Niketan Class 5 Assamese Chapter 10 এজাক চৰাইৰ জ্ঞান লাভ

Niketan Class 5 Assamese Chapter 10 এজাক চৰাইৰ জ্ঞান লাভ Sankardev Sishu Niketan Chapter 10 এজাক চৰাইৰ জ্ঞান লাভ Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 10 এজাক চৰাইৰ জ্ঞান লাভ

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 10 এজাক চৰাইৰ জ্ঞান লাভ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

এজাক চৰাইৰ জ্ঞান লাভ

Chapter – 10

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ( ক ) সাধুজনৰ নাম বুদ্ধিদ্রষ্টা কিয় হৈছিল ? তেওঁৰ উদ্দেশ্য কি আছিল ? 

উত্তৰঃ নিজৰ বুদ্ধিৰে আগপাছ ভাবিব পৰা গুণৰ অধিকাৰী হােৱা বাবেই সাধু গৰাকীয়ে বুদ্ধিদ্রষ্টা নাম পাইছিল । তেওঁৰ উদ্দেশ্য আছিল জীৱৰ কল্যাণৰ উপায় বিচাৰি উলিওৱা । 

( খ ) বুদ্ধিদ্রষ্টাই ক’ত তপস্যা কৰিছিল ? 

উত্তৰঃ হিমালয় পর্বতত তপস্যা কৰিছিল । 

প্রশ্ন ২। ( ক ) চিকাৰীজনে হাতত কি লৈ হাবিলৈ গৈছিল ? 

উত্তৰঃ চিকাৰীজনে এখন হাতত বুটমাহৰ টোপােলা এটা আৰু আনখন হাতত এখন জাল লৈ হাবিলৈ গৈছিল । 

( খ ) চৰাই ধৰিব নােৱাৰি চিকাৰীজনৰ অৱস্থা কেনে হৈছিল ? 

উত্তৰঃ প্ৰথম দিনা চৰাই ধৰিব নােৱাৰি চিকাৰীজনে সন্ধিয়ালৈ ভােকে – পিয়াহে আতুৰ হৈ ঘৰলৈ উভতিছিল । দ্বিতীয় দিনাও চৰাই ধৰিব নােৱাৰাত চিকাৰীজন চিন্তিত হৈ পৰিছিল । কাৰণ চৰাই ধৰি বিক্ৰী কৰাটোৱে আছিল তাৰ জীৱিকা । গতিকে সেইদিনাও চৰাই ধৰিব নােৱাৰাত চিকাৰীজনৰ ঘৰত চৰুৰ তললৈ জুই নােযােৱা অৱস্থা হৈছিল। 

প্রশ্ন ৩। ( ক ) বুদ্ধিদ্রষ্টাই চৰাইবােৰক কি কথা শিকাইছিল ? 

উত্তৰঃ বুদ্ধিদ্রষ্টাই চৰাইবােৰক চিকাৰীজনে চতিয়াই দিয়া বুটমাহবােৰ নাখাবৰ বাবে শিকনি দিছিল । তেওঁ চৰাইবােৰক বুজাইছিল যে লােভত পৰি বুটমাহ খাবলৈ গ’লে সিহঁত জালত পৰিব । গতিকে সিহঁতে জালত ভৰি দি বন্দী হ’ব নালাগে । কাৰণ বন্দী জীৱন বৰ কষ্টকৰ ।

( খ ) চিকাৰীজনে জাল মেলি দিয়াৰ পাছত চৰাইবােৰে কি কৈছিল ?

উত্তৰঃ চিকাৰীজনে জাল মেৰি দিয়াৰ পাছত চৰাইবােৰে বুদ্ধিদ্রষ্টাই বুজাই দিয়া কথাখিনিকে চিঞৰি চিঞৰি ইটোৱে – সিটোক কৈছিল— “ শুনা , এজন চিকাৰী আহিছে । সি তােমালােকৰ সমুখত বুটমাহ চতিয়াই দিব ; কিন্তু বুটমাহ খাবলৈ গ’লেই তােমালােকে জালত পৰিবা । তােমালােকে জালত ভৰি নিদিবা , বন্দী নহ’বা । বন্দী জীৱন বৰ কষ্টকৰ । বুজিছানে ? 

প্রশ্ন ৪। বুদ্ধিদ্রষ্টাই সকলাে কথা বুজাই দিয়াৰ পাছতাে চৰাইবােৰে কিয় জালত পৰিল ? 

উত্তৰঃ বুদ্ধিদ্রষ্টাই বুজোৱা কথাখিনি চৰাইবােৰে মনােযােগ দি শুনা নাছিল । সিহঁতে এনেয়ে বুজি পােৱা বুলি কৈছিল । মনােযােগ নিদিয়াকৈ, একো বুজি নােপােৱাকৈ চৰাইবােৰ বুদ্ধিদ্ৰষ্টাৰ কোৱা কথাখিনি মুখস্থ কৰি মাথোঁ আওৰাইছিল । ফলত সিহঁত জালত পৰিবলগা হৈছিল । 

প্রশ্ন ৫। চৰাইবােৰে জালত পৰা সত্ত্বেও বুদ্ধিদ্রষ্টা কিয় আচৰিত হােৱা নাছিল ? 

উত্তৰঃ বুদ্ধিদ্রষ্টাই জানিছিল যে কিবা কথা শিকালে বা বুজালে যিয়ে মনােযােগ নিদিয়াকৈ কথাখিনি শুনে আৰু একো নুবুজাকৈ আওৰাই , সি সেই শিক্ষাৰ একো ফল নাপায় । চৰাইবােৰৰ ক্ষেত্ৰত তেনেকুৱাই হৈছিল।সিহঁতে বুদ্ধিদ্রষ্টাই বুজাই দিয়া কথাখিনি মনােযােগ নিদিয়াকৈ মুখস্থ কৰি মাৰ্থে আওৰাইছিল । সেয়েহে , চৰাইবােৰ জালত পৰা সত্ত্বেও বুদ্ধিদ্রষ্টা আচৰিত হােৱা নাছিল । 

প্রশ্ন ৬। বুদ্ধিদ্রষ্টাই দৈত্যকায় মানুহজনক কেনেকৈ চিকাৰী বুলি চিনি পাইছিল ? 

উত্তৰঃ দৈত্যকায় মানুহজনৰ হাতত বুটমাহৰ টোপােলা আৰু জাল দেখা পাই বুদ্ধিদ্রষ্টাই মানুহজনক চিকাৰী বুলি বুজি পাইছিল । 

প্রশ্ন ৭। হাবিৰ মাজৰ লুংলুঙীয়া বাটটোত বুদ্ধিদ্রষ্টাই কাক লগ পাইছিল ? 

উত্তৰঃ চিকাৰীজনক লগ পাইছিল । 

প্রশ্ন ৮। উক্ত পাঠটিৰ পৰা তুমি কি শিকিলা চমুকৈ লিখা । 

উত্তৰঃ পাঠটিৰ পৰা এইটো শিক্ষা লাভ কৰা যায় যে যেতিয়া আমাক কিবা কথা শিকোৱা বা বুজোৱা হয় , সেই কথাখিনি আমি মনােযােগেৰে শুনি তাৰ অৰ্থ ভালদৰে বুজি লােৱা উচিত । তাকে নকৰি শুনা কথাখিনি এনেয়ে আওৰাই থাকিলে তাৰপৰা আমাৰ একো উপকাৰ নহয়।পাঠটিত কাহিনীমতে বুদ্ধিদ্রষ্টাই চৰাইবােৰৰ ভালৰ বাবে সিহঁতক বুজোৱা কথাখিনি সিহঁতে মনােযােগ দি শুনা নাছিল আৰু নুবুজাকৈ মাথোঁ আওৰাইছিল । ফলত সিহঁত বিপদত পৰিছিল । চৰাইবােৰৰ দৰে কাম কৰিলে মানুহেও একেই ফল পাব । 

প্রশ্ন ৯। বাক্য ৰচনা কৰা – 

          লুংলুঙীয়া , সন্তুষ্ট , কষ্টকৰ , ৰং মনেৰে 

উত্তৰঃ লুংলুঙীয়া :- বুদ্ধিদ্রষ্টাই হাবিৰ মাজৰ লুংলুঙীয়া বাট এটিৰে গৈ আছিল । 

সন্তুষ্ট :- লােভী মানুহক সহজে সন্তুষ্ট কৰিব নােৱাৰি । 

কষ্টকৰ :- পাহাৰ বগােৱা বৰ কষ্টকৰ কাম । 

ৰংমনেৰে :- চিকাৰীজনে চৰাইবােৰ ধৰি ৰং মনেৰে ঘৰলৈ উভতিছিল। 

প্রশ্ন ১০। তােমাৰ চৌপাশে দেখা পােৱা পাঁচবিধ চৰাইৰ নাম লিখা । 

উত্তৰঃ কাউৰী , শালিকা , বগলী , কপৌ আৰু কুকুৰা । 

প্রশ্ন ১১। প্রথম স্তম্ভৰ অর্থ দ্বিতীয় স্তম্ভৰ শব্দৰ পৰা বিচাৰি উলিওৱা । 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
( ক ) সিদ্ধিলাভ( ক ) অতি সাৱধানে
( খ ) চৰুৰ তললৈ জুই নােযােৱা( খ ) সফল হােৱা
( গ ) ঠোটটোৰে চেলেকি ঘূৰি অহা( গ ) বিফল হােৱা
( ঘ ) দুবেলা দুমুঠি খােৱা( ঘ ) জ্ঞানপূর্ণ কথা
( ঙ ) সন্তর্পণে( ঙ ) ভাল – বেয়াৰ কথা চিন্তা
( চ ) প্ৰৱচন শুনা ( চ ) নিজকে পাহৰি থকা 
( ছ ) আগ-পাছ ভবা( ছ ) কোনােমতে খাই বৈ জীয়াই থকা
( জ ) আপােন পাহৰা( জ ) ঘৰত খােৱা বস্তুৰ অভাৱ

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
( ক ) সিদ্ধিলাভ( খ ) সফল হােৱা
( খ ) চৰুৰ তললৈ জুই নােযােৱা( জ ) ঘৰত খােৱা বস্তুৰ অভাৱ
( গ ) ঠোটটোৰে চেলেকি ঘূৰি অহা( গ ) বিফল হােৱা
( ঘ ) দুবেলা দুমুঠি খােৱা( ছ ) কোনােমতে খাই বৈ জীয়াই থকা
( ঙ ) সন্তর্পণে( ক ) অতি সাৱধানে
( চ ) প্ৰৱচন শুনা ( ঘ ) জ্ঞানপূর্ণ কথা 
( ছ ) আগ-পাছ ভবা( ঙ ) ভাল – বেয়াৰ কথা চিন্তা
( জ ) আপােন পাহৰা( চ ) নিজকে পাহৰি থকা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top