Niketan Class 4 Assamese Chapter 1 অসম সংগীত

Niketan Class 4 Assamese Chapter 1 অসম সংগীত, Sankardev Sishu Niketan Chapter 1 অসম সংগীত Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসম সংগীত

Chapter – 1

অসমীয়া

SANKARDEV SISHU NIKETAN

প্রশ্ন ১ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা পাঁচখন পুথিৰ নাম লিখা ৷

উত্তৰ : বুঢ়ী আইৰ সাধু, লিতিকাই, পদুম কুঁৱৰী, সুৰভি আৰু বেলিমাৰ।

প্রশ্ন ২ : লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰ : পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। 

প্রশ্ন ৩ : লক্ষ্মীনাথ বেজবৰুৱাই ‘অসম সাহিত্য সভাৰ কিমান চনৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰ : ১৯২৪ চনৰ গুৱাহাটী অধিবেশনত সভাপতিত্ব কৰিছিল। 

প্রশ্ন ৪ : দবা, শঙ্খ, মৃদং আৰু খোল— এই বাদ্যসমূহ ক’ত, কেতিয়া বজোৱা হয় ?

উত্তৰ : দবা আৰু শঙ্খ মন্দিৰ, নামঘৰ আদিত পূজা কৰা সময়ত আৰু আৰতি দিওঁতে বজোৱা হয়। কিছুমান কামৰ শুভাৰম্ভৰ সময়ত, ধর্মীয় তথা সাংস্কৃতিক শোভাযাত্ৰাত আৰু আন কিছুমান ধর্মীয় অনুষ্ঠানতো দবা, শঙ্খ বজোৱা হয়। মৃদং আৰু খোল বিশেষভাৱে নামঘৰ, কীৰ্তন ঘৰ বা আন ঠাইত ভাওনা কৰোতে বজোৱা হয়। ইয়াৰ উপৰি ধৰ্মীয় শোভাযাত্রা, সাংস্কৃতিক শোভাযাত্রা, কিছুমান বিশেষ আদৰণী অনুষ্ঠান, হোলী আদিতো মৃদং আৰু খোল বজোৱা হয়।

প্রশ্ন ৫ : সতীত্ব তেজেৰে অসমী আইক প্ৰবল কৰা নাৰীগৰাকীৰ নাম কি ? 

উত্তৰ : সতী জয়মতী কুঁৱৰী।

প্রশ্ন ৬ : কবিতাটোত ‘বিশুদ্ধ ধৰ্ম’ বুলি কি ধৰ্মৰ কথা কোৱা হৈছে?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ‘একশৰণ নামধৰ্মৰ কথা কোৱা হৈছে।

প্রশ্ন ৭ : বিপৰীত অর্থ বুজোৱা শব্দ লিখা :

দুখীয়া, প্রবল, উন্নতি,

উত্তৰ :

শব্দবিপৰীত শব্দ
দুখীয়াধনী, সম্পত্তিশালী, আঢ্যৱন্ত, ঐশ্বর্যৱান
প্রবলদুর্বল, নিশকতীয়া
উন্নতিঅধঃপতন, অধোগতি
বিশুদ্ধঅশুদ্ধ, অপবিত্র।

প্রশ্ন ৮ : লাচিত কোন আছিল ?

উত্তৰ : লাচিত আহোমৰ সেনাপতি আৰু বৰফুকন আছিল। এই লাচিত বৰফুকনেই অসম আক্ৰমণ কৰা মোগল সৈন্যবাহিনীক শৰাইঘাটৰ যুদ্ধত শোচনীয়ভাৱে পৰাজিত কৰিছিল।

1 thought on “Niketan Class 4 Assamese Chapter 1 অসম সংগীত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top