Niketan Class 4 Assamese Chapter 16 কনকলতা

Niketan Class 4 Assamese Chapter 16 কনকলতা, Sankardev Sishu Niketan Chapter 16 কনকলতা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

কনকলতা

Chapter – 16

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) হাতত পতাকা লৈ শোভাযাত্ৰাৰ আগত যোৱা ছোৱালীজনী কোন আছিল ?

উত্তৰ : কনকলতা বৰুৱা।

(খ) শোভাযাত্রাকাৰী দলটোৱে কোনখন থানাত পতাকা উৰুৱাবলৈ গৈছিল ?

উত্তৰ : গহপুৰ থানাত।

(গ) দলটোৱে কি বুলি ধ্বনি দি আগবাঢ়িছিল ?

উত্তৰ : ‘বন্দে মাতরম, বন্দে মাতৰম্’।

(ঘ) শোভাযাত্রাকাৰীসকলক কোনে বাধা দিছিল ?

উত্তৰ : পুলিচে।

(ঙ) কনকলতাই বীৰদৰ্পে কোৱা কথাখিনি কি ?

উত্তৰ : “এইখন আমাৰ জনমভূমি, এই জনমভূমিত বিদেশীৰ কোনো অধিকাৰ নাই। থানাত আমাৰ জাতীয় পতাকা উৰুৱামেই।” 

(চ) কনকলতাই পুলিচৰ গুলিত বাগৰি পৰাত পতাকাখন কোনে হাতত লৈছিল ?

উত্তৰ : মুকুন্দ কাকতিয়ে।

(ছ) সদৌ শেষত থানাত পতাকাখন কোনে উৰুৱালে ?

উত্তৰ : ৰমাপতি ৰাজখোৱাই।

(জ) ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে ?

উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখত।

(ঝ) ‘৪২ৰ দুগৰাকী শ্বহীদৰ নাম লিখা। 

উত্তৰ : মুকুন্দ কাকতি আৰু কনকলতা বৰুৱা।

প্রশ্ন ২ : বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা : 

স্বাধীন, জন্ম, শেষ, বিদেশী, ত্যাগ 

উত্তৰ :

স্বাধীনপৰাধীন
জন্মমৃত্যু
শেষআৰম্ভ
বিদেশীস্বদেশী
ত্যাগগ্রহণ

প্রশ্ন ৩ : তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা :

স্বাধীন, গীত, শোভাযাত্রা, ভূক্ষেপ, হুংকাৰ, উত্তোলন, অনুপ্রেৰণা

উত্তৰ :

স্বাধীনশ্বহীদ কনকলতা বৰুৱা সৰু কালৰে পৰা স্বাধীন মনা আছিল।
গীতজ্যোতিপ্ৰসাদ আগৰৱালাই বহুতো স্বদেশ প্ৰেমৰ গীত লিখিছিল।
শোভাযাত্রাএইবেলি বঙালী বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত ময়ো অংশগ্রহণ কৰিছিলোঁ।
ভ্ৰূক্ষেপডাঙৰৰ সজ উপদেশলৈ ভ্রুক্ষেপ নকৰা বাবেই শিৱচৰণে প্ৰায়ে বিপদত পৰে।
হুংকাৰপুলিচে ওলিয়াব বুলি হুংকাৰ দিয়াৰ পাছতো শোভাযাত্ৰাকাৰীসকল আগুৱাই গৈছিল।
উত্তোলনগহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰৱা শহীদ হৈছিল।
অনুপ্ৰেৰণাআমাৰ শিক্ষাগুৰুসকলৰ সজ উপদেশবোৰে মোক বৰ অনুপ্রেৰণা দিয়ে।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top