Niketan Class 4 Assamese Chapter 5 লঘোন

Niketan Class 4 Assamese Chapter 5 লঘোন, Sankardev Sishu Niketan Chapter 5 লঘোন Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

লঘোন

Chapter – 5

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১: তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা : 

(ক) লঘোন মানে কি ?

উত্তৰ: একো নোখোৱাকৈ থকাটোক লঘোন বুলি কোৱা হয়। 

(খ) লঘোন কবিতাত কাৰ বাবে আলু ভাজি যোগাৰ কৰি ৰখা হৈছিল ?

উত্তৰ : ভীম চিং পালোৱানৰ বাবে।

(গ) জলপান খাবলৈ কি কি বস্তুৰ দৰকাৰ হয় ? 

উত্তৰ: জলপান খাবলৈ হ’লে চিৰা, দৈ, গুৰ বা চেনি আৰু কলৰ দৰকাৰ হয়।

(ঘ) লঘোন কবিতাত কবিয়ে মালভোগ কল আৰু দৈৰ সলনি কি বস্তু বিচাৰিছে ?

উত্তৰ : মালভোগ কলৰ সলনি জাহাজী কল আৰু দৈব সলনি গাখীৰৰ সৰ বিচাৰিছে।

(ঙ) আঙঠাত কি কি বস্তু সেঁকি খাব পাৰি ?

উত্তৰ: আঙঠাত পাপৰ আৰু কটি সেঁকি খাব পাৰি।

(চ) তুমি জনা পাঁচবিধ কলৰ নাম লিখা।

উত্তৰ: মালভোগ, মনোহৰ, চেনি চম্পা, আঠিয়া আৰু জাহাজী কল। 

প্রশ্ন ২: তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা :

লঘোন, সৰ, জলপান, পালোৱান, আঠা, চর্কল

উত্তৰ : 

শব্দঅর্থ
লঘোনউপবাস, অনাহাৰ
সৰগাখীৰৰ ওপৰত পৰা চামনি
জলপানলঘু আহাৰ
পালোৱানমল্লযুদ্ধ কৰা মানুহ,শাৰীৰিক শক্তিসম্পন্ন লোক
আওঠাজুই থকা এঙাৰ
চকলপাতল আৰু চেপেটাকৈ কটা বস্তু

প্রশ্ন ৩: কি বস্তু কিহৰ পৰা পোৱা যায় লিখা : 

দৈ, চেনি, সান্দহ, চিৰা, মিঠাতেল, নিমখ

উত্তৰ:

দৈগাখীৰৰ পৰা
চেনিকুঁহিয়াৰৰ পৰা
সান্দহচাউলৰ পৰা
চিৰাধানৰ পৰা
মিঠাতেলসৰিয়হৰ পৰা
নিমখসাগৰৰ পানীৰ পৰা

প্রশ্ন ৪ : লঘোন কবিতাটোত উল্লেখ থকা খোৱা বস্তুৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ : লঘোন কবিতাটোত উল্লেখ থকা খোৱা বস্তুবোৰ হ’ল— চিৰা, দৈ, গাখীৰৰ সৰ, খেজুৰিৰ গুৰ, মালভোগ কল, জাহাজী কল, আলু ভাজি, পাপৰ, আচাৰ আৰু ৰৌমাছ ভজা।

প্রশ্ন ৫ : তলত দিয়া শব্দবোৰেৰে বাক্য সাজা।

সৰ, জলপান, ভাজি, চুক, কোণ।

উত্তৰ : সৰ : চৰ্দি হৈ থাকিলে সৰ খাব নালাগে।

জলপান : দেউতাই আবেলি চিৰা-দৈৰে জলপান খায়। 

ভাজি : বেছিকৈ ভাজি খোৱাটো স্বাস্থ্যৰ কাৰণে হানিকৰ।

চুক : বাৰিষা কালত ঘৰৰ চুকত ভেকুলীয়ে বাহ লয়।

কোণ : আমাৰ বাৰীৰ পূব কোণত এডাল বৃহৎ আহত গছ আছে।

প্রশ্ন ৬: পদ কাক বোলে ? কেই প্ৰকাৰৰ ? সূত্র লিখি একোটাকৈ উদাহৰণ দিয়া ।

উত্তৰ : বিভক্তি যোগ হৈ থকা শব্দক পদ বোলে। পদ চাৰি প্ৰকাৰৰ—বিশেষ্য, বিশেষণ, সর্বনাম আৰু ক্ৰিয়া। 

বিশেষ্য পদ : যিকোনো নাম বুজোৱা পদক বিশেষ্য পদ বোলে। যেনে— গুৱাহাটী এখন ডাঙৰ চহৰ। 

বিশেষণ পদ : যি পদে বিশেষ্য পদৰ গুণ-দোষ, সংখ্যা, পৰিমাণ আদি বুজায়, তাক বিশেষণ পদ বোলে। যেনে— সোণটি এজনী ভাল ছোৱালী।  

সর্বনাম পদ : বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সর্বনাম পদ বোলে। যেনে— তাই ভাত খাই আছে।

ক্রিয়া পদ : যি পদে কোনো কাম কৰা বা নকৰা বুজায়, তাক ক্রিয়া পদ বোলে। যেনে— সি এতিয়া খেলি আছে।

প্রশ্ন ৭ : কবি নৱকান্ত বৰুৱাৰ ক’ত জন্ম হৈছিল ? তেওঁ ৰচনা কৰা পাঁচখন পুথিৰ নাম লিখা। 

উত্তৰ: নগাঁও জিলাত। তেওঁ ৰচনা কৰা পাঁচখন পুথি হৈছে— কপিলীপৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, আখৰৰ জখলা আৰু এটি দুটি এঘাৰটি তথা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top