Class 12 Biology MCQ Chapter 6 বংশগতিৰ আণৱিক আধাৰ

Class 12 Biology MCQ Chapter 6 বংশগতিৰ আণৱিক আধাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 6 বংশগতিৰ আণৱিক আধাৰ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 6 বংশগতিৰ আণৱিক আধাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 6

MCQ

১। __________ৰ সংখ্যাৰ দ্বাৰা DNA ৰ দৈৰ্ঘ্যৰ সংজ্ঞা দিয়া হয়।

(ক) নিউক্লিয়টাইড।

(খ) RNA.

(গ) ATP.

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) নিউক্লিয়টাইড।

২। মানুহৰ DNA ৰ এগুণকত __________ যোৰ ক্ষাৰক থাকে।

(ক) 3.3 × 10⁴

(খ) 3.3 × 10⁵

(গ) 3.3 × 10⁹

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) 3.3 × 10⁹

৩। এটা নিউক্লিয় টাইডৰ ___________ উপাদান আছে।

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৪। তলৰ কোনটো নিউক্লিয়টাইডৰ উপাদান নহয়?

(ক) নাইট্রজেন জাতীয় ক্ষাৰক।

(খ) পঞ্চজ শৰ্কৰা।

(গ) ফচফেট গ্রুপ।

(ঘ) RNA.

উত্তৰঃ (ঘ) RNA.

৫। তলৰ কোনবিধ আগতে ‘নিউক্লিন’ হিচাপে নাম পাইছিল?

(ক) নিউক্লিঅ টাইড।

(খ) DNA.

(গ) RNA.

(ঘ) কোষকেন্দ্র।

উত্তৰঃ (ক) নিউক্লিঅ টাইড।

৬। জেমচ ৱাটচন আৰু ফ্রেন্সিচ ক্রিকে DNA ৰ গঠনৰ বাবে ___________ আৰ্হিৰ প্রস্তাৱ আগবঢ়াইছিল।

(ক) দ্বিকুণ্ডলীযুক্ত।

(খ) এক কুণ্ডলীযুক্ত।

(গ) গোলাকাৰ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) দ্বিকুণ্ডলীযুক্ত।

৭। _________ আছিল প্রথম জিনীয় পদার্থ।

(ক) DNA.

(খ) জিন।

(গ) RNA.

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) RNA.

৮। DNA কুণ্ডলীৰ এটা সৰু অংশ খুলি লৈ তাত প্রতিকৃতিকৰণ সংঘটিত হয়, যাক কোৱা হয়—

(ক) DNA লাইগেজ।

(খ) নিউক্লিঅ ‘টাইড।

(গ) জিন।

(ঘ) প্রতিকৃতিকৰণ দ্বিবিভাজন।

উত্তৰঃ (ঘ) প্রতিকৃতিকৰণ দ্বিবিভাজন।

৯। DNA ৰ এডাল শৃঙ্খলৰ পৰা RNA লৈ জিনীয় তথ্য অনুলিপি কৰা প্ৰক্ৰিয়াক কোৱা হয়—

(ক) লিপ্যন্তৰ।

(খ) প্রতিকৃতিকৰণ।

(গ) উৎপৰিৱৰ্তন।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) লিপ্যন্তৰ।

১০। DNA ত এটা লিপ্যন্তৰ এককৰ সংজ্ঞা DNA ৰ __________ টা অংশৰ দ্বাৰা দিয়া হয়।

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

১১। তলৰ কোনটো DNA ৰ লিপ্যন্তৰ এককৰ অংশ নহয়—

(ক) গঠনাত্মক জিন।

(খ) সমাপ্তকাৰী।

(গ) প্রচলক।

(ঘ) লাইগেজ।

উত্তৰঃ (ঘ) লাইগেজ।

১২। সংকেত অনুক্ৰমবোৰ নাইবা প্রকাশিত অনুক্রমখিনিক বোলা হয়—

(ক) এক্সন।

(খ) ইন্ট্ৰন।

(গ) লাইগেজ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) এক্সন।

১৩। বেক্টেৰিয়াত ___________ বিধ প্রধান RNA থাকে।

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

১৪। _________ য়ে অনুবাদ প্রক্রিয়াত গঠনাত্মক আৰু অনুঘটকৰ কাৰ্য কৰে।

(ক) mRNA.

(খ) tRNA.

(গ) rRNA.

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) rRNA.

১৫। __________ য়ে পলিপেপটাইড গঠন কৰিবলৈ এমিন’ এচিদ সমূহৰ বহুযোজন প্রক্রিয়াক বুজায়।

(ক) প্রতিকৃতিকৰণ।

(খ) লিপ্যন্তৰ।

(গ) অনুবাদকৰণ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) অনুবাদকৰণ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top