Niketan Class 5 Assamese Chapter 7 অহংকাৰ

Niketan Class 5 Assamese Chapter 7 অহংকাৰ Sankardev Sishu Niketan Chapter 7 অহংকাৰ Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class V Assamese Chapter 7 অহংকাৰ

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 7 অহংকাৰ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

অহংকাৰ

Chapter – 7

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। খৰালি দিনত ধূলিকণাবােৰ বতাহত উৰি উৰি ক’ত ক’ত পৰে ? 

উত্তৰঃ খৰালি দিনত ধূলিকণাবােৰ বতাহত উৰি উৰি ফুলৰ পাহি , গছ – লতা , তৃণ , ঘৰ – বাৰী আদিত পৰাৰ উপৰি ৰজা – মহাৰজা , সাধু – মহন্তৰে মূৰত পৰে । 

প্রশ্ন ২। ধূলি কণিকাৰ চিন – চাব কেতিয়া মাৰ যায় ? 

উত্তৰঃ বৰষুণ পৰিলে । 

প্রশ্ন ৩। “ সৰু-বৰ কাকো          নামানে সমূলি 

                            নকৰে একোকে ভয় । 

             ৰজা-মহাৰজা            সাধুমহন্তৰাে 

                            শিৰৰ ভূষণ হয় । ” 

— ইয়াত সৰু-বৰ কাকো নমনা , একোকে ভয় নকৰা বুলি কাৰ কথা কোৱা হৈছে ? ‘ শিৰৰ ভূষণ হয় ’ বুলি কি বুজোৱা হৈছে ? 

উত্তৰঃ বতাহত উৰা ধূলিকণাৰ কথা কোৱা হৈছে । শিৰৰ ভূষণ ’ — মানে হৈছে – মূৰৰ অলংকাৰ । ৰজা – মহাৰজাসকলে অলংকাৰ হিচাবে মূৰত মুকুট পিন্ধে , সাধু মহন্তসকলে পাগুৰি মাৰে । কিন্তু খৰালিকালত বতাহত উৰি অহা ধূলিকণা ৰজা মহাৰজা , সাধু – মহন্তৰ মূৰত পৰি সেই ধূলিকণাবােৰেই তেওঁলােকৰ শিৰৰ ভূষণ হৈ পৰে। 

প্রশ্ন ৪। তলৰ শব্দবােৰৰ বহুবচন ৰূপ লিখা – 

ধূলিকণা , পাহি , ধূলি , সাধু-মহন্ত , গছ – লতা , সি , তেওঁ , আপুনি 

উত্তৰঃ

একবচনবহুবচন
ধূলিকণাধূলিকণাবােৰ
পাহিপাহিবােৰ
ধূলিধূলিবােৰ
সাধু-মহন্তসাধু – মহন্তসকল
গছ – লতাগছ – লতাবােৰ
সিসিহঁত
তেওঁতেওঁলােক
আপুনিআপােনালােক

প্রশ্ন ৫। তলৰ শব্দবােৰ প্ৰয়ােগ কৰি খালী ঠাই পূৰ কৰা –

( তৰু – তৃণ , ঘৰ-বাৰী , চিন – চাব , অতি ক্ষুদ্র , বতাহত উৰে , নিকা, তেনিয়েই ধূলিময় ) 

( ক ) ধূলিকণাবােৰ ……….  ………….. চকুৰে মনিব নােৱাৰি । 

উত্তৰঃ ধূলিকণাবােৰ অতি ক্ষুদ্র , চকুৰে মনিব নােৱাৰি । 

( খ ) ধূলিকণাবােৰ দশােদিশ জুৰি ………… ……………।

উত্তৰঃ ধূলিকণাবােৰ দশােদিশ জুৰি বতাহত উৰে। 

( গ ) খৰালি দিনত যেনিয়েই চোৱা ………….. …………….।

উত্তৰঃ খৰালি দিনত যেনিয়েই চোৱা তেনিয়েহ ধূলিময় । 

( ঘ ) খৰালি দিনত ……………. …………….. ধূলিৰে উপচি পৰে । 

উত্তৰঃ খৰালি দিনত তৰু – তৃণ , ঘৰ – বাৰী ধূলিৰে উপচি পৰে । 

( ঙ ) বৰষুণ পৰিলে ধূলিৰ ……………. নাইকিয়া হয় ।

উত্তৰঃ বৰষুণ পৰিলে ধূলিৰ চিন – চাব নাইকিয়া হয় । 

( চ ) বৰষুণ পৰিলে গছ-লতা ………………..হয় । 

উত্তৰঃ বৰষুণ পৰিলে গছ – লতা নিকা হয় । 

প্রশ্ন ৬। তলত দিয়া শব্দবােৰৰ অর্থ লিখা –

গপ , ওফনা , ভূষণ , বিৰিখ , নিকা , খৰালি 

উত্তৰঃ 

শব্দঅর্থ
গপভেম
ওফনাফুলি উঠা 
ভূষণ অলংকাৰ 
বিৰিখবৃক্ষ , ডাঙৰ গছ
নিকাচাফা
খৰালিখৰাং

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top