SEBA Class 10 Assamese Sample Paper – 2 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Sample Paper – 2, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Simple Paper and Question Answer

SEBA Class 10 Assamese Sample Paper – 2

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

অসমীয়া প্ৰশ্নকাকত

PART – II

ASSAMESE

Group – A ( ক – বিভাগ ) মূল্যাংক : ৭৫ 

১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে ? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা । 

উত্তৰঃ ছাত্ৰজীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা লাভ কৰা । এই শিক্ষাই মানুহৰ জীৱনৰ লক্ষ্য কি , কি কি কাম কৰিলে মানৱ জীৱন সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি আদি বিষয়ৰ জ্ঞান লাভ কৰাকে বুজায় । 

শিক্ষালাভ কার্য সফল হ’বলৈ ছাত্ৰসকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত কেতবোৰৰ পন্থা অৱলম্বন কৰিব লাগে । নীতিবচনতে আছে— 

“ পঢ়াই পঢ়ে ৰোৱে পাণ ৷ 

এই তিনিয়ে নিচিন্তে আন । ” 

ইয়াত ‘ পঢ়া ’ কাৰ্যই ভাটোৰ দৰে দুটা কথা কিতাপৰ পৰা আওৰোৱাৰ কথা নুবুজা , শিক্ষা লাভ কৰাকহে বুজাইছে । 

শিক্ষাৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতা আৰু মনৰ গতি , একমুখী কৰি ৰখা পন্থা অৱলম্বন কৰিলে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। 

দেশ সেৱাত ব্ৰতী হ’বলৈ হ’লে ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে । বহুমুখী শিক্ষা হ’ল সেই শিক্ষা যিয়ে ছাত্ৰক পাঠ্যক্ৰমৰ পৰা বিদ্যায়তনিক বিষয়ৰ লগতে সমাজত আগবাঢ়ি যোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আগবঢ়ায় । 

ছাত্ৰসকলে পাঠ্যক্ৰমৰ বিষয় আহৰণ কৰি বিদ্যায়তনিক দিশত আগবাঢ়িলেই নহ’ব , দেশৰ উন্নতিতো হাত আগবঢ়াব লাগিব । দেশ সেৱাত ব্ৰতী হ’বলৈ হ’লে হাতে কামে শিক্ষা আহৰণ কৰিবই লাগিব । উদাহৰণস্বৰূপে— ‘ দুখীয়াক সেৱা কৰিবা ’ । এই বাক্যশাৰী পাঠত পঢ়ি ইয়াৰ বাক্য , শব্দ গঠন আদিলৈহে অকল যদি গুৰুত্ব দি বাস্তলত দুখীয়াক তিৰস্কাৰ বা বিদ্রুপ কৰা হয় , তেনে শিক্ষাৰ কোনো মূল্য নাই ৷ দেশৰ দুৰ্যোগৰ সময়ত ছাত্ৰসকলে যদি প্রাপ্তবয়স্ক সকলৰ কান্ধৰ ভাৰ দাঙি ল’বলৈ সাজু নহয় , তেতিয়া তেনে শিক্ষাৰ কোনো মূল্য নাই । ছাত্ৰসকলে এনধৰণৰ সমাজহিতৈষী কামত আগবাঢ়িব পাৰে বহুমুখী শিক্ষাৰ জৰিয়তেহে । 

সেয়েহে ক’ব পাৰি যে , দেশসেৱাত ব্ৰতী হ’বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ যথেষ্ট প্রয়োজন আছে । 

( খ ) ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ শৈক্ষিক , মানসিক , শাৰীৰিক আদি সকলো দিশতে প্ৰভাৱ পেলাব পাৰে । অধিক সময় ইন্টাৰনেট ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীসকল অধ্যয়নৰ প্ৰতি অমনোযোগী হৈ পৰে ৷ অধ্যয়নে জ্ঞান বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিৰ বিকাশ ঘটায় । ফলত শিক্ষার্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধি পায় । কিন্তু ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত ছাত্র – ছাত্রীসকলে গ্ৰন্থৰ জগতখনৰ লগত নিজৰ সম্বন্ধ বহু পৰিমাণে কমাই আনিছে । ফলত তেওঁলোকৰ মানসিক তথা শৈক্ষিক বিকাশত বাধা আহি পৰিছে । ফেচবুক , ওৱাটএপ আদি ছ’চিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰ তথা সেইবোৰত প্ৰচলিত উৰাবাতৰি অন্ধবিশ্বাস আদিয়ে সমাজত বহুতো সমস্যাৰ সৃষ্টি কৰিছে । ছাত্ৰ – ছাত্ৰীসকলৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে। 

অনবৰতে ইন্টাৰনেট চাই থাকিলে সিয়ে আমাৰ চকুৰ ওপৰত বেয়া প্রভাৱ পেলায় । কম বয়সতে দৃষ্টি শক্তি কমি যাব পাৰে । ইয়াৰ উপৰিও খেলা – ধূলা স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় । আগতে শিক্ষার্থীসকলে সময় পালেই ফুটবল , বল , ভলিবল , বেডমিন্টন আদি খেলবোৰ খেলিছিল । যাৰদ্বাৰা তেওঁলোকৰ শাৰীৰিক কচৰৎ হৈছিল । কিন্তু এতিয়া দেখা গৈছে যে শিক্ষার্থীসকলে সময় খেলা – ধূলা নোহোৱা হ’ল । পালেই নিজ মোবাইল বা কম্পিউটাৰত ব্যস্ত থাকে । ফলত তেওঁলোকৰ বাহিৰত আকৌ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীক আত্মীয় – স্বজন , ওচৰ কৰিব পাৰে । এই ব্যৱস্থাই বহু লোকক উৎসাহিত কৰে যিসকলে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ অংশ নহয় যেনে— চাকৰিয়াল লোক , প্রাপ্তবয়স্ক লোক , ভিতৰুৱা অঞ্চলত বাস কৰা লোক , বিদেশী শিক্ষার্থী । 

৪। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) লর্ড কার্জন কোন ? 

উত্তৰঃ লর্ড কার্জন ব্ৰিটিছ ভাইচৰয় আছিল । তেওঁ ১৮৯৯ চনত ভাৰতৰ প্রতিনিধি হৈ আহি ১৯০৫ চনলৈকে প্রশাসনীয় দায়িত্বত নিযুক্ত হৈ আছিল । 

( খ ) চেনি কোনে আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ সম্রাট জামছেদে । 

( গ ) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ? 

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত হৈছিল । 

( ঘ ) বিদ্যালয়ত অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ? 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল । 

৫। ব্যাখ্যা কৰা ( যিকোনো এটা )  

( ক ) কমাৰশালত গঢ়ি হলে আগতে জুইশালত গঢ়ি চাব লাগিব।সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয় ৷ 

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ ‘ ছাত্ৰ জীৱন আৰু সমাজ সেৱা ’ পাঠটিৰ পৰা তুলি অনা হৈছে । 

বাস্তৱৰ পৰা আঁতৰত থাকি লাভ কৰা শিক্ষা যে প্রকৃত শিক্ষা নহয় , সেই কথা প্রকাশ কৰাৰ উদ্দেশ্যে লেখকে প্রশ্নোদ্ধৃত কথাষাৰ আগবঢ়াইছে। 

কমাৰশালত কোনো এবিধ লোৰ সঁজুলি গঢ়িবলৈ যাওঁতে পোনতে তাক জুইশালত দিবই লাগিব । জুইশালত উতপ্ত হোৱা লোহাকহে কমাৰশালত উপযুক্ত গঢ় দিব পাৰি । সেইদৰে সাঁতোৰ শিকিবলৈ হলে পানীৰ পৰা আঁতৰত থাকিলে নহ’ব । পানীত নামি , পানীৰ মাজতহে সাঁতোৰ শিকিব পাৰি । অৰ্থাৎ শিক্ষাকার্য বা যিকোনো বিষয়ত আগবাঢ়িবলৈ হ’লে হাতে – কামে লাগিব পাৰিব লাগিব । কিয়নো , শিক্ষা হ’ল জীৱন্ত সংসাৰৰ শিক্ষা । দুৰৈৰ পৰা লাভ কৰা শিক্ষা প্রকৃত শিক্ষা নহয় । এনে এটি ভাব প্রকাশ কৰাৰ স্বাৰ্থতেই লিখকে উক্ত কথাষাৰ কৈছে । 

( খ ) লেখকৰ মতে আমাৰ বৰ্তমান শিক্ষাৰ ঘাই দোষ কি ? 

উত্তৰঃ আমাৰ বৰ্তমান শিক্ষা কামৰ শিক্ষা নহয় ল’ৰাই কিতাপত পঢ়িব, ‘ দুখীয়াক মৰম কৰিবা । ডাঙৰক সন্মান কৰিবা । ‘ আদি পুথিগত উপদেশমূলক কথাবিলাক মুখস্থ কৰি কৰি পৰীক্ষাত লিখি সময় পাৰ কৰা কামৰ পৰা প্ৰকৃততে সুফল পোৱা নাযায় । কিয়নো পঢ়াশালিৰপৰা ওলায়েই যদি ছাত্ৰই বাটতে দুখীয়াক তিৰস্কাৰ বা বিদ্রূপ কৰে , এনে পুথিগত শিক্ষা অর্থহীন হৈ পৰা যেন লাগে । 

আজিকালি প্রত্যেক ছাত্ৰৰ মাক – বাপেকে তেওঁলোকৰ ল’ৰা – ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই সেইটোত গুৰুত্ব নিদিয়ে , তেওঁলোকে গুৰুত্ব দিয়ে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উত্তীর্ণ হ’ব পাৰিছেনে নাই , সেইটোতহে । সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে পঢ়াশালিয়ে পঢ়াশালিয়ে দেশী কচৰতৰ শিক্ষা বা যত্নও সফল নহয় ৷ কিয়নো একোটা পেন্দুকনা ল’ৰাই পুৱাই এমুঠিমান আহাৰ খাই দিনটো বিদ্যালয়ত সোমাই থাকি লিখা – পঢ়া কৰাৰ পাছত আবেলি ব্যায়ামৰ চৰ্চা কৰোৱা হয় । দেহত ভোকৰ ভাৰ বৈ এনে ব্যায়াম কৰিলে উপকাৰ নহয় । আমাৰ দেশত ছাত্ৰৰ সহযোগিতা আৰু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই । উপযুক্ত সময়ত সঠিকভাৱে ব্যৱহাৰিকভাৱে শিক্ষাদান আৰু শিক্ষাগ্রহণ নকৰাই বৰ্তমান শিক্ষাৰ ঘাই দোষ । 

৬। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) কবি চৈয়দ আব্দুল মালিকৰ ‘ মই অসমীয়া ’ কবিতাটোৰ তাৎপর্য লিখা ।  

উত্তৰঃ ‘ মই অসমীয়া ’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্রতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্রকাশিত হৈছে । অসমৰ অতীত ইতিহাস ব্যক্তিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে । মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে অসমীয়া ল’ৰা – তিৰোতাৰ মাজত দেখা পোৱা স্বদেশপ্রেমে মোগলসকলৰ অন্তৰ চুইছে । পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল ৷ হাড়ে – হিমজুৱে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়গাঁথা আজিও যেন অক্ষুন্ন হৈ আছে । কবিয়ে সেয়েহে অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবে মৰিবও খুজিছে । মৰিলেও অসমীয়া হৈ জনম লোৱাটোৱে তেওঁ কামনা কৰিছে । অসমীয়া পৰিচয়েৰে তেওঁ জীৱনে – মৰণে চিৰকাল থাকিব খোজে এই মাটিৰ মায়াত বন্দী হৈ । অসমীয়া গীত – মাত আৰু ভাষা তেওঁ সৰ্গতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে । এই দৃঢ়াতাই আমাৰ অতীত আৰু বৰ্তমান সংযোগ সেতু । জীৱনে মৰণে অসমীয়া হ’ব খোজা কবিজনাৰ এয়া এক অনুপম কবিতা য’ত ঐতিহ্যৰ মাজেৰে জাগৰিত হৈছে মাতৃভূমিৰ প্রতি গভীৰ কৃতজ্ঞতা । 

( খ ) দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। 

উত্তৰঃ ‘ দৃশ্যান্তৰ ’ কবিতাটোত কবিয়ে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি অতি সুন্দৰভাৱে অংকন কৰিছে । কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগত তেখেতে উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শুন্যতা আৰু অপ্রাপ্তি । কেঁচা আলি – কেঁকুৰিৰ পৰা কংক্রীটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা আৰু চহৰীয়া জীৱনৰ যাত্ৰীকতাক প্রতিফলিত কৰিছে । ‘ দৃশ্যান্তৰ ’ নামটোতেই অন্তনির্হিত আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য । 

পঁচিশ বছৰৰ আগতে গধূলি সময়ত কেঁচা আলি কেঁকুৰিটোৰ ভাজত কবিয়ে এজন কুকুৰীকণা মানুহক লগ পাইছিল । ফটফটীয়া জোনাকতো নিজৰেই ঘৰৰ পদূলি মুখত ৰৈ থকা মানুহজনে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল । কবিয়ে মানুহজনক নিজৰ ঘৰৰ ফালে আগবঢ়াই দিওঁতে মানুহজনে তেওঁক কৈছিল তেওঁ হেনো তাত বৰ শান্তিৰে আছে । 

পঁচিশ বছৰৰ পিছত কবিয়ে পুনৰ লগ পালে সেই মানুহজনক যি বৰ্তমান বৃদ্ধ আৰু কুঁজা হৈ পৰিছে । এটা সাতমহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি কবিক তাত কি লাগে সুধিছিল । তেওঁ কবিক কৈছিল যে যদিহে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱাৰ আশা কম । পালেও তাত শান্তিত থাকিব নোৱাৰিব ৷ তাত থকা মানুহবোৰক তেওঁ যখৰ পোৱালি আখ্যা দি কৈছে যে সেই মানুহবোৰ সকলোবোৰ নিজক লৈয়ে ব্যস্ত । সকলো স্বাৰ্থপৰ । কোনেও কাৰো খবৰ নলয় । 

এনেদৰে কবিয়ে দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সক্ষম হৈছে । লগতে আধুনিকতাৰ ধামখুমিয়াই মানুহৰ মাজৰপৰা কাঢ়ি নিছে দয়া , মানৱতা আদি মানৱীয় গুণৰাশি । কৃত্রিমতাই মানুহক গ্ৰাস কৰি পেলাইছে । নিঃশেষ হৈ গৈছে মানুহৰ মনুষ্যত্ব আৰু মূল্যবোধ । এইদৰে তেওঁ কথাখিনি সুন্দৰকৈ ফুটাই তুলিছে । 

( গ ) প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।

উত্তৰঃ কবি ৰঘুনাথ চৌধাৰীৰ ‘ প্রশস্তি ’ নামৰ কবিতাটোৰ জৰিয়তে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকীৰ্তন কৰিছে । ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে । প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে । সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে । 

পুৱাৰ পূৱাকাশত ৰাঙলী সূৰুযে ভূমুকি মৰাৰ লগে লগে দশোদিশ উজ্জ্বল হৈ পৰে ৷ আকাশে – বতাহে , গছে – বনে প্রকৃতি সকলোতে ন – সাজেৰে সজ্জিত হৈ পৰে । প্ৰকৃতিৰ চৰাই – চিৰিকটি , গছ – লতিকা , ফুল – ফলবোৰৰ আনন্দেৰে ভৰি পৰিছে । চৰাই – চিৰিকিটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে । সদ্যস্নাতা প্ৰকৃতিৰ চৰাই – চিৰিকটিয়ে সুমধুৰ সংগীতৰ মূৰ্চনাৰে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে । সেইদৰে অমৃতৰ সন্তান মানুহেও আন্ধাৰৰ পৰা পোহৰ অভিমুখে বাট বিচাৰি ফুৰিছে । প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে । 

৭। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা ―

( ক ) শ্ৰী শ্ৰী মাদৱদেৱৰ ৰচনা ৰাজিৰ বিশেষত্ব কি ? 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাব , ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল । এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন ৷ 

( খ ) ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰা কবিতা পুথি কেইখন কি কি ? 

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ৰচিত কবিতাপুথি হ’ল— সাদৰী , দহিকতৰা, কেতেকী , কাৰবালা আৰু নৱমল্লিকা । 

( গ ) হৰেকৃষ্ণ ডেকাই সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা আৱদানৰ বাবে কি কি বঁটা লাভ কৰিছিল ? 

উত্তৰঃ ( i ) ১৯৮৭ চনত ‘ আন এজন ’ পুথিৰ বাবে ‘ সাহিত্য অকাডেমী বঁটা ’ । 

( ii ) ১৯৯৬ চনত ‘ কথা বঁটা ‘ । আৰু

( iii ) ২০১০ চনত ‘ আসাম ভেলী লিটাৰেৰী বঁটা ’ । 

( ঘ ) ‘ অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত ‘ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ সাম্রাজ্যবাদী মোগলে অসম আক্ৰমণ কৰাৰ সময়তে স্বাধীনচিতীয়া আহোমসকলে শত্ৰুৰ বিৰূদ্ধে হাতত হেংদাং লৈ বীৰত্বৰে যুঁজ দিছিল । জিলিকি উঠিছিল জাতীয়তাৰ সত্ত্বা , অস্ত যোৱা নাছিল উদিত সূৰ্যৰ আভা । তিৰবিৰনীয়ে শত্ৰুৰ মনতো ত্ৰাসৰ সৃষ্টি কৰি তুলিছিল । সমৰ থলিত জিলিকি উঠিল অসমীয়াৰ শৌর্য – বীৰ্ষৰ আহোম অস্ত্র হেংদাঙৰ তীক্ষ্ণ ধাৰ । এই ধাৰাল হেংদাঙৰ কোবত চিটিকি পৰিল শত্রুসেনা , বন্দী হ’ল বিদেশী মোগল । 

৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা – 

( ক ) মাধৱদেৱে ক’ত সত্ৰ স্থাপন কৰে ? 

উত্তৰঃ বৰপেটাত । 

( খ ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাঁজিছিল ? 

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ – কণী , বৰা চাউলেৰে দেউল সাঁজিছিল । 

( গ ) অসমীয়া সাহিত্যৰ ‘ গল্প সম্রাট ’ বুলি কাক কোৱা হয় । 

উত্তৰঃ চৈয়দ আব্দুল মালিকক । 

৯। ব্যাখ্যা কৰা ( যিকোনো এটা )  

( ক ) “ আতুৰ ভৈলোহো হৰি বিষয় বিকলে 

          কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ” । 

উত্তৰঃ ব্যাখ্যেয় বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘ হৰি হেৰৰে বাপ পশিলো শৰণে ’ শীৰ্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে । 

সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰপৰা উদ্ধাৰ পাবলৈ ভগৱানৰ চৰণ কমলত পৰিছে । 

সংসাৰৰ মায়া – মোহৰ জৰীডাল অতি বিচিত্ৰ । তাৰপৰা পৰিত্ৰাণ পোৱাৰ একমাত্র পথ , ভগৱানৰ চৰণত শৰণ লোৱা । যোগী পুৰুষসকলৰ ধ্যানৰ বিষয় , সমস্ত বেদৰ বিচাৰ্য , সহস্ৰমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নোৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে নোৱাৰে । সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে সেয়ে তেওঁ তাৰপৰা পৰিত্ৰাণ বিচাৰি , ভগৱানক কাকূতি কৰিছে । ভগৱানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে।এইদৰে ভগৱানৰ ওচৰত নিজকে সমর্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীতৰ্ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে । 

( খ ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ৷    

     খোদা ৰছুল লুকাই আছে , মোমিনৰ আঁৰত ।। 

উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ জিকিৰ ’ নামৰ কবিতাৰ অন্তৰ্গত । 

উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মামুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে । অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে । সেইদৰে জুইৰো যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে । ঠিক একেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় । অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top