Niketan Class 4 Assamese Chapter 4 অসম মাতৃৰ এজনা সু-সন্তান আনন্দৰাম বৰুৱা

Niketan Class 4 Assamese Chapter 4 অসম মাতৃৰ এজনা সু-সন্তান আনন্দৰাম বৰুৱা, Sankardev Sishu Niketan Chapter 4 অসম মাতৃৰ এজনা সু-সন্তান আনন্দৰাম বৰুৱা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসম মাতৃৰ এজনা সু-সন্তান আনন্দৰাম বৰুৱা

Chapter – 4

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : উত্তৰ দিয়া :

(ক) আনন্দৰাম বৰুৱা কোন আছিল ?

উত্তৰ: আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া গ্রেজুৱেট, প্ৰথম অসমীয়া আই.চি.এচ. বিষয়া আৰু আন্তর্জাতিক খ্যাতিসম্পন্ন এগৰাকী সংস্কৃত পণ্ডিত আছিল।

(খ) আনন্দৰাম বৰুৱা কেনে ধৰণৰ লোক আছিল ? 

উত্তৰ : আনন্দৰাম বৰুৱা এজন সহজ-সৰল ব্যক্তি আছিল আৰু সকলোৰে লগত ভাল ব্যৱহাৰ কৰাটো তেখেতৰ বিশেষ গুণ আছিল।

(গ) বৰুৱাদেৱে সংস্কৃত কিয় ভাল পাইছিল ? 

উত্তৰ : আনন্দৰাম বৰুৱা এগৰাকী আন্তর্জাতিক খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত আছিল। তেওঁৰ মতে— সংস্কৃত ভাষাৰ ঝঙ্কাৰ আৰু লালিত্যৰ এটি মোহনীয় শক্তি আছে। সকলো ধৰণৰ সুন্দৰ, উপযুক্ত ভাষাৰে বৰ্ণাব পৰা যি শক্তি সংস্কৃতত আছে, আন কোনো ভাষাতে নাই। সেইবাবেই তেওঁ সংস্কৃত ভাল পাইছিল।

(ঘ) আনন্দৰাম বৰুৱাৰ শিক্ষা জীৱনৰ এটি চমু আভাস দিয়া।

উত্তৰ : আনন্দৰাম বৰুৱাই শিক্ষা জীৱন আৰম্ভ কৰিছিল উত্তৰ গুৱাহাটীৰ পঢ়াশালিত। স্কুলীয়া পৰীক্ষাত ভাল ফল লাভৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। যদিও এন্ট্ৰেন্স পৰীক্ষাৰ পাচতহে তেওঁৰ প্ৰতিভাৰ ক্ৰমশঃ বিকাশ হয়। দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৬৫ চনত তেওঁ কলকাতালৈ পঢ়িবলৈ যায় আৰু তাতে প্রসিদ্ধ প্রেসিডেন্সী কলেজত নাম লগায়। ১৮৬৮ চনত তেওঁ বি.এ. উপাধি লাভ কৰাৰ লগতে বিলাত যাত্ৰাৰ বাবে চৰকাৰৰ পৰা বৃত্তি লাভ কৰে। বিলাতত আই.চি.এছ. আৰু বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৭২ চনত তেওঁ স্বদেশলৈ ঘূৰি আহে।

(ক) মহৎ লোকৰ জীৱনী আমি কিয় পঢ়িব লাগে ?

উত্তৰ : মহৎ লোকৰ জীৱনী পঢ়িলে তেখেতসকলৰ জীৱনৰ লক্ষ্য, আদর্শ, কাৰ্যাৱলী আদিৰ বিষয়ে জানিব পাৰি। সৰুৰে পৰা কি পৰিবেশৰ মাজেৰে, কিমান পৰিশ্ৰম, অধ্যৱসায় আৰু ত্যাগৰ বিনিময়ত তেখেতসকলে নিজকে প্রতিষ্ঠা কৰাৰ লগতে সমাজলৈ অতুলনীয় অৱদান আগবঢ়াই মহত্ব অৰ্জন কৰে, জীৱনত তাৰ প্রতিফলন ঘটে। মহৎ লোকৰ জীৱনৰ আদৰ্শ সকলোৰে বাবে অনুকৰণীয়। সেয়েহে, আমি আমাৰ জীৱনবোৰ সুন্দৰ আৰু সাৰ্থকভাৱে গঢ়িবলৈ হ’লৈ মহৎ লোকৰ জীৱনী পঢ়া উচিত।

প্রশ্ন ২ : শব্দ অর্থ লিখা :

উপকৰণ, মহৎ, প্রাঞ্জল, আসক্তি, প্রগাঢ়, প্রসিদ্ধ, লালিত্য, শিৰোধাৰ্য, ব্যুৎপত্তি

উত্তৰ :

শব্দঅর্থ
উপকৰণউপাদান, সঁজুলি
মহৎউদাৰ, শ্রেষ্ঠ
প্রাঞ্জলসৰল, সহজ, স্পষ্ট
আসক্তিপ্ৰৱল ইচ্ছা, অত্যন্ত হেঁপাহ
প্রগাঢ়অতি গভীৰ, বৰ ডাঠ
প্রসিদ্ধসকলোৱে ভাল ৰূপে জনা
লালিত্যমধুৰতা, সৌন্দর্য, মাধুর্য
শিৰোধাৰ্যমুৰ পাতি ল’বলগীয়া, পালনীয়
ব্যুৎপত্তিজ্ঞান, শব্দৰ গুৰি, প্রকৃতি আদিৰ জ্ঞান

প্রশ্ন ৩: তলত দিয়া যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা

ক্ত, স্কৃ, ষ্ট, ন্স, ঙ্ক, স্ব, ন্দ

উত্তৰ: ক্ত = ক + ত

স্কৃ = স + ক + ঋ

ন্স = + স

ষ্ট = ষ + ট

ঙ্ক = ঙ + ক

স্ব = স + ব

ন্দ = ন + দ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top