Niketan Class 5 Social Chapter 10 হাট – বজাৰ

Niketan Class 5 Social Chapter 10 হাট – বজাৰ, Sankardev Sishu Niketan Chapter 10 হাট – বজাৰ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 10 হাট – বজাৰ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 10 হাট – বজাৰ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

হাট – বজাৰ

Chapter – 10

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া – 

( ক ) বজাৰ ব্যৱস্থাত উৎপাদন আৰু উপভােক্তা বুলিলে কি বুজা ? 

উত্তৰঃ বজাৰ ব্যৱস্থাত যিয়ে ধনৰ বিনিময়ত বস্তু উপভােগ কৰে তেওঁক উপভােক্তা বা গ্রাহক আৰু বস্তু বেচোতাজনক বিক্রেতা বা উৎপাদক বুলি জনা যায় । 

( খ ) ‘ হাট ’ আৰু বজাৰৰ মাজত পার্থক্য কি ? 

উত্তৰঃ বস্তু বেচা – কিনা কৰা বহু দোকান একেলগে স্থায়ীভাৱে থকা ঠাইক ‘ বজাৰ ‘ বােলে । আনহাতে , নির্ধাৰিত দিন বা বাৰত বস্তু বেচা- কিনাৰ বাবে য’ত বহু মানুহৰ সমাগম হয় তাক ‘ হাট ’ বােলে । 

( গ ) খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পার্থক্য কি ? 

উত্তৰঃ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পার্থক্য হৈছে— 

( ১ ) পাইকাৰী বজাৰত ব্যৱসায়ীসকলে বেছি মূলধন খটুৱাব লাগে , কিন্তু খুচুৰা ব্যৱসায়ীসকলে কম মূলধনেৰে ব্যৱসায় কৰে ।

( ২ ) পাইকাৰী ব্যৱসায়ীয়ে বস্তু বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীৰ ওচৰত , খুচুৰা ব্যৱসায়ীয়ে বস্তু বিক্ৰী কৰে সাধাৰণ গ্রাহকৰ ওচৰত । 

( ৩ ) পাইকাৰী ব্যৱসায়ীয়ে উৎপাদকৰ পৰা পােনে পােনে বস্তু সংগ্রহ কৰে , কিন্তু খুচুৰা ব্যৱসায়ীয়ে বস্তু সংগ্রহ কৰে পাইকাৰী ব্যৱসায়ীৰ পৰা ।

( ঘ ) শীতল ভঁৰাল খেতিয়কসকলৰ কি কামত আহে ?

উত্তৰঃ খেতিয়কসকলে উৎপাদন কৰা শাক – পাচলি , ফল – মূল আদি বস্তুবােৰ বেছি দিন ৰাখিলে নষ্ট হৈ যায় । ফলত তেওঁলােকে এনেকুৱা বস্তুবােৰ কেতিয়াবা কম দামত বিক্ৰী কৰিবলৈ বাধ্য হয় । শীতল ভঁৰালত কিন্তু এনেকুৱা বস্তুবােৰ বহুদিনলৈ ভালে থাকে । গতিকে খেতিয়কসকলে সােনকালে নষ্ট হােৱা বস্তুবােৰ কম দামতে বিক্রী নকৰি শীতল ভঁৰালত জমা কৰি ৰাখিলে ভৱিষ্যতে উচিত মূল্যত বিক্ৰী কৰাৰ সুবিধা পায় ।

( ঙ ) হাট – বজাৰৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ হাট – বজাৰৰ মল উদ্দেশ্য হল— উৎপাদকসকলে সঠিক মূল্য পাব লাগে । আৰু গ্ৰাহকসকলেও উচিত মূল্যত সামগ্রী কিনিবলৈ পাব লাগে ।

( চ ) বিনিময় প্রথা কি ? 

উত্তৰঃ বস্তুৰ সলনি বস্তু দিয়া – লােৱা প্ৰথাটোক বিনিময় প্রথা বােলে । এই প্রথাত মুদ্ৰাৰ ব্যৱহাৰ নহয় ।

( ছ ) খেতিয়কসকলে শাক – পাচলি আৰু ফলমূল বেছি দিনলৈ ৰাখি থ’ব নােৱাৰে কিয় ? 

উত্তৰঃ শাক – পাচলি , ফল – মূল আদি সােনকালে নষ্ট হৈ যােৱা বস্তু । সেইবাবেই খেতিয়কসকলে এনেকুৱা বস্তুবােৰ বেছি দিনলৈ ৰাখি থ’ব নােৱাৰে। 

( জ ) হাটখােলা কাক বােলে ? 

উত্তৰঃ হাট বহা ঠাই টুকুৰাক হাটখােলা বােলে ।

( ঝ ) বেপাৰী আৰু গ্ৰাহকৰ মাজত পার্থক্য কি ? 

উত্তৰঃ বেপাৰীয়ে বজাৰত বস্তু বিক্ৰী কৰে আৰু গ্ৰাহকে বস্তু ক্রয় কৰে । গতিকে বেপাৰী আৰু গ্ৰাহকৰ মাজত পার্থক্য হৈছে — এজন বিক্রেতা আৰু আনজন ক্রেতা । 

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা –

( ক ) হাট হ’ল এক প্ৰকাৰৰ ………………বজাৰ । 

উত্তৰঃ হাট হ’ল এক প্রকাৰৰ অস্থায়ী বজাৰ ।

( খ ) বজাৰ হ’ল বেচা – কিনাৰ ……………..কেন্দ্র । 

উত্তৰঃ বজাৰ হ’ল বেচা – কিনাৰ স্থায়ী কেন্দ্র ।

( গ ) বেচোঁতাসকলে হাটখােলা সমিতিক বা বজাৰ সমিতিক……………..আদায় দিব লাগে । 

উত্তৰঃ বেচোঁতাসকলে হাটখােলা সমিতিক বা বজাৰ সমিতিক কৰ আদায় দিব লাগে ।

( ঘ ) হাট বহা বাৰটো …………….।

উত্তৰঃ হাট বহা বাৰটো নির্দিষ্ট । 

( ঙ ) ……………. ব্যৱসায়ীসকলে উৎপাদকসকলৰ পৰা সৰহীয়াকৈ বস্তু কিনি লয় আৰু সেই বস্তুবােৰ ………………….ৰাখে । 

উত্তৰঃ পাইকাৰী ব্যৱসায়ীসকলে উৎপাদকসকলৰ পৰা সৰহীয়াকৈ বস্তু কিনি লয় আৰু সেই বস্তুবােৰ গুদামত জমা কৰি ৰাখে ।

প্রশ্ন ৩। পষেকীয়া হাট , সাপ্তাহিক হাট আৰু অর্ধ – সাপ্তাহিক হাট কাক বোলে ? 

উত্তৰঃ পষেকত এদিন বহা হাটক পষেকীয়া হাট , সপ্তাহত এদিন বহা হাটক সাপ্তাহিক হাট আৰু দুদিনত বহা হাটক অর্ধসাপ্তাহিক হাট বােলে । 

প্রশ্ন ৪। শ্বপিং মল সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ শপিং মল হ’ল ডাঙৰ ব্যৱসায়ীয়ে দিয়া বৃহৎ দোকান । আজি-কালি ডাঙৰ ডাঙৰ চহৰবােৰত এনেকুৱা শ্বপিং মলবােৰ গঢ়ি উঠিছে । এই শ্বপিং মলবােৰত অত্যাধুনিক সা – সুবিধা থাকে আৰু একেখন দোকানতে লাগতীয়াল বস্তু , বিলাসী সামগ্ৰী আদি কিনিবলৈ পােৱা যায় । শ্বপিং মলবােৰত বস্তুৰ দৰ – দাম খেলােৱাৰ সুবিধা নাথাকে । ইয়াৰ সকলাে বস্তুৰে নির্দিষ্ট মূল্য নির্ধাৰণ কৰা থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top