৰীয় চৰকাৰে শাসন চলাবৰ বাবে আৱশ্যক হোৱা ক্ষমতা কেন্দ্রীয় তালিকাভুক্ত কৰিছে আৰু ৰাজ্যবোৰে শাসন চলাবৰ বাবে এখন সুকীয়া ৰাজ্যিক তালিকা সন্নিৱিষ্ট কৰিছে।

(ঙ) ভাৰত ৰাষ্ট্ৰখন নতুনকৈ প্ৰতিষ্ঠা হোৱা বাবে ইয়াৰ ঐক্য আৰু অথগুতা ৰক্ষাৰ অৰ্থে তথা সার্বভৌমত্ব বজাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰখনক শক্তিশালী কৰিবলৈ ৰাজ্যিক চৰকাৰতকৈ অধিক ক্ষমতা দিয়া হৈছে।

সংবিধান প্রণেতাসকলে ভাৰতৰ সংবিধান প্রণয়ন কৰোঁতে ‘যুক্তৰাষ্ট্ৰ’ৰ ‘গৃহভূমি’ৰূপে খ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন সম্পূৰ্ণৰূপে অনুসৰণ নকৰি কানাডাৰ সংবিধান আৰু ইংলেণ্ডৰ সংবিধানৰো কিছু নীতি গ্ৰহণ কৰা বাবে ভাৰতৰ সংবিধানখনে এক সুকীয়া ৰূপ আৰু মৰ্যাদা পাইছে। ভাৰতক এখন অৰ্ধ-যুক্তৰাষ্ট্ৰ বোলাৰ ইও এটা কাৰণ।

নাইবা

ভাৰতবৰ্ষক কিয় সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বোলা হয় ?

উত্তৰঃ ভাৰতৰ সংবিধানখনৰ প্ৰথমতে সন্নিবিষ্ট কৰা ‘প্ৰস্তাৱনা’ নামৰ পাতনিটোতেই আমাৰ সংবিধানখনৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাইছে। এই প্রস্তাবনাটোত বিশেষভাবে উল্লেখিত কিছুমান বিষয়বস্তুই সংবিধানখনক সুকীয়া মর্যাদা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে প্রস্তাবনাত ভাৰতক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য বুলি অভিহিত কৰিছে। আৰু অর্থপূর্ণ। ইয়াৰে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ এই প্ৰতিটো শব্দই বিশেষ গুরুত্বপূর্ণ দুটা প্ৰথমতে প্রস্তাৱনাত সন্নিবিষ্ট হোৱা নাছিল। ১৯৭৬ চনত হোৱা সংবিধান সংশোধনী (৪২ নং সংশোধন) মতেহে সেই শব্দ দুটা সোমোৱা হয়। অৱশ্যে বাকী শব্দকেইটা পূৰ্বৰে পৰা আছিল। তলত এই শব্দকেইটাৰ তাৎপর্য আৰু অন্তর্নিহিত অর্থ আলোচনা কৰা হ’ল—

(ক) সার্বভৌম শব্দটোই ভাৰতক বিশেষ মর্যাদা প্ৰদান কৰিছে। ইয়াৰ অৰ্থ হ’ল ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ আৰু ইয়াৰ বাহিৰৰ বা ভিতৰৰ কোনো শক্তিয়ে ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতাক প্রত্যাহ্বান জনাব নোৱাৰে।

(খ) সমাজবাদী শব্দটোই এই অৰ্থ আৰু তাৎপর্য বহন কৰিছে যে ভাৰত চৰকাৰে কাৰ্যতঃ সকলো দেশবাসীৰ আয়, মর্যাদা আৰু জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগিব আৰু দেশৰ পৰা সকলো ধৰণৰ অসমতা আৰু বৈষম্য দূৰ কৰিব লাগিব। উৎপাদনৰ আহিলাবোৰ জাতীয়কৰণ কৰিব লাগিব আৰু জাতীয় আয়ৰ সমবিতৰণ হ’ব লাগিব। দেশৰ অৰ্থনীতি জনসাধাৰণহে নিৰ্ধাৰণ কৰিব, পুঁজিপতিয়ে নিৰ্ধাৰণ কৰিব নোৱাৰিব।

(গ) ধৰ্মনিৰপেক্ষ শব্দটোই বুজাইছে যে ভাৰতৰ কোনো এটা ধৰ্মকে চৰকাৰী মৰ্যাদা দিয়া নহ’ব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু প্ৰতিটো ধৰ্মৰ মানুহে নিৰ্ভয়ে নিজৰ ধৰ্ম পালন কৰিব পাৰিব। চৰকাৰী শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া নহ’ব। 

(ঘ) গণতান্ত্রিক শব্দটোই এই অৰ্থ বুজাইছে যে ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ য’ত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিয়ে দেশৰ শাসন ব্যৱস্থা পৰিচালিত কৰিব। তদুপৰি দেশৰ চৰকাৰ চৰকাৰৰ প্ৰতিটো কামৰ বাবে জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকিব। গণতান্ত্রিক প্ৰমূল্যবোৰ কাৰ্যত ৰূপায়ণ বলৈ চৰকাৰ সকলো ক্ষেত্ৰতে বদ্ধপৰিকৰ হ’ব।

(ঙ) গণৰাজ্য শব্দটোই ভাৰতক এখন গণৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছে কাৰণ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান ‘ৰাষ্ট্ৰপতি’গৰাকী জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি, ইংলেণ্ডৰ ৰাণীৰ দৰে বংশানুক্রমিক নহয়। 

উপৰি উক্ত আলোচনাই সংবিধানৰ পাতনিত থকা বিশেষ শব্দকেইটাৰ অৰ্থ আৰু তাৎপর্য বুজাত সহায় কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top