Niketan Class 4 Assamese Chapter 7 গুণী পুত্র

Niketan Class 4 Assamese Chapter 7 গুণী পুত্র, Sankardev Sishu Niketan Chapter 7 গুণী পুত্র Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

গুণী পুত্র

Chapter – 7

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : “গুণী পুত্র” কবিতাটোৰ কথাখিনি তোমাৰ নিজৰ ভাষাৰে গদ্যত লিখা। 

উত্তৰ : সংখ্যাত বহুত হ’লেও মূৰ্খ পুত্ৰৰ পৰা একো উপকাৰ পোৱা নাযায়। শস্যক্ষেত্ৰত জন্মা বনৰীয়া বনে কৃষকৰ অনেক অপকাৰ কৰাৰ দৰে মূৰ্খ পুত্ৰই অপকাৰহে কৰে। দুষ্ট আৰু মূৰ্খ হৈ জন্মা বহু পুত্ৰই একোটা বংশৰ নাম নোহোৱা কৰে। কিন্তু গুণী পুত্ৰই সৰোবৰৰ শোভা বৰ্দ্ধন কৰি ফুলি থকা পদুম ফুলৰ দৰে বংশৰ নাম উজ্জ্বল কৰে। সেয়েহে, অনেক মূর্খ পুত্ৰতকৈ এটি গুণী পুত্ৰই শ্রেষ্ঠ। অসংখ্য তৰাই নাশ কৰিব নোৱৰা ৰাতিৰ অন্ধকাৰ এটি মাথোন চন্দ্ৰই দূৰ কৰাৰ দৰে, অনেক মূর্খ পুত্ৰ থাকিলেও গুণী পুত্ৰইহে এটি বংশক উজলাই তুলিব পাৰে।

প্রশ্ন ২ : এটা সম্পূর্ণ বাক্যত উত্তৰ দিয়া।

(ক) কাৰ পৰা একো উপকাৰ নহয় ? 

উত্তৰ : মূৰ্খ পুত্ৰৰ পৰা একো উপকাৰ নহয়।

(খ) কোনে বংশৰ নাম উজ্জ্বল কৰে ? 

উত্তৰ : গুণী পুত্ৰই বংশৰ নাম উজ্জ্বল কৰে।

(গ) কবিয়ে কাক চন্দ্ৰ আৰু তৰাৰ লগত তুলনা কৰিছে ? 

উত্তৰ : কবিয়ে গুণী পুত্ৰক চন্দ্ৰৰ লগত আৰু মূৰ্খ পুত্ৰক তৰাৰ লগত তুলনা কৰিছে।

প্রশ্ন ৩ : এটা শব্দত প্ৰকাশ কৰা।

(ক) যি আনক ঠগে……….৷

উত্তৰ : শঠ বা ঠগা।

(খ) যি একো নাজানে………..।

উত্তৰ : মূর্খ।

প্রশ্ন ৪ : বলদেৱ মহন্তই যুণ্ডত কৰা পঢ়াশলীয়া পুথিখনৰ নাম লিখা।

উত্তৰ : উজুপাঠ।

প্রশ্ন ৫ : “গুণী পুত্র” কবিতাটোক বাদ দি বলদেৱ মহন্তই লিখা নীতিশিক্ষামূলক দুটা কবিতাৰ নাম লিখা।

উত্তৰ : “কাৰ সমান কি নাই” আৰু “কেতিয়া কাক চিনি।” 

প্রশ্ন ৬ : “গুণী পুত্র” কবিতাটোত থকা পাঁচটা বিশেষণ পদ লিখা:

উত্তৰ : মূৰ্খ, অগণন, শঠ, বহু, উজ্জ্বল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top