Class 10 Geography পাঠ-3 পৃথিৱীৰ ভূগোল

Class 10 Geography পাঠ-3 পৃথিৱীৰ ভূগোল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Geography পাঠ-3 পৃথিৱীৰ ভূগোল – সমাধান and select needs one.

Join Telegram Groups

Class 10 Geography পাঠ-3 পৃথিৱীৰ ভূগোল – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Geography পাঠ-3 পৃথিৱীৰ ভূগোল – সমাধান Solutions for All Subject, You can practice these here…

Chapter 3 দ্বিতীয় খণ্ড (Geography)

পৃথিৱীৰ ভূগোল

১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ স্থলমণ্ডল :-  শিল , বালি , মাটি আৰু খনিজ পদার্থৰে  গঠিত ভূপৃষ্ঠৰ কঠিন অংশটোকে স্থলমণ্ডল বুলি জনা যায় । ই পর্বত – পাহাৰ , সমভূমি , মালভূমি , নদী উপত্যকা , উপকূল আদিৰ দৰে ভূ – অৱয়ৱেৰে গঠিত হৈছে।অৰণ্য , কৃষিভূমি , তৃণভূমি তথা জুনবসতি অঞ্চল আদিও স্থলমণ্ডলৰ অন্তৰ্গত ।

পৃথিৱীৰ মুঠ মাটিকালি ৫১০ নিযুত বর্গ কিঃমিঃৰ প্রায় ১৪৯ নিযুত বর্গ কিঃমিঃ , অর্থাৎ প্রায় ২৯ শতাংশ স্থলমণ্ডলে আগুৰি আছে । পৃথিৱীৰ স্থলমণ্ডলটো এছিয়া , আফ্রিকা , ইউৰােপ , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওছেনিয়া আৰু এন্টার্কটিকা নামৰ সাতখন মহাদেশত বিভক্ত হৈ আছে । 

জলমণ্ডল :- ভূপৃষ্ঠৰ জলভাগেৰে গঠিত বৃহৎ অংশটোক জলমণ্ডল বুলি জনা যায় । ই মহাসাগৰ , সাগৰ , হ্রদ , নদ – নদী , জান – জুৰি , জলাশয় আদিৰ দৰে জল – অৱয়ৱসমূহেৰে গঠিত । ই ভূপৃষ্ঠৰ প্রায় ৭১ শতাংশ ( ৩৬১ নিযুত বর্গ কিঃমিঃ ) আগুৰি আছে ।

পৃথিৱীৰ জলভাগক প্রশান্ত মহাসাগৰ , দক্ষিণ মহাসাগৰ , ভাৰত মহাসাগৰ , আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰত বিভক্ত কৰা হৈছে । 

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ? 

উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্র অনুসৰি ৩০০ নিযুত বছৰ পূর্বে পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত , অর্থাৎ গঠনৰ সময়ত পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা জলমণ্ডলে আগুৰি আছিল । এই ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পাছালা বুলি জনা গৈছিল ।

পৰৱর্তী সময়ত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব – পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল । এই সাগৰখনক টেথিছ সাগৰ বুলি জনা যায় ।

দ্বিখণ্ডিত হােৱা স্থলমণ্ডলৰ উত্তৰৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বুলি কোৱা হৈছিল । মধ্যজীৱীয় কল্পযুগত , অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূর্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয় ।

এই সূত্র অনুসৰি ,লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা , গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল ।

আনহাতে , দক্ষিণ আমেৰিকা , আফ্রিকা , মাদাগাস্কাৰ , ভাৰতবৰ্ষ , আৰব অঞ্চল , মালয়েছিয়া আৰু অষ্ট্রেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা ।

৩। মহাসাগৰৰ তলিভাগৰ ভূ – অৱয়ৱ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে । পৃথিৱীৰ জলভাগ বিশেষকৈ প্রশান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ নামৰ পাঁচখন মহাসাগৰেৰে গঠিত ।

মহাসাগৰসমূহৰ তলিভাগৰ ভূ – প্রকৃতি তেনেই অসমান আৰু ইয়াতো স্থলমণ্ডলৰ দৰে কিছুমান ভূ – অৱয়ৱ আছে , যেনে – সামুদ্রিক শৈলসিৰা , সমুদ্র খাত আদি । সমুদ্রৰ তলিত থকা এনে কিছুমান অতি গুৰুত্বপূৰ্ণ অৱয়ৱ হৈছেঃ- 

( ক ) মহীসােপান :-  ভূখণ্ড বা উপকূল অঞ্চলৰ সৈতে সংযােজিত হৈ থকা সাগৰ – মহাসাগৰৰ অগভীৰ অংশকে মহীসােপান বুলি কোৱা হয় । ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ পর্যন্ত হয় । 

( খ ) মহীঢাল :- মহীসােপানৰ পিছত আৰম্ভ হােৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশক মহীঢাল বুলি কোৱা হয় । এই অঞ্চলটো সাধাৰণতে মহাসাগৰৰ মাজভাগৰ দিশলৈ এঢলীয়া হৈ পৰে।ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত হয় । 

( গ ) গভীৰ সমুদ্রতলীয় দ্রোণী :- মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ – অৱয়ৱকে গভীৰ সমুদ্রতলীয় দ্রোণী বুলি কোৱা হয় ।  ইয়াৰ গভীৰতা ৪০০০ মিটাৰ পর্যন্ত হয় ।

( ঘ ) গভীৰ সামুদ্রিক খাত :- মহাসাগৰৰ মাজভাগত প্রায় ৮০০০ মিটাৰ পর্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায় । সকলােবােৰ সামুদ্রিক খাতৰ ভিতৰত প্রশান্ত মহাসাগৰৰ বুকুত থকা ১১,০২২ মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ’ল বিশ্বৰ সবাতােকৈ গভীৰতম খাত । 

এইবােৰৰ উপৰি সমুদ্রপৃষ্ঠৰ পৰা বহু ওপৰলৈ সামুদ্রিক শৈলসিৰা কিছুমান অ’ত ত’ত সিঁচৰিত হৈ ওলাই থকা দেখা যায় , ইয়াৰে ভিতৰত কিছুমানে সাগৰপৃষ্ঠৰ ওপ্ৰত দ্বীপ হিচাপে আৱিৰ্ভাৱ হয় । 

৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ পৃথিৱীপৃষ্ঠৰ স্থলভাগেৰে গঠিত অংশটোক স্থলমণ্ডল বুলি কোৱাৰ বিপৰীতে জলভাগেৰে গঠিত অংশটোক জলমণ্ডল বুলি কোৱা হয় । ভৌগােলিকভাৱে স্থলমণ্ডলক চাৰিটা বৃহৎ অংশ বা গােটত বিভক্ত কৰা হৈছে :- 

( ক ) প্রথম অংশ :- এই অংশটো এছিয়া , আফ্রিকা আৰু ইউৰােপ মহাদেশেৰে গঠিত ।

( খ ) দ্বিতীয় অংশ :- এই অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত । 

( গ ) তৃতীয় অংশ :- অষ্ট্রেলিয়া আৰু সমীপৱৰ্তী দ্বীপসমূহ লগলাগি গঠিত হৈছে । : 

( ঘ ) চতুর্থ অংশ :- কোনােমতে দুই – এক স্থায়ী জনবসতি থকা এন্টার্কটিকা মহাদেশেৰে গঠিত । 

আনহাতে পৃথিৱীৰ জলমণ্ডলক পৰস্পৰৰ সৈতে সংযােগ থকা পাঁচখন মহাসাগৰত ভাগ কৰা হৈছে :- 

( ক ) প্রশান্ত মহাসাগৰ :- ই হৈছে বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে এছিয়া , পূৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত । 

( খ ) আটলান্টিক মহাসাগৰ :- ই হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰ । এই মহাসাগৰখন পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা , তথা পূৱে ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত । 

( গ ) ভাৰত মহাসাগৰ :- এই মহাসাগৰখন এছিয়া মহাদেশৰ দক্ষিণে , আফ্রিকা মহাদেশৰ পূবে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমে অবস্থিত ।

( ঘ ) দক্ষিণ মহাসাগৰ :- এই মহাসাগৰখন দক্ষিণ আমেৰিকা , আফ্রিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণ দিশে অৱস্থিত । 

( ঙ ) উত্তৰ মহাসাগৰ :- এই মহাসাগৰখন উত্তৰ আমেৰিকা , ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত । জলমণ্ডলৰ প্রায় ৫৭ শতাংশই দক্ষিণ গােলার্ধ উভয়তে আৱদ্ধ হােৱাৰ বিপৰীতে স্থলমণ্ডলৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গােলার্ধত অৱস্থিত ।

পাঁচখন মহাসাগৰৰ ভিতৰত প্রশান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ নামৰ মহাসাগৰ তিনিখন স্থানিকভাৱে উত্তৰ গােলার্ধ আৰু দক্ষিণ গােলার্ধ উভয়তে বিস্তৃত হৈ থকাৰ বিপৰীতে দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গােলার্ধত আৰু উত্তৰ মহাসাগৰ কেৱল উত্তৰ গােলার্ধত অৱস্থিত । 

৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ – অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ স্থলমণ্ডলেৰে গঠিত।স্থলমণ্ডলৰ ভূপ্রকৃতি অসমান ধৰণৰ আৰু ই পাহাৰ – পর্বত , মালভূমি , সমভূমি , উপকূলীয় অঞ্চল , নদী উপত্যকা আদিৰে গঠিত । পৃথিৱীৰ স্থলভাগৰ ভূ – অৱয়ৱ স্থানভেদে ভিন্ন হােৱা বাবে মহাদেশসমূহৰ সকলােতে ভূপ্রকৃতি একেধৰণৰ নহয় ।

এক নির্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্রকৃতিৰ তাৰতম্য ঘটে । উচ্চতা , নদ নদীৰ উপস্থিতি , জলবায়ু তথা উদ্ভিদ আদিয়ে এখন ঠাইৰ ভূপ্রকৃতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায় । প্ৰায়বােৰ মহাদেশতে কেইবাটাও সুউচ্চ পর্বতমালা বিস্তৃত হৈ আছে ।

উদাহৰণস্বৰূপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পূর্বতমালাৰ ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতােকৈ ওখ শৃংগ । আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতাে সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয় ।

তদুপৰি নদী উপত্যকাবােৰো ভূপৃষ্ঠৰ এক অতি গুৰুত্বপূর্ণ ভূ – অৱয়ৱ । সমগ্র মহাদেশবােৰৰ মাজেৰে বৃহৎ সমভূমিসমূহ বিস্তৃত হৈ থকাৰ বিপৰীতে সীমান্ত অঞ্চলত উপকূলীয় সমভূমিসমূহৰ উপস্থিতিয়ে মহাদেশসমূহৰ ভূ – অৱয়ৱ অসমান কৰি ৰাখিছে । 


Leave a Reply

error: Content is protected !!
Scroll to Top