Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

Join Telegram channel

SEBA Class 9 General Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

Chapter – 2

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. বিশুদ্ধ পদার্থ বুলিলে কি বুজায় ? 

উত্তৰঃ যিবোৰ পদাৰ্থত মাত্র এটাই উপাদান থাকে সেইবোৰক বিশুদ্ধ পদার্থ বোলা হয়।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰনৰ মাজৰ প্ৰভেদবোৰ লিখা। 

উত্তৰঃ সমসত্ব মিশ্ৰন আৰু অসমসত্ব মিশ্ৰনৰ প্ৰভেদসমূহ হৈছে সমসত্ব মিশ্রন এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয়। আনহাতে অসমসত্ব মিশ্রন এটাৰ সংযুতি মিশ্ৰনটোৰ সকলো অংশতে সমান নহয়।

দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্রন হৈ দ্ৰৱৰ সৃষ্টি কৰে। আনহাতে দুই বা ততোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰনৰ ফলত প্ৰলম্বনৰ সৃষ্টি হয়।

প্রশ্নাৱলী

1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰনৰ পাৰ্থক্য লিখা। 

উত্তৰঃ ওপৰৰ প্ৰশ্নটোৰ উত্তৰৰ সৈতে একে। 

2. কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি ?

উত্তৰঃ

3.293k উষ্ণতাত 100gm পানীত 36gm ছডিয়াম ক্লৰাইড দ্রবীভূত কৰি এটা সংপৃক্ত  দ্ৰৱ পোৱা গ’লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা।

উত্তৰঃ ছডিয়াম ক্লৰাইডৰ ভৰ = 36gm 

         পানীৰ ভৰ      = 100gm

         দ্ৰৱটোৰ মুঠ ভৰ = 36gm + 100gm

                               = 136gm

    ∴  দ্ৰৱণটোৰ গাঢ়তা = দ্রাব্যৰ ভৰ /দ্ৰৱটোৰ মুঠ ভৰ×100

                   = 36/136×100

                  = 26.47

প্রশ্নাৱলী

1. কোচিন আৰু পেট্ৰ’লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25°Cতকৈ বেছি মিশ্ৰনৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?

উত্তৰঃ পাতন প্ৰক্ৰিয়াৰ দ্বাৰা । 

2. তলৰ মিশ্ৰনবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈৰ পৰা মাখন (butter)৷

(ii) সাগৰৰ পানীৰ পৰা নিমখ৷

(iii) নিমখৰ পৰা কৰ্পূৰ৷

উত্তৰঃ (i) অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ৷

(ii) বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা । 

(iii) উর্ধপাতন প্ৰক্ৰিয়াৰ দ্বাৰা। 

3. স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰন পৃথক কৰা যায় ?

উত্তৰঃ স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদার্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কাৰ হয়।

প্রশ্নাৱলী

1. তলৰ কাৰ্য্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন ?

(a) গছ কটা।

(b) কেৰাহি এখনত মাখন বিগলন।

(c) আলমাৰিত মামৰ ধৰা।

(d) পানী উতলাই জলীয় ভাপ কৰা।

(e) পানীৰ মাজেদি বিদ্যুৎ প্রবাহিত কৰিলে হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উপন্ন হোৱা।

(f) পানীত নিমখ দ্রবীভূত কৰা।

(g) কেচা ফলৰ পৰা চালাড প্রস্তুত কৰা। 

(h) কাগজ আৰু কাঠ পুৰিলে।

উত্তৰঃ (a) ভৌতিক পৰিবৰ্তন।

(b) ভৌতিক পৰিবৰ্তন।

(c) ৰাসায়নিক পৰিবৰ্তন।

(d) ভৌতিক পৰিবৰ্তন।

(e) ৰাসায়নিক পৰিবৰ্তন।

(f) ভৌতিক পৰিবৰ্তন।

(g) ভৌতিক পৰিবৰ্তন।

(h) ৰাসায়নিক পৰিবৰ্তন।

2. তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্রন হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰঃ কেইটামান উদাহৰণ

পানীবিশুদ্ধ পদার্থ
গাখীৰমিশ্রন
LPGমিশ্রন
কেৰাচিন তেলমিশ্রন
বায়ুমিশ্রন
মিশ্রনকাগজ
বৰফবিশুদ্ধ পদার্থ
চিয়াহীমিশ্রন
কাঠমিশ্রন
মাখনমিশ্রন

অনুশীলনী

1. তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কোনটো পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা ?

(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।

(b) ছডিয়াম ক্লৰাইড আৰু এম’নিয়াম ক্ল’ৰাইডৰ মিশ্ৰনৰ পৰা এমনিয়াম ক্লৰাইড।

(c) গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।

(d) ফুলৰ পাহিৰ আৰকৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।

(e) দৈৰ পৰা মাখন।

(f) পানীৰ পৰা তেল।

(g) চাহৰ পৰা চাহপাত।

(h) বালিৰ পৰা লোৰ পিন।

(i) চোকোৰাৰ পৰা গমৰ গুটি।

(j) পানী আৰু বোকাৰ প্ৰলম্বণৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ।

উত্তৰঃ (a) বাষ্পীভবন।

(b) ঊর্ধপাতন।

(c) ফিল্টাৰ কৰি।

(d) বর্ণলেখন।

(e) অপকেন্দ্রিক পদ্ধতি।

(f) পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি। 

(g) ফিল্টাৰ কৰি।

(h) চুম্বকৰ সহায়ত পৃথকীকৰণ।

(i) জৰা প্ৰক্ৰিয়া। 

(j) আশ্রাবন।

2. একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্রাব্য, দ্রবীভূত, দ্রবণীয়, অদ্রবণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।

উত্তৰঃ পদক্ষেপ 1. এটা পাত্ৰত কিছু দ্ৰাৱক (পানী) লোৱা হ’ল। দ্ৰাৱকখিনি গৰম কৰা হ’ল।

পদক্ষেপ 2. পাত্ৰটোত অলপ দ্ৰাব্য (চাহপাত) দিয়া হ’ল। 

পদক্ষেপ 3. পানী আৰু চাহপাতৰ দ্ৰৱণটো কিছু সময় গৰম কৰা হ’ল।

পদক্ষেপ 4. চাহৰ পাত্ৰ এটাত দ্ৰৱণটো থোৱা হ’ল।

পদক্ষেপ 5. কাপ এটাত এচামুচ দ্রাব্য (চেনি) লোৱা হ’ল ।

পদক্ষেপ 6. চেকনিৰ সহায়ত কাপটোত একাপ চাহ চেকা হ’ল। চেনিখিনি কাপটোত ঘুটি দিয়া হ’ল এইতয়া চাহৰ মিশ্ৰনটো পোৱা যাব। চেনীখিনি চাহত দ্ৰৱীভূত হ’ল।চেনী চাহত দ্রবণীয় ৷ আনহাতে চাহপাত অদ্ৰৱণীয় ৷ চেনী, চাহপাত আৰু পানীৰ দ্ৰৱণটো পৰিশ্ৰুত কৰিলে চাহপাত অৱশেষ হিচাপে থাকি যায় ।

3. প্রঞ্জাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিবলৈ আৰু ফলাফলবোৰৰ সংগ্ৰহ তলৰ তালিকাতে দিয়া হৈছে। (তালিকাখনত 100 gm পানীত সংপৃক্ত দ্রবণ প্রস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰাব্যৰ পৰিমাণ দিয়া হৈছে।

(a) পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313k উষ্ণতাত 50gm পানীত কিমান গ্রাম পটাছিয়াম নাইট্রেট দ্রবীভূত কৰিব লাগিব ? 

(b) 353k উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্রবটো ঠাণ্ডা হলে তেওঁ কি দেখিব? ব্যাখ্যা কৰা। 

(c) প্ৰতিটো লবণৰে দ্রবণীয়তা 293 kত নিৰ্ধাৰণ কৰা। এই উষ্ণতাতকোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি ? 

(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্রভাব ব্যাখ্যা কৰা।

উত্তৰঃ (a) 313 k উষ্ণতাত সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 100 gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = 62gm

∴  1gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = 62/100gm

∴  50gm পানীত লগা পটাছিয়াম নাইট্ৰেটৰ পৰিমাণ = 62/100×50gm

∴  নির্ণেয় পটাছিয়াম নাইট্রেটৰ পৰিমাণ = 31gm

(b) 353 k উষ্ণতাত পটাছিয়াম ক্লৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হবলৈ দিলে দ্রবটো অতিপৃক্ত হ’ব আৰু কিছু পটাছিয়াম ক্লৰাইড পাত্ৰৰ তলিত জমা হ’ব।

(c) 293 kউষ্ণতাত –

পটেছিয়াম নাইট্ৰেটৰ দ্ৰৱণীয়তা= 32gm/100gপানী

ছডিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা  = 32gm100gmপানী

পটেছিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা = 35/100 gm পানী

এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা= 37gm/100gপানী

293 k উষ্ণতাত এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি।

(d) (i) যদি পানীত লৱণ দ্রবীভূত হোৱা প্ৰক্ৰিয়াটো তাপবর্জী হয়, তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা কমিব । 

(ii) যদি পানীত লৱণ দ্ৰৱীভূত হোৱা প্ৰক্ৰিয়াটো তাপগ্ৰাহী হয়, তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা বাঢ়িব।

4. উদাহৰণ দি ব্যাখ্যা কৰা-

(a) সংপৃক্তদ্ৰৱ।

(b) বিশুদ্ধ পদার্থ।

(c) কলয়ড।

(d) প্রলম্বন।

উত্তৰঃ (1) সংপৃক্ত দ্রব : এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰবত দ্রবীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্ৰাব্য দ্রবীভূত হৈ থাকিলে তাক সংপৃক্ত দ্রব বোলে। অর্থাৎ স্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰাব্যহে দ্রবীভূত কৰিব পাৰি আৰু তেতিয়া দ্রবটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। উদাহৰণস্বৰূপে 100 ml পানীত 50 gm Nacl যোগ কৰিব পাৰি।

(b) বিশুদ্ধ পদার্থ : যিবোৰ পদাৰ্থ কেৱল একেবিধ অনুৰ দ্বাৰা গঠিত তাক বিশুদ্ধ পদার্থ বোলে। এটা বিশুদ্ধ পদার্থ সদায়েই নিৰ্দিষ্ট উষ্ণতাত গ’লে বা গোটা অবস্থা প্রাপ্ত হয়। উদাহৰণ স্বৰূপে, বিশুদ্ধ বৰফ সদায়েই 0°C উষ্ণতাত গ’লৈ আৰু পানী সদায়েই O°C উষ্ণতাত ঘনীভূত হয়। এটা বিশুদ্ধ পদার্থ সদায়েই এটা নির্দিষ্ট উষ্ণতাত উতলে বা তৰলীকৃত হয়। উদাহৰণ স্বৰূপে বিশুদ্ধ পানী সদায়েই 100°C উষ্ণতাত উতলে আৰু পানীৰ ভাপ 100°C উষ্ণতাত তৰল অৱস্থা প্রাপ্ত হয়।

(c) কলয়ড : এটা পদার্থ কলয়ডীয় অৱস্থাত থকা বুলি কোৱা হয় যদি ইয়াৰ কণিকাবোৰৰ আকৃতিৰ পৰা 100nmৰ ভিতৰত হয়। কলয়ড অসমসত্ব মিশ্রন। কলয়ডীয় দ্রব সুস্থিৰ। উদাহৰণঃ কুৱলী, মেঘ।

(d) প্রলম্বন : যিবোৰ অসমসত্ব মিশ্ৰনত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্রনক প্ৰলম্বন বুলি কোৱা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট খায়। তৰলটো সাৱধানে বাকি প্রলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পাৰি। যেনে – পানী আৰু বোকাৰ মিশ্রন।

5. তলৰ মিশ্রনবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা। 

চডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ

উত্তৰঃ

চড়া পানীসমসত্ব
কাঠঅসমসত্ব
বায়ু সমসত্ব
মাটিঅসমসত্ব
ভিনেগাৰসমসত্ব
চেকিলোৱা চাহসমসত্ব

6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?

উত্তৰঃ যদি এক বায়ুমণ্ডলীয় চাপত তৰলখিনিৰ উতলাংক 100°C হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদি তলৰখিনি উতলাংক 100°C তকৈ বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী নহয়।

7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদাৰ্থৰ” শাৰীত পৰিব ?

(a) বৰফ।

(b) গাখীৰ।

(c) লো।

(d) হাইড্রক্লৰিক এচিড।

(e) কেলচিয়াম অক্সাইড।

(f) পাৰা।

(g) ইটা।

(h) কাঠ।

(i) বায়ু।

উত্তৰঃ (a) বৰফ – বিশুদ্ধ পদার্থ।

(b) গাখীৰ – বিশুদ্ধ পদার্থ নহয়।

(c) লো – বিশুদ্ধ পদার্থ। 

(d) হাইড্রক্লৰিক এচিড  –  বিশুদ্ধ পদার্থ।

(e) কেলচিয়াম অক্সাইড – বিশুদ্ধ পদার্থ।

(f) পাৰা – বিশুদ্ধ পদার্থ।

(g) ইটা – বিশুদ্ধ পদার্থ নহয়।

(h) কাঠ – বিশুদ্ধ পদার্থ নহয়।

(i) বায়ু – বিশুদ্ধ পদার্থ নহয়।

8. তলৰ মিশ্ৰনবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাচি উলিওৱা

(a) মাটি।

(b) সাগৰৰ পানী।

(c) বায়ু।

(d) কয়লা।

(e) চদা পানী।

উত্তৰঃ (b) সাগৰৰ পানী।

(c) বায়ু।

(e) চদা পানী।

9. তলৰ কোনটোৱে “টিণ্ডল প্রভাব” দেখুৱায়।

(a) লৱণৰ দ্ৰব।

(b) গাখীৰ।

(c) কপাৰ ছালফেটৰ দ্ৰৱণ।

(d) ষ্টাৰ্চৰ দ্ৰৱণ।

উত্তৰঃ (b) গাখীৰ।

(d) ষ্টাৰ্চৰ দ্ৰৱণ।

10. তলত দিয়াবিলাক মৌল, যৌগ আৰু মিশ্রন হিচাপে শ্রেণীভুক্ত কৰা।

(a) চড়িয়াম।

(b) মাটি।

(c) চেনিৰ দ্ৰৱণ।

(d) চিলভাৰ।

(e) কেলছিয়াম কার্বনেট।

(f) টিন।

(g) চিলিকন।

(h) কয়লা।

(i) বায়ু।

(j) চাবোন। 

(k) মিথেন।

(l) কার্বন-ডাই-অক্সাইড। 

(m) তেজ।

উত্তৰঃ (a) চডিয়াম – মৌল।

(b) মাটি – মিশ্রন।

(c) চেনিৰ দ্ৰৱণ – মিশ্রন।

(d) চিলভাৰ – মৌল।

(e) কেলচিয়াম কার্বনেট – যৌগ।

(f) টিন – মৌল।

(g) চিলিকন – মৌল।

(h) কয়লা – মিশ্রন।

(i) বায়ু – মিশ্রন।

(i) চাবোন – মিশ্রন।

(k) মিথেন – যৌগ।

(I) কার্বন-ডাই-অক্সাইড – যৌগ।

(m) তেজ – মিশ্রন। 

11. তলৰ কোনবিলাক ৰাসায়নিক পৰিবৰ্তন ?

(a) উদ্ভিদৰ বৃদ্ধি।

(b) লোত মামৰে ধৰা।

(c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ।

(d) খাদ্য ৰন্ধন।

(e) খাদ্য হজম হোৱা।

(f) পানী গোট মৰা।

(g) মমবাতি জ্বলোৱা।

উত্তৰঃ (a) উদ্ভিদ বৃদ্ধি।

(b) লোত মামৰে ধৰা।

(d) খাদ্য ৰন্ধন।

(e) খাদ্য হজম হোৱা।

(g) মমবাতি জ্বলোৱা।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. মিশ্রন কি ?

উত্তৰঃ দুটা বা ততোধিক বিশুদ্ধ উপাদানৰ দ্বাৰা গঠিত হোৱা পদার্থই হৈছে মিশ্রন।

2. যৌগিক পদার্থ কি ? উদাহৰণ দিয়া।

উত্তৰঃ দুই বা ততোধিক মৌলৰ মাজৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক যৌগিক পদার্থ বোলা হয়। যেনে – বায়ুত কার্বন জ্বলালে আমি কার্বন-ডাই-অক্সাইড পাওঁ।কার্বন-ডাই-অক্সাইড যৌগ।

3. মৌল কি ? উদহাৰণ দিয়া।

উত্তৰঃ মৌলবোৰ হৈছে সৰল পদার্থ যাক অন্য পদার্থলৈ ভাঙিব নোৱাৰি। যেনে – অক্সিজেন, হাইড্রজেন, কার্বন, জিংক।

4. মিশ্রনৰ প্ৰকাৰসমূহ কি কি ?

উত্তৰঃ মিশ্রনৰ প্ৰকাৰ —

(i) গোটা গোটা মিশ্রন।

(ii) গোটা তৰল মিশ্রন।

(iii) তৰল তৰল মিশ্রন।

(iv) গোটা গেছ মিশ্রন।

(v) তৰল গেছ মিশ্রন।

(vi) গেছ গেছ মিশ্রন।

5. সংকৰ ধাতু কি ? উদাহৰণ দিয়া ।

উত্তৰঃ সংকৰ ধাতুবোৰ দুই বা ততোধিক ধাতুৰ বা এটা ধাতু আৰু আন এটা অধাতুৰ মিশ্ৰন৷ উদাহৰণ স্বৰূপে পিতল কপাৰ আৰু যিংক সংকৰ ধাতু।তীখা লো আৰু কাৰ্বনৰ সংকৰ ধাতু ।

6. তলত দিয়া মিশ্রন বোৰৰ প্ৰকাৰ কি ?

বায়ু, গাখীৰ, মৃদু পানীয়, নিস্কলংক তীখা, ধোঁৱা

উত্তৰঃ বায়ু – গেছ-গেছ মিশ্রন।

গাখীৰ – গোটা তৰল মিশ্রন।

মৃদু পানীয় -তৰল গেছ মিশ্রন।

নিস্কলংক তীখা – গোটা গোট মিশ্রন।

ধোৱা — গোট গেছ মিশ্রন।

7. দ্ৰৱ, দ্ৰাৱক আৰু দ্ৰাব্য কাক বোলে ? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ দ্ৰৱ : দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰনক দ্ৰৱ বুলি কোৱা হয়। দ্ৰৱ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে একে হয়।

দ্ৰাৱক :  দ্ৰৱ এটাত যিটো উপাদানে অন্য উপাদানক দ্রবীভূত কৰে আৰু যিটো উপাদানৰ পৰিমাণ বেছি তাক দ্ৰাৱক বোলে।

দ্ৰাব্য :  দ্ৰৱ এটাত যিটো উপাদান দ্রবীভূত হয় আৰু যাৰ পৰিমাণ কম তাক দ্রাব্য বোলে।

উদাহৰণ – এচামুচ চেনি এগিলাচ পানীত মিহলি কৰিলে পানী আৰু চেনীৰ এটা দ্ৰৱ পোৱা যায়। ইয়াত পানীখিনি দ্ৰাৱক আৰু চেনীখিনি প্ৰাব্য। 

8. তলত দিয়াবোৰ সমসত্ব আৰু অসমসত্ব হিচাপে শ্রেণীবিভাগ কৰা। 

শিল, তীখা, পিতল, পেট্ৰল আৰু কোচিনৰ মিশ্ৰন, তেল আৰু পানীৰ মিশ্রন, বায়ু। 

উত্তৰঃ শিল — অসমসত্ব।

তীখা — সমসত্ব।

পিতল — সমসত্ব। 

পেট্ৰল আৰু কেৰাচিনৰ মিশ্রন — সমসত্ব।

তেল আৰু পানীৰ মিশ্ৰন — অসমসত্ব।

বায়ু — সমসত্ব।

9. দ্রবণীয়তা কাক বোলে ? উষ্ণতা বৃদ্ধিৰ সৈতে তৰলৰ দ্ৰৱণীয়তাৰ সম্পৰ্ক কি ? 

উত্তৰঃ দ্ৰাৱক এটাৰ নিৰ্দিষ্ট পৰিমানত দ্ৰাব্য পদাৰ্থৰ সৰ্বাধিক পৰিমাণৰ দ্ৰৱীভূত হোৱা পৰিমানটোৱেই পদাৰ্থৰ দ্ৰবণীয়তা।

উষ্ণতা বৃদ্ধি কৰিলে কোনো তৰলত পদার্থ এটাৰ দ্ৰৱণীয়তা বাঢ়ে। গতিকে উষ্ণ তৰল এটাই বেছি পৰিমানৰ দ্ৰাব্য দ্রবীভূত কৰিব পাৰে। অৱশ্যে গেছ এটাৰ দ্ৰৱণীয়তা তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে কমে।

10. পানীৰ উষ্ণতা বৃদ্ধিয়ে জলজ প্রাণীবোৰৰ ওপৰত কিদৰে প্রভাব বিস্তাৰ কৰে ?

উত্তৰঃ গেছ এটাৰ দ্ৰৱণীয়তা তৰল পদাৰ্থৰ উষ্ণতাৰ বৃদ্ধিৰ লগে লগে কমে। মাছ আৰু অন্যান্য জলজ প্রাণীবোৰ জীয়াই থকাটো নিৰ্ভৰ কৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ ওপৰত। পানীৰ উষ্ণতা অতি বেছিহ’লে দ্রবীভূত অক্সিজেনৰ পৰিমাণ কমি যায় । এনে অবস্থা জলজ প্রাণীবোৰৰ বাবে মৃত্যুৰ কাৰণ হৈ পৰে। 

11. উর্ধপাতিত হোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ এমনিয়াম ক্লৰাইড, কৰ্পূৰ আৰু নেফথেলিন।

12. কেইবাটাও তৰলৰ মিশ্ৰনক পৃথক কৰিবলৈ প্ৰয়োগ কৰা প্ৰক্ৰিয়াটোৰ নাম কি ?

উত্তৰঃ আংশিক পাতন (Fractional distillation)

13. মিশ্রন এটাৰ পৰা পৰস্পৰে মিহলি নোহোৱা দুটা তৰল কেনেদৰে পৃথক কৰিব পাৰি ?

উত্তৰঃ দুটা পৰস্পৰে মিহলি নোহোৱা তৰলক পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰিব পাৰি ।

14. নেফথেলিন আৰু লৱণৰ মিশ্ৰন এটা কেনেকৈ পৃথক কৰিবা ?

উত্তৰঃ উর্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন আৰু লৱণৰ মিশ্রন পৃথক কৰিব পাৰি।

15. বর্ণলেখন কাক কয় ?

উত্তৰঃ বিভিন্ন ৰঙৰ মিশ্ৰনৰ পৰা ৰঙবোৰ পৃথক কৰা পদ্ধতিক বৰ্ণলেখন বোলে। 

16. বিশুদ্ধ গোটা পদাৰ্থ কেনেদৰে চিনাক্ত কৰিব পাৰি ?

উত্তৰঃ বিশুদ্ধ গোটা পদার্থ এক নির্দিষ্ট উষ্ণতাত গলে। এই নির্দিষ্ট উষ্ণতাটোক গলনাংক বোলে। আনহাতে অশুদ্ধ গোটা পদাৰ্থ এটা ইয়াৰ গলনাংকৰ তলত গলে ।

17. বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববোৰ কি কি ?

উত্তৰঃ (i) বিশুদ্ধ দ্ৰৱ কেৱল একেবিধ অনুৰ দ্বাৰা গঠিত।

(ii) বিশুদ্ধ দ্ৰৱ এক নির্দিষ্ট উষ্ণতাত গলে আৰু উতলে।

18. গেছ এটাৰ পৰা গোটা পদাৰ্থ এটা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম কি ?

উত্তৰঃ পৰিস্ৰাৱন।

19. খালী ঠাই পূৰণ কৰা।

(a) পদার্থই —– অধিকাৰ কৰে আৰু —– আছে।

(b) প্ৰকৃতিৰ প্ৰায়বোৰ পদাৰ্থই হৈছে —— ।

(c). সমান সংযুতি থকা মিশ্রন এটা হৈছে —-মিশ্রন। 

(d) —— বোৰ খনিজ পদাৰ্থৰ মিশ্রন।

(e) পিতল আৰু —–  ৰ সংকৰ ধাতু।

(f) সংকৰ ধাতুবোৰ —— মিশ্রন।

(g) ধোৱা আৰু ——   মিশ্রন।

(h) বালি আৰু এমনিয়াম ক্লাইডৰ মিশ্ৰন, এটাক —- দ্বাৰা পৃথক কৰিব পাৰি।

(i) ক’লা চিয়াহীৰ ৰংবোৰ —— ৰ দ্বাৰা পৃথক কৰিব পাৰি।

(j) —– ৰ দ্বাৰা বায়ুৰ উপাদানবোৰ পৃথক কৰিব পাৰি।

উত্তৰঃ (a) ঠাই; ভৰ।

(b) মিশ্রন।

(c) সমসত্ব।

(d) খাৰুৱা তেল।

(e) কপাৰ; যিংক।

(g) বায়ু; কার্বন।

(f) সমসত্ব।

(h) উর্ধপাতন।

(i) বর্ণলেখন।

(i) আংশিক পাতন।

20. শুদ্ধ উত্তৰ বাছি উলিওৱা

(a) সংকৰ ধাতুবোৰ হৈছে। 

(i) বিশুদ্ধ পদার্থ।

(ii) মৌল।

(iii) সমসত্ত্ব মিশ্রন।

(iv) অসমসত্ত্ব মিশ্রন।

উত্তৰঃ (iii) সমসত্ব মিশ্রন।

(b) চক আৰু চেনিৰ মিশ্ৰন এটা পৃথক কৰিব পাৰি-

(i) পাতন প্ৰথাৰে।

(ii) বর্ণলেখন পদ্ধতিৰে।

(iii) পৰিশ্ৰাৰণ প্ৰথাৰে।

(iv) স্ফটিকীকৰণ প্ৰথাৰে।

উত্তৰঃ (iii) পৰিস্ৰাৱণ প্ৰথাৰে। 

(c) বায়ুৰ প্ৰধান উপাদানবোৰ-

(i) নাইট্ৰজেন আৰু অক্সিজেন।

(ii) অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড।

(iii) অক্সিজেন আৰু জলীয় বাষ্প।

(iv) নাইট্ৰজেন আৰু কাৰ্বন-ডাই-অক্সাইড।

উত্তৰঃ (i) নাইট্ৰজেন আৰু অক্সিজেন।

(d) বিশুদ্ধ পানী —

(i) এটা মৌল।

(ii) এটা যৌগ।

(iii) এটা সমসত্ব মিশ্রন।

(iv) এটা কলয়ডীয় দ্রব।

উত্তৰঃ (ii) এটা যৌগ।

(e) গাখীৰ কেনে ধৰণৰ মিশ্ৰ ?

(i) দুই বা ততোধিক তৰলৰ।

(ii) দুই বা ততোধিক মিহলি নোহোৱা তৰলৰ।

(iii) গোটা আৰু তৰলৰ।

(iv) তৰল আৰু গেছৰ।

উত্তৰঃ (iii) গোটা আৰু তৰলৰ।

21. দুটা সমসত্ব মিশ্ৰনৰ উদাহৰণ দিয়া –

উত্তৰঃ (i) নিমখৰ পানী।

(iii) চেনিৰ দ্ৰৱ।

22. দুটা অসমসত্ব মিশ্ৰনৰ উদাহৰণ দিয়া।

উত্তৰঃ (i) লোৰ গুড়ি আৰু নিমখ।

(ii) নিমখ আৰু গন্ধক।

23. এবিধ গোটা দ্ৰৱ, এবিধ গেছীয় দ্ৰব আৰু এবিধ তৰল দ্ৰৱৰ উদহাৰণ দিয়া।

উত্তৰঃ গোটা দ্ৰৱ — পিতল (সংকৰ ধাতু)।

গেছীয় দ্ৰৱ – বায়ু।

তৰল দ্ৰৱ – গাখীৰ।

24. পিতল থকা যিংক আৰু কপাৰৰ পৰিমাণ কিমান ?

উত্তৰঃ থিংক = 30%

কপাবৰ = 70%

25. টিছাৰ আয়ডিন কি ?

উত্তৰঃ টিংছাৰ আয়’দিন হ’ল – গোটা আয় ডিন তবল এলকহলত দ্রবীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ। ইয়াত আয়দিন ভ্ৰাব্য আৰু এলকহল দ্ৰাৱক।

26. ছ’ডা পানীত থকা পদার্থ দুবিধ কি ?

উত্তৰঃ কার্বন-ডাই-অক্সাইড আৰু পানী।

27. বায়ুত থকা নাইট্ৰজেন আৰু অক্সিজেনৰ সংযুতি কি ?

উত্তৰঃ নাইট্ৰজেন = 78%

         অক্সিজেন = 21%

28. দ্ৰৱণৰ চাৰিটা ধৰ্ম লিখা।

উত্তৰঃ (i) দ্ৰৱণ এটা সমসত্ব মিশ্রন।

(ii) দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ।

(iii) দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়।

(iv) পৰিস্ৰাৱন প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰাব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি।

29. প্ৰলম্বনৰ চাৰিটা ধৰ্ম লিখা।

উত্তৰঃ (i) প্রলম্বন এবিধ অসমসত্ব মিশ্রন।

(ii) প্রলম্বিত কণিকাবোৰ খালী চকুৰে দেখি। 

(iii) প্রলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্চুৰণ ঘটাব পাৰে।

(iv) নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলিত জমা হয়গৈ অর্থাৎ প্রলম্বন দ্ৰৱণ অস্থিৰ।

30. টিণ্ডেল ক্রিয়া কাক বোলে ?

উত্তৰঃ কলডীয় কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰ ৰশ্মিৰ এনে ধৰণে হোৱা বিচ্ছুৰণক টিগুেল ক্রিয়া বোলে।

31. কলডীয় দ্ৰৱৰ চাৰিটা ধৰ্ম উল্লেখ কৰা।

উত্তৰঃ (i) কলয়ড অসমসত্ব মিশ্রন।

(ii) কলয়ডীয় কণিকাবোৰ খালী চকুৰে মনিব নোৱাৰি।

(iii) কলয়ডীয় দ্ৰৱত পোহৰ ৰস্মি দৃশ্যমান হয়।

(iv) কলয়ডীয় দ্ৰৱ সুস্থিৰ।

32. চাৰিবিধ কলয়ডীয় দ্ৰৱৰ নাম লিখা। 

উত্তৰঃ (a) কুৱলী।

(b) গাখীৰ।

(c) ধোৱা।

(d) চেভিং ক্রীম।

33. অপকেন্দ্ৰীক পদ্ধতিৰ মূল নীতি কি ? 

উত্তৰঃ জোৰেৰে ঘূৰালে গধূৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ ওপঙি থাকে।

34. অপকেন্দ্রীক পদ্ধতিৰ দুটা ব্যৱহাৰ লিখা। 

উত্তৰঃ (i) ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাৰ ব্যৱহাৰ হয়।

(ii) ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ। 

35. পৃথকীকৰণ চুপিৰ মূল নীতি কি ? ইয়াৰ দুটা প্ৰয়োগ লিখা।

উত্তৰঃ মূলনীতিঃ পৰস্পৰ মিহলি নোহোৱা তৰল বিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয়।

প্রয়োগঃ (i) তেল আৰু পানী পৃথকীকৰণত। 

(ii) আকৰিকৰ পৰা লো নিস্কাসনত।

36. বর্ণলেখন পদ্ধতিৰ দুটা প্ৰয়োগ লিখা। 

উত্তৰঃ (i) ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত।

(ii) তেজত থকা ঔষধ পৃথকীকৰণত।

37. বাষ্পীভবন প্রণালীতকৈ স্ফটিকীকৰণ বেছিভাল। কিয় ?

উত্তৰঃ কাৰণ বাষ্পীভনতঃ

(i) শুকান হোৱালৈ তপতালে কিছুমান গোটা পদার্থ বিয়োজিত আৰু কিছুমান কলা পৰে।

(ii) দ্ৰৱণটোত কিছুমান অশুদ্ধি থাকি যাব পাৰে। বাষ্পীভূত কৰিলে এইবোৰে গোটা পদাৰ্থক দুষিত কৰিব পাৰে।

38. স্ফটিকীকৰণৰ দুটা প্ৰয়োগ লিখা।

উত্তৰঃ (i) সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধিকৰণত। 

(ii) অশুদ্ধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত।

39. বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি ?

উত্তৰঃ মৌল আৰু যৌগ।

40. মৌলৰ ভাগ তিনিটা কি কি ?

উত্তৰঃ ধাতু, অধাতু আৰু ধাতুকল্প।

41. ধাতুৰ চাৰিটা ধৰ্মলিখা।

উত্তৰঃ (i) ধাতুবোৰৰ দুতি আছে।

(ii) সিহঁত তাপ আৰু বিদ্যুতৰ সুপৰিবাহী।

(iii) ধাতুবোৰ নমনীয়।

(iv) ধাতুবোৰ ঘাতসহনশীল। 

42. একমাত্ৰ জুলীয়া ধাতুবিধৰ নাম লিখা।

উত্তৰঃ পাৰা।

43. অধাতুৰ এটা ধৰ্ম লিখা।

উত্তৰঃ (i) অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী

(ii) অধাতুবোৰৰ দ্যুতি, নমনীয়তা আৰু ঘাত-সহনশীলতা গুণ নাই।

44. ধাতুকল্প কাক বোলে ? 

উত্তৰঃ কিছুমান মৌলই ধাতু আৰু অধাতু দুয়োৰে গুণ দেখুৱায়। এইবোৰক ধাতুকল্প বোলে।

45. ধাতু, অধাতু আৰু ধাতুকল্প প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ ধাতু  — সোণ, ৰূপ।

অধাতু   — হাইড্রজেন, অক্সিজেন।

ধাতুকল্প  — বৰণ, চিলিকন। 

46. সাধাৰণ উষ্ণতা গেছীয় মৌলৰ সংখ্যা কিমান ?

উত্তৰঃ 11 টা।

47. সাধাৰণ উষ্ণতাত তৰল মৌল দুটা কি কি ? 

উত্তৰঃ মাৰকিউৰি আৰু ব্ৰ মিন।

48. সাধাৰণ উষ্ণতাতকৈ সামান্য উচ্চ উষ্ণতাত (303k) তৰল হোৱা মৌল দুটা কি ?

উত্তৰঃ গেলিয়াম আৰু চিজিয়াম।

49. মিশ্ৰন আৰু যৌগৰ পাৰ্থক্য লিখা। 

উত্তৰঃ পার্থক্যঃ

মিশ্রনযৌগ
(1) মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয়; কোনো নতুন পদার্থ উৎপন্ন নহয়।
(2) উপাদানবোৰৰ সংযুতি ভিন ভিন হ’ব পাৰে ৷

(3) মিশ্রণে উপাদানবোৰৰ ধৰ্মকেদেখুৱায়৷
(4) উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি ৷
(1) মৌলবোৰে বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে।

(2) প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুতি সদায় নির্দিষ্ট।
(3) নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ।
(4) উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ দ্বাৰাহে পৃথক কৰিব পাৰি।

50. 320gm পানীৰ দ্ৰৱ এটাত 40 gm Nacl দ্রবীভূত হয়। গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা।

উত্তৰঃ Naclৰ ভৰ = 40gm.

        পানীৰ ভৰ = 320 gm

∴ দ্ৰৱণটোৰ মুঠ ভৰ

= (40+ 320)gm

= 360gm

∴ ভৰ শতাংশত দ্ৰৱণটোৰ গাঢ়তা

= 40 / 360 ×100

= 11.1

বস্তুনিষ্ঠ প্ৰশ্নঃ

শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ 

1. কোনটো সমসত্ব মিশ্রন ?

(a) চড়া পানী।

(b) মাটি।

(c) বালি আৰু আইৰণ গুৰিৰ মিশ্ৰন।

(c) এটাও নহয়।

উত্তৰঃ (a) চড়া পানী।

2. কোনটো মৌল নহয় ?

(a) হীৰা।

(b) পিতল।

(c) চিলিকন।

(d) হাইড্রজেন।

উত্তৰঃ (b) পিতল।

3. কোনটো ভৌতিক প্রক্রিয়া ?

(a) উদ্ভিদৰ বৃদ্ধি।

(b) বৰফ গলা।

(c) খাদ্য ৰক্ষা।

(d) খাদ্য হজম হোৱা।

উত্তৰঃ (b) বৰফ গল।

4. কোনটো বিশুদ্ধ পদার্থ ?

(a) বায়ু।

(b) গাখীৰ।

(d) মার্কাৰী।

(c) ইটা।

উত্তৰঃ (d) মাৰ্কাৰী।

5. বিশুদ্ধ পদার্থ এটা

(a) মৌল।

(c) মিশ্রন।

(b) যৌগ।

(d) মৌল বা যৌগ।

উত্তৰঃ (d) মৌল বা যৌগ।

6. মিশ্রনবোৰ –

(a) দুই ধৰণৰ।

(b) এক ধৰণৰ।

(c) বিশুদ্ধ পদার্থ।

(d) এটাও নহয়।

উত্তৰঃ (a) দুই ধৰণৰ।

7. বিশুদ্ধ পানী

(a) মৌল।

(b) যৌগ।

(c) কলয়ডীয় দ্রব।

(d) সমসত্ব মিশ্রন।

উত্তৰঃ (b) যৌগ।

8. তলৰ কোনবোৰ সমসত্ব প্ৰকৃতিৰ ?

(a) বৰফ। 

(b) কাঠ।

(c) মাটি।

(d) বায়ু।

(i) (c) আৰু (d)

(ii) (a) আৰু (c)

(iii) (a) আৰু (d)

(iv) (b) আৰু (d)

উত্তৰঃ (iii) (a) আৰু (d)

9. কলয়ডীয় কণিকাবোৰৰ আকৃতি

(a) < 1nm

(c) 1-100 nm

(b) > 100 nm

(d) এটাও নহয়।

উত্তৰঃ (c) 1 – 100 nm

10. তলৰ কোনটো মৌল –

(a) হীৰা।

(b) হাইড্রক্লৰিক এচিড।

(c) বৰফ।

(d) বায়ু।

উত্তৰঃ (a) হীৰা।

3 thoughts on “Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top