Niketan Class 7 Science Chapter 7 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন

Niketan Class 7 Science Chapter 7 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 7 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন and select need one.

Niketan Class 7 Science Chapter 7 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 7 বতৰ জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন Solutions for All Subjects, You can practice these here…

বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন

Chapter – 7

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা।

উত্তৰ: এখন ঠাইৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰক সমূহ হৈছে – উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি৷

২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় ?

উত্তৰ: দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত হয়।

৩। খালী ঠাই পূৰণ কৰা :–

(ক) সুদীর্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক ——- বোলে।

উত্তৰ: জলবায়ু ৷

(খ) এখন ঠাই য’ত বৰষুণৰ পৰিমাণ কম, উষ্ণতা গোটেই বছৰ ধৰি বেছি, সেই —– আৰু ——  ঠাইৰ জলবায়ু ।

উত্তৰঃ শুকান, গৰম।

৪। তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰৰ আভাস দিয়া।

(ক) জম্মু আৰু কাশ্মীৰ ——।

উত্তৰ: ঠাণ্ডা আৰু শুকান।

(খ) কেৰালা —— ।

উত্তৰ: গৰম আৰু সেমেকা ।

(গ) ৰাজস্থান |

উত্তৰঃ শুকান আৰু গৰম ৷

(ঘ) উত্তৰ পূব ভাৰত —— ।

উত্তৰ: সেমেকা।

৫। বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয় ?

উত্তৰ: বতৰ সঘনে সলনি হয়।

৬। তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্যঃ

(ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল ৷

(খ) বগা নোমযুক্ত ছাল।

(গ) প্ৰব্ৰজন হ’ব বিচাৰে।

(ঘ) ডাঙৰ মাত।

(ঙ) ভৰিৰ পতাৰ আঠাজাতীয় আৱৰণ।

(চ) ছালৰ তলত চৰ্বিৰ তৰপ ৷

(ছ) বহল আৰু ডাঙৰ হাতোৰা।

(জ) উজ্জ্বল ৰং।

(ঝ) শক্তিশালী নেজ।

(ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।

প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে সিহঁতৰ অভিযোজন গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নির্ণয় কৰা। তোমালোকে এই বৈশিষ্ট্যবোৰৰ কিছুমান দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব পাৰি বুলি ভাবানে ?

উত্তৰ:

(ক) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে।

(খ) মেৰু অঞ্চলৰ বাবে।

(গ) মেৰু অঞ্চলৰ বাবে।

(ঘ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে ৷

(ঙ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে ৷

 (চ) মেৰু অঞ্চলৰ বাবে।

 (ছ) মেৰু অঞ্চলৰ বাবে।

(জ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে ৷

 (ঝ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে ৷

 (ঞ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে ৷

এই বৈশিষ্ট্যসমূহৰ কোনোটো দুয়োটা অঞ্চলৰ বাবে অভিযোজন হ’ব নোৱাৰে।

৭। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্রাণী পোৱা যায়। কিয় এনে হয় ব্যাখ্যা কৰা।

উত্তৰঃগ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যসমূহ অনুকূল জলবায়ুৰ বাবে বৃহৎসংখ্যক উদ্ভিদ আৰু এই উদ্ভিদসমূহৰ বাবে এই অঞ্চলৰ প্ৰাণীসমূহে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্রহণ কৰাত অভ্যস্ত হয়। এই অনুকূল জলবায়ু আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্রাণী পোৱা যায়।

৮। কিয় আমি নির্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা ৷

উত্তৰ: আমি নির্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অৱস্থাত পাওঁ ৷ কাৰণ প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিবেশৰ লগত খাপ খুৱাই লয়। অতি ঠাণ্ডা আৰু অতি গৰম ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অত্যন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান শাৰীৰিক অভিযোজন কৰে। উদাহৰণ স্বৰূপে, মেৰু অঞ্চলত বাস কৰা বগা ভালুকৰ বিষয়ে আমি আলোচনা কৰিম। আমি জানো যে মেৰু অঞ্চল অতিশয় শীতল। এনে চৰম অৱস্থাত বাস কৰা বগা ভালুকবোৰে নিজকে এনে পৰিবেশৰ লগত খাপ খুৱাই লয়।

বগা ভালুকৰ নোমাল ছালবোৰ বগা, সেয়ে সিহঁতক বগা বৰফৰ পশ্চাদ ভূমিত সহজে দেখা পোৱা নাযায়। ইয়ে সিহঁতক হিংস্র প্রাণীৰ পৰা ৰক্ষা কৰে আৰু সিহঁতক চিকাৰ ধৰাতো সহায় কৰে। অতিশয় শীতৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত ডাঠ দুই তৰপীয়া নোম থাকে । সিহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপো থাকে যাতে শৰীৰৰ পৰা তাপ ওলাই যাব নোৱাৰে। সেইবাবে বগা ভালুক কেৱল মেৰু অঞ্চলতহে পোৱা যায় ।

৯। গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ?

উত্তৰ:ভাৰতীয় বিষুৱীয় গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা সকলোৱে জনা এবিধ প্ৰাণী হ’ল হাতী। একাধিক অভিনৱ উপায়েৰে এইবিধ প্ৰাণীয়ে বৰ্ষাৰণ্য অঞ্চলৰ জলবায়ুৰ লগত নিজকে খাপ খুৱাই লয়। ইহঁতৰ শুঁৰডাললৈ মন কৰিলে আমি দেখা পাওঁ যে ইয়াক ইহঁতে নাকৰ দৰে ব্যৱহাৰ কৰে, যাৰ বাবে ঘ্রাণ শক্তি সবল হয়। শুঁৰডালৰ সহায়ত হাতীয়ে আহাৰ সংগ্ৰহ কৰে। ইহঁতৰ মুখৰ পৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ ৰূপান্তৰিত দাঁত। এইবোৰেৰে হাতীয়ে খাই ভাল পোৱা গছৰ বাকলি এৰুৱাব পাৰে ৷ সেয়েহে হাতীয়ে খাদ্যৰ বাবে হোৱা প্ৰতিযোগিতা সহজে প্রতিহত কৰিব পাৰে। হাতীৰ কাণ দুখন অতিশয় ডাঙৰ হোৱা বাবে ইহঁতে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰজল বায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে ৷

তলত দিয়া প্ৰশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা :-

১০। শৰীৰত আঁচ থকা মাংসহাৰী জন্তু এটাই যেতিয়া খাদ্য চিকাৰ কৰে তেতিয়া বৰখৰকৈ গতি কৰে। ইয়াক পোৱা যায় –

(ক) মেৰুঅঞ্চলত (খ) মৰুভূমিত

(গ) সাগৰত (ঘ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত  

উত্তৰ: (ঘ) গ্রীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত  

১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয় ?

(ক) বগা নোমৰ ছাল, ছালৰ তলৰ চৰ্বি, তীক্ষ্ণ ঘ্রাণশক্তি।

(খ) পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।

(গ) এডাল দীঘল নেজ, তীক্ষ্ণ আঁকোৰা নখ, বগা ডাঙৰ হাতোৰা

(ঘ) বগা শৰীৰ, সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ বাবে ফুল।

উত্তৰঃ (ক) বগা নোমৰ ছাল, ছালৰ তলৰ চৰ্বি, তীক্ষ্ণ ঘ্রাণশক্তি।

১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল ?

(ক) গৰম আৰু আৰ্দ্ৰ।

(খ) মধ্যমীয়া উষ্ণতা, প্ৰচুৰ বৃষ্টিপাত।

(গ) ঠাণ্ডা আৰু আৰ্দ্ৰ৷

(ঘ) গৰম আৰু শুকান।

উত্তৰ: (ক) গৰম আৰু আৰ্দ্ৰ ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top