Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer can be of great value to excel in the examination.

Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Join Telegram channel

SEBA Class 10 General Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বংশগতি আৰু ক্ৰমবিকাশ

Chapter – 9

জীৱন বিজ্ঞান

অতিৰিক্ত প্ৰশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ

1. বংশগতি কাক বোলে?

উত্তৰঃ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হোৱাকে বংশগতি বোলে।

2. বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়? 

উত্তৰঃ প্রাকৃতিক কাৰকৰ দ্বাৰা প্ৰকাৰণৰ নিৰ্বাচনকেই বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে গণ্য কৰা হয়।

3. প্ৰভাৱী লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F₁ জনুত প্ৰকাশ পোৱ লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে।

4. অপ্ৰভাৱী বা পৰাহত লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F₁ জনুত প্রকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।

5. একসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত এযোৰ মাথো বিপৰীতধর্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক একসংকৰণ পৰীক্ষা বোলে।

6. দ্বিসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক দ্বিসংকৰণ পৰীক্ষা বোলা হয়।

7. ওখ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত কৰা মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ পৰা মেণ্ডেলে কি সিদ্ধান্তত উপনীত হৈছিল?

উত্তৰঃ ওখ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত কৰা এক সংকৰণ পৰীক্ষাৰ পৰা মেণ্ডেলে এই সিদ্ধান্তত উপনীত হৈছিল যে প্রত্যেক যৌন প্রজননকাৰী জীৱৰ দেহতে একোটা চাৰিত্ৰিক বৈশিষ্ট্যৰ বা দুটা লক্ষণ থাকে। ইয়াৰে এটাহে লক্ষণ প্রকাশিত হয়, যাক প্ৰভাৱী লক্ষণ বোলে, আনহাতে প্ৰকাশ নোপোৱো লক্ষণটোক অপ্ৰভাৱী লক্ষণ বোলে।

8. দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে কৰা দ্বিসংকৰণ পৰীক্ষাৰ পৰা মেণ্ডেলে কি সিদ্ধান্তত উপনীত হৈছিল?

উত্তৰঃ দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে কৰা দ্বিসংকৰণ পৰীক্ষাৰ পৰা মেণ্ডেলে এই সিদ্ধান্তত উপনীত হৈছিল যে F₁ জনুত কেবাটাও লক্ষণ একত্ৰিত হৈ থাকিলেও, ইয়াৰ প্ৰতিটো লক্ষণেই F₂ জনুৰ জীৱসমূহলৈ স্বাধীনভাৱে গতি কৰে।

9. মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বা একসংকৰ অনুপাত কি?

উত্তৰঃ ওখ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত কৰা মেণ্ডেলৰ একসংকৰণ পৰীক্ষাত দ্বিতীয় অপত্য জুন অর্থাৎ F₂ জনত 3 : 1 অনুপাতত ওখ আৰু চাপৰ গছ পোৱা গৈছিল। এই অনুপাতটোক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বা একসংকৰ অনুপাত বোলে।

10. মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বা দ্বিসংকৰণ অনুপাত কি? 

উত্তৰঃ দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে চলোৱা মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাত, দ্বিতীয় অপত্য জনু অর্থাৎ F₂ জনুতচাৰিবিধ ভিন্ন প্ৰকাৰৰ গছ 9:3:3:1 অনুপাতত পোৱা গৈছিল। এই অনুপাতটোক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বা দ্বিসংকৰণ অনুপাত বোলা হয়।

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Multiple Choice Questions & Answers

1. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম –  

(a) TT 

(b) Tt

(c) tt

(d) tT

উত্তৰঃ (c) tt

2. তলৰ কোনযোৰ যৌন ক্ৰম জ’মে এটি ছোৱালী শিশুক সূচায়— 

(a) XY

(b) XX

(c) YY

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (b) XX

3. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ- 

(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত।

(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

4. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব— 

(a) F₂ জনুত।

(b) F₃ জনুত।

(c) F₁ জনুত।

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (a) F₂ জনুত।

5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় — 

(a) 1 : 9

(b) 9 : 3 : 3 : 1 

(c) 3 : 1

(d) 9 : 1 : 3 : 3

উত্তৰঃ (c) 3 : 1

6. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়— 

(a) 9 : 1 : 1 : 3 

(b) 9 : 3 : 3 : 1

(c) 1 : 3 : 9 : 3

(d) 9 : 3 : 1 : 3

উত্তৰঃ (b) 9 : 3 : 3 : 1

7. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয় – 

(a) ডাৰউইন।

(b) জোহানসেন। 

(c) বেটিছন।

(d) মেণ্ডেল।

উত্তৰঃ (d) মেণ্ডেল।

8. বংশগতিৰ ভৌতিক আধাৰ হ’ল— 

(a) কোষকেন্দ্র।

(b) কোষপ্রৰস।

(c) ক্ৰম’জ’ম। 

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (c) ক্ৰম’জ’ম। 

9. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়— 

(a) প্ৰজাতিকৰণ।

(b) ক্রমবিকাশ।

(c) বংশানুক্রম। 

(d) বিভিন্নতা।

উত্তৰঃ (a) প্ৰজাতিকৰণ।

10. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল৷ ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW

11. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল — 

(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং। 

(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত।

(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে–

(a) এজন চীনা স্কুলীয়া ল’ৰা।

(b) এটা চিম্পাঞ্জী। 

(c) এটা মকৰা।

(d) এটা বেক্টেৰিয়া। 

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল’ৰা।

13. বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কার্যত একে ধৰণৰ অংগবোৰ হ’ল–

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটবর্তী। 

(d) অৱশেষাংগ।

উত্তৰঃ (b) সমবৃত্তিক।

14. মানুহৰ বিকাশ হৈছিল–

(a) এছিয়া।

(b) আফ্রিকা।

(c) অষ্ট্ৰেলিয়া।

(d) ইউৰোপ।

উত্তৰঃ (b) আফ্রিকা।

15. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল –

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটৱৰ্তী।

(d) অৱশেষাংগ।

উত্তৰঃ (a) সমসংস্থ।

Q.1. যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ ‘A’ চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত ‘B’ চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? 

Ans. বিশেষ লক্ষণ বা চাৰিত্রিক বৈশিষ্ট্য– B আগতীয়াকৈ উৎপত্তি হৈছিল, কাৰণ এই বৈশিষ্ট্যবোৰ অধিক ব্যক্তিৰ মাজত প্ৰকাশ ঘটিছে।

Q.2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীবই বৰ্তাই ৰাখে? 

Ans. পৰিবেশৰ পৰিবৰ্তনে প্ৰকাৰণ জীৱকূলৰ বৈসাদৃশ্যতা বৰ্তাই ৰাখে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্রভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল?

Ans. মেণ্ডেলে তেওঁৰ মটৰমাহ পৰীক্ষাত ওখ আৰু চাপৰ মটৰমাহ গছ লৈছিল। তেওঁৰ পৰীক্ষাত দেখা গৈছিল যে, এটা বিশুদ্ধ ও মটৰমাহ গছৰ (IT) সৈতে এটা বিশুদ্ধ চাপৰ (tl) মটমাহ গহৰ সংকরণ হ’লে Fₗ অপতা জনুত ওখ (Tt) সংকৰ উৎপন্ন হয়। এই ক্ষেত্ৰত T লক্ষনটো প্রভাবী (dominant) আৰু ৷ লক্ষণটো অপ্রভাৱী (recessive)।

Q.2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল? 

Ans. যেতিয়া মেণ্ডেল এজোপা বিশুদ্ধ ওখ (Pure tall) আক এজোপা বিশুদ্ধ চাপৰ (Pure dwart) মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F, জনুত অকল ওখ মটৰ মাহ উদ্ভিদ পাইছিল। আকৌ, মেন্ডেলে ওখ মটৰমাহ আৰু চাপব মটৰ মাহ উদ্ভিদৰ লগত সংস্কৰণ ঘটোৱাৰ পিছত F2 জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3 : 1 পাইছিল। অতএব এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষণ বা বৈশিষ্ট্যবোৰ উত্তৰাধিকাৰ সূত্ৰে স্বতন্ত্রভাৱে প্রবাহিত হয়।

Q.3. ‘A’ গ্রুপৰ তেজৰ এজন মানুহে ‘O’ গ্রুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্রুপ হ’ল ‘O’। এই তথ্যৰ পৰা তোমালোকে ‘A’ আৰু ‘O’ তেজৰ গ্ৰুপৰ কোনটো প্রভাবী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?

Ans. হয়, ঠাৱৰ কৰিব পাৰোঁ। ইয়াৰ, তেজৰ গ্ৰুপ ‘O’ হ’ল প্ৰভাবী। কাৰণ ছোৱালীৰ তেজৰ গ্ৰুপ ‘O’ হৈছে আৰু গ্ৰুপ ‘A’ অপ্ৰভাৱী হৈয়ে ৰৈছে। 

Q.4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?

Ans. মানৱজাতিৰ ক্ষেত্ৰত, স্ত্রীলিঙ্গত XX জোড় লিঙ্গ ক্রম’জ’ম আৰু পুংলিঙ্গত XY জোড় লিঙ্গ ক্রম’জ’ম আছে। গেমেটৰ বিনিময়ৰ পিছত শিশুৰ লিঙ্গৰ বিষয়ত তলত দিয়া ধৰণে অনুমান কৰা যায়।

ওপৰৰ চিত্ৰৰ পৰা দেখা যায় যে পুংশিশু লিঙ্গ আৰু স্ত্রী শিশু লিঙ্গৰ অনুপাত একেই অর্থাৎ 1:1.

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাৱে বাঢ়ি যায়?

Ans. এটা জনসমষ্টিত নির্দিষ্ট চাৰিত্রিক বৈশিষ্ট্য বিশিষ্ট ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ কাৰক বোৰ হ’ল: 

(i) এটা প্রতিকূল প্রাকৃতিক পৰিবেশত যদি জীৱই জীয়াই থাকিব পাৰে।

(ii) ইয়াৰ সংখ্যা উত্তৰাধিকাৰ সূত্ৰৰ মাধ্যমে বৃদ্ধি কৰিব পাৰে। 

Q.2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?

Ans. উত্তৰাধিকাৰসূত্রে জীৱসমূহ সিহঁতৰ জীৱন-কালত আৰ্জিত লক্ষণসমূহ এটা জনুৰ পৰা আন এটা জনুলৈ গতি কৰে D.N.A. ত থকা

নিজৰ আৰ্জিত লক্ষণৰ মাজেদি। কিন্তু পৰিবেশৰ পৰা অৰ্জন কৰা লক্ষণসমূহ D.N.A বহন কৰিব ৱাৰে বাবে আৰ্জিত চৰিত্ৰ বৈশিষ্ট্যৰ বংশানুক্রমিক ভাবে প্রবাহ নঘটে। 

Q.3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত হোৱাৰ বিষয় বুলি ভাবা?

Ans. বাঘৰ সংখ্যা হ্রাস পোৱাটো প্ৰজনন বিদ্যাত এক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এইদৰে হ্ৰাস পাই থাকে, তেনে হলে এটা সময়ত এই প্রজাতিৰ প্রাণীৰ জিন চিৰদিনৰ বাবে শেষ হ’ব। এই জিনৰ অভাৱত এই প্রজাতিৰ প্ৰাণীৰ পৃথিবীৰ পৰা অবলুপ্তি ঘটিব।।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?

Ans. এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে প্ৰয়োজনীয় কাকবোৰ হ’ল– 

(i) জিনৰ গতি (genetic motion). 

(ii) জিনীয় অভিপ্রায় (genetic drift).

(iii) প্ৰজননৰ স্বতন্ত্রতা (reproductive isolation).

(iv) প্রাকৃতিক নির্বাচন (Natural Selection). 

Q.2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?

Ans. স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ কাৰক ভৌগোলিক স্বতস্থতাৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃপ্রজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব নোৱাৰে। 

Q.3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব

পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে? 

Ans. নহয়, অযৌন প্রজননৰ বাবে এটা জীব আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে।

ইয়াৰ বাবে, দুটা (পুংলিঙ্গ আৰু স্ত্রীলিঙ্গ) স্বতন্ত্ৰজনৰ আৱশ্যকতা নাথাকে। ইয়াৰ বাবে অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অবস্থাটো প্রধান কাৰক হব নোৱাৰে।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

উত্তৰ। বিবৰ্ত্তন সম্পর্কে যেতিয়া অনুধাবন কৰো তেতিয়া ইহঁতৰ মাজত থকা সাধাৰণ চারিত্রিক বৈশিষ্ট্যবোৰ চিনাক্তকৰণ কৰিব লাগে? বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত একেধৰণৰ চৰিত্ৰ কিছুমান পৰিলক্ষিত হয় কাৰণ ইহঁতৰ পিতৃ পুৰুষ একে। উদাহৰণস্বৰূপে স্তন্যপায়ীৰ চাৰিখন অগ্ৰপদ থাকে যিসবে পল্লী, সৰীসৃপ আৰু উভচৰ শ্ৰেণীৰ প্ৰাণীৰো চাৰিখন অগ্ৰপদ থাকে। এই অগ্ৰপদবোৰৰ গঠন এঁকেধৰণৰ যদিও এনে মেরুদণ্ডী প্রাণীসমূহে এইবোৰৰ দ্বাৰা বেলেগ বেলেগ কাম সমাধা কৰে। এনে সমসংস্থ চৰিত্ৰসমূহ ভিন্ন প্রজাতিৰ বিবৰ্ত্তন সম্পৰ্কীয় অধ্যায়নত সহায় কৰে।

Q.2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?

Ans. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ নহয়। কারণ পখিলাৰ অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন ভিন্ন কিন্তু কাৰ্যৰ ফালৰ পৰা প্ৰায় একেই। সেই কাৰণে পখিলাৰ পাখি সমবৃত্তি অংগ (Analogous organ)। বাদুলিৰ ডেউকা হ’ল সমসংস্থ অংগ (Homologous organ)। কাৰণ অংগৰ উৎপত্তিৰ উৎস একে কিন্তু কাম কৰাৰ ধৰণ বেলেগ বেলেগ।

Q.3. জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাশ্মসমূহে আমাক কি কয়? 

Ans. ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা জীৱদেহ বা এই জীৱবোৰৰ অংগবিশেষ নাইবা জীৱবোৰে এৰি যোৱা সাঁচক জীৱাশ্ম বুলি কোৱা হয়।

গেদীয় শিলাস্তৰৰ মাজে মাজে প্রাণী আৰু উদ্ভিদৰ অৱশিষ্ট অংশক জীবাশ্ম হিচাবে পোৱা যায়। বিভিন্ন যুগত গঠিত হোৱা শিলৰ স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সৰল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে। জীৱাশ্মবোৰৰ বয়স অনুসৰি সজাই নিলে, পৃথিৱীত যে বিৱৰ্তন হৈছে তাক সহজে বুজিব পাৰি। আদিম যুগৰ শিলৰ স্তৰত সৰল জীৱৰ জীৱাশ্মৰ অস্তিত্ব পোৱা যায়। পিছৰ যুগৰ শিলাস্তৰত জ্ঞানে জটিল আস উন্নত জীৱৰ জীৱাশ্ম পোৱা গৈছে। গতিকে দেখা যায় যে জীবাশ্মবোৰৰ জ্ঞানে আমাক আদিমকান্ধৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন হৈ আজিৰ অৱস্থা কিদৰে পাইছে তাৰেই আভাস দিয়ে।

পৃথিৱীত জীব সৃষ্টি হোৱাৰে পৰা ভিন্ন ভিন্ন ধৰণৰ জীৱৰ আগমন ঘটিছিল আৰু এই জীৱবোৰৰ বহুতেই কালক্ৰমত নোহোৱা হৈ পৰিছে। পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা এই জীৱবিলাকৰ বহুতৰে দেহ বা দেহাংশ পাললিক শিলাস্তৰত পোৱা যায়।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একোটা প্রজাতিত অন্তর্ভূক্ত কিয়?

Ans. আদিম কালত জৈৱ বিবর্তনৰ ফলত ক্ৰমাৎ মানুহৰ সৃষ্টি হৈছিল আৰু আদিম মানুহৰও বিবর্তনৰ ফলত বহুতখিনি পরিবর্তন সাধন হৈ বৰ্তমান মানুহ সৃষ্টি হৈছে। গতিকে মানুহে এটা প্ৰজাতিৰ অন্তর্ভুক্ত। কিন্তু মানুহ আদিম বাসস্থান আফ্ৰিকাৰ পৰা ক্ৰমাং পৃথিবীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিল। বিভিন্ন ঠাইৰ ভৌগোলিক অবস্থান, তাপমাত্রা, ভূ-অৱয়বৰ গঠন, প্রাকৃতিক অৱস্থান আদি বিভিন্ন কাৰকৰ পাৰ্থক্যৰ কাৰণে একেই প্রজাতিৰ অন্তৰ্ভুক্ত হোৱা সত্ত্বেও বিবৰ্ত্তনৰ ফলত মানুহৰ আকৃতি, বৰণ, অবয়ব বেলেগ বেলেগ হৈছে।

Q.2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাজীব ভিতৰত কোন প্রজাতিৰ জীবন দেহৰ গঠন বিবর্তনৰ দিশত অতি উচ্চস্তব? কিয় উচ্চ স্তৰৰ?

Ans. জৈৱ ৰাসায়নিক বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্রটিন, নিউক্লিক এছিড আদিৰ সহযোগত পোনতে ‘আদি ভাইৰাচ’ৰ নিচিনা’ নিউক্লীয়’ প্রটিন কণিকাৰ সৃষ্টি হৈছিল। কালক্রমে আদি ভাইৰাচৰ পৰা ভাইৰাচ, ভাইৰাচৰ পৰা বেক্টেৰিয়া, প্ৰ’টয’ৱা আদি সকল জীৱ আৰু পাছত সৰল জীৱৰ পৰা অসংখ্য উন্নত ধৰণৰ জীৱৰ সৃষ্টি হ’ল। সুতরাং বেক্টেৰিয়াৰ দেহৰ গঠন সৰল আৰু চিম্পাজীৰ দেহৰ গঠন জটিল বা উন্নত স্তৰৰ। আৰু জীৱগোষ্ঠীৰ বিবৰ্তনৰ ফলত লাহে লাহে জটিল বা উচ্চস্তৰৰ প্ৰাণীৰ সৃষ্টি হৈছে।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q.1. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বর্ণনা কৰিব পৰা হব?

(a) TT WW 

(b) TT ww 

(c) Tt WW 

(d) Tt Ww

Ans. (c) Tt ww.

Q.2. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল–

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং।

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত।

(c) আলু আৰু ঘাঁহৰ শিপা।

(d) ওপৰৰ আটাইকেইটা।

Ans. (d) ওপৰৰ আটাইকেইটা।

Q.3. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত—

(a) এজন চীনা স্কুলীয় ছাত্র।

(b) এটা চিম্পাজী।

(c) এটা মকৰা।

(d) এটা বেক্টেৰিয়া।

Ans. (a) এজন চীনা স্থুলীয় ছাত্র।

Q.4. বিৱৰ্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰ লগত সংযোজিত হৈ আছে?

Ans. বিৱৰ্তনৰ নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ পাৰিপাৰ্শ্বিকত দেখি থকা জীৱৰ বিভিন্ন প্রজাতিৰ বিৱৰ্ত্তনিক সম্পর্ক নিৰূপণ কৰিব পাৰোঁ। কিন্তু ই এক অতীজলৈ উভতি যোৱাৰ দৰে হ’ব। এতিয়া জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্রেণীবিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰি।

উদ্ভিদেই হওক বা প্রাণীয়েই হওক সকলো জীৱৰে কিছুমান বৈশিষ্ট্য আছে। উদ্ভিদ আৰু প্ৰাণীৰ শ্রেণী বিভাজনৰ এনে চৰিত্ৰগত বৈশিষ্ট্য সমূহক মূল ভিত্তি হিচাপে লোৱা হয়। উমৈহতীয়া বৈশিষ্ট্যবোৰ এটা শ্ৰেণীত ৰখা হয় আৰু একে নোহোৱা বৈশিষ্ট্যসমূহ আন এটা শ্ৰেণীত ৰখা হয়। এই শ্রেণী বিভাজন উদ্ভিদ বা প্রাণীর বৈশিষ্ট্যসমূহ অধ্যয়ন কৰাত সুবিধা হয়।

Q.5. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। 

Ans. পৰিবেশৰ প্ৰভাৱত কিছুমান প্ৰাণীৰ অংগৰ গঠন আৰু কাম বেলেগ বেলেগ কিন্তু সিহঁতৰ অংগৰ সৃষ্টিৰ উৎস একে। যেনে মানুহৰ হাত, ঘোঁৰা, বাদুলি, তিমি মাছৰ অগ্ৰপদৰ মূল গাঁঠনি একে ধৰণৰ হাড়ৰ টুকুৰাৰে গঠিত। এনেকুৱা অংগৰ, যিবোৰৰ সৃষ্টিৰ উৎস একে কিন্তু কাম ভিন্ন সিহঁতক সমসংস্থ অংগ (Homologous) বোলে। সমসংস্থ অংগবোৰ জৈৱ ক্রমবিৱৰ্তনৰ সাক্ষ্য দিয়ে।

আকৌ কিছুমান অংগই বহিঃদৃষ্টিতে একে কামকেই পৰিচালনা কৰে যদিও সিহঁতৰ সৃষ্টিৰ উৎস বেলেগ, এনেকুৱা অংগবোৰক সমবৃত্তিক অংগ বোলে। যেনে— পতঙ্গৰ পাখি আৰু চৰাইৰ ডেউকা একে কাম উৰণৰ বাবে ব্যৱহাৰ কৰে কিন্তু দুয়োটাৰ গঠন আৰু সৃষ্টিৰ উৎস সম্পূর্ণ বেলেগ বেলেগ।

Q.6. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।

Ans. প্ৰভাৱীতা সূত্র মতে জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধর্মী লক্ষণযুক্ত সমযুতক (Homozygous) দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য জন্ধু (Fₗ)- পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু অ-প্রকাশিত হৈ থকা লক্ষণটোক অপ্রভাৱী লক্ষণ বোলে। সুতৰাং এটা কলা বৰণৰ কুকুৰৰ লগত বগা বৰণৰ কুকুৰৰ প্রজনন ঘটিলে যদি কলা কুকুৰ আদিপুৰুষ হয়। তেতিয়া কলাবাৰ কুকুৰটো প্ৰভাৱী হ’ব আৰু বগা বৰণৰ কুকুৰ হ’ব অপ্ৰভাবী।

Q.7. বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।

Ans. গেদীয় শিলাস্তৰৰ মাজে মাজে প্রাণী আৰু উদ্ভিদৰ অবশিষ্ট অংশর জীবাশ্ম হিচাবে পোৱা যায়। বিভিন্ন যুগত উৎপন্ন হোৱা শিলৰ স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহে প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সকল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে। জীৱাশ্মবোৰৰ বয়স অনুসৰি সজাই নিলে, পৃথিৱীত যে বিৱৰ্তন ঘটিছে তাক সহজে বুজিব পাৰি। আদিম যুগৰ শিলৰ স্তৰত সৰল জীৱৰ জীৱাশ্মৰ অস্তিত্ব পোৱা যায়। পিছৰ যুগৰ শিলাস্তবত ক্রমে জটিল আৰু উন্নত জীৱৰ জীৱাশ্ম পোৱা গৈছে। গতিকে দেখা যায় যে জীৱাশ্মবোৰৰ জ্ঞানে আমাক আদিমকালৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন হৈ আজিৰ অবস্থা পোৱাৰ আভাস দিয়ে।

Q.8. কি স্বাক্ষৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?

Ans. চিকাগ’ বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ন’ৱেল বঁটা বিজয়ী অধ্যাপক হেল্ড ইউৰি (Harold Urey) আৰু তেখেতৰ ছাত্ৰ ষ্টেনলি মিলাৰ (Stanley Millar) এ বিশেষ পৰীক্ষাৰ দ্বাৰা ৰাসায়নিক বিৱৰ্তনৰ সত্যতা প্রমাণ কৰি দেখুৱাইছিল।

পৃথিবীৰ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৃথিবীত জীৱ সৃষ্টি হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত পৃথিৱীৰ উপৰিভাগৰ বহুতো পৰিৱৰ্তন হৈছিল। যেনে, ভৌগোলিক পৰিৱৰ্তন। এই সময়ত পৃথিবীৰ উপৰিভাগত থকা বিভিন্ন মৌলৰ মাজত ৰাসায়নিক সংযোজন ঘটি জৈব যৌগৰ সৃষ্টি হৈছিল। এই পৰিঘটনাটোক জৈৱ ৰাসায়নিক বিৱৰ্তন বুলি কোৱা হয়।

শৰ্কৰা, বহুশৰ্কৰা, প্ল’টিন, নিউক্লিক এছিড আদি জৈব যৌগবোৰৰ সংমিশ্ৰণত পোনতে আদি ভাইৰাচৰ নিচিনা নিউক্লিয়’প্ৰ’টিন কণিকাৰ সৃষ্টি হ’ল আৰু তেতিয়াৰ পৰাই বিবর্তনে অন্য ফালে গতি কৰিল। আদি ভাইৰাচৰ পৰা সৃষ্টি হৈছিল ভাইৰাচৰ দৰে জৈৱিক কণিকা। এনেদৰে প্রাণীৰ অস্তিত্বৰ সূচনা হৈছিল। 

Q.9. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবর্তনত কেনেদৰে প্রভাব পেলায়? 

Ans. প্ৰকাৰণ (variation) অযৌন প্রজনন অপেক্ষা যৌনপ্রজননত বেই পৰিলক্ষিত হয়। কারণ স্ত্রী আৰু পুং প্ৰাণীৰ জিনৰ আদান-প্রদান ঘটে আৰ প্ৰকাৰণ ঘটে।

যৌন প্রজননকাৰী জীৱবিলাকৰ একেটা চাৰিত্রিক বৈশিষ্ট্যৰে জিনৰ দুটাকৈ প্রতিলিপি থাকে। যদিহে প্রতিলিপিবিলাক হুবহু একে নহয় তেতিয়া যিটো প্রতিলিপিৰ চবিত্র প্রকাশ পায় তার প্রভাবী আৰু ভানটোক অপ্রভাবী বুলি কোৱা হয়।

যৌন প্রজননত কোনো এটা জীবন চাৰিত্রিক বৈশিষ্ট্যাবিলাত পৃথক পৃথককৈ বংশানুক্রমিকভাবে প্রবাহ ঘটিব পাৰে আৰু তাৰ ফলতেই নতুন চাৰিত্রিক বৈশিষ্টাৰ সংযোজনেৰে সতি-সন্ততিবিলাকৰ সৃষ্টি হয়।

প্ৰজাতি ভেবে সিহঁতৰ লিংগ নিৰ্দ্ধাৰণ পদ্ধতিবিলালেগ বেলেগ বেলেগ হয়। মানুহৰ ক্ষেত্ৰত, সন্তানৰ লিংগ পৈতৃক পুৰুষৰ পৰা প্ৰবাহিত হোৱা ‘X’ ক্ৰ’ম’জ’ম (ছোৱালীৰ ক্ষেত্ৰত) আৰু ‘Y’ ক্ৰ’ম মজ’ম (ল’ৰাৰ ক্ষেত্ৰত)ৰ ওপৰত নিৰ্ভৰ কৰে।

কোনো এটা প্রজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাই জীৱটোক জীয়াই থকাৰ সুযোগ প্রদান কৰে বা কেৱল জিনীয় পথচ্যুত ঘটাৰ বাবে অৰিহনা যোগায়। গতিকে দেখা যায় যৌন প্ৰজননৰ ক্ষেত্ৰত অধিক ভিন্নতাৰ সৃষ্টি হয়। আকৌ ভিন্নতা বা প্ৰকাৰণ অধিক হলে বিবৰ্তনৰ ক্ষেত্ৰতও ই অধিক প্রভাৱ পেলায়।

Q.10. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুরুষ সমান জিনীয় অবদান অপত্যজনুলৈ হস্তান্তৰ কৰে?

Ans. পুংলিঙ্গ (male sex) আৰু স্ত্রী লিঙ্গ (female sex)- ডিনীয় বিন্যাস অধ্যয়ন নিম্নৰূপ :

Q.11. কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে। তুমি এই উক্তিৰ সৈতে একমতনে? যদি কিয় আৰু যদি নহয় কিয়?

Ans. এটা প্ৰজাতিয়ে নিজৰ বংশবৃদ্ধি কৰিলেও পাছৰ বংশত কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্য পৰিলক্ষিত হয়। এই পার্থক্য পৰিৱেশ আৰু জনন এবার পৰিৱৰ্তনৰ মাজত হয়। উদাহৰণস্বৰূপে, পৰুৱায় ঘটা প্রকাৰণ টিকিব পাৰে বা টিকিব নোৱাৰে। কিন্তু নহৰফুটুকী বাঘত ঘটা প্ৰকাৰণ টিকিব পাৰে।

প্রাকৃতিক নির্বাচন: যোগ্যতমৰ উৎবৰ্তন হোৱা প্ৰক্ৰিয়াত যিবিলাক জীবই পৰৱৰ্তীকালত বংশ বিস্তাৰ কৰিব পাৰে সেই বিলাকক প্রকৃতিয়ে নিজেই নির্বাচন কৰি লয়। ডাউইনে ইয়াকে প্রাকৃতিক নির্বাচন বুলি কৈছিল।

নতুন প্ৰজাতিৰ সৃষ্টি: বিভিন্ন প্রজাতিৰ জীৱবিলাকে উল্লেখিত কাৰণৰ বাবে বংশানুক্রমে নতুন নতুন গুণ বা চৰিত্ৰ সম্প্ৰীকৰণ কৰি যেতিয়া নির্দিষ্ট প্ৰজাতিৰ গুণ বা চৰিত্ৰৰ পৰা আঁতৰি আহি পূৰ্বপুৰুষৰ পৰা ভিন্ন হৈ পৰে। তেতিয়াই নতুন প্রজাতি ৰূপে পৰিগণিত হয়।

অতিৰিক্ত প্রশ্নোত্তর

Q.1. অতি চমু উত্তৰ দিয়া।

(ক) প্রত্নতাত্ত্বিক কালৰ জীৱাশ্ম হিচাপে পোৱা আদিম চৰাই বিধৰ নাম কি?

Ans. আর্কিঅপাটেৰিক্স।

(খ) লেমাৰ্কে তেখেতৰ কোনখন গ্ৰন্থত ক্ৰমবিকাশৰ ওপৰত মতবাদটো দাঙি ধৰিছিল? 

Ans. লেমাৰ্কে 1809 চনত ফৰাচী ভাষাত প্রকাশিত গ্রন্থ ‘ফিল ‘ছফি জুলজিক নামৰ গ্ৰন্থত জীৱৰ ক্ৰমবিকাশৰ ওপৰত মতবাদটো দাঙি ধৰিছিল।

(গ) ডাৰউইনে তেখেতৰ কোনখন গ্ৰন্থত জীৱৰ ক্ৰমবিকাশৰ ওপৰত মতবাদটো দাঙি ধৰিছিল? 

Ans. ‘অৰিছিন অব স্পেচি’ নামৰ গ্ৰন্থত ডাউইনে জীৱৰ ক্ৰমবিকাশৰ ওপৰত মতবাদটো দাঙি ধৰিছিল। 

(ঘ) প্রগতিগামী আৰু প্ৰতিগামী ক্ৰমবিকাশৰ অর্থ কি?

Ans. প্ৰগতিগামী বুলিলে লব্ধ গুণসমূহ সৰল পৰ্য্যায়ৰ পৰা জটিল পৰ্য্যায়লৈ উন্নতি হোৱা আনহাতে প্রতিগামী ছিল বুলিলে লব্ধ গুণসমূহৰ জটিলতাৰ পৰা সবলতা প্রাপ্তিকে বুজায়।

Q.2. জৈৱ বিৱৰ্ত্তন বুলিলে কি বুজা?

Ans. জৈৱ ৰাসায়নিক বিৱৰ্ত্তনৰ ফলত সৃষ্টি হোৱা প্ৰ’টিন, নিউক্লিক এছিড আদিৰ সহযোগত পোনতে ‘আদি ভাইৰাচ’ৰ নিচিনা নিউক্লীয় প্রটিন কণিকাৰ সৃষ্টি হৈছিল। কালক্রমে আদি ভাইৰাচৰ পৰা ভাইৰাচ, ভাইৰাচৰ পৰা বেক্টেৰিয়া, প্ৰটজ’ৱা আদি সৰল জীৱ আৰু পাছত সৰল জীৱৰ পৰা অসংখ্য উন্নত ধৰণৰ জীৱন সৃষ্টি হ’ল।

ধীৰ আৰু ক্রমাগত পৰিৱৰ্তনৰ মাজেৰে সবল জীৱৰ পৰা জটিল উন্নত জীৱৰ বিকাশকে জৈৱ বিবর্তন বোলা হয়।

Q.3. মানুহৰ শৰীৰত পোৱা কিছুমান লুপ্তপ্রায় অংগৰ নাম লিখা। 

Ans. মানুহৰ শৰীৰত থকা লুপ্তপ্রায় অংগ হ’ল— এপেণ্ডিস্ম, কাণৰ পেশী, চকুৰ কোণত থকা তৃতীয় আৱৰণ মানুহৰ নেজ আদি।

Q.4. সমসংস্থ আৰু সমবৃত্তি অংগৰ মাজত পার্থক্য দাঙি ধৰা।

Ans. সমসংস্থ আৰু সমবৃত্তি অংগৰ মাজত পার্থক্য : পৰিবেশৰ প্রভাবত কিছুমান প্ৰাণীৰ অংগৰ গঠন আৰু কাম বেলেগ কিন্তু সিহঁতৰ অংগৰ সৃষ্টিৰ উৎস একে থাকে। যেনে মানুহৰ হাত, ঘোঁৰা বাদুলি, তিমি মাছৰ অগ্ৰপদৰ মূল গাঠনি একে ধৰণৰ হাড়ৰ টুকুৰাৰে গঠিত। যিবোৰ অংগৰ সৃষ্টিৰ উৎস একে কিন্তু কাম ভিন্ন সিহঁতক সমসংস্থ অংগ (Homologous organ) বোলে। সমসংস্থ অংগবোৰ জৈৱ ক্ৰমবিৱৰ্তনৰ সাক্ষ্য দেয়।

কিছুমান অংগই বহিদৃষ্টিতে একে কামকেই পৰিচালনা কৰে যদিও সিহঁতৰ সৃষ্টিৰ উৎস সম্পূর্ণ বেলেগ, এনেকুৱা অংগবোৰক সমবৃত্তিক অংগ বোলে। যেনে– পখিলাৰ পাখি আৰু চৰাইৰ ডেউকা একে ধৰণৰ কাম কৰাৰ বাবে ব্যৱহাৰ কৰে কিন্তু দুয়োটাৰ গঠন আৰু সৃষ্টিৰ উৎস সম্পূর্ণ বেলেগ।

Q.5. লেমাৰ্কৰ মতবাদটো কি কি মূল ভিত্তিৰ ওপৰত প্রতিষ্ঠিত? 

Ans. লেমাৰ্কৰ মতবাদটো 

(i) পৰিৱেশৰ প্রভাব। 

(ii) প্রয়োজন সাপেক্ষে নতুন অংগৰ গঠন। 

(iii) অংগৰ প্ৰয়োগ আৰু অপপ্ৰয়োগৰ ফলত দৈহিক পৰিৱৰ্তন।আৰু 

(iv) উল্লিখিত কাৰকৰ প্ৰভাৱত আৰ্জিত চৰিত্ৰৰ উত্তৰাধিকাৰী স্বত্ব। এই সকলোবোৰ ওপৰত প্ৰতিষ্ঠিত।

Q.6. ডাউইনৰ মতবাদটো কি কি মূল ভিত্তিৰ ওপৰত প্রতিষ্ঠিত? 

Ans. ডাউইনৰ মতবাদটো প্ৰধানকৈ কেইটামান মূলভাৱৰ ওপৰত প্রতিষ্ঠিত। সেই কেইটা হ’ল– 

(i) অত্যাধিক প্রজনন। 

(ii) জীৱন সংগ্রাম। 

(iii) প্ৰকাৰণ। 

(iv) যোগ্যতমৰ নিৰ্বাচন। 

(v) প্রাকৃতিক নির্বাচন। 

(vi) নতুন প্ৰজাতিৰ সৃষ্টি।

Q.7. ডাউইনৰ দুঃসাহসিক অভিযানৰ বিষয়ে চমুটোকা লিখা। 

Ans. ডাউইনৰ প্ৰাকৃতিক মতবাদৰ মূল ভেঁটিকেইটা হল— 

(i) অত্যাধিক জন্মহাৰ। 

(ii) জীৱসমূহৰ সংগ্রাম।

(iii) যোগ্যতমৰ উৎবৰ্তন।আৰু 

(iv) প্রাকৃতিক নির্বাচন।

(i) অত্যধিক জন্মৰ হাৰ: জীবই নিজৰ নিচিনা সাইলাখ সতি-সন্ততিৰ জন্ম দিয়ে। সকলো জীৱবে বংশ ৰক্ষাৰ প্ৰতি স্বাভাবিক আসক্তি আছে আৰু সেইমতে অত্যাধিক উৎপাদন করে। ডাৰউইনৰ মতে, এনে ধৰণেৰ বংশ বিস্তাৰৰ প্ৰকৃতিয়ে বাধা দিয়ে। এই বাধা সংঘটিত হয় জীবসমূহৰ জীৱন সংগ্ৰামৰ যোগেনি।

(ii) জীৱসমূহৰ সংগ্ৰাম: ক্ৰমাগত বংশ বৃদ্ধিৰ আসক্তিয়ে জীবসমূহক বাচি থকাৰ উদ্দেশ্যে জীৱন যুঁজত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰে। এই যুঁজ তিনি প্রকাবে সংঘটিত হব পাৰে–

(ক) অন্তঃ প্ৰজাতিক সংগ্রাম: একে প্রজাতিৰ জীৱৰ মাজত হোৱা জীৱন যুঁজ। যেনে—থকা ঠাই, খোৱা বস্তুব বাবে দুটা কুকুৰৰ মাজত হোৱা যুঁজ। 

(খ) আন্তঃ প্রজাতিক সংগ্রাম: ভিন ভিন প্রজাতিৰ মাজত হোৱা হুঁজ। 

(গ) পৰিবেশৰ লগত হোৱা যুঁজ: শীত, ধুমুহা, উষ্ণতা, বানপাণী, ৰাং, বৰষুণ, হিম আদি প্রাকৃতিক পৰিস্থিতিৰ লগত যুঁজ।

(iii) যোগ্যতমৰ উৎবৰ্তন: জীৱন যুঁজত লিপ্ত জীৱসমূহৰ ভিতৰত যিবিলাক জীৱই পৰিবেশৰ লগত নিজকে খাপ খুৱাই চলিবলৈ সক্ষম হয়। সেইবিলাক জীৱই জীয়াই থকাৰ অধিকাৰ লাভ কৰে আৰু এনে জীৱৰপৰাই উন্নত প্ৰজাতিৰ সৃষ্টি হয়। এই প্রক্রিয়াকে যোগ্যতমৰ উৎবৰ্তন বুলি কোৱা হয়।

(iv) প্রাকৃতিক নির্বাচন: প্রকৃতিয়ে ভাল প্ৰকাৰণ সম্পন্ন জীৱবিলাককে বাছি লয় যিয়ে পৰিৱৰ্তি পৰিৱেশত খাপ খুৱাই থাকিবলৈ সক্ষম হয়। যিবিলাক ভাল প্ৰকাৰণ, সেইবোৰ অল্প অল্পকৈ জীৱদেহত সতি হৈ উত্তৰাধিকার সূত্রে সতি-সন্ততিৰ গালৈ যায় আৰু এক নতুন প্রজাতিৰ সৃষ্টি হয়। এনে প্ৰজাতিৰবোৰে পিতৃপুৰুষতকৈয়ো অধিক জটিল পৰিস্থিতিত খাপ খুৱাই থাকিবলৈ সক্ষম হয়। এনেকৈয়ে নতুন নতুন প্রজাতিৰ সৃষ্টি হয়।

Q.8. জীৱৰ ক্ৰমবিকাশৰ ধাৰা সম্পর্কে তুলনামূলক অংগ-সংস্থাপন আৰু কলা-সংস্থাপন ভিত্তিত সাক্ষ্য কেনেকৈ দিবা?

Ans. তুলনামূলক অংগ সংস্থান আৰু কলা সংস্থানভিত্তিক সাক্ষ্যৰ বিৱৰণ তলত দিয়া ধৰণে দাঙি ধৰিব পাৰি।

জীৱৰ শৰীৰৰ যিবোৰ অংগৰ উৎপত্তিৰ উৎস একে কিন্তু কাম কৰাৰ ধৰণ বেলেগ বেলেগ সেই বিলাকক সমস্যস্থ অংগ বোলা হয়। উদাহৰণ হিচাপে চৰাইৰ ডেউকা, ঘোঁৰাৰ আগ ঠেং, বাদুলি, তিমি মাছৰ ফান, মানুহৰ হাত আ সমসংস্থ অংগ। এই অংগসমূহ বিভিন্ন প্রাণীত দেখাত বেলেগ হ’লেও ইহঁতৰ মূল গাঁঠনি একে, মৌলিক গঠনৰ মিল দেখা যায়।

কশেৰুকাযুক্ত প্রাণীসমূহৰ যিবিলাক অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কাৰ্য্যৰ ফালৰ পৰা প্ৰায় একেই তেনে বিলাক অংগকে সমবৃত্তি অংগ বোলে। উদাহৰণ হিচাপে জিঞাৰ পাখি, পখিলাৰ পাখি, চৰাইৰ ডেউকা আদি উল্লেখ কৰিব পাৰি। এইবোৰ প্ৰাণীয়ে পাখি আৰু ডেউকাৰ সহায়ত উৰণ কাৰ্য্য সমাধা কৰে কিন্তু সিহঁতৰ প্ৰত্যেকে গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন্ন।

সেইদৰে উদ্ভিদ জগতৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান লতাজাতীয় উদ্ভিদৰ বগাই যাবলৈ আকৰ্ষৰ সৃষ্টি হয় যেনে মটৰ মাহৰ আকর্ষ, লাও-কোমোৰাৰ আকর্ষ ইত্যাদি। এই আটাই বিলাকে উৎপত্তিগত আৰু আভ্যন্তৰীণ গঠনৰ দিশৰ পৰা বেলেগ কিন্তু কাৰ্য্য হ’ল বগাই যোৱাত সুবিধা হোৱা।

উল্লেখযোগ্য যে সমসংস্থ অংগসমূহে জীৱ বিলাকৰ একেটা পূৰ্বপুৰুষৰ পৰা উৎপত্তি হোৱাটো বুজায় আনাহাতে সমবৃত্তি অংগসমূহে ভূ-তাত্ত্বিক কালৰ পৰিবেশৰ লগত অভিযোজন কৰি ৰূপান্তৰিত হোৱাটো বুজায়।

Q.9. জীৱৰ ক্ৰমবিকাশৰ ধাৰা সম্পর্কে ভ্রূণবিদ্যাৰ সহায়ত সাক্ষ্য কেনেকৈ দিবা?

Ans. প্ৰাণী আৰু উদ্ভিদৰ ভ্রূণৰ গঠন, প্রকৃতি আৰু ক্ৰমবিকাশেও জীৱৰ ক্ৰমবিৱৰ্তনৰ সাক্ষ্য দিয়ে। ভ্রূণবিদ্যাৰ অধ্যয়নৰ পৰা কোনো প্ৰাণীৰ বা উদ্ভিদৰ কোন কোন শ্ৰেণীৰ লগত ওচৰ সম্বন্ধ আছে তাক স্থিৰ কৰিব পাৰি। ভ্রূণৰ লক্ষণবোৰে প্ৰমাণ কৰে যে জীৱসমূহে হাজাৰ হাজাৰ বছৰ ধৰি সূক্ষ্ম পৰিৱৰ্তনৰ মাজেদি আহি বৰ্তমানৰ অৱস্থা পাইছেহি। উচ্চস্তৰৰ জীৱৰ ভ্ৰূণত নিম্নস্তৰৰ জীৱৰ ভ্ৰাণৰ সক্ষণ দেখিবলৈ পোৱা যায়। এইবোৰে প্রমাণ কৰে যে নিম্নস্তরে জীৱন পৰা জৈৱ ক্রমবিৱৰ্তনৰ ফলত উচ্চস্তৰৰ জীৱন উদ্ভুত হৈছে।

Q.10. জীৱৰ ক্রমবিকাশৰ তত্ত্বৰ ওপৰত লেমাৰ্কে দাঙি ধৰা মতবাদটোৰ বিষয়ে আলোচনা কৰা।

Ans. লেমার্কৰ মতবাদটো বিশেষকৈ চাৰিটা যুক্তিৰ দিশৰ পৰা আলোচনা কৰিব পাৰি। এই চাৰিটা ভাগ হ’ল– 

(i) পৰিবেশৰ প্ৰভাৱ। 

(ii) অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ। 

(iii) প্রয়োজন সাপেক্ষে নতুন অংগৰ গঠন।

(iv) আৰ্হিত লক্ষণৰ বংশগতি।

(i) পৰিৱেশৰ প্ৰভাৱ: লেমাৰ্কৰ মতে পৰিৱেশে প্রত্যেক জীৱকে প্রভাবিত কৰে। পৰিৱেশৰ প্ৰভাৱত জীৱৰ দৈহিক পৰিৱৰ্তন দেখা যায়। তেখেতে লক্ষ্য কৰিছিল যে একে প্রজাতির উদ্ভিদ বিভিন্ন পৰিৱেশত ডাঙৰ-দীঘল হ’লে চৰিত্ৰৰ পার্থক্যই দেখা দিয়ে। ছাঁত হোৱা উদ্ভিদৰ পাতত ক্ল’ৰফিলৰ পৰিমাণ কমে, পাতৰ আকৃতি ডাঙৰ হয়। আনহাতে ৰ’দ পৰা ঠাইত হোৱা একে উদ্ভিদৰ পাতত ক্ল’ৰফিলৰ পৰিমাণ বেছি হয় আৰু পাতৰ আকৃতিও সৰু হয়। হাঁত হোৱা উদ্ভিদৰ কাণ্ড লেহুকা আৰু দুর্বল হয়। কিন্তু সেই একে প্রজাতিৰ কাও বদ পৰা ঠাইত সবল হয়। একে প্ৰজাতিৰ উদ্ভিদৰ শিপা জেঁকা মাটিত যিমান বাঢ়ে, শুকান মাটিত তাতোকৈ বেছি দীঘল হয়। এই পৰিৱৰ্তনবোৰ পৰিৱেশৰ প্রভাৱত হয়। তেখেতৰ মতে এই পৰিৱৰ্তন স্থায়ী হ’লে নতুন প্রজাতিৰ উদ্ভব হ’ব পাৰে।

(ii) অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ: লেমার্কৰ মতে যদি কোনো জীৱৰ এটা নির্দিষ্ট অংগ বহুলভাবে ব্যবহৃত হয় তেতিয়া হ’লে সেই অংগটো বিশেষভাৱে সুগঠিত হয়। আনহাতে ব্যৱহাৰ নোহোৱা অংগ ক্রমাগত বিলুপ্ত হয়। উদাহৰণস্বৰূপে আদিম জিৰাফর আগ ঠেং আৰু ডিঙি চুটি আছিল। সেই সময়ত সিহঁত তৃণভূমি অঞ্চলত বাস কৰিছিল আৰু ঘাঁহ বন খাইছিল। লাহে লাহে সিহঁতে ওখ গছৰ পাত খাবলৈ লয়। ওখ গছৰ পাতৃবোৰ ঢুক্তি পাবৰ করণে সিহঁতৰ সদায় ডিঙি আৰু আগ ঠেং বহুলভাৱে ব্যৱহাৰ কৰাৰ ফলত ডিঙি আৰু ঠেং দীঘল হৈ পৰিল আৰু এই আর্জিত লক্ষণসমূহে পুৰুষানুক্রমে প্রৱাহিত হয়।

বর্তমান প্রাণীদেহত থকা অৱশেষাংবোৰৰ উপস্থিতিও ক্রমাগত অব্যৱহাৰৰ ফল বুলি লেমার্কে ব্যাখ্যা দিছে। কেই পুৰুষমানৰ পিছত এই আৰ্জিত চৰিত্ৰহ এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়।

(iii) প্রয়োজন সাপেক্ষে নতুন অংগৰ গঠন: জেমাকে ধাৰণা কৰিছিল যে প্রয়োজনীয়তাৰ প্ৰভাৱতো নতুন অংগৰ উদ্ভৱ হ’ব পাৰে। অর্থাৎ কোনো জীবই কোনো অংগৰ প্ৰয়োজন বোধ কৰিলে কালক্ৰমত সেই অংগৰ সৃষ্টি হয়। তেখেতৰ মতে যুঁজ কৰিবৰ নিমিত্তে ডাইন চৰৰ দীঘল নখ আৰু কিছুমান স্তন্যপায়ী প্ৰাণীৰ শিং আদিৰ সৃষ্টি হৈছিল।

(iv) আর্জিত লক্ষণৰ বংশগতি: পৰিৱেশজনিত আর্জিত গুণাগুণবোৰৰ দ্বাৰাই পৰিৱেশৰ লগত জীৱৰ অভিযোজন হয়। এনে আর্জিত লক্ষণসমূহ পুরুষানুক্রমে প্রভাবিত হয়। কেই পুৰুষমানৰ পিছত এনে আৰ্জিত-চবিত্র সমূহ এক নতুন জীৱৰ সৃষ্টি কৰে।

Q.11. মেণ্ডেলে আগবঢ়োৱা বংশগতি সম্পৰ্কীয় সূত্ৰকেইটাৰ নাম লিখা। 

Ans. মেন্ডেলীয় সূত্র বা বংশগতি সূত্র (Mendelian Principles or Laws of heredity)— একসংকৰ আৰু দ্বি-সংকৰ পৰীক্ষাৰ অন্তত মেন্ডেলে জীৱৰ লক্ষণ নিয়ন্ত্ৰণকাৰী কাৰক (জিনৰ) বংশানুক্রমিক বংশগতি প্ৰক্ৰিয়াৰ সম্পৰ্কে তিনিটা সূত্র আগবঢ়ায়। এনে সূত্ৰবোৰক মেন্ডেলীয় বংশগতি তত্ত্ব বুলিও জনা যায়।

মেন্ডেলীয় বংশগতি সূত্র তিনিটা হ’ল— 

(1) মেন্ডেলৰ প্ৰথম সূত্র বা প্রভাৱীতা সূত্র (Law of dominance).

(2) মেন্ডেলৰ দ্বিতীয় সূত্র বা পৃথকীকৰণ সূত্র (Law of segregation). 

(3) মেন্ডেলৰ তৃতীয় সূত্র বা স্বতন্ত্র বিন্যাস সূত্র (Law of independent Assortment).

Q.12. মেণ্ডেলৰ প্ৰভাবীতা সূত্ৰটো লিখা 

Ans. প্ৰভাৱীতা সূত্র: বংশগতিৰ প্ৰভাৱীতা সূত্ৰ এক সংকৰণ পৰীক্ষাৰ ফলাফলৰ ওপৰত যুগুতোৱা হৈছিল। এই অনুযায়ী জীবৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধর্মী লক্ষণযুক্ত সমযুক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য জনু (F₁) ত পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্র এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু অপ্রকাশিত হৈ থকা লক্ষণটোক অপ্রভাব লক্ষণ বোলে। ইয়েই মেল্ডেনৰ বংশগতিৰ প্রথম সূত্র বা প্রভাৱীতা সূত্র।

Q.13. মেন্ডেলীয় তত্ত্ব মানে কি বুজা? মেন্ডেলৰ বংশগতি সূত্র কেইটা উল্লেখ কৰা আৰু উদাহৰণৰ সৈতে এক সংকৰণ পৰীক্ষা এটা দেখুওৱা।

Ans. মেন্ডেলীয় সূত্র বা বংশগতি সূত্র (Mendelian Principles or Laws of heredity)— একসংকৰ আৰু দ্বি-সংকৰ পৰীক্ষাৰ অন্তত মেন্ডেলে জীৱৰ লক্ষণ নিয়ন্ত্রণকাৰী কাৰক (জিনৰ) বংশানুক্রমিক বংশগতি প্ৰক্ৰিয়াৰ সম্পৰ্কে তিনিটা সূত্ৰ আগবঢ়ায়। এনে সূত্ৰবোৰক মেভেলীয় বংশগতি তত্ত্ব বুলিও জনা যায়।

মেন্ডেলীয় বংশগতি সূত্র তিনিটা হ’ল—

(1) মেন্ডেলৰ প্রথম সূত্র বা প্রভাৱীতা সূত্র।

(2) মেন্ডেলৰ দ্বিতীয় সূত্র বা পৃথকীকৰণ সূত্র।

(3) মেন্ডেলৰ তৃতীয় সূত্র বা স্বতন্ত্র বিন্যাস সূত্র।

1. প্রভাৱীতা সূত্র: বংশগতিৰ প্ৰভাৱীতা সূত্র এক সংকৰণ পৰীক্ষাৰ ফলাফলৰ ওপৰত যুগুতোৱা হৈছিল। এই অনুযায়ী জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধর্মী লক্ষণযুক্ত সমযুক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য জনু (F₁) ত পিতৃ-মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্ৰভাৱী আৰু অপ্রকাশিত হৈ থকা লক্ষণটোক অপ্ৰভাৱী লক্ষণ বোলে। ইয়েই মেন্ডেলৰ বংশগতিৰ প্রথম সূত্র বা প্রভাৱীতা সূত্র।

উদাহৰণ: মটমাহ উদ্ভিদৰ বিশুদ্ধ ওখ (TT) আৰু বিশুদ্ধ চাপ (tt) গছৰ মাজত সংকৰণ ঘটালে Fₗ জনুত সৃষ্টি হোৱা আটাইবোৰ গছেই ওখ (Tt) কাণ্ডযুক্ত হয়। ইয়াত ওখ লক্ষণটো প্ৰভাৱী আৰু চাপৰ লক্ষণটো অপ্ৰভাৱী।

Q.14. বংশগতি মানে কি বুজা?

Ans. বংশগতি (Heredity): যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃমাতৃৰ চাৰিত্রিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাবে পৰৱর্তী জনুলৈ সঞ্চাৰিত হয় তাক বংশগতি (heredity) বোলে।

Q.15. মেণ্ডেলীয় তত্ত্ব কি?

Ans. একসংকৰণ আৰু দ্বি সংকৰণ পৰীক্ষাৰ অন্তত মেণ্ডেলে জীবন নিয়ন্ত্ৰণকাৰী কাৰক (জিনৰ) বংশানুক্রমিক বংশগতি প্ৰক্ৰিয়াৰ সম্পৰ্কে তিনিটা সূত্র আগবঢ়ায়। এই সূত্র তিনিটাক মেণ্ডেলীয় বংশগতি তত্ত্ব বোলে।

Q.16. লুপ্তপ্রায় অংগ কাক বোলে? 

Ans. জীৱ শৰীৰত যিবিলাক অংগৰ কোনো ক্রিয়া নাই, সেইবিলাক লুপ্তপ্রায় অংগ বোলে।

লুপ্তপ্রায় অংগসমূহ হ’ল কানৰ পেশী, পুচ্ছ অস্থি আদি। 

Q.17. মানুহৰ দুটা লুপ্তপ্রায় অংগৰ নাম লিখা।

Ans. মানুহৰ লুপ্তপ্রায় অংগৰ নাম হ’ল—কানৰ পেশী আৰু চকুৰ কোণত থকা তৃতীয় আৱৰণ, মানুহৰ নেজ। 

Q.18. জীৱাশ্ম কাক বোলে?

Ans. ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা জীৱদেহ বা এই জীৱবোৰৰ অংগ বিশেষ নাইবা জীৱবোধে এৰি যোৱা সাঁচক জীবাশ্ম বুলি কোৱা হয়।

Q.19. জীবাশ্ম সৃষ্টিৰ বাবে অত্যন্ত প্রয়োজনীয় অৱস্থা দুটা উল্লেখ কৰা।

Ans. জীৱাশ্ম সৃষ্টিৰ বাবে অত্যন্ত প্রয়োজনীয় অবস্থা বুটা হ’ল-

(ক) জীৱৰ কঠিন অংগ।আৰু 

(খ) সংৰক্ষণশীল মাধ্যমত যেনে শিলাখণ্ড, মাটি, গেদ, আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা, বৰফ আদিত শীঘ্ৰে পোত যোৱা। 

Q.20. অস্মীভূত জীৱাশ্ম কাক বোলে?

Ans. যেই বিলাক জীৱৰ দেহৰ ভিতৰত শিলাখণ্ডৰ বা মাটিৰ অজৈব খনিজ পদার্থ সোমাই কঠিন হৈ জীৱ বিলাকৰ অনুৰূপ আকৃতিৰ অত্ম গঠন হৈ জীৱাশ্ম সৃষ্টি হয় সেইবোৰ জীৱাশ্মক অস্মীভূত জীবাশ্ম (Petrified fossil) বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top