Class 10 Social পাঠ-3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 Social পাঠ-3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social পাঠ-3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান and select needs one.

Join Telegram Groups

Class 10 Social পাঠ-3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social পাঠ-3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান Solutions for All Subject, You can practice these here…

অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

প্ৰথম খণ্ড 

( ANTI – BRITISH RISING AND PEASANT REVOLTS IN ASSAM )

অতি চমু উত্তৰৰ প্ৰশ্ন :

১। ব্রিটিছশাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ  ১৮২৬ চনত অসমত ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত দ্রব্যৰ পৰিবৰ্তে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় । ব্রিটিছসকলে সকলাে ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে । 

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰঃ  ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল । 

৩। কেঞাসকল কোন আছিল ? 

উত্তৰঃ কেএসকল হৈছে বহিৰাগত মাৰােৱাৰি সম্প্ৰদায়ৰ লােক যিয়ে অসমীয়া প্ৰজাক সুতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নির্বাহ কৰিছিল । 

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব  মণিৰাম দেৱানে দিছিল । 

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহােম ৰাজকোঁৱৰক পুনৰায় আহােম সিংহাসনত বহুৱাব খুজিছিল ?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কন্দৰপেশ্বৰ সিংহক আহােম ৰাজকোঁৱৰক পুনৰায় আহােম সিংহাসনত বহুৱাব খুজিছিল ।

৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ? 

উত্তৰঃ মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল ।

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল ? 

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল ।

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰঃ  কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা গুৰুত্বপূর্ণ কাৰণ আছিল-

 ( ক ) বিদ্রোহীৰ সংখ্যা অতি কম আছিল , কেৱল যােৰহাট আৰু শিৱসাগৰতেই এওঁলােকৰ গতিবিধি সীমিত আছিল । দেৱানে নগাঁও , কামৰূপ আৰু গুৱাহাটীত সমর্থন আদায় কৰিব পৰা নাছিল । 

( খ ) বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱানে বিদ্রোহস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল । তেওঁ কলিকতাত থাকি পত্ৰৰ জৰিয়তে বিদ্রোহ নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছিল যিটো অপ্রায়ােগিক বুলি প্রমাণিত হয় । তেওঁ নিকটবর্তী স্থানৰ পৰা বিদ্রোহ পৰিচালিত কৰাৰ প্রয়ােজন আছিল ।

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ।

১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা  কাৰণ লিখা ।

উত্তৰঃব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান  কাৰণ হ’ল-

 ( ক ) ব্রিটিছ চৰকাৰে আৰােপ কৰা অত্যধিক কৰ ।

 ( খ ) বানপানী , অনাবৃষ্টি আদি প্রাকৃতিক দুর্যোগ । 

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল ? 

উত্তৰঃ ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল । প্রতিবাদকাৰী কৃষকসকলৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে কৃষকসকলে তেওঁক লাঠীৰে কোবাই হত্যা কৰে ।

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল ।

১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ? 

উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল । 

১৫। লচিমা ক’ত অৱস্থিত ? 

উত্তৰঃ অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত ।

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ লচিমাৰ কৃষক বিদ্রোহ ১৮৯৪ চনত   সংঘটিত হৈছিল ।

১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?

উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্রোহ ১৮৯৪ চনত   হৈছিল ।

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব   ওকিয়াং নবায়ে  দিছিল ।

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বােধন কছাৰী দিছিল ।

২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ? 

উত্তৰঃ টিকেন্দ্রজিতক ব্রিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ।

২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰঃ জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল ।

দীঘল উত্তৰৰ প্রশ্ন :

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় চিপাহীসকলৰ বিদ্রোহেৰে ১৮৫৭ চনৰ ১০ মে’ত মিৰাটত আৰম্ভ হােৱা ভাৰতৰ প্রথম স্বাধীনতা সংগ্ৰামৰ এটা প্রশাখা আছিল অসমৰ ১৮৫৭ চনৰ বিদ্রোহ । অসমত বিদ্ৰোহৰ সূত্রপাত হােৱাৰ প্ৰধান কাৰণ হৈছে ব্রিটিছ প্রশাসন ওপৰত জনসাধাৰণৰ অসন্তুষ্টি । জনসাধাৰণৰ অসন্তুষ্টিৰ কাৰককেইটা তলত উল্লেখ কৰা হ’ল –

 (ক) ত্রুটিপূর্ণ ভূমি ৰাজহ ব্যৱস্থা :-  অসমত ১৮৫৭ চনৰ বিদ্রোহ সূত্রপাত হােৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱর্তন । এই ব্যৱস্থাৰ অন্তৰ্গত মুদ্ৰাৰে ভূমি ৰাজহ আৰু অন্যান্য কৰ সংগ্ৰহৰ পদক্ষেপ গ্রহণ কৰা হৈছিল । এই ব্যৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত বাৰুকৈয়ে কুপ্রভাৱ পেলাইছিল ।

ব্রিটিছসকলে কৰ সংগ্ৰহৰ ওপৰতহে গুৰুত্ব আৰােপ কৰিছিল । মথাউৰি নিৰ্মাণ আৰু জলসিঞ্চনৰ ব্যৱস্থা অদিৰে কৃষি উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা নাছিল । অসমীয়া প্ৰজাই সুদখােৰ মহাজন শ্রেণীৰ পৰা টকা ধাৰলৈ ৰাজহ পৰিশােধ কৰিবলগীয়া হৈছিল ।

(খ) মহামাৰীৰ বিস্তাৰ :-  উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে ১৮৯৩ , ১৮৪৭ আৰু ১৮৫২ চনত ভালেমান গাঁও ধ্বংস কৰিছিল । কোনাে ধৰণৰ সহায় আৰু কৰ ৰেহাই প্রদান নকৰাত সাধাৰণ লােকসকল বিতুষ্ট হৈ পৰিছিল ।

(গ) চাহ বাগিছাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই :-  ব্রিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিছাৰ অন্তর্ভুক্ত ভূমিৰ ৰাজহ ৰেহাই দিছিল । অতিৰিক্ত কৰৰ বােজা সাধাৰণ কৃষকে বহন কৰিব লাগিছিল । 

(ঘ) কুটীৰ শিল্পৰ অবনতি :-  ব্রিটিছসকলে বিদেশী বস্ত্র আমদানি কৰাৰ নীতি গ্রহণ কৰাৰ ফলত পাট মুগা শিল্পৰ লগত  জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিল  

(ঙ)নিয়ােগৰ অভাৱ :- অসমীয়া সমাজৰ উচ্চ শ্রেণীৰ লােকসকল আধুনিক শিক্ষাৰে শিক্ষিত নােহােৱাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনত নিযুক্ত হ’ব পৰা নাছিল । ব্রিটিছসকলে বংগদেশৰ পৰা অনা বঙালী বাবুসকলে কোম্পানীৰ প্ৰশাসনত নিযুক্ত হৈছিল ।

(চ) দাস প্রথা বিলুপ্তি :- ১৮৪৩ চনত হােৱা দাস প্রথাৰ বিলােপ সাধনক অভিজাত শ্ৰেণীটোৱে সহজভাৱে লােৱা নাছিল কিয়নাে ইয়াৰ পৰিপ্ৰেক্ষিতত সকলাে ধৰণৰ কায়িক শ্রম তেওঁলােকে নিজে কৰিবলগীয়া হৈছিল ।

এনেদৰে মর্যাদা হানি হােৱাত তেওঁলােকৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল । মুক্ত হােৱা লগুৱা – লিকছৌ বিলাক চাহ বাগিছাত নিযুক্ত হৈছিল যদিও তেওঁলােকৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

(ছ) লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ :- ব্রাহ্মণ পুৰােহিত সকলে পূর্বৰে পৰা ভােগ – দখল কৰি অহা লাখেৰাজ বা নিস্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈ অৱশিষ্টভাগৰ ওপৰত খাজনা আৰােপ কৰাত তেওঁলােক ইংৰাজ শাসনৰ বিৰােধী হৈ পৰিছিল ।

(জ) পূর্ববতী বিদ্রোহ :- ব্রিটিছসকলে অসম অধিকাৰ কৰাৰ পাছত আহােম ৰাজতন্ত্র পুনৰায় প্রতিষ্ঠা কৰ্বিলৈ কেইবাটাও বিদ্রোহ সংঘটিত হৈছিল । ১৮২৮ , ১৮২৯ আৰু ১৮৩০ চনৰ বিদ্রোহ এনে বিদ্ৰোহৰ ভিতৰত পৰে । ১৮৫৭ চনৰ বিদ্রোহক এই বিদ্রোহ বিলাকৰ পৰৱর্তী পর্যায়ৰ বিদ্রোহ হিচাপে বিবেচনা কৰা হয় ।


Leave a Reply

error: Content is protected !!
Scroll to Top