Niketan Class 4 Assamese Chapter 6 সতী জয়মতী

Niketan Class 4 Assamese Chapter 6 সতী জয়মতী, Sankardev Sishu Niketan Chapter 6 সতী জয়মতী Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

সতী জয়মতী

Chapter – 6

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ দিয়া :

(ক) জয়মতী কুঁৱৰীৰ কাহিনীটো কোন সময়ৰ আছিল ?

উত্তৰ : আহোম ৰাজত্বৰ সময়ৰ।

(খ) ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম কথাছবিখনৰ নাম কি ? তেওঁ কিয় এই কাহিনীটো বাছি লৈছিল ?

উত্তৰ : জয়মতী।জয়মতী কুঁৱৰীৰ কাহিনীটো অসমত অতি জনপ্রিয়। জয়মতীয়ে আত্মবলিদানেৰে সতীত্ব আৰু সাহসৰ যি দৃষ্টান্ত দেখুৱাই থৈ গৈছে, তেনে দৃষ্টান্ত ইতিহাসৰ পাতত খুব কমেইহে দেখিবলৈ পোৱা যায়। তেওঁ অসমীয়া নাৰীৰ সতীত্ব আৰু সাহসৰ প্ৰতীক স্বৰূপ। সেয়ে হয়তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অতি জনপ্রিয় হৃদয় বিদাৰক আৰু গৌৰৱমণ্ডিত সতী জয়মতীৰ কাহিনীটোক তেওঁৰ প্ৰথম কথাছবিৰ কাহিনী হিচাবে লৈছিল।

(গ) ৰাজফৈদৰ কোঁৱৰসকলক কিয় ঘুণীয়া কৰা হৈছিল ?

উত্তৰ : আহোম ৰাজ্যৰ নিয়মতে কোনো ঘৃণীয়া মানুহ আহোমৰ ৰজা হ’ব নোৱাৰিছিল। সেয়েহে, নিজৰ ক্ষমতা আৰু ৰাজপাট নিষ্কণ্টক কৰিবৰ বাবে ল’ৰা ৰজা চুলিফাই মন্ত্রী লালুকসোলা বৰফুকনৰ কু-মন্ত্ৰণা অনুসৰি ৰজা হ’ব পৰা ফৈদৰ কোঁৱৰসকলক ঘূণীয়া কৰিছিল।

(ঘ) গদাপাণি কোন ফৈদৰ ৰাজকোঁৱৰ আছিল ? তেওঁক পত্নীয়ে কিয় পলাবলৈ উপদেশ দিছিল ?

উত্তৰ : তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ আছিল। ৰজা হ’বৰ যোগ্য তুংখুঙীয়া ফৈদৰ গদাপাণিক ঘূর্ণীয়া অথবা হত্যা কৰাৰ বাবে চুলিফাৰ সৈন্যই ধৰিবলৈ বিচাৰি অহাত নিজৰ প্ৰাণ বচাবৰ বাবে তেওঁক পলাই যাবলৈ পত্নীয়ে উপদেশ দিছিল।

(ঙ) তুংখুঙীয়া ফৈদৰ গদাপাণিৰ পত্নীগৰাকীৰ নাম কি ? তেওঁক ক’ত কেনেদৰে শাস্তি দিয়া হৈছিল ?

উত্তৰ : জয়মতী কুঁৱৰী। তেওঁক জেৰেঙা পথাৰত এজোপা কঁইটীয়া জুটুলা বনৰীয়া গছত বান্ধি চমতাৰে কোৱাই, গাত চোৰাত সানি উতলা পানী ঢালি দি শাস্তি দিয়া হৈছিল।

(চ) সতী জয়মতীয়ে কিহৰ চানেকি থৈ গ’ল ? 

উত্তৰ : সতীত্বৰ চানেকি ৰাখি থৈ গ’ল।

(ছ) …………এই কথাও সোঁৱৰাই দিলে।”— কোনে কাক কি কথা সোঁৱৰাই দিলে ?

উত্তৰ : মন্ত্ৰী লালুকসোলা বৰফুকনে ল’ৰা ৰজা চুলিফাক সোঁৱৰাই দিলে যে আহোম ৰাজ্যৰ নিয়ম মতে কোনো ঘূণীয়া মানুহ আহোমৰ ৰজা হ’ব নোৱাৰে।

প্রশ্ন ২ : দুই-তিনিশাৰীৰ ভিতৰত টোকা লিখা :

ফৈদ, গদাপাণি, জেৰেঙা পথাৰ, লালুকসোলা

উত্তৰ : ফৈদ : ‘ফৈদ’ মানে হৈছে বংশ বা গোত্র। একেটা জাতিৰ মাজতে কেবাটাও ফৈদ থাকিব পাৰে। যেনে— তুংখুঙীয়া ফৈদকে ধৰি আহোমসকলৰ কেবাটাও ফৈদ আছিল। আহোম ৰাজ্যৰ নিয়মমতে সকলো ফৈদৰ কোঁৱৰে কিন্তু ৰজা হ’ব নোৱাৰিছিল। নিৰ্দিষ্ট কিছু ফৈদৰ কোঁৱৰহে ৰজা হ’ব পাৰিছিল।

গদাপাণি : গদাপাণি তুংখুঙীয়া ফৈদৰ এজন সাহসী আৰু সুদৰ্শন কোঁৱৰ।ল’ৰা ৰজা চুলিফাৰ সৈন্যই তেওঁক ধৰিবলৈ বিচাৰি আহোতে পত্নী জয়মতী কুঁৱৰীৰ উপদেশ মতে তেওঁ নগা পাহাৰলৈ পলাই যায়। কিছুদিনৰ পাছত গদাপাণিয়ে সৈন্য সামন্ত গোটাই লৈ চুলিফাৰ ৰাজ্য আক্রমণ কৰি তেওঁক পৰাস্ত কৰে আৰু নিজে আহোম ৰাজ্যৰ ৰাজপাটত বহে। 

জেৰেঙা পথাৰ : জেৰেঙা পথাৰ বুলি ক’লেই সতী জয়মতীৰ কথা মনলৈ আহে। এই জেৰেঙা পথাৰতেই কাঁইটীয়া গছ এজোপাত বান্ধি অমানুষিক নির্যাতন কৰি জয়মতী কুঁৱৰীক অতি নির্মমভাবে হত্যা কৰা হৈছিল। পাছত এই জেৰেঙা পথাৰতে জয়সাগৰ পুখুৰী খন্দোৱা হৈছিল।

লালুকসোলা : অসমৰ ইতিহাসৰ অতি ধূর্ত, সুবিধাবাদী, ক্ষমতালোভী আৰু কলঙ্কিত চৰিত্ৰ হৈছে লালুকসোলা বৰফুকন। এই লালুকসোলাৰ বাবেই কুমলীয়া বয়সৰ, অপৰিপক্ক চুলিফা (ল’ৰা ৰজা)ই আহোমৰ ৰাজপাটত বহিব পাৰিছিল। এওঁৰ কু-মন্ত্ৰণা অনুসৰিয়েই চুলিফাই ৰজা হ’বৰ যোগ্য ফৈদৰ আহোমৰ কোঁৱৰসকলক ঘূণীয়া অথবা হত্যা কৰিছিল। জয়মতী কুঁৱৰীক পাশৱিক অত্যাচাৰ কৰি হত্যা কৰাব মূল মানুহ এই লালুকসোলা বৰফুকন।

প্রশ্ন ৩: তলত বাঁওফালে থকা শব্দবোৰৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া আছে। সেইবোৰ ভালদৰে লিখা—

আত্মত্যাগবংশ
বাটকটীয়ামান্য
ফৈদএবিধ বনৰীয়া গছ
অক্ষুণ্ণআত্ম-দান
ঘূণীয়াআহোম ৰজাৰ দিনত মানুহক শাস্তি দিয়া নাল লগোৱা এচটা ছাল
সম্ভ্রান্তদোষ বা খুঁত থকা
চমটাশাস্তি
যাতনাপ্রথম বাট দেখুৱাওঁতা
চোৰাতবৰ কষ্ট
জীয়াতুনিখুঁত

উত্তৰ :

আত্মত্যাগআত্ম-দান
বাটকটীয়াপ্রথম বাট দেখুৱাওঁতা
ফৈদবংশ
অক্ষুণ্ণনিখুঁত
ঘূণীয়াদোষ বা খুঁত থকা
সম্ভ্রান্তমান্য
চমটাআহোম ৰজাৰ দিনত মানুহক শাস্তি দিয়া নাল লগোৱা এচটা ছাল
যাতনাশাস্তি
চোৰাতএবিধ বনৰীয়া গছ
জীয়াতুবৰ কষ্ট
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Niketan Class 4 Assamese Chapter 6 সতী জয়মতী”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top