Niketan Class 5 Social Chapter 18 পৃথিৱীৰ পৰিৱেশ

Niketan Class 5 Social Chapter 18 পৃথিৱীৰ পৰিৱেশ, Sankardev Chapter 18 পৃথিৱীৰ পৰিৱেশ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 18 পৃথিৱীৰ পৰিৱেশ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 18 পৃথিৱীৰ পৰিৱেশ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

পৃথিৱীৰ পৰিৱেশ

Chapter – 18

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশ কেই প্ৰকাৰৰ ? 

উত্তৰঃ আমাৰ চৌপাশে থকা বস্তুবােৰ আৰু বস্তুবােৰে সৃষ্টি কৰা অৱস্থাটোকে পৰিৱেশ বুলি কোৱা হয় । পৰিৱেশ দুই প্রকাৰৰ — 

১। প্রাকৃতিক পৰিৱেশ । আৰু 

২। মানুহে সৃষ্টি কৰা পৰিৱেশ । 

( খ ) প্রাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ তিনিটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ শীতল মলয়া বতাহ , চৰাইৰ কলৰৱ আৰু বতাহ – বৰষুণ — এইবােৰ প্রাকৃতিক পৰিৱেশ । আনহাতে সংগীতৰ মূচ্ছনা , মানুহৰ কোলাহল আৰু কল – কাৰখানাৰ শব্দ— এইবােৰ মানুহে সৃষ্টি কৰা পৰিৱেশ । 

( গ ) বিষৱীয় অঞ্চলত গৰম বেছি কিয় ? 

উত্তৰঃ বিষুবীয় অঞ্চলত সূৰ্যৰ লােহ লম্বভাৱে পৰে। সেয়ে বিষুবীয় অঞ্চলত গৰম বেছি ৷

( ঘ ) কোন অঞ্চলত ছমাহ দিন আৰু ছমাহ ৰাতি হয় ? 

উত্তৰঃ মেৰু অঞ্চলত ছমাহ দিন আৰু ছমাহ ৰাতি হয় ।

( ঙ ) ঈগলু কি ? এস্কিম’সকলে কি খাই জীয়াই থাকে ? 

উত্তৰঃ বৰফেৰে সজা ঘৰক ঈগলু বুলি কয় । এস্কিম’সকলে মাংস খাই জীয়াই থাকে ।

( চ ) মৰুভূমিত বাস কৰা মানুহে সর্বশৰীৰ কাপােৰেৰে ঢাকি লৈহে ফুৰা- চকা কৰে কিয় ? 

উত্তৰঃ ধূলি – বতাহৰ পৰা সকাহ পাবলৈ ।

( ছ ) স্থলমণ্ডল আৰু জলমণ্ডল কিহে আৱৰি আছে ? 

উত্তৰঃ বায়ুমণ্ডলে । 

( জ ) পৃথিৱীৰ কোনটো অঞ্চলত বেছি গৰমাে নাই , ঠাণ্ডাও নাই ? 

উত্তৰঃ কর্কটক্রান্তি আৰু মকৰক্ৰান্তি অঞ্চলত ।

প্রশ্ন ২। অৰণ্য নাইকিয়া হ’লে পৰিৱেশত কি পৰিৱৰ্তন ঘটে । 

উত্তৰঃ অৰণ্য নাইকিয়া হ’লে পৰিৱেশত বহুত পৰিৱর্তন হয় ; প্রকৃততে পৰিৱেশৰ ভীষণ ক্ষতি হয় । অৰণ্যত বিভিন্ন চৰাই – চিৰিকতি , জীৱ – জন্তুবােৰ থাকে । কাঠৰ বাবেই হওক বা খৰিৰ বাবেই হওক মানুহে নিজৰ খেয়াল – খুচিমতে গছ – গছনি কাটি অৰণ্য ধ্বংস কৰিলে চৰাই – চিৰিকতি , জীৱ – জন্তুবােৰৰ খাদ্য , আশ্ৰয় আৰু নিৰাপত্তা নােহােৱা হৈ পৰে । আনহাতে , মানুহৰ বাবেও অৰণ্য ধ্বংস হােৱাটো বিপজ্জনক । এফালে হাবি-বননি অর্থাৎ সেউজৰ আচ্ছাদন ( Green Cover ) নাথাকিলে ৰষুণৰ মাত্রা কমি যায় , আনফালে অক্সিজেনৰ পৰিমাণ কমি গৈ কার্বন – ডাই – অক্সাইডৰ পৰিমাণ বাঢ়ি যায় । 

প্রশ্ন ৩। বিল এখন পুতি পেলালে পৰিৱেশৰ কি পৰিৱৰ্তন ঘটে ? 

উত্তৰঃ বিলত মাছ – পুঠি , কেঁকোৰা , কাছ , শামুক , শেলুৱৈ , কীট – পতঙ্গ আদি থাকে । সেইবাবে বিলত জাকে জাকে চৰাই পৰেহি । চৰাইবােৰে বিলৰ পানী খায় , মাছ – পুঠি আৰু কীট – পতঙ্গবােৰ খায় । আনহাতে বিলৰ ওচৰৰ খেতি – পথাৰত ধান খেতি ভাল হয় । অনবৰতে পখীৰ মাতেৰে মুখৰ হৈ থকা বিলবােৰত এক সুন্দৰ প্রাকৃতিক পৰিৱেশ সদায়ে বিৰাজমান হৈ থাকে । এনেকুৱা বিল এখন পুতি পেলালে মাছ – পুঠিকে ধৰি বিলত বাস কৰা বিভিন্ন প্রাণীবােৰ নাইকিয়া হৈ যাব।জাকে জাকে অহা ৰং – বিৰঙৰ চৰাইবােৰ নহা হ’ব , শুনা নাযাব সিহঁতৰ শুৱলা মাত । বিল এখন পুতি তাৰ ঠাইত ঘৰ বান্ধিলে বা কল – কাৰখানা বহুৱালে শান্ত , সুন্দৰ প্রাকৃতিক পৰিৱেশ এটা চিৰদিনৰ বাবে ধ্বংস হৈ যায় । 

প্রশ্ন ৪। মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত থকা বিৰোধৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত প্ৰায়েই বিৰােধ দেখা যায় । উদাহৰণ হিচাপে আমি বিল এখনৰ কথাকে ক’ব পাৰাে । বিলৰ ওচৰৰ খেতি পথাৰত ধান খেতি ভাল হয় । বিলত মাছ – পুঠি , কাছ , কেঁকোৰা , শামুক , শেলুৱৈ , কীট – পতঙ্গ আদি থাকে । সেইবাবে ৰং – বিৰঙৰ চৰাই জাকে জাকে আহি বিলত পৰেহি । চৰাইৰ মাতেৰে বিলবোৰ মুখৰ হৈ থাকে । চৰাইবােৰে বিলৰ মাছ পুঠি , কীট – পতঙ্গ আদি খায় । এনেকুৱা সুন্দৰ প্রাকৃতিক পৰিৱেশেৰে পূৰ্ণ বিল এখন পুতি মানুহে তাত ডাঙৰ কাৰখানা বহুৱালে সম্পূর্ণ বিপৰীত পৰিৱেশ এটাই গা কৰি উঠে । কাৰখানাৰ পৰা ওলােৱা ধোঁৱাৰ ফলত বায়ু প্ৰদূষণ হয় , ইয়াৰ বিকট শব্দই প্রদূষণ ঘটায় , ইয়াৰ পৰা ওলােৱা বিভিন্ন বিষাক্ত বস্তুৱে খেতি – মাটি নষ্ট কৰে । মানুহৰ মনত আনন্দ দিয়া চৰাইৰ মাতৰ সলনি সেই ঠাই মানুহক অশান্তি দিয়া শব্দৰে ভৰি পৰে । মানুহে সৃষ্টি কৰা পৰিৱেশ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত থকা বিৰােধৰ ই এটা অন্যতম উদাহৰণ । 

প্রশ্ন ৫। প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ প্ৰকৃতিৰ সৈতে মানুহ আৰু আন জীৱ – জন্তুবােৰৰ জীৱনত ওতঃপ্রােতঃ সম্পর্ক আছে । সেয়েহে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো অতি প্রয়ােজন । প্রকৃতিত থকা পৰিৱেশৰ উপাদান আৰু মানুহে সৃষ্টি কৰা পৰিৱেশৰ উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে প্রাকৃতিক ভাৰসাম্য ( Ecological Balance ) ৰক্ষা কৰা । প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে , প্রাকৃতিক উপাদানবােৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহ যথেষ্ট সচেতন হ’ব লাগিব । গছ – গছনি বা পাহাৰ কটাৰ ফলত বা জলাশয় পুতি পেলােৱাৰ বাবে প্রাকৃতিক পৰিৱেশৰ যি ক্ষতিসাধন হয় , তাক পূৰাবৰ বাবে উপযুক্ত ব্যৱস্থা হাতত ল’ব লাগিব।উদাহৰণ হিচাপে — গছ – গছনি বা হাবি-বননি কটাৰ ফলত হােৱা ক্ষতি পূৰাবলৈ নতুনকৈ গছ ৰুব লাগিব , হাবি-বননি সংৰক্ষণ কৰিব লাগিব । জলাশয়বােৰ জধে – মধে পােতা বন্ধ কৰিব লাগিব আৰু সেইবােৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এনেকুৱা কাম কৰিলেহে প্রাকৃতিক ভাৰসাম্য ৰক্ষা হ’ব আৰু মানুহৰ লগতে আন জীৱ – জন্তুৱে নিৰাপদে জীৱন – নির্বাহ কৰিব পাৰিব ।

প্রশ্ন ৬। খালী ঠাই পূৰণ কৰা – 

( ক ) স্থলমণ্ডল , জলমণ্ডল আৰু বায়ুমণ্ডলত থকা জীৱবােৰক লৈয়েই পৃথিৱীৰ ……………..।

উত্তৰঃ স্থলমণ্ডল , জলমণ্ডল আৰু বায়ুমণ্ডলত থকা জীৱবােৰক লৈয়েই পৃথিৱীৰ জীৱমণ্ডল । 

( খ ) জীৱৰ চৌপাশে থকা অৱস্থাটোৱেই ………………। 

উত্তৰঃ জীৱৰ চৌপাশে থকা অৱস্থাটোৱেই পৰিৱেশ । 

প্রশ্ন ৭। অৰণ্যৰ ধ্বংস ৰােধ কৰিবলৈ আমি কি কৰিব লাগে ? 

উত্তৰঃ অৰণ্যৰ ধ্বংস ৰােধ কৰিবলৈ হ’লে অৰণ্য সংৰক্ষণ কৰিব লাগিব । জধে – মধে গছ – গছনি কটাটো বন্ধ কৰিব লাগিব । গছপুলি ৰুব লাগিব । অৰণ্য সম্পর্কর্ত মানুহৰ সচেতনতা বৃদ্ধি কৰিব লাগিব । গছ – গছনি বা অৰণ্যৰ লগত মানুহ তথা আন জীৱ – জন্তুৰ জীৱনৰ কি সম্পর্ক , পৰিৱেশৰ ওপৰত অৰণ্যৰ প্ৰভাৱ কি , অৰণ্য নােহােৱা হ’লে জীৱবােৰৰ জীৱনলৈ কি বিপদ আহিব আদি কথাবোৰ মানুহক ভালদৰে বুজাই অৰণ্যৰ প্রতি মানুহক দায়বদ্ধ কৰি তুলিব লাগিব । এনেবােৰ কামৰ জৰিয়তে অৰণ্যৰ ধ্বংস ৰােধ কৰিব পৰা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top