Niketan Class 5 Assamese Chapter 22 ৰজা পুৰুৰ আত্মাভিমান

Niketan Class 5 Assamese Chapter 22 ৰজা পুৰুৰ আত্মাভিমান Sankardev Sishu Niketan Chapter 22 ৰজা পুৰুৰ আত্মাভিমান Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 22 ৰজা পুৰুৰ আত্মাভিমান

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 22 ৰজা পুৰুৰ আত্মাভিমান gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ৰজা পুৰুৰ আত্মাভিমান

Chapter – 22

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) আলেকজেণ্ডাৰ ক’ৰ ৰজা আছিল ? 

উত্তৰঃ গ্ৰীচ দেশৰ মেচিদনিয়া ৰাজ্যৰ । 

( খ ) ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰে ডেৰমাহে কিয় অপেক্ষা কৰিছিল ? 

উত্তৰঃ ৰজা পুৰুৰ বিশাল সৈন্যবাহিনীয়ে আলেকজেণ্ডাৰক ভেটিবলৈ ঝিলাম নৈৰ এইটো পাৰত ছাউনী পাতিছিল । ৰজা পুৰৰ সমৰসজ্জা দেখি আলেকজেণ্ডাৰে থমকি ৰৈছিল আৰু সুযোগ বিচাৰি প্ৰায় ডেৰমাহকাল ঝিলাম নদীৰ আনটো পাৰত অপেক্ষা কৰিছিল । 

( গ ) যুদ্ধত পুৰুৰ সৈন্যদল কিয় পৰাজিত হল ? 

উত্তৰঃ পুৰুৰ সৈন্যদল সমৰ সজ্জাত পাৰ্গত নাছিল । তেওঁলােকে যুদ্ধত ব্যৱহাৰ কৰা অস্ত্র – শস্ত্ৰবােৰাে উন্নত নাছিল । ফলত উন্নত অস্ত্র – শস্ত্র ব্যৱহাৰ কৰা সুনিপুণ গ্রীক সৈন্যৰ ওচৰত তেওঁলােক পৰাজিত হৈছিল । 

( ঘ ) আলেকজেণ্ডাৰে পুৰুৰ সৈতে বন্ধুত্ব কৰিলে কিয় ?

উত্তৰঃ ‘ বীৰেহে বীৰৰ মােল বুজে ’ বুলি এষাৰ কথা আছে । বন্দী অৱস্থাতাে এজন ৰজাৰ আত্মমর্যাদাৰে পুৰুৱে আলেকজেণ্ডাৰৰ প্ৰশ্নৰ যি উত্তৰ দিছিল , তাত আলেকজেণ্ডাৰ অভিভূত হৈছিল । নিজে এজন বীৰ হিচাপে পুৰুৰ সাহস , ধৈর্য আৰু দেশপ্রেমে আলেকজেণ্ডাৰক আনন্দিত কৰিছিল । সেয়েহে , আলেকজেণ্ডাৰে নিজ হাতে পুৰুৰ হাতৰ শিকলি খুলি দি তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল । 

( ঙ ) আলেকজেণ্ডাৰে পুৰুক কি সুধিছিল ? 

উত্তৰঃ আলেকজেণ্ডাৰে পুৰুক সুধিছিল যে — পুৰুৱে তেওঁৰ পৰা কেনে ব্যৱহাৰ পাবলৈ বিচাৰে । 

( চ ) গ্রীক সেনাৰ সমুখত তিষ্ঠিব নােৱাৰি পুৰুৰ সৈন্যদল ছেদেলি – ভেদেলি হােৱাৰ পাছত ৰজা পুৰুৱে কি কৰিছিল ? 

উত্তৰঃ নিজৰ সৈন্যদল ছেদেলি – ভেদেলি হােৱাৰ পাছত পুৰুৱে পৰম বিক্ৰমেৰে গ্রীক সৈন্যৰ লগত যুদ্ধ কৰিছিল । কিন্তু যুদ্ধ কৰি থাকোঁতেই মুছকছ গৈ হাতীৰ পিঠিৰ পৰা মাটিত বাগৰি পৰাত গ্রীক সেনাই তেওঁক বন্দী কৰিছিল । 

( ছ ) আলেকজেণ্ডাৰ কাৰ শিষ্য আছিল ? 

উত্তৰঃ গ্রীক দার্শনিক এৰিষ্টটলৰ শিষ্য আছিল । 

( জ ) আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত সৰু সৰু ৰাজ্যবােৰৰ অৱস্থা কেনে আছিল ? 

উত্তৰঃ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত সৰু সৰু ৰাজ্যৰ ৰজাসকলৰ মাজত মিলা-প্রীতি কম আছিল ; হিংসা – হিংসী , খিয়লা – খিয়লি বেছি আছিল । প্ৰায়বােৰ ৰাজ্যই আছিল অতি দুর্বল । 

( ঝ ) আলেকজেণ্ডাৰৰ সৈন্যদল কোন দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ উত্তৰ – পশ্চিম দিশেৰে আলেকজেণ্ডাৰৰ সৈন্যদল ভাৰতত প্রবেশ কৰিছিল । 

প্রশ্ন ২। ৰজা পুৰুৰ বিষয়ে তিনিটা বাক্য লিখা । 

উত্তৰঃ পুৰু ঝিলাম আৰু চেনাৰ নৈৰ মাজত অৱস্থিত এখন সৰু ৰাজ্যৰ ৰজা আছিল । 

তেওঁ এজন অতি সাহসী , ধৈর্যশীল , দেশপ্রেমিক আৰু আত্মমর্যাদাসম্পন্ন ৰজা আছিল ।

বন্দী হােৱাৰ পাছতাে পুৰুৱে আলেকজেণ্ডাৰৰ সমুখত আত্মমর্যাদা , সাহস , ধৈর্য আৰু দেশপ্রেমৰ যি চানেকি দাঙি ধৰিছিল , তাতে অভিভূত হৈ আলেকজেণ্ডাৰে তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল । 

প্রশ্ন ৩। আলেকজেণ্ডাৰ আৰু পুৰুৰ কাহিনীটো নিজৰ ভাষাত চমুকৈ লিখা । 

উত্তৰঃ মেচিদনিয়াৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত পুৰুৱে ঝিলাম আৰু চেনাৱ নৈৰ মাজৰ এখন সৰু ৰাজ্যত ৰাজত্ব কৰিছিল । ভাৰতৰ বহুতাে সৰু সৰু ৰাজ্যৰ ৰজাই ইতিমধ্যে বিনাযুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল । কিন্তু আত্মমর্যাদাবােধ সম্পন্ন , সাহসী আৰু দেশপ্রেমিক পুৰুৱে বিনাযুদ্ধে আলেকজেণ্ডাৰক বাট এৰি দিবলৈ ৰাজী নাছিল । আলেকজেণ্ডাৰক ভেটিবলৈ পুৰুৱে তেওঁৰ বিশাল সেনাবাহিনীৰে ঝিলাম নৈৰ পাৰত সমৰসজ্জা গঢ়ি তুলিছিল । 

পুৰুৰ সমৰসজ্জা দেখি মহাবীৰ আলেকজেণ্ডাৰে চিন্তিত হৈ পৰিছিল আৰু প্ৰায় ডেৰমাহ কাল ঝিলাম নৈৰ পাৰত সুযােগৰ সন্ধানত অপেক্ষা কৰিবলগীয়া হৈছিল । অৱশেষত দুয়ােপক্ষৰ মাজত তয়া – ময়া যুদ্ধ হয়।যুদ্ধত পুৰুৰ সেনাদল গ্রীক সেনাৰ ওচৰত বেয়াকৈ পৰাজিত হয় আৰু পুৰুক সিহঁতে বন্দী কৰে । কিন্তু বন্দী অৱস্থাত পুৰুৱে আলেকজেণ্ডাৰৰ সমুখত আত্মমর্যাদা , সাহস , ধৈর্য আৰু দেশপ্ৰেমৰ যি নিদর্শন দাঙি ধৰিছিল , তাতে অভিভূত হৈ আলেকজেণ্ডাৰে পুৰুক মুকলি কৰি দি তেওঁৰ সৈতে মিত্ৰতা স্থাপন কৰে । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

          হিংসা – হিংসি , ছেদেলি – ভেদেলি , হেলাৰঙে , সষ্টম , বিতত , বুকু ফিন্দাই বিদ্যোৎসাহী , সুনিপুণ , মিলাপ্রীতি  

উত্তৰঃ হিংসা – হিংসি :-  পৰস্পৰৰ মাজত থকা হিংসা – হিংসিৰ ফলত ভাৰতৰ সৰু সৰু ৰাজ্যৰ ৰজাসকল দুর্বল হৈ পৰিছিল । 

ছেদেলি – ভেদেলি :- গ্রীক সেনাৰ ওচৰত পুৰুৰ সৈন্যদল ছেদেলি – ভেদেলি হৈ গৈছিল । 

হেলাৰঙে :- আলেকজেণ্ডাৰে সমগ্ৰ ভাৰতবৰ্ষ হেলাৰঙে জয় কৰিব পৰা যাব বুলি ভাবিছিল । 

সষ্টম :- আগতীয়াকৈ সষ্টম নহ’লে যুদ্ধত শত্রুক ভেটা বৰ টান । 

বিতত :- দুর্বল মনৰ মানুহে সাধাৰণ বিপদতে ভয়ত বিতত হৈ পৰে । 

বুকু ফিন্দাই :- পুৰুৱে বুকু ফিন্দাই আলেকজেণ্ডাৰ প্ৰশ্নৰ উত্তৰ দিছিল । 

বিদ্যোৎসাহী :- ভাস্কৰবৰ্মন এগৰাকী বিদ্যোৎসাহী ৰজা আছিল । 

সুনিপুণ :- সুনিপুণ অসমীয়া সৈন্যৰ হাতত মােগল সৈন্যদল সােতৰবাৰ পৰাজিত হৈছিল । 

মিলাপ্রীতি :- অকণ আৰু অৰুণৰ মিলাপ্ৰীতি দেখি সকলােৱে তবধ মানে। 

প্রশ্ন ৫। বিপৰীত অর্থ বুজোৱা শব্দ লিখা –

           সাহসী , বন্ধুত্ব , মিলাপ্রীতি , একগােট 

উত্তৰঃ সাহসী         –       ভয়াতুৰ

         বন্ধুত্ব          –       শত্ৰুতা

         মিলাপ্রীতি    –       হিংসা – হিংসি 

         একগােট      –       বিভাজিত 

প্রশ্ন ৬। তলত দিয়া বিশেষণ পদবােৰ বিশেষ্য পদলৈ নিয়া –

           নতুন , বিশাল , উদাৰ , দুর্বল , পাৰ্গত 

উত্তৰঃ নতুন      –       নতুনত্ব 

         বিশাল     –       বিশালতা 

         উদাৰ      –       উদাৰতা 

         দুর্বল       –       দুর্বলতা

         পাৰ্গত      –      পাৰ্গতালি

প্রশ্ন ৭। সমার্থক শব্দ কাক বােলে ? এটা উদাহৰণ দিয়া । 

উত্তৰঃ একে অর্থৰ শব্দবােৰক সমার্থক শব্দ বােলে । যেনেঃ ৰণুৱা – যােদ্ধা ।

প্রশ্ন ৮। তলত বাওঁহাতে থকা শব্দবােৰৰ সমার্থক শব্দ সোহাতে খেলিমেলিকৈ দিয়া আছে । সেইবােৰ মিলাই লিখা— 

মূছকঁছভয়ংকৰ
থৈয়া-নথৈয়াসাহসেৰে
বিদ্যোৎসাহীঅচেতন
বুকুফিন্দাইবিশৃংখল
সনা – পিঠাশিক্ষানুৰাগী
ছেদেলি – ভেদেলিনলে-গলে লগা

উত্তৰঃ 

মূছকঁছঅচেতন
থৈয়া-নথৈয়াভয়ংকৰ
বিদ্যোৎসাহীশিক্ষানুৰাগী
বুকুফিন্দাইসাহসেৰে
সনা – পিঠানলে-গলে লগা
ছেদেলি – ভেদেলিবিশৃংখল

প্রশ্ন ৯। গ্ৰীচ দেশখন কোন মহাদেশৰ অন্তৰ্গত ? 

উত্তৰঃ ইউৰােপ মহাদেশৰ অন্তৰ্গত । 

প্রশ্ন ১০। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত ভাৰতত থকা এটি উচ্চ শিক্ষা অনুষ্ঠানৰ নাম লিখা । 

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয় । 

প্রশ্ন ১১। চাণক্য কোন ? 

উত্তৰঃ চাণক্য মগধৰ শাসনকালৰ এগৰাকী প্রসিদ্ধ অর্থনীতিবিদ , ৰাজনীতিবিদ , সমাজবিদ আৰু কূটনীতিবিদ।‘কৌটিল্যৰ অর্থশাস্ত্র ’ নামৰ মহামূল্যবান গ্ৰন্থখন তেৱেঁই লিখিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top